ভাৰতীয় টেলিভিছন অভিনেত্ৰী
৫৫ প্ৰবন্ধ
-
পায়েল সৰকাৰ
পায়েল সৰকাৰ (Payel Sarkar) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ বঙালী চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছন ধাৰাবাহিকসমূহত অভিনয় কৰে। তেওঁ ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰী তাৰিখে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল।
-
অনীত পাড্ডা
অনীত পাড্ডা (Aneet Padda; জন্ম: ১৪ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। চালাম ভেংকী (২০২২) নামৰ নাট্যধৰ্মী ছবি এখনত এটি ক্ষুদ্ৰ চৰিত্ৰত অভিনয়েৰে তেওঁ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।
-
আয়েশা খান (ভাৰতীয় অভিনেত্ৰী)
আয়েশা খান (Ayesha Khan; জন্ম: ১৩ ছেপ্টেম্বৰ ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ তেলুগু চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছনত কাম কৰে। তেওঁ বিগ বছ ছিজন ১৭-ত অভিনয় কৰাৰ বাবে সুপৰিচিত। বালবীৰ ৰিটাৰ্নছ (২০১৯) নামৰ টিভি ধাৰাবাহিকখনত অভিনয়েৰে তেওঁ টেলিভিছন জগতত আত্মপ্ৰকাশ কৰে।
-
নিতাংশী গ’য়েল
নিতাংশী গ’য়েল (Nitanshi Goel; জন্ম: ১২ জুন ২০০৭) এগৰাকী ভাৰতীয় কিশোৰী অভিনেত্ৰী। তেওঁ বিভিন্ন ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে। তাৰ ভিতৰত থাপকি প্যাৰ কি (২০১৭), কৰ্মফল দাতা শনি (২০১৬), এম.এছ.
-
মন্দিৰা বেদী
মন্দিৰা বেদী (Mandira Bedi; জন্ম ১৫ এপ্ৰিল ১৯৭২) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ফেশ্বন ডিজাইনাৰ, আৰু টেলিভিছনৰ উপস্থাপক৷ ১৯৯৪ চনত ভাৰতৰ ৰাষ্ট্ৰীয় চেনেল দূৰদৰ্শনত সম্প্ৰচাৰিত হোৱা শান্তি ত শীৰ্ষক চৰিত্ৰত অভিনয় কৰি তেওঁ স্বীকৃতি লাভ কৰিছিল। ২০১৯ চনত তেওঁ সাহো ছবিখনত এক নেতিবাচক চৰিত্ৰত অভিনয় কৰিছিল।
-
সায়ন্তিকা বন্দ্যোপাধ্যায়
সায়ন্তিকা বন্দ্যোপাধ্যায় (Sayantika Banerjee) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বঙালী চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। অভিনয় আৰু নৃত্যৰ দক্ষতাৰ বাবে তেওঁ সমালোচকসকলৰ দ্বাৰা প্ৰশংসিত হৈছে। ২০১২ চনত তেওঁ বঙালী চলচ্চিত্ৰ আৱাৰাত অভিনয় কৰিছিল, যিখন ব্যৱসায়িকভাৱে সফল হৈছিল।
-
আঁচল কুমাৰ
আঁচল কুমাৰ (Anchal Kumar) এজন ভাৰতীয় অভিনেত্ৰী, ছুপাৰ–মডেল, প্ৰভাৱশালী নাৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ Gladrags Manhunt and Megamodel Contest-ত বিজয়ী হৈছিল আৰু ১৯৯৯ চনৰ মিছ ইণ্টাৰকণ্টিনেণ্টেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
কুলৰাজ ৰন্ধাৱা
কুলৰাজ কৌৰ ৰন্ধাৱা (জন্ম: ১৬ মে' ১৯৮৩) এজনী ভাৰতীয় অভিনেত্ৰী যিয়ে পঞ্জাবী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ কৰীণা কৰীণা নামৰ টেলিভিছন শৃংখলাৰ "কৰীণা" চৰিত্ৰৰ বাবে জনাজাত।
-
ছানা খান
ছৈয়দ ছানা খান (জন্ম: ২১ আগষ্ট ১৯৮৭/১৯৮৮) এগৰাকী ভাৰতীয় ব্যৱসায়ী আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁ ২০২০ চনত অভিনয় জগতৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পূৰ্বে প্ৰধানকৈ হিন্দী, তামিল আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত কাম কৰিছিল।
-
