কোয়েল মল্লিক (Koel Mallick) (জন্ম: ২৮ এপ্ৰিল, ১৯৮২) বঙালী চলচ্চিত্ৰ জগতৰ এগৰাকী বিখ্যাত ভাৰতীয় অভিনেত্ৰী।
জন্ম আৰু শিক্ষা জীৱন
কোয়েলে পশ্চিমবঙ্গৰ কলকাতাত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ বিখ্যাত বঙালী অভিনেতা ৰঞ্জিত মল্লিক আৰু মাতৃৰ নাম দীপা মল্লিক। তেওঁ মডাৰ্ণ হাইস্কুল নামে এখন উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত স্কুলীয়া জীৱন অতিবাহিত কৰি পাচত কলকাতা বিশ্ববিদ্যালয়ৰ অধীনৰ গোখলে বালিকা মেমোৰিয়েল কলেজৰ পৰা মনোবিজ্ঞান বিষয়ত বি.এছ.চি (অনাৰ্চ) উপাধি লাভ কৰে।
ব্যক্তিগত জীৱন
২০১৩ চনৰ ১ ফেব্ৰুৱাৰীত মল্লিক নিস্পল সিং (ৰানে)ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।১ তাৰ আগতে ৭ বছৰ ধৰি দুয়োৰে সম্পৰ্ক আছিল যদিও দুয়োজনে টলিউডৰ গ্লেমাৰ জগতখনৰ পৰা নিজৰ সম্পৰ্কক আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছিল।২ ২০২০ চনৰ ১ ফেব্ৰুৱাৰীত ইনষ্টাগ্ৰামত ঘোষণা কৰিছিল যে তেওঁৰ প্ৰথম সন্তানৰ আগমনৰ আশা কৰিছে। ২০২০ চনৰ ৫ মে’ত মালিকে এটি ল’ৰা সন্তান জন্ম দিয়ে। দম্পতীহালে পুত্ৰৰ নাম ৰাখিলে কবীৰ সিং।৩ ৩ অক্টোবৰত ছ’চিয়েল মিডিয়াৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে গৰ্ভধাৰণৰ খবৰ ঘোষণা কৰে। ১৪ ডিচেম্বৰ,২০২৪ তাৰিখে তেওঁ এটি কন্যা সন্তান জন্ম দিয়ে।
চলচ্চিত্ৰত কৰ্মজীৱন
২০০৩ চনত জীতৰ বিপৰীতে নাটেৰ গুৰু বোলছবিখনৰ যোগেদি চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল কোয়েল মল্লিকে। এই ছবিখনৰ পিছত জীত-কোয়েল যুটিয়ে বিভিন্ন চিনেমাত (প্ৰায় ১১খন ছবি) জনপ্ৰিয় যুটি হিচাপে অভিনয় কৰিছিল। ২০০৪ চনত কোয়েলে দেৱীপক্ষ, শুধু তুমি, বাদশ্বাহ, বন্ধন ছবিত অভিনয় কৰে। প্ৰথম দুখন ছবিয়ে বক্স অফিচত যদিও ভাল প্ৰদৰ্শন নকৰিলে তথাপি বাদশ্বাহ বিপুল হিট হৈ বক্স অফিচত ব্লকবাষ্টাৰ হৈ পৰে। ২০০৫ চনত কোয়েলে শুভ দৃষ্টি, মাণিক, যুদ্ধ, চোৰে চোৰে মাসতুতো ভাই ছবিত অভিনয় কৰে। যুদ্ধত মিথুন চক্ৰৱৰ্তী আৰু দেৱাশ্ৰী ৰায়ৰ বিপৰীতে অভিনয় কৰিছিল। ২০০৬ চনত