অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

অধিবৰ্ষ

অধিবৰ্ষ বা লিপ ইয়েৰ হৈছে পঞ্জিকাৰ এটা অতিৰিক্ত দিন যি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আহে৷ জ্যোতিৰ্বিজ্ঞানৰ মতে, জাৰকালি বা জহকালি যিয়েই নহওক এটা দিনত ২৪ ঘণ্টাই থাকে৷ সেইদৰে ৩৬৫ দিনত এবছৰ হয়৷ কিন্তু প্ৰকৃততে পৃথিৱীয়ে সূৰ্যক সম্পূৰ্ণৰূপে এবাৰ প্ৰদক্ষিণ কৰিবলৈ ৩৬৫ দিন ৫ ঘণ্টা ৪৯ মিনিট ১২ ছেকেণ্ড সময়…

হালনাগাদ: ৬ এপ্ৰিল ২০২৪ ১৮৬ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

অধিবৰ্ষ বা লিপ ইয়েৰ হৈছে দিনপঞ্জীৰ এটা অতিৰিক্ত দিন যি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আহে৷ জ্যোতিৰ্বিজ্ঞানৰ মতে, জাৰকালি বা জহকালি যিয়েই নহওক এটা দিনত ২৪ ঘণ্টাই থাকে৷ সেইদৰে ৩৬৫ দিনত এবছৰ হয়৷ কিন্তু প্ৰকৃততে পৃথিৱীয়ে সূৰ্যক সম্পূৰ্ণৰূপে এবাৰ প্ৰদক্ষিণ কৰিবলৈ ৩৬৫ দিন ৫ ঘণ্টা ৪৯ মিনিট ১২ ছেকেণ্ড সময় লাগে৷ গতিকে ৩৬৫ দিনীয়া এটা বছৰত ৫ ঘণ্টা ৪৯ মিনিট ১২ ছেকেণ্ড ৰাহি হৈ গৈ থাকে৷ এইদৰে চাৰিটা বছৰৰ মূৰত সম্পূৰ্ণ এটা দিন অতিৰিক্তভাৱে ওলাই আহে৷ গতিকে যিটো বছৰত এই অতিৰিক্ত দিনটো সংযোগ হয় তাক অধিবৰ্ষ বোলা হয়৷১

গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ

বিশ্বৰ আটাইতকৈ মান্য কেলেণ্ডাৰ গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ অনুসৰি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে লিপ ইয়েৰ হয়৷ এই অধিবৰ্ষত ফেব্ৰুৱাৰী মাহটোত ২৮ দিনৰ বিপৰীতে এটা অতিৰিক্ত দিন সংযোগ কৰি ২৯ দিন কৰা হয়৷২

This graph shows the variations in date and time of the June Solstice due to unequally spaced "leap day" rules. Contrast this with the Iranian Solar Hijri calendar, which has 8 leap year days every 33 years.

জন্মদিন

যিসকল মানুহে এই দিনটোত জন্মগ্ৰহন কৰে, সেইসকল ইংৰাজীত "leapling" বা "leaper" বুলি কোৱা হয়৷৩ তেখেতসকলে এই জন্মদিনটো চাৰিবছৰৰ পাছতহে পুনৰ পালন কৰিব পাৰে, সেইদিশৰ পৰা চালে এই দিনত জন্ম হোৱা মানুহৰ প্ৰতি চাৰি বছৰৰ পাছতহে এটা জন্মদিন আহে। আনহাতে কিছুমানে এই অসুবিধাৰ বাবে ২৮ ফেব্ৰুৱাৰী নাইবা ১ মাৰ্চত নিজৰ জন্মদিন পালন কৰে৷

এই দিনটোত জন্মগ্ৰহন কৰা কেইজনমান বিখ্যাত ব্যক্তিৰ নাম:-

  1. মোৰাৰজী দেশাই:- ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী৷

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ আজিৰ দৈনিক বাতৰি, সংগ্ৰহৰ সময়- ২৯ ফেব্ৰুৱাৰী ২০১২
  2. ↑ Leap Year Explained, সংগ্ৰহৰ সময়- ২৯ ফেব্ৰুৱাৰী ২০১২
  3. ↑ Hall, C. (February 29, 2008). Leap year babies hop through hoops of joy, pain of novelty birthday. Detroit Free Press. Retrieved February 29, 2008

সম্পৰ্কিত শ্ৰেণী

সময়সময়ৰ একক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অধিবৰ্ষ” প্ৰবন্ধৰ সংশোধন ৪১৭২১৯ (৬ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।