গুজৰাটী চলচ্চিত্ৰৰ অভিনেত্ৰী
১২ প্ৰবন্ধ
-
দীনা পাঠক
দীনা পাঠক ( Dina Pathak; জন্ম: গান্ধী, ৪ মাৰ্চ ১৯২২ – ১১ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী তথা গুজৰাটী থিয়েটাৰৰ এগৰাকী পৰিচালক আছিল। তেওঁ নেচনেল ফেডাৰেচন অফ ইণ্ডিয়ান উইমেনৰ (NFIW) কৰ্মী আৰু সভানেত্ৰীও আছিল।
-
সুপ্ৰিয়া পাঠক
সুপ্ৰিয়া কাপুৰ ({Supriya Kapoor; জন্ম ৭ জানুৱাৰী ১৯৬১) এগৰাকী হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ ভাৰতীয় অভিনেত্ৰী। তেওঁ খিচড়ি শৃংখলাৰ হংসা পাৰেখৰ চৰিত্ৰত অভিনয় আৰু সঞ্জয় লীলা ভাঞ্চালীৰ গোলিয়োঁ কি ৰাসলীলা ৰাম-লীলাত "ধনকোৰ বা"ৰ বিদ্ৰূপাত্মক অৱতাৰৰ বাবে বিশেষভাবে জনাজাত।
-
সুহাসিনী মুলে
সুহাসিনী মুলে (Suhasini Muley; জন্ম: ২০ নৱেম্বৰ ১৯৫০) অসমীয়া, হিন্দী আৰু মাৰাঠী ছবিৰ লগতে টেলিভিছনৰ অভিনেত্ৰী। তেওঁ পাঁচটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। জাহ্নু বৰুৱাৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ অপৰূপা মূল নাৰী চৰিত্ৰটো মুলেই ৰূপায়ণ কৰিছিল।
-
সৰিতা যোশী
সৰিতা যোশী ( Sarita Joshi; জন্ম: ১৭ অক্টোবৰ, ১৯৪১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ, মঞ্চ আৰু টিভি অভিনেত্ৰী। গুজৰাটী আৰু মাৰাঠী থিয়েটাৰৰ এগৰাকী আগশাৰীৰ আৰু গুৰুত্বপূ্ৰ্ণ অভিনেত্ৰী বুলি তেওঁক উল্লেখ কৰা হয়। ১৯৭০ দশকত স্বামী প্ৰবীণ যোশীৰ সৈতে কৰা গুজৰাটী নাটকৰ বাবে তেওঁ পৰিচিত।
-
অৱনী মোদী
অৱনী মোদী এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ বলীউডত প্ৰৱেশ কৰে মধুৰ ভাণ্ডাৰকাৰৰ নাটকীয় চলচ্চিত্ৰ কেলেণ্ডাৰ গাৰ্লছ ৰ জৰিয়তে।
-
দীপিকা চিখলিয়া
দীপিকা চিখলিয়া টোপীৱালা (Dipika Chikhlia Topiwala, জন্ম: ২৯ এপ্ৰিল ১৯৬৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক ৰামানন্দ সাগৰৰ জনপ্ৰিয় টেলিভিচন ধাৰাবাহিক ৰামায়ণ (১৯৮৭) -ত সীতা দেৱীৰ চৰিত্ৰত আৰু ভাৰতীয় টেলিভিচন ধাৰাবাহিকত অভিনয় কৰাৰ বাবে অধিক জনা যায়।
-
শ্বেফালী জাৰিৱালা
শ্বেফালী জাৰিৱালা (Shefali Jariwala; ১৫ ডিচেম্বৰ ১৯৮২ – ২৭ জুন ২০২৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল আছিল। তেওঁ কেইবাখনো হিন্দী সংগীত ভিডিঅʼ, ৰিয়েলিটি শ্ব' আৰু চলচ্চিত্ৰত অভিনয় কৰিছিল। কাঁটা লগা শীৰ্ষক মিউজিক ভিডিঅ’ত অভিনয়ৰ বাবে তেওঁ পৰিচিত।
-
সাধিকা ৰন্ধাৱা
সাধিকা ৰন্ধাৱা, যাক কেৱল সাধিকা নামেও জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী ভাষাৰ বলীউড ছবিত অভিনয় কৰিছে আৰু লগতে তামিল, তেলুগু, পঞ্জাবী, গুজৰাটী, মাৰাঠী আৰু ভোজপুৰী ভাষাৰ ছবিতো কাম কৰিছে। সাধিকাই ১৯৯৫ চনত সনম হৰজাই ছবিৰ জৰিয়তে আত্মপ্ৰকাশ কৰে।
-
ৰশ্মি দেশাই
শিৱানী দেশাই (Rashami Desai; জন্ম ১৩ ফেব্ৰুৱাৰী ১৯৮৬), পেছাগতভাৱে ৰশ্মি দেশাই নামে জনাজাত, এগৰাকী ভাৰতীয় দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ দুটা ইণ্ডিয়ান টেলিভিছন একাডেমি এৱাৰ্ড আৰু গোল্ড এৱাৰ্ডসহ বহু সন্মান লাভ কৰিছে।
-
উপাসনা সিং
উপাসনা সিং (ইংৰাজী: Upasana Singh; জন্ম ২৯ জুন ১৯৭৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী, পঞ্জাবী আৰু ৰাজস্থানী ভাষাৰ চলচ্চিত্ৰত কাম কৰে। সিং ১৯৯৭ চনৰ ছবি জুদাইত এগৰাকী বধিৰ আৰু মুকবধিৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
জানকী বড়িৱালা
জানকী বড়িৱালা (জন্ম: ৩০ অক্টোবৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ গুজৰাটী ছবিত কাম কৰে। তেওঁ ছেল্লো দিৱস (২০১৫), ছুট্টি জাশে ছাক্কা (২০১৮), নাদী দোষ (২০২২) আৰু ৱাশ্ব (২০২৩) ছবিৰ বাবে পৰিচিত। ২০২৪ চনত চেইতান ছবিৰ জৰিয়তে তেওঁ হিন্দী চিনেমা জগতত আত্মপ্ৰকাশ কৰে।
-
নিহাৰিকা ৰায়জাদা
নিহাৰিকা ৰায়জাদা (ইংৰাজী: Niharica Raizada; জন্ম: ১৮ এপ্ৰিল ১৯৯০) এগৰাকী লাক্সেমবাৰ্গীয় অভিনেত্ৰী। তেওঁ ২০১০ চনৰ মিছ ইণ্ডিয়া ইউকে খিতাপ জয় কৰিছিল আৰু ২০১০ চনৰ মিছ ইণ্ডিয়া ৱৰ্ল্ডৱাইডত ৰানাৰ্ছ-আপ হৈছিল। তেওঁ প্ৰাক্তন বলিউড সংগীতজ্ঞ অ' পি নায়াৰৰ নাতিনী।