কানি কুশ্ৰুতি (കനി കുസൃതി) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ২০০৯ চনত কেৰালা কেফে ছবিখনৰ জৰিয়তে তেওঁ প্ৰথমবাৰৰ বাবে স্বীকৃতি লাভ কৰিছিল যাৰ জৰিয়তে তেওঁ সমালোচকৰো প্ৰশংসা লাভ কৰিছিল।১২ বিৰিয়ানী নামৰ ছবিখনত খাদীজাৰ চৰিত্ৰত অভিনয় কৰি কানিয়ে ২০২০ চনত কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান আৰু মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছিল।৩
প্ৰাথমিক জীৱন
কেৰেলাৰ থিৰুৱনন্তপুৰমৰ এখন সৰু গাঁও চেৰুভাক্কলত সমাজ কৰ্মী তথা যুক্তিবাদী পিতৃ-মাতৃ জয়শ্ৰী এ কে আৰু মৈত্ৰেয় মৈত্ৰেয়নৰ ঘৰত কানিৰ জন্ম হৈছিল। ভাৰতত উপাধিৰ লগত অহা সামাজিক স্তৰৰ চিহ্নটো মচি পেলাবলৈ তেওঁৰ মাক-দেউতাকে নিজৰ উপাধিটো বাদ দিছিল। ১৫ বছৰ বয়সত দশম শ্ৰেণীৰ পৰীক্ষাৰ আবেদনত এটা প্ৰয়োজনীয়তা পূৰণৰ বাবে তেওঁলোকে "কুশ্ৰুতি" উপাধি (মালয়ালমত অৰ্থ "দুষ্ট") উদ্ভাৱন কৰিছিল। তেওঁ থিৰুৱনন্তপুৰমতে ডাঙৰ-দীঘল হয় আৰু তাৰ পৰাই অভিনয় নাট্য গৱেষণা কেন্দ্ৰৰ সৈতে পৰিচয় হয়,৪৫যি আছিল "নাট্য অনুশীলনকাৰীসকলৰ বাবে এক সাধাৰণ মঞ্চ।"
পিছলৈ তেওঁ থ্ৰিছুৰলৈ গুচি যায় আৰু ২০০৫ চনৰ পৰা ২০০৭ চনৰ ভিতৰত থ্ৰিছুৰ স্কুল অৱ ড্ৰামাত নাট্য কলাৰ কাৰ্যসূচীত নামভৰ্তি কৰে।৬
অভিনয় জীৱন
অভিনয়ত কুশ্ৰুতিয়ে বৌধায়নৰ ক্লাছিক প্ৰহসন ভাগৱদজ্জুকমত নাট্যক্ষেত্ৰত আত্মপ্ৰকাশ কৰে। ২০০০ চনৰ পৰা ২০০৬ চনলৈকে তেওঁ উক্ত প্ৰযোজনাত বসন্তসেনাৰ মুখ্য চৰিত্ৰত অভিনয় কৰে। এই নাটখনে ভাৰত ৰং মহোৎসৱ আৰু কেৰালাৰ আন্তঃৰাষ্ট্ৰীয় নাট্য মহোৎসৱকে ধৰি নাট্য মহোৎসৱত প্ৰদৰ্শিত হৈছিল। এম জি জ্যোতিশৰ মঞ্চ অভিযোজন হাৰ্মান হেছেৰ সিদ্ধাৰ্থত তেওঁ কমলাৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল। ২০০৭ চনত এই প্ৰডাকচনক ভিলেনিউভ এন চিন ফেষ্টিভেল ডি এভিগনলৈ আমন্ত্ৰণ জনোৱা হয়।
২০০৯ চনত ল'এক'ল ইণ্টাৰনেশ্যনেল ডি থিয়েটাৰ জেক লেক'কৰ পৰা উভতি অহাৰ পিছত কুশ্ৰুতিয়ে শংকৰ ৰামকৃষ্ণনৰ পৰিচালনাত "আইলেণ্ড এক্সপ্ৰেছ" নামৰ সংকলন ছবি কেৰেলা কেফেত অভিনয় কৰে। ২০১০ চনত মোহনলালৰ দ্বাৰা অভিনীত ছবি শিক্কাৰত তেওঁ এগৰাকী নক্সালবাদীৰ চৰিত্ৰত অভিনয় কৰিছিল। সেইবছৰতে ককটেল নামৰ ছবিখনত কৰা যৌনকৰ্মীৰ অভিনয়ে তেওঁক মূলসুঁতিৰ দৰ্শকৰ দৃষ্টিগোচৰ কৰোৱাইছিল।
