অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ

দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ পশ্চিম ভাৰতত অৱস্থিত এখন কেন্দ্ৰীয় শাসিত অঞ্চল। এই কেন্দ্ৰীয় শাসিত অঞ্চল পূৰ্বৰ দুই কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ একত্ৰিতকৰণ দ্বাৰা সৃষ্টি কৰা হৈছে।

হালনাগাদ: ২৩ মে’ ২০২০ ৪৮২ শব্দ · ৩ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ পশ্চিম ভাৰতত অৱস্থিত এখন কেন্দ্ৰীয় শাসিত অঞ্চল।১২ এই কেন্দ্ৰীয় শাসিত অঞ্চল পূৰ্বৰ দুই কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ একত্ৰিতকৰণ দ্বাৰা সৃষ্টি কৰা হৈছে। এই দুই কেন্দ্ৰীয় শাসিত অঞ্চল e একত্ৰিতকৰণৰ প্ৰস্তাৱ ভাৰত চৰকাৰে ২০১৯ চনৰ জুলাই মাহত উপস্থাপন কৰিছিল। ভাৰতৰ সংসদে ২০১৯ চনৰ ডিচেম্বৰ মাহত এই দুই অঞ্চলৰ একত্ৰিতকৰণৰ বিধেয়ক গৃহীত কৰে আৰু ২০২০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰা এই আইন বলৱত হয়।৩৪ এই অঞ্চল চাৰিটা ভিন্ন ভৌগোলিক অঞ্চল ক্ৰমে দাদাৰা, নগৰ হাভেলী, দমন আৰু দিউ দ্বীপেৰে গঠিত। এই চাৰি অঞ্চল ঐতিহাসিক ভাবে পৰ্তুগীজ ভাৰতৰ অন্তৰ্ভুক্ত আছিল আৰু বিংশ শতিকাত ভাৰত চৰকাৰৰ অধীনলৈ আহিছিল।

ইতিহাস

৪৫০ বছৰতকৈ অধিক কাল আৰৱ সাগৰৰ উপকূলীয় দমন আৰু দিউ অঞ্চল, গোৱা আৰু দাদৰা আৰু নগৰ হাভেলী পৰ্তুগীজ ভাৰতৰ অন্তৰ্ভুক্ত আছিল। ১৯৬১ চনৰ ১৯ ডিচেম্বৰ তাৰিখে অপাৰেচন বিজয়ৰ জৰিয়তে গোৱা, দমন আৰু দিউ ভাৰত গণৰাজ্যত অন্তৰ্ভুক্ত হয়। ১৯৭৪ চনলৈ পৰ্টুগালে ভাৰতৰ এই অন্তৰ্ভুক্তিক স্বীকৃতি জনোৱা নাছিল। ১৯৮৭ চনলৈ গোৱা, দমন আৰু দিউ এখন কেন্দ্ৰীয় শাসিত অঞ্চল আছিল। তাৰপিছত গোৱায়ে ৰাজ্যৰ মৰ্যাদা লাভ কৰে। দমন আৰু দিউ দুয়ো অঞ্চল দুটা জিলাৰে গঠিত। দুয়ো অঞ্চল পথেৰে ৬৫০ কিঃমিঃ দূৰত্বত অৱস্থিত।

২০১৯ চনৰ জুলাই মাহত প্ৰশাসনিক ব্যয় কমাবলৈ ভাৰত চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ একত্ৰিতকৰণৰ প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰ ফলস্বৰূপে ২০১৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে "দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ (কেন্দ্ৰীয় শাসিত অঞ্চলৰ একত্ৰিতকৰণ) বিধেয়ক, ২০১৯" ভাৰতৰ সংসদত উপস্থাপন কৰা হয়। ২০১৯ চনৰ ৯ ডিচেম্বৰ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে চহী কৰাৰ পিছত এই বিধেয়ক আইনত পৰিগণিত হয়।২৩ এই দুই অঞ্চলত আগতে এজন উমৈহতীয়া প্ৰশাসক আৰু চৰকাৰী বিষয়া আছিল। এই নতুন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজধানী হিচাপে দমন চহৰক বাছনি কৰা হৈছে।১ এই আইন চৰকাৰীভাবে ২০২০ চনৰ ২৬ জানুৱাৰীৰ পৰা বলৱত হয়।

ভূগোল

দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ অঞ্চল চাৰিটা ভিন্ন ভৌগোলিক অঞ্চল ক্ৰমে দাদাৰা, নগৰ হাভেলী, দমন আৰু দিউ দ্বীপেৰে গঠিত। দাদৰা আৰু নগৰ হাভেলী দুটা পৃথক ভৌগোলিক অঞ্চলৰে গঠিত। সেই দুই অঞ্চল হৈছে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মাজত অৱস্থিত নগৰ হাভেলী আৰু তাৰ পৰা ১৮ কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত সম্পূৰ্ণৰূপে গুজৰাটে আৱৰা দাদৰা অঞ্চল। দমন আৰু দিউ অঞ্চল ভৌগোলিক ভাবে খামবৎ উপসাগৰে পৃথক কৰা দুখন জিলা দমন আৰু দিউৰে গঠিত। ইয়াৰ সীমাত গুজৰাট আৰু আৰৱ সাগৰ অৱস্থিত।

প্ৰশাসন

ভাৰতীয় সংবিধান মতে ইয়াৰ শাসন কাৰ্য ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত এজন প্ৰশাসকে পালন কৰে। তেওঁক শাসন কাৰ্যত সহায়ৰ বাবে অন্যায় বিষয়া সমূহ থাকে। বৰ্তমান ইয়াৰ প্ৰশাসক প্ৰফুল খোদা পেটেল। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ প্ৰশাসকৰ উপদেষ্টা নিযুক্তি দিব পাৰে।

জিলাসমূহ

এই কেন্দ্ৰীয় শাসিত অঞ্চল ৩খন জিলাৰে গঠিত।

সংখ্যাজিলামাটিকালি বৰ্গ কিঃমিঃজনসংখ্যা, (২০১১)জন বসতি, প্ৰতি বৰ্গ কিঃমিঃ
১দমন জিলা৭২১,৯০,৮৫৫২,৬৫,০৭৬
২দিউ জিলা৪০৫২,০৫৬১,৩০,১৪০
৩দাদৰা আৰু নগৰ হাভেলী জিলা৪৯৩,৪২,৮৫৩৬৯,৮২৭
মুঠ৬০৩৫,৮৫,৭৬৪৯৭০

আইন ব্যৱস্থা

দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ আইন ব্যৱস্থা দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ আৰক্ষীয় নিয়ন্ত্ৰণ কৰে। এই গোটেই অঞ্চল বোম্বে উচ্চ ন্যায়ালয়ৰ অন্তৰ্ভুক্ত।

লোকসভা

দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ অঞ্চল দুই লোকসভা সমষ্টিত বিভক্ত। সেই দুই সমষ্টি হৈছে দাদৰা আৰু নগৰ হাভেলী সমষ্টি আৰু দমন আৰু দিউ সমষ্টি।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Dutta, Amrita Nayak. (10 July 2019). There will be one UT less as Modi govt plans to merge Dadra & Nagar Haveli and Daman & Diu
  2. ↑ egazette.nic.in/WriteReadData/2019/214565.pdf
  3. ↑ Govt plans to merge 2 UTs -- Daman and Diu, Dadra and Nagar Haveli
  4. ↑ 164.100.47.4/BillsTexts/LSBillTexts/Asintroduced

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ” প্ৰবন্ধৰ সংশোধন ২৩০৭৪৬ (২৩ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।