জাৰা য়েছমিন
জাৰা য়েছমিন (Zaara Yesmin; জন্ম: ৮ জানুৱাৰী ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ইউটিউবত প্ৰায় ২০ কোটি ভিউ লাভ কৰা "সব কি বাৰাতেইঁ" শীৰ্ষক গীতটোৰ সংগীত ভিডিঅʼত অভিনয় কৰাৰ বাবে তেওঁ সুপৰিচিত। তেওঁ টেলিভিছন বিজ্ঞাপনতো অভিনয় কৰিছে। ২০১৬ চনত, তেওঁ "ফেমিনা ষ্টাইল ডিভা ইষ্ট" খিতাপ লাভ কৰিছিলৰে।
-
ত্ৰিধা চৌধুৰী
ত্ৰিধা চৌধুৰী (Tridha Choudhury; জন্ম: ২২ নৱেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী, বাংলা আৰু তেলেগু চলচ্চিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰে। তেওঁ টাইমছ অৱ ইণ্ডিয়াৰ ক্লিন এণ্ড ক্লিয়াৰ ফ্ৰেছফেচ, ২০১১ খিতাপ অৰ্জন কৰিছিল।
-
বাহবিজ দোৰাবজী
বাহবিজ দোৰাবজী (ইংৰাজী: Vahbbiz Dorabjee) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী আৰু মডেল।
-
মধুমিতা সৰকাৰ
মধুমিতা সৰকাৰ (ইংৰাজী: Madhumita Sarkar; জন্ম: ২৬ অক্টোবৰ ১৯৯৪) এগৰাকী ভাৰতীয় বঙালী অভিনেত্ৰী। তেওঁ বোঝেনা সে বোঝেনা ধাৰাবাহিকত পাখি ঘোষ আৰু কুসুম দোলা ধাৰাবাহিকত ডক্তৰ ইমন মুখাৰ্জীৰ মুখ্য চৰিত্ৰত অভিনয় কৰি পৰিচিত হয়।
-
মুনমুন দত্ত
মুনমুন দত্ত (Munmun Dutta; জন্ম: ২৮ ছেপ্টেম্বৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী টেলিভিছন উদ্যোগত কাম কৰে। হিন্দী ভাষাৰ চিটকম তাৰক মেহতা কা উল্টা চশমাত ববিতা আয়াৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
মেধা শংকৰ
মেধা শংকৰ (Medha Shankr; জন্ম: ১ আগষ্ট ১৯৯৭)
-
সুমনা দাস
সুমনা দাস গোৰাদিয়া (ইংৰাজী: Sumana Das Goradia) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী। বেত্তাব দিল কী তামান্না হেঁইত শামলীৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে ডিজনী চেনেলৰ কিয়া মাষ্ট হেঁ লাইফ, ফিয়েৰ ফাইলছ: ডৰ কি সচ্ছি তচবিৰে আদি ধাৰাবাহিকতো ৰিয়াৰ চৰিত্ৰত অভিনয় কৰিছে। সুমনা দাসৰ জন্ম হৈছিল অসমৰ ডিফুত।
-
সৌম্যা টেণ্ডন
সৌম্যা টেণ্ডন (Saumya Tandon; জন্ম: ৩ নৱেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপক। তেওঁ ভাভী জী ঘৰ পৰ হায়! নামৰ হিন্দী চিটকম টেলিভিছন ধাৰাবাহিকখনত অনিতা বিভূতি নাৰায়ণ মিশ্ৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।
-
ৰেশ্মী ঘোষ
ৰেশ্মী ঘোষ (Reshmi Ghosh) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। কায়ামথ, মাতা কি চৌকী, বুদ্ধ আদি টেলিভিছন শ্ব’ত অভিনয়ৰ বাবে তেওঁ পৰিচিত। পৌৰাণিক ধাৰাবাহিক শংকত মোচন মহাবলী হনুমানতো কৈকেয়ীৰ চৰিত্ৰত অভিনয় কৰিছে।
-
অদিতি শৰ্মা
অদিতি দেৱ শৰ্মা (জন্ম: ২৪ আগষ্ট ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী, তেলুগু আৰু পঞ্জাবী চলচ্চিত্ৰ, টেলিভিছন ধাৰাবাহিক আৰু বিজ্ঞাপনত অভিনয় কৰাৰ বাবে পৰিচিত।
-
অনিতা হাস্যনন্দিনী
নাতাশা হাস্যনন্দিনী (জন্ম: ১৪ এপ্ৰিল ১৯৮১), যিয়ে পেছাগতভাৱে অনিতা হাস্যনন্দিনী নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী আৰু তেলুগু চলচ্চিত্ৰৰ লগতে হিন্দী টেলিভিছন জগতত কাম কৰে।
-
অমিকা শ্বাইল
