অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টিকা ছাম্পটাৰ

ইউফেমিয়া লাটিক "টিকা" চাম্পটাৰ (জন্ম: ২০ জুন ১৯৮০) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু প্ৰযোজক। চাম্পটাৰে নিজৰ কৰিয়াৰ আৰম্ভ কৰিছিল Best Friend's Date অনুষ্ঠানৰ পৰিচালক হিচাপে। ২০০৫-২০১০ সময়চোৱাত তেওঁ One Life to Live শৃংখলাত অভিনয় কৰিছিল।

হালনাগাদ: ৪ এপ্ৰিল ২০২৫ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ইউফেমিয়া লাটিক "টিকা" চাম্পটাৰ (জন্ম: ২০ জুন ১৯৮০)১ এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু প্ৰযোজক। চাম্পটাৰে নিজৰ কৰিয়াৰ আৰম্ভ কৰিছিল Best Friend's Date অনুষ্ঠানৰ পৰিচালক হিচাপে। ২০০৫-২০১০ সময়চোৱাত তেওঁ One Life to Live শৃংখলাত অভিনয় কৰিছিল। ২০১০ চনত, তেওঁ Stomp the Yard: Homecoming চলচ্চিত্ৰৰ জৰিয়তে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে আৰু তাৰ পিছত What's Your Number? (২০১১), Sparkle (২০১২), আৰু A Madea Christmas (২০১৩) চলচ্চিত্ৰসমূহত অভিনয় কৰে।

২০১১ চনত চাম্পটাৰে Gossip Girl শৃংখলাত পুনৰাবৃত্তি চৰিত্ৰত অভিনয় কৰিছিল। ২০১৩-২০২১ সময়চোৱাত, তেওঁ OWN-ৰ প্ৰাইম-টাইম চোপ্ অপেৰাত, The Haves and the Have Nots-ত কেণ্ডেছ ইয়ং চৰিত্ৰত মুখ্য ভূমিকাত আছিল। এই সময়ছোৱাত তেওঁ Ride Along (২০১৪) আৰু ইয়াৰ দ্বিতীয় ভাগ Ride Along 2 (২০১৬), জীৱনীমূলক নাটক Get On Up (২০১৪), অপৰাধমূলক নাটক The Old Man & the Gun (২০১৮), আৰু ৰোমাণ্টিক কমেডি Nobody's Fool (২০১৮) চলচ্চিত্ৰত অভিনয় কৰে।

২০১৬ চনত, চাম্পটাৰে Southside with You চলচ্চিত্ৰ প্ৰযোজনা আৰু অভিনয় কৰে, য’ত তেওঁ মিছেল ৰবিনচন ওবামাৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ বাবে তেওঁ NAACP Image Award for Outstanding Actress in a Motion Picture-ৰ মনোনয়ন লাভ কৰিছিল। ২০১৯-২০২১ সময়ছোৱাত তেওঁ এবিচিৰ Mixed-ish শৃংখলাত মুখ্য চৰিত্ৰত অভিনয় কৰে। পিছত, তেওঁ Sonic the Hedgehog চলচ্চিত্ৰ শৃংখলাত মেডি ৱাচৌস্কি চৰিত্ৰত অভিনয় কৰে, লগতে ইয়াৰ স্পিন-অফ শৃংখলা, Knuckles-তো অভিনয় কৰে।

আৰম্ভণি জীৱন

চাম্পটাৰ নিউ ইয়ৰ্ক চিটীৰ কুইন্সত জন্মগ্ৰহণ কৰে।২ তেওঁ তেওঁৰ হাই স্কুলত এটা চিয়াৰলিডাৰ আছিল। তেওঁ নিউ ইয়ৰ্কৰ মিডল আইলেণ্ডৰ লংউড চিনিয়ৰ হাই স্কুলৰ পৰা উত্তীৰ্ণ হয় আৰু মাৰিমাউণ্ট মেনহেটন কলেজত যোগাযোগ (কমিউনিকেশ্যন) বিষয়ত অধ্যয়ন কৰিছিল।২

ব্যক্তিগত জীৱন

৮ অক্টোবাৰ, ২০১৬ তাৰিখে চাম্পটাৰে তেওঁৰ জীয়াৰী, এল্লা-লৰেনক জন্ম দিয়ে।৩ ২০১৭ চনৰ জানুৱাৰীত, চাম্পটাৰে ঘোষণা কৰে যে তেওঁ দ্য হেভচ্‌ এণ্ড দ্য হেভ নাটচ্‌ নামৰ টেলিভিছন শৃংখলীৰ সহ-অভিনেতা নিকলাছ জেম্‌চৰ সৈতে বাগদান কৰিছিল।৪ এই দম্পতীয়ে ২০২২ চনত বিবাহ সম্পন্ন কৰে।৫

একে নামৰ অন্য ব্যক্তি

তথ্যসূত্ৰ

  1. ↑ Tika Sumpter - Rotten Tomatoes. www.rottentomatoes.com
  2. ↑ Tika Sumpter. Yahoo Movies
  3. ↑ Fisher, Kendall. (October 25, 2016). Tika Sumpter Gives Birth To Daughter Ella-Loren. Eonline.com
  4. ↑ Rogo, Paula. (January 21, 2017). Tika Sumpter Is Engaged!. Essence
  5. ↑ VanHoose, Benjamin. (May 15, 2022). Tika Sumpter Marries Nicholas James in Cabo: 'Excited to Be Together and Continue the Journey'. people.com. People

সম্পৰ্কিত শ্ৰেণী

অভিনেত্ৰীআমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিকা ছাম্পটাৰ” প্ৰবন্ধৰ সংশোধন ৫০২০৪৩ (৪ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।