বঙালী অভিনেত্ৰী
১১ প্ৰবন্ধ
-
মিমি চক্ৰৱৰ্তী
মিমি চক্ৰৱৰ্তী ( Mimi Chakraborty; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু ৰাজনীতিবিদ। বঙালী চলচ্চিত্ৰ আৰু টেলিভিছনৰ কামৰ বাবে তেওঁ পৰিচিত। তেওঁৰ প্ৰথম ছবি বাপি বাৰী যা, য'ত তেওঁ মূল নাৰী চৰিত্ৰ- ডোলাৰ ভূমিকাত অভিনয় কৰিছিল।
-
পায়েল সৰকাৰ
পায়েল সৰকাৰ (Payel Sarkar) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ বঙালী চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছন ধাৰাবাহিকসমূহত অভিনয় কৰে। তেওঁ ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল।
-
শ্ৰাবন্তী চট্টোপাধ্যায়
শ্ৰাবন্তী চট্টোপাধ্যায় এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ এবিপি নিউজৰ প্ৰাক্তন সাংবাদিকা তথা বাতৰি পৰিৱেশিকা আছিল। তেওঁ মূলতঃ বাংলা ছবিত অভিনয় কৰে।
-
সায়ন্তিকা বন্দ্যোপাধ্যায়
সায়ন্তিকা বন্দ্যোপাধ্যায় (Sayantika Banerjee) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বঙালী চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। অভিনয় আৰু নৃত্যৰ দক্ষতাৰ বাবে তেওঁ সমালোচকসকলৰ দ্বাৰা প্ৰশংসিত হৈছে। ২০১২ চনত তেওঁ বঙালী চলচ্চিত্ৰ আৱাৰাত অভিনয় কৰিছিল, যিখন ব্যৱসায়িকভাৱে সফল হৈছিল।
-
ৰুক্মিণী মৈত্ৰ
ৰুক্মিণী মৈত্ৰ (জন্ম: ২৭ জুন ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ফেশ্বনৰ জগতখনত নিজকে প্ৰতিষ্ঠা কৰাৰ পিছত মৈত্ৰই ২০১৭ চনত চাম্প ছবিৰে চলচ্চিত্ৰ জগতত অভিষেক ঘটায়। দেবৰ সৈতে মুঠ সাতখন ছবিত অভিনয় কৰিছে। ২০২১ বৰ্ষৰ ছবি সনকত বিদ্যুৎ জামৱালৰ বিপৰীতে অভিনয় কৰি তেখেতে বলীউডত অভিষেক ঘটায়।
-
আজমেৰী হক বাঁধন
আজমেৰী হক বাঁধন (জন্ম: ২৮ অক্টোবৰ ১৯৮৩) এগৰাকী বাংলাদেশী অভিনেত্ৰী। তেওঁ বাংলাদেশৰ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও ভাৰতীয় চলচ্চিত্ৰতো অভিনয় কৰে। ২০০৬ চনত লাক্স চেনেল আই ছুপাৰষ্টাৰত ২য় ৰানাৰ্ছ আপ হোৱাৰ পিছত তেওঁ এগৰাকী মডেলৰূপে সকলোৰে নজৰলৈ আহে।
-
তনুশ্ৰী চক্ৰৱৰ্তী
তনুশ্ৰী চক্ৰৱৰ্তী (Tanusree Chakraborty; জন্ম: ৬ আগষ্ট ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ বঙালী ভাষাৰ চলচ্চিত্ৰত কাম কৰে। চলচ্চিত্ৰৰ সমান্তৰালকৈ তেওঁ বিভিন্ন টেলিভিছন শ্ব’তো কাম কৰি আহিছে।
-
ইধিকা পাল
ইধিকা পাল (Idhika Paul; জন্ম: ২ জুলাই ১৯৯৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ বঙালী ভাষাৰ ধাৰাবাহিক আৰু চলচ্চিত্ৰসমূহত অভিনয় কৰে। তেওঁ বেছিভাগেই টলিউড আৰু ঢালিউড চলচ্চিত্ৰ উদ্যোগত কাম কৰে। ২০২৪ চনত, তেওঁ একশ্যন নাট্যধৰ্মী ছবি খাদানত অভিনয়েৰে খ্যাতি লাভ কৰিছিল।
-
জুন মালিয়া
জুন মালিয়া (June Malia) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ প্ৰধানকৈ বাংলা ভাষাৰ চিনেমা আৰু টেলিভিছনত কাম কৰে। তেওঁ এগৰাকী সমাজসেৱক আৰু পশ্চিম বংগ মহিলা আয়োগৰ সদস্য। ২০২১ চনত তেওঁ মেদিনীপুৰ সমষ্টিৰ পৰা পশ্চিম বংগ বিধানসভাৰ সদস্য হিচাপে তেওঁ নিৰ্বাচিত হয়।
-
সায়নী ঘোষ
সায়নী ঘোষ (Saayoni Ghosh) মূলত: এগৰাকী বাংলা ভাষাৰ চলচ্চিত্ৰ-অভিনেত্ৰী আৰু টেলিভিছন অভিনেত্ৰী৷ তেওঁ বৰ্তমান যাদৱপুৰ সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰি সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ৰিধিমা ঘোষ
ৰিধিমা ঘোষ এগৰাকী ভাৰতীয় বাংলা চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ অভিনেত্ৰী। তেওঁ ২০০৭ চনত সংঘমিত্ৰা চৌধুৰীৰ ছবি ৰাতপৰিৰ ৰূপকথাৰ জৰিয়তে ডাঙৰ পৰ্দাত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত ২০০৯ চনত বাংলা ধাৰাবাহিক বৌ কথা কওৰ জৰিয়তে তেওঁ দূৰদৰ্শনত ভূমুকি মাৰে।