কেদাৰনাথ সিং (Kedarnath Singh; জন্ম: ৭ জুলাই, ১৯৩৪ - মৃত্যু: ১৯ মাৰ্চ, ২০১৮) এজন ভাৰতীয় কবি। তেওঁ হিন্দী ভাষাত লিখে।১ তেওঁ এজন প্ৰসিদ্ধ সমালোচক আৰু প্ৰাৱন্ধিকো। ২০১৩ চনত তেওঁ জ্ঞানপীঠ বঁটা আৰু তেওঁৰ কাব্য সংকলন 'অকাল ম্যে সাৰস' (ক্ৰেইনচ্ ইন ড্ৰৱ্ট)ৰ বাবে হিন্দীত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
১৯৩৪ চনৰ ৭ জুলাই তাৰিখে উত্তৰ প্ৰদেশৰ পূৱত থকা চাঁদাউলি জিলাৰ চাকিয়াত কেদাৰনাথ সিঙৰ জন্ম হয়।২ বাৰানসীৰ উদয় প্ৰতাপ কলেজৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিছিল। কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু এই বিশ্ববিদ্যালয়ৰ পৰাই পি এইচ ডি ডিগ্ৰী লয়। গোৰখপুৰত কিছুদিন হিন্দী শিক্ষক ৰূপে কাম কৰাৰ পিছত তেওঁ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যাপক ৰূপে কামত সোমায় আৰু এই বিশ্ববিদ্যালয়ৰ ভাৰতীয় ভাষা কেন্দ্ৰৰ হিন্দী বিভাগৰ মুৰব্বী অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰে। তেওঁ নতুন দিল্লীত থাকিবলৈ লয় আৰু ২০১৮ চনৰ ১৯ মাৰ্চ তাৰিখে দিল্লীতে তেওঁৰ মৃত্যুবৰণ কৰে।৩৪
সাহিত্যকৃতি
- কবিতা সংকলন: অভী বিল্কুল অভী, জমীন পক ৰহী হ্যে, য়হা চে দেখৌ, অকাল ম্যে সাৰস, বাঘ, টলষ্টয় অঔৰ চাইক'ল
- প্ৰবন্ধ আৰু গল্প: ম্যেৰে সময় কে শব্দ, কল্পনা অঔৰ চায়াৱড়, হিন্দী কবিতা ম্যে বিম্ব বিধান, কবৰীস্থান ম্যে পঞ্চায়ত
- অন্যান্য:তানা বানা
স্বীকৃতি
তেওঁৰ সাহিত্যকৃতিৰ বাবে ২০১৩ চনত তেওঁ জ্ঞানপীঠ বঁটা৫, ১৯৮৯ চনত সাহিত্য অকাডেমি বঁটা, কুমাৰন আসন আৰু ব্যাস বঁটা লাভ কৰে।৩
তথ্যসূত্ৰ
- ↑ Kedarnath Singh, 1934. loc.gov
- ↑ Archived copy
- ↑ (19 March 2018). Hindi poet Kedarnath Singh dies in Delhi at 83. Scroll.in
- ↑ नहीं रहे ज्ञानपीठ पुरस्कार से सम्मानित मशहूर कवि केदारनाथ सिंह, साहित्य जगत में शोक की लहर. NDTVIndia
- ↑ (21 June 2014). Kedarnath Singh chosen for Jnanpith. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেদাৰনাথ সিং” প্ৰবন্ধৰ সংশোধন ৫৯৪০০২ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।