অমিকা শ্বাইল (Amika Shail; জন্ম: ১২ নৱেম্বৰ) এগৰাকী ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী। তেওঁ হিন্দী চলচ্চিত্ৰ, ৱেব চিৰিজ, ৱেব ফিল্ম আৰু টেলিভিছনত কৰা কামৰ বাবে পৰিচিত। তেওঁ বালবীৰ ৰিটাৰ্নছত 'বায়ু পৰী'ৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল।
-
অশনূৰ কৌৰ
অশনূৰ কৌৰ (ইংৰাজী: Ashnoor Kaur; জন্ম: ৩ মে’ ২০০৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ হিন্দী টেলিভিছনত কাম কৰে। কৌৰে ২০০৯ চনত ‘ঝান্সী কী ৰাণী’ ধাৰাবাহিকৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল।
-
আদা খান
আদা খান (জন্ম: ১২ মে' ১৯৮৯) — এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী আৰু মডেল। তেওঁ বেহেনেইনত আকাশী, অমৃত মন্থনত অমৃত আৰু নাগিনত শেষা চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০২০ চনত তেওঁ ফিয়েৰ ফেক্টৰ: খতৰো কে খিলাড়ী ১০ত অংশগ্ৰহণ কৰিছিল।
-
আশি সিং
আশি সিং (ইংৰাজী: Ashi Singh) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মুখ্যত ‘য়ে উন দিনো কী বাত হ্যে’ আৰু ‘মীত: বদলেগী দুনিয়া কী ৰীত’ ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
ইধিকা পাল
ইধিকা পাল (Idhika Paul; জন্ম: ২ জুলাই ১৯৯৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ বঙালী ভাষাৰ ধাৰাবাহিক আৰু চলচ্চিত্ৰসমূহত অভিনয় কৰে। তেওঁ বেছিভাগেই টলিউড আৰু ঢালিউড চলচ্চিত্ৰ উদ্যোগত কাম কৰে। ২০২৪ চনত, তেওঁ একশ্যন নাট্যধৰ্মী ছবি খাদানত অভিনয়েৰে খ্যাতি লাভ কৰিছিল।
-
কৃষ্ণা মুখাৰ্জী
কৃষ্ণা মুখাৰ্জী (ইংৰাজী: Krishna Mukherjee; জন্ম: ১২ আগষ্ট ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ হিন্দী টেলিভিছনত কাম কৰে। তেওঁ ‘য়ে হ্যে মহব্বতেঁ’ ধাৰাবাহিকত আলিয়া ৰাঘৱ ভাল্লাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে বেছি পৰিচিত।
-
কৰিশ্মা তন্না
কৰিশ্মা কে. তন্না (ইংৰাজী: Karishma K. Tanna; জন্ম: ২১ ডিচেম্বৰ ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছন শ্ব’ত কাম কৰে। ২০০১ চনত ‘কিউকি ছাছ ভী কভী বহু থী’ ধাৰাবাহিকৰ জৰিয়তে তেওঁ টেলিভিছনত আত্মপ্ৰকাশ কৰে।
-
জান্নাত জুবাইৰ ৰহমানী
জান্নাত জুবাইৰ ৰহমানী (ইংৰাজী: Jannat Zubair Rahmani; জন্ম: ২৯ আগষ্ট ২০০১) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ হিন্দী ভাষাৰ টেলিভিছন ধাৰাবাহিক আৰু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ‘কাছী – অব না ৰহে তেৰা কাগজ কোৰা’ত কাছী, ‘ফুলৱা’ত ফুলৱা আৰু ‘তু আশিকী’ত পংক্তি চৰিত্ৰত কৰা অভিনয়ৰ বাবে বেছি পৰিচিত।
-
দিতিপ্ৰিয়া ৰায়
দিতিপ্ৰিয়া ৰায় (জন্ম: ১০ আগষ্ট ২০০২) এগৰাকী ভাৰতীয় টেলিভিছন, চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী, যিয়ে বঙালী ভাষাৰ চলচ্চিত্ৰ আৰু ধাৰাবাহিকত কাম কৰে। তেওঁ টেলিভিছন ধাৰাবাহিক কৰুণাময়ী ৰাণী ৰাসমণিত ৰাণী ৰাসমণিৰ মুখ্য চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
দ্ৰষ্টী ধামী
দ্ৰষ্টী ধামী (ইংৰাজী: Drashti Dhami; জন্ম: ১০ জানুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু নৃত্যশিল্পী যিয়ে মূলতঃ হিন্দী দূৰদৰ্শনত কাম কৰে। ধামীক আটাইতকৈ জনপ্ৰিয় হিন্দী দূৰদৰ্শন অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।