কাৰ্তিকা জাহজা (ইংৰাজী: Kartika Jahja; জন্ম: ১৯ ডিচেম্বৰ ১৯৮০), টিকা নামেৰে বেছি পৰিচিত,১ টিকা আৰু দ্য ডিছিডেণ্টছ বেণ্ডৰ এগৰাকী স্বতন্ত্ৰ গায়িকা আৰু গীতিকাৰ। তেওঁ লিংগ আৰু যৌনতাৰ বিষয়ৰ লেখিকা, অভিনেত্ৰী, উদ্যোগী, সমাজকৰ্মী। ২০১৬ চনৰ নৱেম্বৰ মাহত তেওঁ " BBC 100 Women " তালিকাত স্থান লাভ কৰে।২৩৪
প্ৰাৰম্ভিক জীৱন
১৯৮০ চনৰ ১৯ ডিচেম্বৰত জাকাৰ্টা, ইণ্ডোনেছিয়াত জন্মগ্ৰহণ কৰা জাহজাই আৰ্ট ইনষ্টিটিউট অৱ ছিয়াটলৰ পৰা ডিগ্ৰী লাভ কৰিছে।৫
সক্ৰিয়তা
তেওঁৰ গীতবোৰ সদায় ৰাজনৈতিক বিষয়বস্তুৰ সৈতে জড়িত আছিল, কিন্তু ২০১৩ চনত জাহ্যাৰ সক্ৰিয়তা মূলত লৈঙ্গিক আৰু যৌনতা সম্পৰ্কীয় সমস্যা কেন্দ্ৰিক হৈ পৰে।৬ তেওঁ আৰু কিছু সক্ৰিয় সমাজকৰ্মীয়ে মিলি বিশ্বব্যাপী আন্দোলন One Billion Rising-ৰ ইণ্ডোনেছিয়ান শাখাটো সংগঠিত কৰিছিল। সেই একেই বছৰত, তেওঁ নিজকে মহিলাৰ বিৰুদ্ধে হিংসাৰ এজন নিৰ্যাতিত বুলি ঘোষণা কৰে, যাৰ ফলত বহুতো মহিলা তেওঁৰ সৈতে একত্ৰিত হৈ নিজৰ অভিজ্ঞতা প্ৰকাশ কৰে। ২০১৩-২০১৫ চনৰ ভিতৰত তেওঁ সংগীতৰ পৰা বিশ্ৰাম লৈ লৈঙ্গিক হিংসাৰ শিকাৰসকলৰ যত্নৰ বাবে সমাজকৰ্মী হিচাপে কাম কৰে।
আগষ্ট ২০১৫ চনত, তেওঁ আৰু ড॰ ৰেবেকা মুৰে মিলি Yayasan Bersama Project নামৰ এটা প্ৰতিষ্ঠান স্থাপন কৰে, যাৰ লক্ষ্য সংগীত, কলা, আৰু জনপ্ৰিয় সংস্কৃতিৰ জৰিয়তে লৈঙ্গিক ন্যায় প্ৰতিষ্ঠা কৰা। টিকা Kolektif Betina আৰু Mari Jeung Rebut Kembali নামৰ মহিলা সংগঠনৰো সক্ৰিয় সদস্য।
অন্যান্য কেৰিয়াৰ
জাহ্যা এগৰাকী উদ্যমী লেখিকা আৰু অভিনেত্ৰী। তেওঁ KEDAI নামৰ এটা কেফেৰ মালিক, যি পুনৰব্যৱহৃত বস্তুৰে সাজি উঠা। এই কেফেটো ইণ্ডোনেছিয়াৰ স্থানীয় কফিক প্ৰসাৰ কৰাত সহায় কৰে, আৰু একাধিক প্ৰকাশন, যেনে CNN-ত প্ৰকাশ পাইছে।
তেওঁ এগৰাকী স্বাধীন লেখিকা হিচাপে বিভিন্ন ইণ্ডোনেছিয়ান আৰু আন্তৰ্জাতিক সংবাদ মাধ্যমত লেখা প্ৰকাশ কৰিছে। ২০০৯-২০১১ চনৰ ভিতৰত তেওঁ The Jakarta Post-ত Street Smart নামৰ এটা সাপ্তাহিক কলাম লিখিছিল।
জাহ্যাই Paul Agusta আৰু Joko Anwar পৰিচালিত চলচ্চিত্ৰসমূহত অভিনয় কৰিছে, লগতে SUBVERSIF নামৰ এটা নাটকত অভিনয় কৰিছে, যি Henrik Ibsen-ৰ Enemy of The State-ৰ অভিযোজন আছিল।
সংগীতৰ তালিকা
এলবাম
- Frozen Love Songs (2005)
- Defrosted Love Songs (2006)
- The Headless Songstress (2009)
- MERAH (2016)
সংকলন
- Thank You and Good Night Mother – "Saddest Farewell" (Original Soundtrack – Green Studio, 2005)
- 9 Naga – "Asa" (Original Soundtrack – Warner Music Indonesia, 2005)
- Berbagi Suami – "Bengawan Solo" (Original Soundtrack – Aksara Records, 2006)
- Mesin Waktu: Teman-Teman Menyanyikan Lagu Naif – "Dia Adalah Pusaka Seluruh Umat Manusia Yang Ada di Seluruh Dunia" (A Tribute Compilation – Aksara Records, 2007)
- Seruan Indonesia – "Mayday" (Indonesian artists in support of Make Trade Fair, 2007)
- Dead Time: Kala – "Manderlay" (Original Soundtrack – Black Morse Records, 2007)
- Pintu Terlarang – "Home Safe" (Original Soundtrack – Lifelike Records, 2009)
সহযোগিতা
- Dawai Damai – Agrikulture- "New Day" (Aquarius Musikindo, 2007)
চলচ্চিত্ৰ
- Anniversary Gift (2008)
- Pintu Terlarang (2009)
- At the Very Bottom of Everything (2009)
- SUBVERSIF (2014)
একে নামৰ অন্য ব্যক্তি
- টিকা ছাম্পটাৰ, আমেৰিকান অভিনেত্ৰী।
- টিকা ব্ৰাভানি, ইণ্ডোনেছিয়ান অভিনেত্ৰী আৰু মডেল।
- টিকা ভাণ্ডাৰী, নেপালী গায়িকা।
তথ্যসূত্ৰ
- ↑ Administrator. (18 April 2016). Membela dengan Nyanyi dan Aksi. Tempo
- ↑ (2016-11-18). BBC 100 Women 2016: Who is on the list?. BBC News
- ↑ (16 January 2017). Rape survivor turned pop star. BBC News
- ↑ (November 23, 2016). Indonesian singer, Instagram star make BBC's influential women list. The Jakarta Post
- ↑ Harrington, Morgan. (July 25, 2009). Kartika Jahja: The Headless Songstres. The Jakarta Post
- ↑ (19 October 2017). Inspired by Riot Grrrl, these women in Jakarta use zines to talk about sex, dating and 'the f-word'. CBC
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিকা (গায়িকা)” প্ৰবন্ধৰ সংশোধন ৫৯৩৬৯৭ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।