২০১০ চনৰ ডিচেম্বৰ মাহত কানিয়ে সহযোগিতা কৰি ‘লাছ ইণ্ডিয়াছ’ নিৰ্মাণ কৰিছিল, যিখনৰ পৰিচালক আছিল থেস্পিয়ান আৰু থিয়েটাৰ পেডাগজিষ্ট ইলিয়াছ কোহেন। এই অভিনয় বাছ এখনত মঞ্চস্থ কৰা হৈছিল, যিখন বাছ প্ৰডাকচনৰ বাবে ডিজাইন কৰা হৈছিল। প্ৰথমে লাছ ইণ্ডিয়াছৰ বাবে নিৰ্মিত এই বাছখন পুনৰবাৰ ইণ্টাৰেক্টিভ থিয়েটাৰ ৰোডশ্ব’ ‘চুনামি এক্সপ্ৰেছ: হাইৱে অৱ হোপছ’ৰ বাবে ব্যৱহাৰ কৰা হৈছিল, যিটো নিৰ্মাণত কুশ্ৰুতিয়ে সহযোগিতা কৰিছিল।৭
২০১১ চনত কানিয়ে বিখ্যাত ভ্ৰমণকাৰী থিয়েটাৰ কোম্পানী ফুটছবাৰ্নত যোগদান কৰি ৱিলিয়াম শ্বেইক্সপিয়াৰৰ টেম্পেষ্টৰ নতুন প্ৰডাকচনৰ কাম কৰে। "দ্য ইণ্ডিয়ান টেম্পেষ্ট"ত তেওঁ মিৰাণ্ডাৰ চৰিত্ৰত অভিনয় কৰিছিল।৮ আয়াৰলেণ্ড, স্পেইন, ফ্ৰান্স, পৰ্তুগাল আৰু ভাৰত ভ্ৰমণ কৰাৰ পিছত৯ এই প্ৰডাকচন ২০১৩ চনত শ্বেক্সপীয়েৰৰ গ্ল'বত মুকলি কৰা হয়।১০১১
কুশ্ৰুতিয়ে পাৱেল শ্বোটাকৰ পৰিচালনা আৰু টিয়াৰ বিউৰো পড্ৰ'জিৰ প্ৰযোজনা ভাৰত-পোলিছ প্ৰযোজনা 'বাৰ্নিং ফ্লাৱাৰ্ছ - ৭ ড্ৰিমছ অৱ এ ৱমেন'ত গৱেষণা, সহ-বিকাশৰ ভূমিকা পালন কৰাৰ লগতে অভিনয়ো কৰিছিল।১২
২০১৫ চনত কে কে ৰাজীৱৰ পৰিচালনাত নিৰ্মিত ‘এশ্বৰন সাক্ষ্যয়ী’ নামৰ ছ’প অপেৰাৰ জৰিয়তে কানিয়ে ঘৰে-ঘৰে পৰিচয় লাভ কৰিছিল। তেওঁ অধিবক্তা ট্ৰেছাৰ চৰিত্ৰত অভিনয় কৰিছিল।৬
ব্যক্তিগত জীৱন
কুশ্ৰুতিৰ মাতৃ ডাঃ জয়শ্ৰী এ কে, এগৰাকী কমিউনিটি মেডিচিন বিশেষজ্ঞ তথা সমাজ কৰ্মী। তেওঁ পাৰিয়াৰাম মেডিকেল কলেজত বক্তৃতা প্ৰদান কৰে, আৰু টক শ্ব’ৰ নিয়মীয়া অতিথি। তেওঁৰ পিতৃ মৈত্ৰেয় মৈত্ৰেয়ানে কেৰালাৰ কেইবাটাও মানৱ অধিকাৰ আন্দোলনৰ বাবে কাম কৰিছে আৰু নেতৃত্ব দিছে।
কুশ্ৰুতিয়ে নিজকে নাস্তিক আৰু যুক্তিবাদী বুলি পৰিচয় দিয়ে। .১৩১৪ ২০১৯ চনৰ ১৯ ফেব্ৰুৱাৰীত ছবি নিৰ্মাতাসকলৰ যৌন দাবীৰ বাবে অভিনয় এৰি দিয়াৰ কথা তেওঁ প্ৰকাশ কৰে। অভিনেত্ৰীগৰাকীয়ে এতিয়া মালায়ালম চলচ্চিত্ৰ জগতৰ বিৰুদ্ধে গুৰুতৰ দাবী উত্থাপন কৰিছে। আচৰিত কথাটো হ’ল কানিয়ে দাবী কৰিছে যে ছবি নিৰ্মাতাসকলে আনকি তেওঁৰ মাকৰ কাষ চাপিছিল যাতে তেওঁক তেওঁলোকৰ দাবীৰ ওচৰত হাৰ মানিবলৈ পতিয়ন নিয়াব পাৰে। কানিয়ে পুনৰ থিয়েটাৰলৈ যাম বুলি ভাবিছিল, কিন্তু সেই উদ্যোগত তেওঁ জীৱিকা নিৰ্বাহ কৰিব পৰাকৈ উপাৰ্জন কৰিব পৰা নাছিল।১৫
