বঙালী চলচ্চিত্ৰৰ অভিনেত্ৰী
৯২ প্ৰবন্ধ
-
বিদ্যা ৰাও (অভিনেত্ৰী)
বিদ্যা ৰাও এগৰাকী অসমীয়া আৰু বঙালী ছবিৰ অভিনেত্ৰী, যাৰ মূল চলচ্চিত্ৰ-কৰ্ম অসমীয়া ভাষাত কেন্দ্ৰিত। শিশু শিল্পী হিচাপে আৰম্ভ কৰি ১৯৭০–৮০ দশকৰ জনপ্ৰিয় বাণিজ্যিক ছবিত মুখ্য আৰু শক্তিশালী চৰিত্ৰ ৰূপায়ণৰ জৰিয়তে তেওঁ অসমীয়া ছবিজগতত লক্ষণীয় অৱদান আগবঢ়ায়।
-
অপৰ্ণা সেন
অপৰ্ণা সেন (Aparna Sen; বিবাহৰ পূৰ্বে অপৰ্ণা দাসগুপ্ত; জন্ম:২৫ অক্টোবৰ, ১৯৪৫) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালিকা আৰু অভিনেত্ৰী, যি বঙালী চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত। তেওঁ নটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পোৱাৰ উপৰিও ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান লাভ কৰিছে।
-
সুচিত্ৰা সেন
সুচিত্ৰা সেন (৬ এপ্ৰিল, ১৯৩১ - ১৭ জানুৱাৰী, ২০১৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁৰ জন্মগত নাম আছিল ৰমা দাশগুপ্ত। তেওঁ মূলত বঙালী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰি খ্যাতি অৰ্জন কৰিছিল। বঙালী চলচ্চিত্ৰত উত্তম কুমাৰৰ বিপৰীতে নায়িকাৰ ভূমিকাত অভিনয় কৰি তেওঁ বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল।
-
কংকনা সেন শৰ্মা
কংকনা সেন শৰ্মা (Konkona Sen Sharma; জন্ম: ৩ ডিচেম্বৰ ১৯৭৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, লেখক আৰু পৰিচালক, যিয়ে মূলতঃ হিন্দী আৰু বঙালী চলচ্চিত্ৰৰ সৈতে জড়িত। তেওঁ দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু চাৰিটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।
-
জয়া বচ্চন
জয়া বচ্চন (বিবাহৰ পূৰ্বে ভাদুৰী; Jaya Bachchan; জন্ম: ৯ এপ্ৰিল ১৯৪৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনৈতিক নেতা। তেওঁ ২০০৪ চনৰ পৰা একেৰাহে চাৰিটা কাৰ্যকাল সমাজবাদী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ হৈ আছে। মূল ধাৰাৰ চলচ্চিত্ৰৰ লগতে মধ্যমপন্থী চলচ্চিত্ৰত কৰা স্বাভাৱিক অভিনয়ৰ বাবে তেওঁক বিশেষভাবে জনা যায়।
-
সাগৰিকা মুখাৰ্জী
সাগৰিকা মুখাৰ্জী বা সাগৰিকা (Sagarika Mukherjee; জন্ম ৪ ছেপ্টেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁ মুখ্যতঃ হিন্দী, অসমীয়া আৰু বাংলা ভাষাৰ গান গায় কিন্তু তামিল আৰু তেলেগু ভাষাতো গান গায়। তেওঁ গায়ক আৰু সুৰকাৰ মানস মুখাৰ্জী আৰু গীতিকাৰ জাহাৰ মুখাৰ্জীৰ নাতিনীৰ কন্যা।
-
মিমি চক্ৰৱৰ্তী
