পল সুধীৰ অৰুল কালানিথি (ইংৰাজী: Paul Sudhir Arul Kalanithi; ১ এপ্ৰিল, ১৯৭৭ – ৯ মাৰ্চ, ২০১৫) এগৰাকী আমেৰিকান স্নায়ুশৈল্যচিকিৎসক আৰু লেখক আছিল। তেওঁ লিখা When Breath Becomes Air গ্ৰন্থখন তেওঁৰ জীৱন আৰু চতুৰ্থ পৰ্যায়ৰ সঞ্চাৰী হাঁওফাঁওৰ কৰ্কট ৰোগৰ বিষয়ে লিখা এখন স্মৃতিচাৰণমূলক গ্ৰন্থ। ২০১৬ চনৰ জানুৱাৰী মাহত ৰেণ্ডম হাউছে মৰণোত্তৰভাৱে কিতাপখন প্ৰকাশ কৰিছিল।১ ই কেইবাসপ্তাহ ধৰি দ্য নিউয়ৰ্ক টাইমছৰ অকাহিনী শাখাৰ বেষ্ট চেলাৰ তালিকাত আছিল।২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৭৭ চনৰ ১ এপ্ৰিলত জন্মগ্ৰহণ কৰা পল কালানিথিয়ে নিউয়ৰ্কৰ ৱেষ্টচেষ্টাৰত বাস কৰিছিল। তেওঁ ভাৰতৰ তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা অহা এটা খ্ৰীষ্টান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। কালানিথিৰ জীৱন আৰু সুমন নামৰ দুজন ভাতৃ আছিল। জীৱন এগৰাকী কম্পিউটাৰ/ৰবটিক্স অভিযন্তা আৰু সুমন এগৰাকী স্নায়ু বিশেষজ্ঞ। কালানিথিৰ বয়স ১০ বছৰ থাকোতে তেওঁলোকৰ পৰিয়ালটো নিউয়ৰ্কৰ ব্ৰংক্সভিলৰ পৰা এৰিজোনাৰ কিংমেনলৈ গুচি যায়। কালানিথিয়ে কিংমেন হাইস্কুলৰ পৰা শিক্ষাগ্ৰহণ কৰিছিল।৩৪
পিছলৈ কালনিথিয়ে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে আৰু ২০০০ চনত ইংৰাজী সাহিত্যত স্নাতক আৰু স্নাতকোত্তৰ, আৰু মানৱ জীৱবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।৪৫ ষ্টেনফৰ্ডৰ পিছত তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। কেম্ব্ৰিজৰ অধীনস্থ ডাৰউইন কলেজৰ পৰা তেওঁ বিজ্ঞান আৰু চিকিৎসা বিজ্ঞানৰ ইতিহাস আৰু দৰ্শনত এম ফিল ডিগ্ৰী লাভ কৰে।৫ যদিও তেওঁ প্ৰথমে ইংৰাজী সাহিত্যত পি এইচ ডি কৰাৰ কথা বিবেচনা কৰিছিল, কিন্তু পিছলৈ য়েল স্কুল অৱ মেডিচিনত অধ্যয়নৰ সিদ্ধান্ত লয়। ২০০৭ চনত তেওঁ য়েলৰ পৰা কৃতিত্বৰে স্নাতক ডিগ্ৰী লাভ কৰে আৰু ট্যুৰেট চিনড্ৰমৰ ওপৰত কৰা গৱেষণাৰ বাবে ড° লুই এইচ নাহুম বঁটা লাভ কৰে।৬ তেওঁক আলফা ওমেগা আলফা নেশ্বনেল মেডিকেল অনৰ চছাইটীত অন্তৰ্ভুক্ত কৰা হৈছিল।৫
য়েলত কালানিথিয়ে তেওঁৰ সহযোগী তথা চিকিৎসা বিজ্ঞানৰ ছাত্ৰী লুচি গডাৰ্ডক লগ পায়, যি পিছলৈ তেওঁৰ পত্নী হয়।৪
কেৰিয়াৰ
মেডিকেল স্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভৰ পিছত কালানিথিয়ে ষ্টেনফৰ্ডলৈ উভতি যায় আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিনত স্নায়ুশৈল্যচিকিৎসাৰ আৱাসিক প্ৰশিক্ষণ আৰু স্নায়ুবিজ্ঞানৰ পোষ্ট ডক্টৰেট ফেল'শ্বিপ সম্পূৰ্ণ কৰে।৪৫
২০১৩ চনৰ মে' মাহত কালানিথিৰ মেটাষ্টেটিক ষ্টেজ ৪ হাঁওফাঁওৰ কৰ্কট ৰোগ ধৰা পৰে।৪৭ ২০১৫ চনৰ মাৰ্চ মাহত ৩৭ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। ৪
ব্যক্তিগত জীৱন
কালানিথিয়ে লুচিৰ (নি গডাৰ্ড) সৈতে বিবাহপাশত আবদ্ধ হয়। ২০১৪ চনত পলৰ মৃত্যুৰ প্ৰায় আঠ মাহ পূৰ্বে তেওঁলোকৰ এগৰাকী কন্যা সন্তান এলিজাবেথ একাডিয়াৰ ("কেডি") জন্ম হয়।৫৮ লুচি ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰশিক্ষাৰ্থী আৰু তেওঁ 'হোৱেন ব্ৰেথ বিকামছ এয়াৰ'ৰ উপসংহাৰ লিখিছিল।৯১০১১ তেওঁৰ যমজ ভগ্নী জোৱানা গডাৰ্ড 'এ কাপ অৱ জো' নামৰ ব্লগটোৰ সৃষ্টকৰ্তা।১২
যদিও কালানিথি এটা নৈষ্ঠিক খ্ৰীষ্টান পৰিয়ালত ডাঙৰ-দীঘল হৈছিল, তথাপি তেওঁ কৈশোৰকাল আৰু জীৱনৰ কুৰিৰ দশকত ধৰ্মীয় বিশ্বাসৰ পৰা আঁতৰি আন ধাৰণাসমূহৰ পক্ষত থিয় দিছিল।৫ কিন্তু তেওঁ "খ্ৰীষ্টান ধৰ্মৰ কেন্দ্ৰীয় মূল্যবোধসমূহ যেনে — ত্যাগ, মুক্তি, ক্ষমা" ধৰি ৰাখিছিল আৰু জীৱনৰ পিছৰ কালছোৱাত খ্ৰীষ্টান ধৰ্মলৈ ঘূৰি আহিছিল। তেওঁৰ কিতাপখনত তেওঁ লিখিছে যে যদি তেওঁ যৌৱনকালত বেছি ধাৰ্মিক হ’লহেঁতেন, তেন্তে তেওঁ এজন যাজক হৈ পৰিলহেঁতেন।৫
গ্ৰন্থপঞ্জী
অকাহিনীমূলক গ্ৰন্থ
- When Breath Becomes Air২
নিবন্ধ
- "How Long Have I Got Left?" for The New York Times১৩
- "Before I go: Time warps for a young surgeon with metastatic lung cancer" for Stanford Medicine Magazine১৪
- "My last day as a surgeon" for The New Yorker১৫
- "Terra Incognita: Remembering Sherwin Nuland" for The Paris Review১৬
