অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নুছৰত জাহান

নুছৰত জাহান ৰুহী (Nusrat Jahan Ruhi; জন্ম: ৮ জানুৱাৰী ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ৷ তেওঁ প্ৰধানকৈ বাংলা ভাষাৰ চিনেমাত অভিনয় কৰে। অভিনয়ৰ উপৰি ২০১৯ চনৰ পৰা ২০২৪ চনলৈকে জাহানে বসিৰহাট সমষ্টিৰ পৰা লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে৷ তেওঁ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে…

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৩৫৩ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

নুছৰত জাহান ৰুহী (Nusrat Jahan Ruhi; জন্ম: ৮ জানুৱাৰী ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ৷ তেওঁ প্ৰধানকৈ বাংলা ভাষাৰ চিনেমাত অভিনয় কৰে।১২ অভিনয়ৰ উপৰি ২০১৯ চনৰ পৰা ২০২৪ চনলৈকে জাহানে বসিৰহাট সমষ্টিৰ পৰা লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে৷ তেওঁ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিনিধিত্ব কৰিছিল।৩৪৫৬ ৰাজ চক্ৰৱৰ্তীৰ শ্বোট্ৰু ছবিৰ জৰিয়তে তেওঁ অভিনয়ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।৭

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৯০ চনৰ ৮ জানুৱাৰীত কলিকতা (বৰ্তমান কলকাতা)ৰ এটা বঙালী মুছলমান পৰিয়ালত মহম্মদ শ্বাহজাহান আৰু সুষমা খাতুনৰ ঘৰত নুছৰত জাহানৰ জন্ম হয়।৮ তেওঁ কলিকতাৰ আৱাৰ লেডী কুইন অৱ দ্য মিছনছ স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে আৰু তাৰ পিছত কলিকতাৰ ভৱানীপুৰ কলেজলৈ যায়৷ তাৰপৰা তেওঁ বাণিজ্য শাখাত স্নাতক (অনাৰ্ছ) ডিগ্ৰী লাভ কৰে।

অভিনয় জীৱন

২০১০ চনত "ফেয়াৰ ৱান মিছ কলকাতা" নামৰ সৌন্দৰ্য প্ৰতিযোগিতাত জয়ী হোৱাৰ পিছত জাহানে মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল।৯১০২০১১ চনত জীতৰ সৈতে শ্বোট্ৰু ছবিৰ জৰিয়তে তেওঁ বাংলা ভাষাৰ চলচ্চিত্ৰ উদ্যোগত অভিষেক ঘটায়। এবছৰৰ বিৰতিৰ পিছত তেওঁ দেৱৰ সৈতে তেওঁৰ দ্বিতীয়খন ছবি খোকা ৪২০ (২০১৩)ত অভিনয় কৰে।১১

২০২০ চনত তেওঁ অসুৰত,১২ জীত আৰু অবিৰ চেটাৰ্জীৰ সৈতে আৰু তাৰ পিছত পণবন্দী উদ্ধাৰকাৰী অভিযানমূলক ছবি ‘এছ অ’ এছ কলকাতা’ত যশ দাসগুপ্ত, মিমি চক্ৰৱৰ্তী, এনা সাহা আৰু শান্তিলাল মুখাৰ্জীৰ সৈতে এটিএছৰ কাৰিকৰী মুৰব্বী আমাণ্ডা জ’নছৰ চৰিত্ৰত অভিনয় কৰে।১৩

ৰাজনৈতিক জীৱন

২০১৯ চনৰ ১২ মাৰ্চত পশ্চিম বংগৰ মুখ্য মন্ত্ৰী তথা তৃণমূল কংগ্ৰেছ দলৰ সভানেত্ৰী মমতা বন্দ্যোপাধ্যায়য়ে ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত বসিৰহাট লোকসভা সমষ্টিৰ পৰা জাহানে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে।১৪১৫ বিজেপি প্ৰাৰ্থী সায়ন্তন বসুৰ বিৰুদ্ধে ৩ লাখ পঞ্চাশ হাজাৰ ভোটৰ ব্যৱধানত বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰে।১৬

ব্যক্তিগত জীৱন

প্ৰায় "তিনি-চাৰি" বছৰ ধৰি তেওঁৰ কাদেৰ খানৰ সৈতে সম্পৰ্ক আছিল। ২০১২ চনত চুজেট জৰ্ডানৰ দলবদ্ধ ধৰ্ষণৰ গোচৰত কাদেৰ খান জড়িত হৈছিল। জাহানে কয় যে এই কাণ্ডৰ ৫ মাহৰ আগতেই তেওঁলোকৰ বিচ্ছেদ ঘটিছিল৷ অৱশ্যে তাৰ পিছতো তেওঁলোক ভাল বন্ধু হৈয়েই আছে।১৭সংশ্লিষ্ট অধিবক্তাৰ এটা দলে জাহানে আইনৰ পৰা পলায়ন কৰা কাদেৰ খানক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন কৰি তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। পিছলৈ তেওঁ ক'লে যে যদি তেওঁ অপৰাধটো কৰিছিল তেন্তে তেওঁক আদালতে শাস্তি দিব লাগে।১৮

জাহান আৰু ব্যৱসায়ী নিখিল জৈনে ২০১৯ চনৰ ১৯ জুনত তুৰস্কত বিবাহপাশত আবদ্ধ হয়।১৯ পিছত জাহানে দাবী কৰিছে যে এই বিবাহ বৈধ নাছিল আৰু "এয়া লিভ-ইন সম্পৰ্কৰ বাহিৰে আন একো নাছিল"।২০২১ পিছলৈ কলিকাতাৰ আদালতে জাহান আৰু জৈনৰ বিবাহ আইনগতভাৱে অবৈধ বুলি ৰায় দিয়ে।২২