মিমি চক্ৰৱৰ্তী ( Mimi Chakraborty; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু ৰাজনীতিবিদ। বঙালী চলচ্চিত্ৰ আৰু টেলিভিছনৰ কামৰ বাবে তেওঁ পৰিচিত। তেওঁৰ প্ৰথম ছবি বাপি বাৰী যা, য'ত তেওঁ মূল নাৰী চৰিত্ৰ- ডোলাৰ ভূমিকাত অভিনয় কৰিছিল।
-
ৰাখী গুলজাৰ
Rakhee Gulzar ( Rakhee Gulzar; জন্ম ৰাখী মজুমদাৰ ১৫ আগষ্ট ১৯৪৭; অধিক জনাজাত নাম ৰাখী) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বহুতো হিন্দী আৰু বঙালী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ তিনিটা ফিল্মফেয়াৰ বঁটা আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।
-
পাওলি দাম
পাওলি দাম (Paoli Dam; জন্ম: ৪ অক্টোবৰ ১৯৮০) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী; যিয়ে বঙালী ভাষাৰ টেলিভিছন ধাৰাবাহিক 'জীৱন নিয়ে খেলা' (২০০৩)ৰ জৰিয়তে কেৰিয়াৰৰ আৰম্ভ কৰিছিল। পাওলি দামে কলিকতাত শৈশৱ অতিবাহিত কৰিছে আৰু ৰাজাবজাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছে।
-
ৰাইমা সেন
ৰাইমা সেন (Raima Sen, জন্ম: ৭ নৱেম্বৰ ১৯৭৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বঙালী আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগত তেওঁৰ কামৰ বাবে জনাজাত।
-
নন্দিতা দাস
নন্দিতা দাস (Nandita Das, জন্ম ৭ নৱেম্বৰ ১৯৬৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ দহটা ভিন্ন ভাষাত ৪০ খনতকৈও অধিক ফিচাৰ ফিল্মত অভিনয় কৰিছে।
-
মালা সিনহা
আলদা সিনহা (Mala Sinha; জন্ম ১১ নবেম্বৰ ১৯৩৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ৰূপালী পৰ্দাৰ মালা সিনহা নামেৰ তেওঁ অধিক জনাজাত। তেওঁ হিন্দী, বঙালী আৰু নেপালী চলচ্চিত্ৰত কাম কৰিছে। প্ৰথমে তেওঁ আঞ্চলিক ছবিত প্ৰতিষ্ঠিত হোৱাৰ পিছতহে ১৯৫০ৰ দশকৰ শেষৰ ফালে হিন্দী ছবিত অভিনয় কৰিবলৈ লয়।
-
অৰুন্ধতী দেৱী
অৰুন্ধতী দেৱী (Arundhati Devi; ২৯ এপ্ৰিল ১৯২৪-১ জানুৱাৰী ১৯৯০; জন্ম: গুহা ঠাকুৰতা) এগৰাকী ভাৰতীয় অভিনেত্ৰী, পৰিচালক, লেখিকা আৰু কণ্ঠশিল্পী আছিল, যি অৰুন্ধতী মুখোপধ্যায় নামেৰেও জনাজাত। তেওঁ মূলতঃ বঙালী চলচ্চিত্ৰলৈ অৱদান আগবঢ়াইছে। অৰুন্ধতী মুখাৰ্জী বা মুখোপাধ্যায় নামেৰেও জনাজাত।
-
কিৰণ খেৰ
কিৰণ অনুপম খেৰ (Kirron Kher জন্ম: ১৪ জুন ১৯৫২) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা; মঞ্চ, চলচ্চিত্ৰ আৰু টেলিভিচনৰ অভিনেত্ৰী; টেলিভিচন ব্যক্তিত্ব; গায়িকা; বিনোদক; প্ৰযোজক আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। ২০১৪-ৰ মে’ত তেওঁ চণ্ডীগড় সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত বিজয়ী হৈছিল।