অধিক বিশিষ্ট ভূমিকাৰে এজন সাংবাদিক হিচাপে এমএলএ ফাটাকেষ্ট-ত কাম কৰিছিল। ২০০৮ চনৰ লাভ ষ্ট’ৰী ছবিৰ পুনৰ্নিৰ্মাণ কৰা ছবি লাভত অভিনয় কৰিছিল। ২০০৯ চনৰ পৰা কোয়েলে বহু বিখ্যাত ছবি যেনে বলো না তুমি আমাৰ, দুই পৃথিবী, পাগলু, হাণ্ড্ৰেড পাৰ্সেণ্ট লাভ, হেমলক সোসাইটি, পাগলু ২-ৰ লগতে আৰু বহুতো ছবিত অভিনয় কৰি আহিছে। ২০১১ চনত ৰাজীৱ বিশ্বাস পৰিচালিত আৰু সুৰিন্দৰ ফিল্মছৰ প্ৰযোজিত পাগলুত দেৱ-কোয়েলৰ যুটিয়ে অভিনয় কৰিছিল। এই ছবিখনে চেলেঞ্জ ২ (২০১২) পৰ্যন্ত মুক্তিৰ প্ৰথম দিনা সৰ্বাধিক দৰ্শকে উপভোগ কৰাৰ অভিলেখ গঢ়ি তুলে৷ ইয়াৰ পিছত এই যুটিয়ে পাগলু ২-তো অভিনয় কৰে। ইয়াৰ বাহিৰেও এই যুটিয়ে আন বহু ব্লকবাষ্টাৰ ছবিত অভিনয় কৰিছিল।
টেলিভিছনত কৰ্মজীৱন
২০০৭ চনত জি বাংলাত প্ৰচাৰিত মহালয়াত দেৱী মহিষাসুৰমৰ্দিনীৰি আৰু তেওঁৰ বিভিন্ন অৱতাৰৰ অভিনয়ৰ জৰিয়তে টেলিভিছনত আত্মপ্ৰকাশ কৰে কোয়েল মালিকে। ২০১০ চনত তেওঁ দিদি নং ১-তো চেলিব্ৰেটি প্ৰতিযোগী হিচাপে আত্মপ্ৰকাশ কৰিছিল৷ কথা ও কাহিনী তেওঁ আঁত ধৰা তেওঁৰ প্ৰথম টক শ্ব’ আছিল আৰু ষ্টাৰ জলসাত ই সম্প্ৰচাৰিত হৈছিল৷৪
২০১৩ চনত চেলিব্ৰেটি বিচাৰক হিচাপে ঝলক দিখলা যা-ৰ বাংলা সংস্কৰণত বলিউডৰ নৃত্য পৰিচালক ৰেমো ডিছৌজাৰ সৈতে আত্মপ্ৰকাশ কৰিছিল আৰু ইটিভি বাংলাই ইয়াক সম্প্ৰচাৰ কৰিছিল৷৫
বিজ্ঞাপনৰ কৰ্মজীৱন
টিভিএছ মটৰ কোম্পানী, ফেয়াৰ এণ্ড লাভলী, পেনাছনিক, ভেচেলিন আদি বিভিন্ন বহুজাতিক কোম্পানীত কোয়েলে প্ৰডাক্ট এম্বেছাদৰ হিচাপে বিজ্ঞাপনত কাম কৰি আহিছে।
চলচ্চিত্ৰপঞ্জী
| বছৰ | ছবি | পৰিচালক | সহশিল্পী | ভাষা |
|---|---|---|---|---|
| ২০১৭ | ককপিট | কমল | দেব ও ৰুক্মিণী মৈত্ৰ | বঙালী ভাষা |
| ২০১৫ | বেশ কৰেছি প্ৰেম কৰেছি৬ | ৰাজা চন্দ | জিৎ | বঙালী |
| ২০১৫ | হিৰোগিৰি৭ | ৰবি কিনাগী | দেব, মিঠুন চক্ৰবৰ্তী | বঙালী |
| ২০১৪ | চাৰ | সন্দীপ ৰায় | আবীৰ চট্টোপাধ্যায় | বঙালী |
| ২০১৪ | অৰুন্ধতী৮ | সুজিত মণ্ডল | ইন্দ্ৰনীল সেনগুপ্ত | বঙালী |
| ২০১৪ | হাইওয়ে | সুদিপ্ত চট্টোপাধ্যায় | পৰমব্ৰত চট্টোপাধ্যায় | বঙালী |
