৪ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৪তম (অধিবৰ্ষত ৯৫তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭১ দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনা
- ১৯৫৭ - "ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক" লাভ কৰা প্ৰথম অসমীয়া ছবি ৰঙা পুলিচৰ (পৰিচালক: নিপ বৰুৱা) মুক্তিলাভ।
- ১৯৬০ – ছেনেগালে স্বাধীনতা লাভ কৰে।
- ১৯৮৪ – ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাই মহাকাশ অভিযান কৰে। তেখেত প্ৰথম ভাৰতীয় মহাকাশচাৰী। তেখেত আছিল ইণ্ডিয়ান এয়াৰ ফোৰ্চৰ পাইলট। তেখেতে গোটেই বিশ্ব ভ্ৰমণ কৰিছিল।
- ২০১১ - আৰ্মেনিয়াৰ প্ৰথমখন ছুখয় ছুপাৰজেট ১০০, য়ুৰি গেগেৰিনৰ সন্মানত নামকৰণ।
- ২০১১ - ছয়ুজ টিএমএ-২১ৰ যাত্ৰাক য়ুৰি গেগেৰিনৰ সন্মানত পালন কৰা প্ৰথম মহাকাশ ভ্ৰমণৰ স্বৰ্ণজয়ন্তীলৈ অৰ্পণ।
- ২০১২ - ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পঞ্চম বৰ্ষৰ প্ৰথমখন খেল অনুষ্ঠিত।
জন্ম
- ১৮৮৯ - মাখনলাল চতুৰ্বেদী, ভাৰতীয় কবি, সাহিত্যিক, প্ৰবন্ধকাৰ, নাট্যকাৰ আৰু সাংবাদিক। (মৃত্যু: ১৯৬৮)
- ১৯০৮ - বেগম ঐজাজ ৰচুল, ভাৰতীয় ৰাজনীতিবিদ, লেখক তথা সমাজকৰ্মী।
- ১৯২৮ - মায়া এঞ্জেলো, আমেৰিকান কবি, আত্মজীৱনীকাৰ।
- ১৯৩৩ - সনজীদা খাতুন, বাংলাদেশী সংগীত শিল্পী।
- ১৯৪৯ - পাৰৱীন বাবী, ভাৰতীয় অভিনেত্ৰী।
- ১৯৬৯ - পল্লৱী যোশী, ভাৰতীয় অভিনয় শিল্পী।
- ১৯৮৯ - ষ্টিভেন ফিন, ইংৰাজ ক্ৰিকেটাৰ।
মৃত্যু
- ১৯৬৮ - মাৰ্টিন লুথাৰ কিং, কনিষ্ঠ, আমেৰিকান পাদ্ৰী। আমেৰিকান কৃষ্ণাঙ্গ নেতা মাৰ্টিন লুথাৰ কিং আততায়ীৰ হাতত নিহত হয়।
- ১৯৯৫ - হংসা জীৱৰাজ মেহতা, ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, সাহিত্যিক।
- ২০২১ - শশীকলা চাইগল, ভাৰতীয় অভিনেত্ৰী।
- ২০২৫ - মনোজ কুমাৰ, ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক, লেখক।১২৩
দিৱস
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Legendary actor-director Manoj Kumar, Nicknamed 'Bharat Kumar', Died at 87 in Mumbai. Bru Times News
- ↑ Veteran Bollywood Actor Manoj Kumar Dies At 87 In Mumbai. www.ndtv.com
- ↑ Cherylann Mollan. (4 April 2025). Manoj Kumar: Bollywood actor and director dies at 87. www.bbc.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৪ এপ্ৰিল” প্ৰবন্ধৰ সংশোধন ৬৩৬১৭৭ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।