-
ৰূপা গাংগুলী
ৰূপা গাংগুলী (Roopa Ganguly; জন্ম: ২৫ নবেম্বৰ ১৯৬৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নেপথ্য কণ্ঠশিল্পী আৰু ৰাজনৈতিক নেতা। জনপ্ৰিয় ধাৰাবাহিক 'মহাভাৰত'ত (১৯৮৮) দ্ৰৌপদীৰ চৰিত্ৰ ৰূপায়ণ কৰা বাবে তেওঁ বিশেষভাবে জনাজাত।
-
কানন দেৱী
কানন দেৱী (Kanan Devi; ২২ এপ্ৰিল ১৯১৬- ১৭ জুলাই ১৯৯২) এগৰাকী ভাৰতীয় বঙালী অভিনেত্ৰী তথা গায়িকা। তেওঁ কানন বালা নামেও প্ৰখ্যাত। তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ নায়িকাসকলৰ মাজত প্ৰথম গায়িকা তথা বঙালী চলচ্চিত্ৰৰ প্ৰথম তাৰকা হিচাপে স্বীকৃত। তেওঁ অভিনয়ৰ সমান্তৰালকৈ নৃত্য আৰু সঙ্গীততো পাৰদৰ্শী আছিল।
-
কোয়েল মল্লিক
কোয়েল মল্লিক (Koel Mallick) (জন্ম: ২৮ এপ্ৰিল, ১৯৮২) বঙালী চলচ্চিত্ৰ জগতৰ এগৰাকী বিখ্যাত ভাৰতীয় অভিনেত্ৰী।
-
তৃপ্তি মিত্ৰ
তৃপ্তি মিত্ৰ (Tripti Mitra; জন্ম:ভাদুৰী, ২৫ অক্টোবৰ ১৯২৫ – ২৪ মে' ১৯৮৯) বঙালী থিয়েটাৰ আৰু চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় ভাৰতীয় অভিনেত্ৰী আৰু বিখ্যাত থিয়েটাৰ পৰিচালক শম্ভু মিত্ৰৰ পত্নী, যাৰ সৈতে তেওঁ ১৯৪৮ চনত অগ্ৰণী নাট্যগোষ্ঠী বহুৰুপী প্ৰতিষ্ঠা কৰে।
-
সাবিত্ৰী চট্টোপাধ্যায়
সাবিত্ৰী চট্টোপাধ্যায় ( Sabitri Chatterjee; জন্ম: ২২ ফেব্ৰুৱাৰী ১৯৩৭) এগৰাকী অভিনেত্ৰী, যাক বঙালী চলচ্চিত্ৰ আৰু পশ্চিমবঙ্গৰ মঞ্চত কৰা অভিনয়ৰ বাবে জনা যায়। তেওঁ ৬০ বছৰ জুৰি অভিনয়ৰ সৈতে জড়িত আছে। তেওঁ দুবাৰ ‘বেঙ্গল ফিল্ম জাৰ্ণেলিষ্টছ্ এছোচিয়েচন বঁটা’ পাইছে।
-
ৰবীনা টেণ্ডন
ৰবীনা টেণ্ডন (Ravena Tandon; জন্ম: ২৬ অক্টোবৰ ১৯৭২) হিন্দী ছবিৰ বহুধা প্ৰতিভাসম্পন্ন এগৰাকী অভিনেত্ৰী। তেওঁ পৰিচালক ৰবি টেণ্ডনৰ কন্যা। এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু তিনিটা ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও বঁটা তেওঁ লাভ কৰিছে।
-
ছায়া দেৱী
ছায়া ( Chhaya Devi; ৩ জুন ১৯১৪ – ২৫ এপ্ৰিল ২০০১) বাংলা আৰু হিন্দী চলচ্চিত্ৰৰ কামৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী। পাঁচ দশকৰো অধিক সময়ত তেওঁ দুশৰো অধিক ছবিত অভিনয় কৰিছিল। তেওঁৰ প্ৰথম মুখ্য চৰিত্ৰ আছিল দেৱকী বসুৰ বাংলা ছবি সোণাৰ সংসাৰত (১৯৩৬)।
-
নয়না গাংগুলী
নয়না গাংগুলী এগৰাকী ভাৰতীয় বাঙালী অভিনেত্ৰী। তেওঁ মেৰী বেটী ছানী লিয়নি বননা চাহতী হ্যায় (২০১৭) আৰু চাৰিত্ৰহীন (হইচই-ৰ ৱেবছিৰিজ) (২০১৮)ৰ বাবে পৰিচিত।
