অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৭ জুলাই

১৭৬৩ - মীৰজাফৰে পুনৰ বংগৰ নবাব হিচাপে গাদী দখল কৰে। ১৮৯৬ - ভাৰতলৈ প্ৰথম চিনেমাৰ আগমণ ঘটে। ফ্ৰান্সৰ লুমিয়েৰ ভাতৃদ্বয়ৰ উদ্যোগত মুম্বাইত প্ৰদৰ্শিত হয় প্ৰথম চিনেমা। ১৯০৫ - লৰ্ড কাৰ্জনে বংগ বিভাজন কথা ঘোষণা কৰে। ১৯৯৬ - ভাৰতীয় চলচ্চিত্ৰৰ শতবাৰ্ষিকী উৎসৱ আৰম্ভ হয়।

হালনাগাদ: ৬ জুলাই ২০২৩ ৩৩২ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৭৬৩ - মীৰজাফৰে পুনৰ বংগৰ নবাব হিচাপে গাদী দখল কৰে।
  • ১৮৯৬ - ভাৰতলৈ প্ৰথম চিনেমাৰ আগমণ ঘটে। ফ্ৰান্সৰ লুমিয়েৰ ভাতৃদ্বয়ৰ উদ্যোগত মুম্বাইত প্ৰদৰ্শিত হয় প্ৰথম চিনেমা।
  • ১৯০৫ - লৰ্ড কাৰ্জনে বংগ বিভাজন কথা ঘোষণা কৰে।
  • ১৯৯৬ - ভাৰতীয় চলচ্চিত্ৰৰ শতবাৰ্ষিকী উৎসৱ আৰম্ভ হয়।
  • ২০০৭ - ছাহজাহানৰ মৰমৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মিত তাজমহলে বিশ্বৰ সপ্ত আশ্চৰ্যৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰে।
  • ২০০৮ - জাপানত জি-৮ সন্মিলন আৰম্ভ হৈছিল।
  • ২০১১ - ইৰাকত ৯০০জন লোকৰ গণকবৰ উদ্ধাৰ কৰা হয়।
  • ২০১১ - পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়য়ে পশ্চিমবংগৰ নাম সলনি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।
  • ২০১২ - কেন্দ্ৰীয় চৰকাৰে অসমত ‘‘মন' ৰে'ল সেৱা’’ প্ৰৱৰ্তন কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে।
  • ২০১৩ - এগৰাকী ভাৰতীয় ৰাজনীতিবিদ ৰঞ্জিৎ শেখৰ মুছাহাৰীদেৱে মেঘালয়ৰ ৰাজ্যপাল হিচাপে কাৰ্যকাল সামৰে।
  • ২০২১ - অসম চৰকাৰে দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু তিথি ২৮ জুলাই ‘দেশভক্তি দিৱস’ আৰু গোপীনাথ বৰদলৈৰ মৃত্যু তিথি ৫ আগষ্ট ‘কৰ্মচাৰী দিৱস’ হিচাপে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে।
  • ২০২১ - অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে যে সকলো চৰকাৰী কাৰ্যসূচী জাতীয় সংগীতেৰে আৰম্ভ আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সমাপ্ত কৰা হ’ব।১

দুৰ্ঘটনা

  • ২০০৫ - লণ্ডনৰ সাত ঠাইত সংঘটিত বিস্ফোৰণত ৪৫জন লোক নিহত হয় আৰু সহস্ৰাধিক লোক আহত হয়।
  • ২০০৮ - আফগানিস্থানৰ কাবুলত থকা ভাৰতীয় দূতাবাসত তালিবাণী উগ্ৰপন্থীয়ে আক্ৰমণ চলায়।
  • ২০১২ - ৰাছিয়াত হোৱা প্ৰবল বানপানীৰ ফলত ১৪৪০জন লোকৰ মৃত্যু হয়।

জন্ম

মৃত্যু

দিৱস

  • আন্তৰ্জাতিক সমবায় দিৱস।
  • বিশ্ব চক্‌লেট দিৱস।

বাহ্যিক সংযোগ


তথ্যসূত্ৰ

  1. ↑ (৭ জুলাই, ২০২১). ৰাজ্যিক কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! বুধবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত লোৱা হ'ল গুৰুত্বপূৰ্ণ সিদ্ধান্ত. NEWS 18 অসম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৭ জুলাই” প্ৰবন্ধৰ সংশোধন ৩৭১১২৬ (৬ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।