কিন্তু #MeToo আন্দোলন আৰু ৱমেন ইন চিনেমা কালেকটিভৰ দৰে পদক্ষেপৰ পাছত তেওঁ মালয়ালম চলচ্চিত্ৰ উদ্যোগৰ প্ৰতি আশাবাদী।১৬১৫ ২০১৯ চনত দেশৰ আন ৪৮জন উল্লেখযোগ্য শিল্পীৰ সৈতে কুশ্ৰুতিয়ে দেশত গণ-হত্যাৰ কাণ্ডক লৈ নৰেন্দ্ৰ মোডীলৈ এখন মুকলি চিঠি লিখিছিল।১৭
বাহ্যিক সংযোগ
- অকেল্লা, ভাবনা. (15 November 2016). Exploring sexuality on-screen. Deccan Chronicle
- সোমন, দীপা. (18 November 2014). Kani Kusruti in Pisasu. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- A Flowering Tree. Mubi
তথ্যসূত্ৰ
- ↑ Athira M. (7 January 2016). Living in the moment. দ্য হিন্দু
- ↑ (21 November 2016). Ten minutes to fame. The Hindu
- ↑ (18 October 2020). An Independent Woman
- ↑ (5 June 2015). കനിയുടെ ലോകം കലയാണ്.... Manoramaonline
- ↑ (30 June 2010). Kani Kusruti wants to establish herself. BharatStudent.com
- ↑ Nagarajan, Saraswathy. (23 January 2014). Leading lady. The Hindu
- ↑ Santhosh, K. (13 April 2011). A journey sans destination on 'Tsunami Express'. The Hindu
- ↑ Crawley, Peter. (8 June 2012). Indian Tempest. The Irish Times
- ↑ Kumar, Kaavya Pradeep. (24 January 2013). Footsbarn is back in city with 'Indian Tempest'. The Hindu
- ↑ (26 January 2012). All the world's a stage. The Hindu
- ↑ O'Mahony, Julia. (8 June 2012). The Indian Tempest Reviewed (Dublin Shakespeare Festival). Totally Dublin
- ↑ Loxton, Howard. (29 July 2013). Indian Tempest. British Theatre Guide
- ↑ Kani Kusruti Detail, Bio, profile. Shorshe
- ↑ Kani Kusruti's Reply to Those who Criticized. Cinemadaddy
- ↑ George, Anjana. #MeToo: Adjustments were all that was needed for filmmakers when I decided to be a cinema actress: Kani Kusruti - Times of India. The Times of India
- ↑ Pisaasu actress Kani Kusruti reveals she quit acting due to sexual demands from filmmakers. India Today. Ist
- ↑ (24 July 2019). Konkona Sen Sharma, Anurag Kashyap, and 47 celebs write open letter to PM Modi on lynching incidents. The Economic Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কানি কুশ্ৰুতি” প্ৰবন্ধৰ সংশোধন ৬৩৯৫২৭ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।