| ২০১৩ | ৰংবাজ | ৰাজা চন্দ | দেব, ৰজতাভ দত্ত | বঙালী |
| ২০১২ | দশমী | সুমন মৈত্ৰ | ইন্দ্ৰনীল সেনগুপ্ত | বঙালী |
| ২০১২ | পাগলু ২ | সুজিত মণ্ডল | দেব, টোটা ৰায়চৌধুৰী | বঙালী |
| ২০১২ | হেমলক সোসাইটি | সৃজিত মুখোপাধ্যায় | পৰমব্ৰত চট্টোপাধ্যায়, সাহেব চট্টোপাধ্যায়, শিলাজিৎ মজুমদাৰ | বঙালী ভাষা |
| ২০১২ | জানেমন | ৰাজা চন্দ | সোহম চক্ৰবৰ্তী, আশিস বিদ্যাৰ্থী | বঙালী |
| ২০১২ | ১০০% লাভ | ৰবি কিনাগী | জিৎ | বঙালী |
| ২০১১ | পাগলু | ৰাজিব বিশ্বাস | দেব | বঙালী |
| ২০১০ | দুই পৃথিবী | ৰাজ চক্ৰবৰ্তী | জিৎ, দেব | বঙালী |
| ২০১০ | হ্যাংওভাৰ | প্ৰভাত ৰায় | বিশেষ আবিৰ্ভাব | বঙালী |
| ২০১০ | প্ৰেম বাই চান্স | সুদেষ্ণা ৰায় | আবীৰ চট্টোপাধ্যায় | বঙালী |
| ২০১০ | মন যে কৰে উড়ু উড়ু | সুজিত গুহ | হিৰণ চট্টোপাধ্যায় | বঙালী |
| ২০১০ | তু থা মন জাসি ৰাসি | শ্ৰীতম দাস | মিহিৰ দাস, হাৰা পাটনায়েক | ওড়িয়া |
| ২০০৯ | বলো না তুমি আমাৰ | সুজিত মণ্ডল | দেব, টোটা ৰায়চৌধুৰী | বঙালী |
| ২০০৯ | হিটলিষ্ট | সন্দীপ ৰায় | সাহেব চট্টোপাধ্যায়, টোটা ৰায়চৌধুৰী | বঙালী |
| ২০০৯ | বৰ আসবে এখুনি | ৰঞ্জন চক্ৰবৰ্তী | যীশু সেনগুপ্ত, কাঞ্চন মল্লিক | বঙালী |
| ২০০৯ | নীল আকাশেৰ চাঁদনী | সুজিত গুহ | জিৎ, যীশু সেনগুপ্ত | বঙালী |
| ২০০৯ | জ্যাকপট | কৌশিক গাঙ্গুলি | হিৰণ চট্টোপাধ্যায়, ৰাহুল বন্দ্যোপাধ্যায়, সোহিনী পাল, দেব | বঙালী |
| ২০০৯ | সাত পাকে বাঁধা | সুজিত মণ্ডল | জিৎ | বঙালী |
| ২০০৮ | লাভ | ৰিঙ্গো বন্দ্যোপাধ্যায় | যীশু সেনগুপ্ত | বঙালী |
| ২০০৮ | চিৰ সাথী | হৰনাথ চক্ৰবৰ্তী | হিৰণ চট্টোপাধ্যায় | বঙালী |
| ২০০৮ | মন মানে না | সুজিত গুহ | দেব | বঙালী |
| ২০০৮ | প্ৰেমেৰ কাহিনী | ৰবি কিনাগী | দেব, যীশু সেনগুপ্ত | বঙালী |
| ২০০৭ | চাদেৰ বাড়ি | তৰুন চক্ৰবৰ্তী | সোহম চক্ৰবৰ্তী | বঙালী |
| ২০০৭ | মহানায়ক | দেবু পাটনায়েক | ৰাহুল দেব, অনুভব মোহান্তি, বিজয় মোহান্তি | ওড়িয়া |