-
পায়েল সৰকাৰ
পায়েল সৰকাৰ (Payel Sarkar) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ বঙালী চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছন ধাৰাবাহিকসমূহত অভিনয় কৰে। তেওঁ ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল।
-
মলিনা দেৱী
মলিনা দেৱী (Molina Devi; ১৯১৭- ১৩ আগষ্ট ১৯৭৭) থিয়েটাৰ আৰু চলচ্চিত্ৰৰ এগৰাকী বঙালী অভিনেত্ৰী আছিল। অভিনেত্ৰী হিচাপে তেওঁ বহু ধৰণৰ চৰিত্ৰত অভিনয় কৰিছিল, পিছলৈ সঘনাই মাতৃস্থানীয় চৰিত্ৰত অভিনয় কৰিছিল।
-
শ্ৰাবন্তী চট্টোপাধ্যায়
শ্ৰাবন্তী চট্টোপাধ্যায় এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ এবিপি নিউজৰ প্ৰাক্তন সাংবাদিকা তথা বাতৰি পৰিৱেশিকা আছিল। তেওঁ মূলতঃ বাংলা ছবিত অভিনয় কৰে।
-
ৰচনা বেনাৰ্জী
ৰচনা বেনাৰ্জী (Rachna Banerjee; ২ অক্টোবৰ ১৯৭২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, ঔদ্যোগী, টেলিভিছনৰ পৰিৱেশক, আৰু ৰাজনীতিবিদ। তেওঁ সাধাৰণতে বাংলা, উড়িয়াৰ লগতে তেলেগু, তামিল আৰু কানাড়া ছবিতো কাম কৰিছে। ১৯৯১ চনত তেওঁ মিছ কলকাতাৰ মুকুট পিন্ধিছিল।
-
ৰুমা গুহ ঠাকুৰতা
ৰুমা গুহ ঠাকুৰতা (জন্ম: ৰুমা ঘোষ; Ruma Guha Thakurta; ২১ নৱেম্বৰ ১৯৩৪ – ৩ জুন ২০১৯) মূলতঃ বাংলা ভাষাৰ ছবিৰ সৈতে জড়িত এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা। ১৯৫৮ চনত কলকাতা য়ুথ কয়াৰ প্ৰতিষ্ঠা কৰে।
-
উমাশশী
উমাশশী (Umasashi; ১৯১৫-২০০০) এগৰাকী ভাৰতীয় বঙালী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ ১৯২৯-ৰ পৰা ১৯৫১ চনলৈ বিভিন্ন ভূমিকাত অভিনয় কৰিছিল। কুন্দনলাল চাইগল, পাহাড়ী সান্যাল আৰু পৃথ্বীৰাজ কাপুৰ আদিৰ সৈতে তেওঁৰ যুটি সেই সময়ত যথেষ্ঠ জনপ্ৰিয় আছিল।
-
কৌশানী মুখোপাধ্যায়
কৌশানী মুখোপাধ্যায় এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ মূলতঃ বাংলা ছবিত অভিনয় কৰে। ২০১৫ চনত বনি সেনগুপ্তৰ বিপৰীতে পাৰবো না আমি ছাড়তে তোকে ছবিত অভিনয় কৰি তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল। ৰাজ চক্ৰৱৰ্তীৰ দ্বাৰা পৰিচালিত এই ছবিখনে ছবিগৃহত বিপুল সফলতা লাভ কৰিছিল।
-
দৰ্শনা বণিক
দৰ্শনা বনিক এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী যি প্ৰাথমিকভাৱে বাংলা চলচ্চিত্ৰ উদ্যোগৰ বাবে কাম কৰে। তেওঁ কালাৰ্ছ (আলোচনী), ভোডাফোন আৰু বৰোলাইনৰ দৰে বিভিন্ন ব্ৰেণ্ডৰ মডেল আৰু ব্ৰেণ্ড এম্বেচেডৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।