অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১ এপ্ৰিল

১ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯১তম (অধিবৰ্ষত ৯২তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭৪ দিন বাকী থাকে।

হালনাগাদ: ৪ আগষ্ট ২০২৪ ৩৯০ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

১ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯১তম (অধিবৰ্ষত ৯২তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭৪ দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনা

  • ১৮২৬ - ইণ্টাৰনেল কম্বিউশ্বন ইঞ্জিনৰ বাবে ছেমুৱেল মৰেই পেটেণ্ট লাভ কৰে।
  • ১৮৭৮ - কলিকতাত যাদুঘৰ প্ৰতিষ্ঠিত হয়।
  • ১৮৮৭ - মুম্বাই অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰতিষ্ঠা।
  • ১৯১২ - ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হয়।
  • ১৯৩৫ - ভাৰতৰ কেন্দ্ৰীয় বেংক, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা।
  • ১৯৩৬ - পূৰ্বতে কলিংগ বা উৎকল নামেৰে প্ৰসিদ্ধ ওড়িশাক ৰাজ্য ৰূপে ঘোষণা।
  • ১৯৭২ - গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নাগালেণ্ড ৰাজ্যৰ শাখা, কহিমা বিচাৰ পীঠৰ বাবে স্থায়ী বিচাৰক হিচাপে অৰূপ কুমাৰ গোস্বামীক নিযুক্ত।
  • ১৯৭৩ - জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত ব্ৰাঘ্য প্ৰকল্পৰ শুভাৰম্ভ।
  • ২০০১ - নেদাৰলেণ্ডত সম-লিংগ বিবাহৰ বৈধকৰণ। এই আইন প্ৰণয়ন কৰা এইখনেই প্ৰথম দেশ।
  • ২০০২ - নামৰূপ সাৰ কাৰখানাক হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পৰেশ্বনৰ পৰা বিভক্ত কৰি ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্বন লিমিটেড হিচাপে নামকৰণ।
  • ২০০৪ - গুগলৰ দ্বাৰা পৰিচালিত বিনামূলীয়া, বিজ্ঞাপন সমৰ্থিত ই-মেইল সেৱা জিমেইল মুকলি।

জন্ম

  • ১৫৭৮ - ডা° উইলিয়াম হাৰ্ভে, ৰক্ত সঞ্চালন পদ্ধতিৰ অন্যতম উদ্ভাৱক। (মৃত্যু: ১৬৫৭)
  • ১৬২১ - গুৰু টেগ বাহাদুৰ, নৱম শিখ ধৰ্মগুৰু।
  • ১৮৮৯ - কেশৱ বলিৰাম হেডগেৱাৰ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিস্থাপক।
  • ১৯২২ - ৱিলিয়াম মেনচেষ্টৰ, আমেৰিকাৰ লেখক। (মৃত্যু: ২০০৪)
  • ১৯২৯ - মিলান কুন্দেৰা, ফৰাচী তথা চেক্ ঔপন্যাসিক।
  • ১৯২৬ - হেমেন্দ্ৰ প্ৰসাদ বৰুৱা১, হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী গ্ৰহণ কৰা উত্তৰ-পূবৰ প্ৰথমজন ব্যক্তি২, অসম আৰু পূব ভাৰতৰ প্ৰথম শ্ৰেণীৰ উদ্যোগপতি।৩
  • ১৯২৭ - যোগেশ দাস, অসমীয়া চুটিগল্প আৰু উপন্যাস লেখক তথা সাংবাদিক।
  • ১৯৩৬ - তৰুণ গগৈ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
  • ১৯৩৭ - মহম্মদ হামিদ আঞ্চাৰী, ভাৰতৰ ১৩ তম ৰাষ্ট্ৰপতি।
  • ১৯৩৮ - নুৰুল হক, অসমীয়া প্ৰযোজক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু পৰিচালক।
  • ১৯৪৩ - নাৰায়ণ চন্দ্ৰ বৰকটকী, ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ সাংসদ।
  • ১৯৪৩ - দুলাল ৰয়, অসমীয়া নাট্যকাৰ, নাট আৰু চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা।
  • ১৯৫১ - ড° উষাৰাণী বৰুৱা, অসমীয়া শিক্ষাবিদ, অধ্যাপিকা, সাহিত্যিক, লেখিকা।
  • ১৯৬৯ - ইলোৰা ৰায়চৌধুৰী, মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা।
  • ১৯৭৭ - পল কালানিথি, আমেৰিকান স্নায়ুশৈল্যচিকিৎসক আৰু লেখক।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ


তথ্যসূত্ৰ

  1. ↑ (১ আগষ্ট, ২০১৩). বিশিষ্ট চাহ খেতিয়ক হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ মৃত্যু. dainikjanambhumi. পৃ. ১ পৃষ্ঠা
  2. ↑ (12 April 2003). Mr. Hemendra Prasad Barooah. zoominfo.com
  3. ↑ ৰুবী বি দাস. (৩১ মাৰ্চ, ২০১৩). জীৱন আৰু জাতিৰ জয়গান গোৱা ভাস্বত স্বপ্নদ্ৰষ্টা পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা. দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা'''. পৃ. ৬, ৭

সম্পৰ্কিত শ্ৰেণী

এপ্ৰিল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১ এপ্ৰিল” প্ৰবন্ধৰ সংশোধন ৪২৭৯৫৭ (৪ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।