| ২০০৭ | মিনিষ্টাৰ ফাটাকেষ্ট | স্বপন সাহা | মিঠুন চক্ৰবৰ্তী | বঙালী |
| ২০০৭ | নবাব নন্দিনী | হৰনাথ চক্ৰবৰ্তী | হিৰণ চট্টোপাধ্যায়, তাথৈ দেব | বঙালী |
| ২০০৬ | এম.এল.এ ফাটাকেষ্ট | স্বপন সাহা | মিঠুন চক্ৰবৰ্তী | বঙালী |
| ২০০৬ | শিকড় | সাৰান দত্ত | অমিতাভ ভট্টাচাৰ্য | বঙালী |
| ২০০৬ | ঘটক | স্বপন সাহা | জিৎ | বঙালী |
| ২০০৬ | এৰই নাম প্ৰেম | সুজিত গুহ | অনুভব মোহান্তি | বঙালী |
| ২০০৬ | হিৰো | স্বপন সাহা | জিৎ | বঙালী |
| ২০০৫ | চোৰে চোৰে মাসতুতো ভাই | অনুপ সেনগুপ্ত | যীশু সেনগুপ্ত, মিঠুন চক্ৰবৰ্তী, জিৎ | বঙালী |
| ২০০৫ | প্ৰেমি নং ১ | দেবু পাটনায়েক | ৰাহুল দেব, অনুভব মোহান্তি | ওড়িয়া |
| ২০০৫ | শুভদৃষ্টি | প্ৰভাত ৰায় | জিৎ, পৰমব্ৰত চট্টোপাধ্যায় | বঙালী |
| ২০০৫ | যুদ্ধ | ৰবি কিনাগী | মিঠুন চক্ৰবৰ্তী, জিৎ | বঙালী |
| ২০০৫ | মাণিক | প্ৰভাত ৰায় | জিৎ | বঙালী |
| ২০০৪ | দেবীপক্ষ | ৰাজা সেন | ঋতুপৰ্ণা সেনগুপ্ত | বঙালী |
| ২০০৪ | শুধু তুমি | অভিজিত গুহ, সুদেষ্ণা ৰায় | প্ৰসেনজিৎ চট্টোপাধ্যায়, পায়েল সৰকাৰ | বঙালী |
| ২০০৪ | বন্ধন | ৰবি কিনাগী | জিৎ | বঙালী |
| ২০০৪ | বাদশাহ | সৌৰভ চক্ৰবৰ্তী | প্ৰসেনজিৎ চট্টোপাধ্যায় | বঙালী |
| ২০০৩ | নাটেৰ গুৰু | হৰনাথ চক্ৰবৰ্তী | জিৎ | বঙালী |
তথ্যসূত্ৰ
- ↑ (1 February 2013). আজ কোয়েলেৰ বিয়ে. Prothom Alo
- ↑ (27 August 2012). Feb wedding for Koel. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (5 May 2021). Koel-Nispal's son, Kabir, turns one today. The Times of India
- ↑ Nag, Kushali. (29 April 2010). Star talk. The Telegraph
- ↑ Nag, Kushali. (11 February 2013). Star talk. The Telegraph
- ↑ তখনই বুঝেছিলাম জিতেৰ সহ্যশক্তি ভালোই. এই সময়
- ↑ ব্যোম শঙ্কৰ ভজ গৌৰাঙ্গ. আনন্দবাজাৰ পত্ৰিকা
- ↑ ৰণং দেহি. আনন্দবাজাৰ পত্ৰিকা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোয়েল মল্লিক” প্ৰবন্ধৰ সংশোধন ৫১৯৫৯১ (২০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।