জাহানে অভিনেতা যশ দাসগুপ্তৰ সৈতে সম্পৰ্ক আৰম্ভ কৰিছিল যদিও ২০২১ চনৰ ডিচেম্বৰ মাহলৈকে তেওঁলোকৰ বৈবাহিক অৱস্থাৰ বিষয়ে জানিব পৰা হোৱা নাই।২২ ২০২১ চনৰ আগষ্ট মাহত জাহানে কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত য়িছান জে. দাসগুপ্ত নামৰ ল'ৰা এটাৰ জন্ম দিয়ে।২৩২৪২৫খবৰ পোৱা গৈছে যে শিশুটিৰ জন্মৰ প্ৰমাণ পত্ৰত দাসগুপ্তক পিতৃ হিচাপে নাম উল্লেখ কৰা হৈছে।[30] ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত জাহানে ২০২০ চনৰ পৰাই তেওঁলোকৰ বিবাহপাশত আবদ্ধ হৈ থকাৰ কথাটো নিশ্চিত কৰে।২৬ ২৭২৮

তথ্যসূত্ৰ

  1. ↑ Ganguly, Ruman. (27 April 2011). It's too good to be true: Nusrat Jahan. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ Interview: Tollywood Actress Nusrat Jahan Talks About Bengali Movie "Shatru" Co-Starring Jeet and her Background and Experience – Washington Bangla Radio USA. Washingtonbanglaradio.com
  3. ↑ (4 June 2024). Basirhat, West Bengal Lok Sabha Election Results 2024 Highlights: Sk Nurul Islam Claims Victory by 333547 Votes. India Today
  4. ↑ (28 December 2021). Nusrat Jahan: A peek into Nusrat Jahan's most controversial year. The Times of India
  5. ↑ (23 May 2019). Bengal election results: Dev, Mimi, Locket, Nusrat rule as bed tea goes bitter for Moon Moon. India Today
  6. ↑ (29 May 2019). Meet the glamorous new parliamentarians Mimi Chakraborty and Nusrat Jahan: Photogallery. The Times of India
  7. ↑ Sen, Zinia. (2 June 2011). Newcomer Nusrat Jahan is nervous about her debut film, "Shotru"'s release in Kolkata today. "My hands are no more cold, they are numb," said the actor. The Times of India
  8. ↑ Saha, Tamal. (21 November 2020). 'Love is personal & BJP should learn to love': TMC's Nusrat Jahan slams 'Love Jihad' law, calls BJP poison. Times Now
  9. ↑ (16 May 2010). Pageant pretty. The Telegraph
  10. ↑ (17 June 2010). Nusrat Jahan Miss Kolkata 2010. The Times of India
  11. ↑ Khoka 420 (2013) - Review, Star Cast, News, Photos. Cinestaan
  12. ↑ Chatterjee, Arindam. (1 January 2020). 'Asur' is my best till date: Nusrat Jahan. The Telegraph
  13. ↑ Chakraborty, Saionee. (22 October 2020). SOS Kolkata co-stars Nusrat Jahan and Yash get into Puja classics for this shoot. The Telegraph
  14. ↑ Ganguly, Ruman. (12 March 2019). I'm thrilled to start my political career: Shehzad khan. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  15. ↑ (29 May 2019). India film star MPs hit back at 'outfit trolls'. BBC News
  16. ↑ (24 May 2019). Basirhat Election result 2019: Bengali actress Nusrat Jahan wins by over 3, 50, 000 votes. Times Now
  17. ↑ (21 February 2012). Actress speaks out on friend-turned-fugitive. The Telegraph (India)
  18. ↑ (3 October 2016). Park Street rape case: Why influential Bengali actress Nusrat Jahan not named in chargesheet?. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  19. ↑ (21 June 2019). TMC first-time MP Nusrat Jahan gets married in Turkey; skips Parliament oath-taking ceremony. The Economic Times
  20. ↑ (9 June 2021). Marriage with Nikhil Jain not legal, our separation happened. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  21. ↑ (14 June 2021). Estranged husband Nikhil Jain claims Nusrat Jahan always avoided getting marriage registered. The Economic Times
  22. ↑ (29 December 2021). Nusrat Jahan, grilled by Yash Dasgupta about their love story, says 'I absconded with you'. Hindustan Times
  23. ↑ Banerjie, Monideepa. (26 August 2021). Trinamool Congress MP Nusrat Jahan Becomes Mother Of Baby Boy. NDTV
  24. ↑ (26 August 2021). It's a Boy! Nusrat Jahan, in News for 'Live-in' Marriage With Nikhil Jain, Delivers Baby in Kolkata Hospital. News18
  25. ↑ (16 September 2021). Birth certificate of Nusrat Jahan's son Yishaan reveals Yash Dasgupta as the baby's father!. The Times of India
  26. ↑ (17 September 2021). Actress-MP Nusrat Jahan's son's birth certificate shows baby's father as Yash Dasgupta. The Economic Times
  27. ↑ (2 February 2022). Nusrat Jahan hints she is already married to Yash Dasgupta: 'We do not need to get married again'. Hindustan Times
  28. ↑ Yadav, Prerna. (3 February 2022). Nusrat Jahan wipes out wedding rumours with Yash Dasgupta, confirms they're married. India TV News

সম্পৰ্কিত শ্ৰেণী

পশ্চিমবঙ্গৰ ব্যক্তিবঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় অভিনেত্ৰীপশ্চিম বংগৰ ৰাজনীতিত মহিলাপশ্চিমবংগ তৃণমূল কংগ্ৰেছৰ ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নুছৰত জাহান” প্ৰবন্ধৰ সংশোধন ৬৩৭৩০৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।