গৱেষণামূলক প্ৰবন্ধ
- O'Shea DJ*, Kalanithi P*, Ferenczi EA*, Hsueh B, Chandrasekaran C, Goo W, Diester I, Ramakrishnan C, Kaufman MT, Ryu SI, Yeom KW, Deisseroth K, Shenoy KV. Scientific Reports. 2018 Apr 30;8(1):6775. .১৭ *Co-first author.
- Kalanithi, P. S.; Arrigo, R. T.; Tran, P. (2014). Rehospitalization and emergency department use rates before and after vagus nerve stimulation for epilepsy: Use of state databases to provide longitudinal data across multiple clinical settings. Neuromodulation: Technology at the Neural Interface. পৃ. 60–4; discussion 64–5
- Kalanithi, P. S.; Henderson, J. M. (2012). Emerging Horizons in Neuromodulation – New Frontiers in Brain and Spine Stimulation. International Review of Neurobiology. পৃ. 185–205. ISBN 9780124047068
- Kalanithi, P. A.; Arrigo, R; Boakye, M. (2012). Morbid obesity increases cost and complication rates in spinal arthrodesis. Spine. পৃ. 982–8
- Kalanithi, P; Schubert, R. D.; Lad, S. P. (2011). Hospital costs, incidence, and inhospital mortality rates of traumatic subdural hematoma in the United States. Journal of Neurosurgery. পৃ. 1013–8
- Kalanithi PS, Patil CG, Boakye M. (2009). National complication rates and disposition after posterior lumbar fusion for acquired spondylolisthesis. Spine. পৃ. 1963–9
- Kalanithi, P. S.; Zheng, W; Kataoka, Y. (2005). Altered parvalbumin-positive neuron distribution in basal ganglia of individuals with Tourette syndrome. Proceedings of the National Academy of Sciences. পৃ. 13307–12 father. name.
তথ্যসূত্ৰ
- ↑ Maslin, Janet. Review: In 'When Breath Becomes Air,' Dr. Paul Kalanithi Confronts an Early Death. New York Times
- ↑ Print and E-book Nonfiction. New York Times
- ↑ Steele, Kim. Obituary: Paul Kalanithi. Daily Miner
- ↑ Spector, Rosanne. (11 March 2015). Paul Kalanithi, writer and neurosurgeron, dies at 37. Stanford Medicine News. Stanford University School of Medicine
- ↑ Kalanithi, Paul. (27 May 2016). Paul Kalanithi: Why I gave up on atheism. Fox News. Fox News Network
- ↑ Reisz, Matthew. (April 2015). Paul Kalanithi, 1977–2015. Times Higher education
- ↑ Kalanithi, Paul. (11 January 2016). My Last Day as a Surgeon. New Yorker
- ↑ O'Kelly, Lisa. (14 February 2016). Lucy Kalanithi: "Paul's view was that life wasn't about avoiding suffering". The Guardian
- ↑ Smith, Duncan. (25 April 2018). Lucy Kalanithi: Work, life, grief, love. BMJ. পৃ. k1220
- ↑ Kalanithi, Lucy. (6 January 2016). My Marriage Didn't End When I Became a Widow. The New York Times
- ↑ Stanford University School of Medicine. Lucy Kalanithi. Stanford University School of Medicine
- ↑ Goddard, Joanna. (2018-01-03). An Update on My Twin Sister. A Cup of Jo
- ↑ Kalanithi, Paul. (2014-01-24). How Long Have I Got Left?. The New York Times
- ↑ Kalanithi, Paul. Before I Go. Stanford Medicine Magazine
- ↑ Kalanithi, Paul. (2016-01-11). My Last Day as a Surgeon. The New Yorker
- ↑ Kalanithi, Paul. (2014-03-13). Remembering Sherwin B. Nuland, the author of How We Die. www.theparisreview.org
- ↑ O'Shea, Daniel J.; Kalanithi, Paul; Ferenczi, Emily A. (2018-04-30). Development of an optogenetic toolkit for neural circuit dissection in squirrel monkeys. Scientific Reports. পৃ. 6775
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পল কালানিথি” প্ৰবন্ধৰ সংশোধন ৬৩৭৩২৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।