প্ৰফুল্ল চন্দ্ৰ বৰা (Prafulla Chandra Bora;১৯৪৩-২০১৫) আছিল এজন দায়বদ্ধ আৰু সমাজ সচেতন ব্যক্তি। তেওঁ একাধাৰে গল্পকাৰ, নিবন্ধকাৰ, ঔপন্যাসিক আৰু সফল জীৱনীকাৰ আছিল।
জন্ম
প্ৰফুল্ল চন্দ্ৰ বৰাৰ জন্ম হৈছিল ১৯৪৩ চনৰ ২০ আগষ্ট তাৰিখে নাহৰণিৰ পাচনি বৰাগাঁৱত। ১
শিক্ষা
- জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
কৰ্মজীৱন
নাহৰণি হাইস্কুলৰ শিক্ষক ৰূপে কৰ্মজীৱনৰ পাতনি মেলিছিল। ইয়াৰ পিছত দেৰগাঁৱৰ সংস্কৃত বিদ্যালয়ত অলপ দিন শিক্ষকতা কৰি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত যোগদান কৰে। শেষত দেৰগাঁৱৰ কমল দুৱৰা মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে। তেওঁ গোলাঘাট জিলা সাহিত্য সভাৰ দুবছৰ সভাপতি আৰু অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্যৰূপে দায়িত্ব পালন কৰিছিল।
সাহিত্যৰাজি
চুটিগল্প সংকলন
- সোঁত সলনি হৈছে
- মোৰ দাপোনত
- ৰং সনা মানুহৰ ৰং
- ডালিম পুখুৰীৰ সংকেত
- মৃত্যুহীন পৰিধি
- জোনাকৰ অভিষেক
- তাত নদী আছিল
- আত্ম-প্ৰকৃতি
উপন্যাস
- সুৰীয়া শব্দৰ মায়া
- সুৱাগমণি
- ছত্ৰভংগ
- ভোগদৈ বালিৰ জোনাক
- কন্যা
- নৱজীৱনৰ পদধ্বনি
- ছাঁ আৰু পোহৰত
জীৱনী গ্ৰন্থ
- চৈয়দ আব্দুল মালিক-জীৱন আৰু কলা
- জীৱন, কবিতা আৰু নৱকান্ত
- বুকুৰ তেজ মুখৰ ভাষা
- পদ্মনাথ গোহাঞি বৰুৱা
সমালোচনামূলক গ্ৰন্থ
- অসমীয়া সাহিত্য: আধুনিক যুগ
- ধলফাঁট-ধলপুৱা-দোকমোকালি- কাহিলিপুৱা
সম্পাদনা গ্ৰন্থ
- ঐতিহ্য: অসমীয়া সাহিত্য
- লক্ষ্মীনাথ ফুকন: জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ
- সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামী: জীৱন আৰু সাধনা
- কথাশিল্পী ডিম্বেশ্বৰ দয়াল শৰ্মা অভিনন্দন গ্ৰন্থ
- উত্তৰ স্বাধীনতা যুগৰ অসমীয়া সাহিত্য
- আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱ প্ৰসংগ
- শংকৰদেৱৰ অধ্যয়নৰ ঐতিহ্য আৰু সাম্প্ৰতিক চিন্তা চৰ্চা
বঁটা আৰু সন্মান
- গোলাঘাট জিলা সাহিত্য সভাৰ পৰা সাহিত্যপ্ৰাণ উপাধি লাভ কৰে।
- দেৰগাঁৱ সাহিত্য সভাৰ পৰা সাহিত্যভূষণ উপাধি লাভ কৰে।
- শিল্পীপ্ৰাণ মাখন প্ৰসাদ দুৱৰা বঁটাৰে সন্মানিত হৈছিল।
মৃত্যু
অসমীয়া সাহিত্যৰ এইজনা স্বনামধন্য ব্যক্তিয়ে মগজুৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ২০১৫ চনৰ ১ এপ্ৰিল তাৰিখে মৃত্যুক সাৱটি লয়।।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰফুল্ল চন্দ্ৰ বৰা” প্ৰবন্ধৰ সংশোধন ৫২৭৩২৫ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।