ভাৰতৰ টেনিছ খেলুৱৈ
৬ প্ৰবন্ধ
-
লিয়েণ্ডাৰ পেজ
লিয়েণ্ডাৰ পেজ (Leander Paes; সম্পূৰ্ণ নাম: লিয়েণ্ডাৰ আদ্ৰিয়ান পেজ) এজন ভাৰতীয় টেনিছ খেলুৱৈ। ১৯৭৩ চনৰ ১৭ জুনত তেওঁৰ কলকাতাত জন্ম হয়। কলকাতাতেই তেওঁ ডাঙৰ-দীঘল হয়। তেওঁৰ মাতৃ জেনিফাৰ পেজ এগৰাকী বিখ্যাত বাস্কেটবল খেলুৱৈ আছিল আৰু ১৯৮০ চনৰ এছিয় বাস্কেটবল প্ৰতিযোগিতাত তেওঁ ভাৰতীয় দলক নেতৃত্ব দিছিল।
-
ছানিয়া মিৰ্জা
ছানিয়া মিৰ্জা (জন্ম ১৫ নবেম্বৰ, ১৯৮৬, মুম্বাই, মহাৰাষ্ট্ৰ) ভাৰতৰ এগৰাকী টেনিচ খেলুৱৈ। ২০০৩ চনৰ পৰা ২০১৩ চনলৈকে ক্ৰমাগত ভাৱে এটা দশক মহিলা টেনিচ সংঘ (ডব্লু’ টি এ)ৰ একক আৰু দ্বৈত শাখাত ভাৰতীয় খেলুৱৈৰ ভিতৰত শীৰ্ষস্থানত থাকে।
-
মহেশ ভূপতি
মহেশ শ্ৰীনিবাস ভূপতি (Mahesh Shrinivas Bhupathi; জন্ম: ৭ জুন ১৯৭৪) এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় পেছাদাৰী টেনিছ খেলুৱৈ। ১৯৯৭ চনত, তেওঁ গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্ট (ৰিকা হীৰাকীৰ সৈতে) জয় কৰা প্ৰথম ভাৰতীয়।
-
সোমদেৱ দেৱবৰ্মন
সোমদেৱ কিশোৰ দেৱবৰ্মন (Somdev Kishore Devvarman; জন্ম:১৩ ফেব্ৰুৱাৰী, ১৯৮৫) ভাৰতবৰ্ষৰ এজন পেচাদাৰী টেনিছ খেলুৱৈ। সোমদেৱৰ মহাবিদ্যালয়ৰ বিজয়ীসকলৰ তিনিজন খেলুৱৈ, জন ইজনাৰ, কেভিন এণ্ডাৰছন আৰু জেছে লেভিনে, হৈছে পেচাদাৰী টেনিছ খেলুৱৈ হিচাপে সফলতা অৰ্জন কৰিছে।
-
নোৰা পোলী
নোৰা মাৰ্গাৰেট পোলী (Nora Margaret Polley, ২৯ জুলাই ১৮৯৪-১৯৮৮) গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম মহিলা আছিল, যেতিয়া তেওঁ ১৯২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত টেনিছ প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰিছিল।
-
লীলা ৰাও দয়াল
লীলা ৰাও দয়াল (ইংৰাজী: Leela Row Dayal; ১৯ ডিচেম্বৰ ১৯১১ – ১৯ মে' ১৯৬৪) এগৰাকী ভাৰতীয় মহিলা টেনিছ খেলুৱৈ আৰু লেখিকা। তেওঁ উইম্বলডন চেম্পিয়নশ্বিপত এখন খেলত জয়ী হোৱা প্ৰথমগৰাকী ভাৰতীয় টেনিছ খেলুৱৈ আছিল। তেওঁ ইংৰাজী আৰু সংস্কৃত ভাষাত ভাৰতীয় শাস্ত্ৰীয় নৃত্য সম্পৰ্কীয় কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল।