ভাৰতৰ নিৰ্বাক চলচ্চিত্ৰৰ অভিনেত্ৰী
৯ প্ৰবন্ধ
-
জুবেইদা
জুবেইদা বেগম ধনৰাজগীৰ (Zubeida Begum Dhanrajgir, ১৯১১-১৯৮৮) এগৰাকী ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰী আছিল। তেওঁ ভাৰতৰ প্ৰথম সবাক ছবি আলম আৰাৰ নায়িকাৰ ভূমিকাত অভিনয় কৰিছিল। দেৱদাস (১৯৩৭), সাগৰ মোভীটোনৰ প্ৰথম সবাক ছবি 'মেৰী জান' তেওঁৰ উল্লেখযোগ্য ছবি।
-
ৰুবি মায়াৰ্ছ
ৰুবি মায়াৰ্ছ (Ruby Myers; ১৯০৭- ১০ অক্টোবৰ ১৯৮৩) বাগদাদী ইহুদী সম্প্ৰদায়ৰ এগৰাকী ভাৰতীয় নিৰ্বাক ছবিৰ অভিনেত্ৰী। তেওঁক ছবিজগতৰ নাম সুলোচনা বুলিহে বেছি ভালকৈ জনা যায়। ১৯২০-১৯৩০ দশকৰ তেওঁ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল।
-
মেহতাব (অভিনেত্ৰী)
মেহতাব ( Mehtab; ১৯১৩-১৯৯৭) এগৰাকী হিন্দী, উৰ্দু চলচ্চিত্ৰৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। ১৯২৮ চনৰ পৰা ১৯৬৯ চনলৈ তেওঁ চলচ্চিত্ৰ জগতত সক্ৰিয় হৈ আছিল। গুজৰাটৰ শশীনত জন্মগ্ৰহণ কৰা অভিনেত্ৰীগৰাকীৰ জন্মৰ নাম আছিল নাজমা।
-
ললিতা পাৱাৰ
ললিতা পাৱাৰ (Lalita Pawar; ১৮ এপ্ৰিল ১৯১৬ – ২৪ ফেব্ৰুৱাৰী ১৯৯৮) এগৰাকী প্ৰতিভাধৰ ভাৰতীয় অভিনেত্ৰী আছিল। পিছলৈ বিখ্যাত চৰিত্ৰাভিনেত্ৰী হিচাপে পৰিগণিত হোৱা পাৱাৰে সাতশতকৈও অধিক হিন্দী, মাৰাঠী আৰু গুজৰাটী চলচ্চিত্ৰত অভিনয় কৰিছে।
-
খুৰশীদ বানো
খুৰশীদ বানো (Khursheed Bano; ১৪ এপ্ৰিল ১৯১৪-১৮ এপ্ৰিল ২০০১) এগৰাকী অভিনেত্ৰী আৰু কণ্ঠশিল্পী আছিল। ১৯৩১ চনত তেওঁ নিৰ্বাক চলচ্চিত্ৰৰে কৰ্মজীৱনৰ পাতনি মেলি একে বছৰৰ ভিতৰত সবাক চলচ্চিত্ৰত জড়িত হৈছিল।
-
ফাটিমা বেগম
ফাটিমা বেগম (Fatma Begum, ১৮৯২–১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, পৰিচালিকা আৰু চিত্ৰনাট্য ৰচয়িতা। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম মহিলা পৰিচালিকা বুলি ভবা হয়। ছবিজগতত প্ৰবেশ কৰাৰ চাৰি বছৰৰ ভিতৰতে তেওঁ চিত্ৰনাট্য ৰচনা, পৰিচালনা আৰু প্ৰযোজনাৰ ক্ষেত্ৰখনতো নিজৰ স্থিতি সাব্যস্ত কৰিছিল।
-
মুখতাৰ বেগম
মুখতাৰ বেগম (Mukhtar Begum; ১২ জুলাই ১৯০১- ২৫ ফেব্ৰুৱাৰী ১৯৮২) এগৰাকী পাকিস্তানী শাস্ত্ৰীয়, গজল গায়িকা আৰু অভিনেত্ৰী আছিল। ছবি আৰু ৰেডিঅ'ত গীত গাই তেওঁ সংগীতৰ ৰাণী নামেৰে পৰিচিতি পাইছিল।
-
পেচেন্চ কুপাৰ
পেচেন্চ কুপাৰ (Patience Cooper; ১৯০৫–১৯৯৩) ভাৰতত জন্মগ্ৰহণ কৰা এগৰাকী পাকিস্তানী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। কলকাতাৰ ইংগ-ভাৰতীয় সম্প্ৰদায়ৰ কুপাৰে নিৰ্বাক আৰু সবাক দুয়োবিধ চলচ্চিত্ৰতে সফলতাৰে অভিনয় কৰি গৈছে। তেওঁ বলীউডৰ প্ৰথমাৱস্থাৰ এগৰাকী তাৰকা শিল্পী আছিল।
-
চুলতানা (অভিনেত্ৰী)
চুলতানা বা চুলতানা ৰেজাক (Sultana) ভাৰতীয় উদ্যোগৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এগৰাকী অভিনেত্ৰী আছিল। নিৰ্বাক ছবিৰে কৰ্মজীৱনৰ পাতনি মেলা চুলতানাই পিছলৈ সবাক ছবিতো অভিনয় কৰিবলৈ লৈছিল। তেওঁ ভাৰতৰ প্ৰথম মহিলা পৰিচালক ফাটিমা বেগমৰ জীয়াৰী আছিল। ভাৰতৰ প্ৰথম সবাক ছবি আলম আৰাৰ নায়িকা জুবেইদা আছিল চুলতানা ভগ্নী।