অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মৌচুমী কন্দলী

মৌচুমী কন্দলী (Moushumi Kandali) এগৰাকী অসমীয়া সাহিত্যিক, কলা সমালোচক, অনুবাদক আৰু অধ্যাপক। ১৯৯৮ চনত প্ৰকাশিত তেওঁৰ লাম্‌বাদা নাচৰ শেষত নামৰ প্ৰথমখন গল্প সংকলনৰ বাবে কন্দলীয়ে ২০০০ চনত মুনীন বৰকটকী বঁটা লাভ কৰিছিল। তেওঁ গল্পৰ লগতে শিল্প কলাৰো গৱেষক আৰু লেখক।

হালনাগাদ: ১৩ জানুৱাৰী ২০২৫ ২১৮ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

মৌচুমী কন্দলী (Moushumi Kandali) এগৰাকী অসমীয়া সাহিত্যিক, কলা সমালোচক, অনুবাদক আৰু অধ্যাপক। ১৯৯৮ চনত প্ৰকাশিত তেওঁৰ লাম্‌বাদা নাচৰ শেষত নামৰ প্ৰথমখন গল্প সংকলনৰ বাবে কন্দলীয়ে ২০০০ চনত মুনীন বৰকটকী বঁটা লাভ কৰিছিল।১ তেওঁ গল্পৰ লগতে শিল্প কলাৰো গৱেষক আৰু লেখক।২ তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ কালচাৰেল ষ্টাডিজ বিভাগৰ সহকাৰী অধ্যাপক।৩

২০২২ চনত পেংগুইন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত দ্য ব্লেক মেজিক ৱ’মেন গল্প গ্ৰন্থৰ বাবে ২০২৩ চনত কন্দলীয়ে সৰ্বভাৰতীয় স্তৰত ‘ছাউথ এছিয়া লাড্‌লী মেডিয়া বঁটা’ লাভ কৰিছিল। এই কিতাপখন ভেলী অৱ ৱৰ্ডচ্‌ সাহিত্য সন্মানৰ বাবেও মনোনীত হৈছিল।৪

শিক্ষা

কন্দলীয়ে গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত স্নাতক শিক্ষা গ্ৰহণ কৰিছিল। ১৯৯৮ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন বিসয়ত সোণৰ পদকসহ স্নাতকোত্তৰ উপাধি লাভ কৰে। ইয়াৰ পিছত ২০০১ চনত তেওঁ বৰোদাৰ এম এছ বিশ্ববিদ্যালয়ৰ পৰা কলাৰ ইতিহাস আৰু নন্দনতত্ব বিষয়তো স্নাতকোত্তৰ উপাধি লাভ কৰে।২ তেওঁ উক্ত বিশ্ববিদ্যালয়ৰপৰাই চাৰুকলা বিষয়ত ডক্টৰেট উপাধিও লাভ কৰে।৩

কৰ্মৰাজি

১৯৯৩ চনত কটন কলেজত পঢ়ি থাকোঁতে অসমীয়া আলোচনী প্ৰান্তিকত কন্দলীৰ জোনাকত ঢেঁকীয়াবোৰ শীৰ্ষক প্ৰথমটো গল্প প্ৰকাশিত হৈছিল। ১৯৯৮ চনত লাম্‌বাদা নাচৰ শেষত নামৰ তেওঁৰ প্ৰথমখন গল্প সংকলন প্ৰকাশ পায়। তেওঁ জাৰ্মানীৰ ফ্ৰেংকফ'ৰ্ট, বাৰ্লিন, মিউনিখ, লাইপজিগ, হালে, আউচবাৰ্গ আদি ঠাইত গল্প পাঠ কৰাৰ লগতে অসম আৰু ভাৰতৰ কলা-সংস্কৃতি, সাহিত্য আদি বিষয়ত আলোকপাত কৰিছে। কন্দলীৰ কলা সম্পৰ্কীয় বহুসংখ্যক প্ৰবন্ধ বিভিন্ন ৰাষ্ট্ৰীয় আৰু অসমীয়া ভাষাৰ স্থানীয় কাকত-আলোচনীত প্ৰকাশিত হৈছে।২ তেওঁ কৰা চালভাদ'ৰ দালিৰ গ্ৰন্থ Diary of A Genius-ৰ অনুবাদ এক ধীমানৰ আত্মজীৱনী নামেৰে প্ৰকাশ পায়। ২০০৮ চনত সাহিত্য অকাডেমিয়ে প্ৰকাশ কৰা মিচিং লোক কবিতাৰো তেওঁ ইংৰাজী অনুবাদ (Listen My Flower-bud: Mishing Oral Poetry of Assam) কৰিছে।৫ তেওঁৰ গল্প ইংৰাজীৰ লগতে জাৰ্মান, হিন্দী, বাংলা, নেপালী, উড়িয়া, কাচী আদি ভাষালৈ অনুদিত হৈছে। ২০২২ চনত The Black Magic Women নামেৰে তেওঁৰ গল্পৰ ইংৰাজী অনুবাদ পেংগুইনৰ বেনাৰত প্ৰকাশিত হয়।৬

প্ৰকাশিত গ্ৰন্থসমূহ

গল্প৩

প্ৰবন্ধ৩

  • চাৰু কলাৰ ৰেঙনি (২০০৮)
  • বিষয়: কলা (২০১১)
  • অসমৰ আধুনিক শিল্পকলা (২০১১)
  • কলা বীক্ষণ

অনুবাদ৩

বঁটা আৰু সন্মান

তথ্যসূত্ৰ

  1. ↑ মৌচুমী কন্দলী. (২০০৭). লাম্‌বাদা নাচৰ শেষত. মা সৰস্বতী প্ৰকাশন. পৃ. প্ৰচ্ছদ
  2. ↑ মৌচুমী কন্দলী. (২০০৭). তৃতীয়ত্বৰ গল্প. লয়াৰ্ছ বুক ষ্টল. পৃ. প্ৰচ্ছদ. ISBN 81-7331-138-2
  3. ↑ Moushumi Kandali. Tezpur University
  4. ↑ মৌচুমী কন্দলী. (জানুৱাৰী, ২০২৫). কলা বীক্ষণ. বান্ধৱ. পৃ. শেষ পৃষ্ঠা. ISBN 978-93-94594-63-0
  5. ↑ (14 August 2013). ART of being. www.thehindu.com
  6. ↑ The Black Magic Women (Stories from North-east India). penguin.co.in

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিকঅসমৰ ব্যক্তিমুনীন বৰকটকী বঁটা বিজয়ীঅসমীয়া গল্পকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৌচুমী কন্দলী” প্ৰবন্ধৰ সংশোধন ৪৬৩৫৬৩ (১৩ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।