মুনীন বৰকটকী বঁটা বিজয়ী
১৭ প্ৰবন্ধ
-
মৌচুমী কন্দলী
মৌচুমী কন্দলী (Moushumi Kandali) এগৰাকী অসমীয়া সাহিত্যিক, কলা সমালোচক, অনুবাদক আৰু অধ্যাপক। ১৯৯৮ চনত প্ৰকাশিত তেওঁৰ লাম্বাদা নাচৰ শেষত নামৰ প্ৰথমখন গল্প সংকলনৰ বাবে কন্দলীয়ে ২০০০ চনত মুনীন বৰকটকী বঁটা লাভ কৰিছিল। তেওঁ গল্পৰ লগতে শিল্প কলাৰো গৱেষক আৰু লেখক।
-
কুলধৰ শইকীয়া
কুলধৰ শইকীয়া (Kuladhar Saikia; চমুকৈ কুল শইকীয়া) ভাৰতীয় আৰক্ষী সেৱাৰ অসম মেঘালয় কেডাৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া আৰু অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক-প্ৰধান (এপ্ৰিল ২০১৮ - নৱেম্বৰ ২০১৯)। তেখেত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক লগতে অসম সাহিত্য সভাৰ সভাপতি আছিল।
-
মৃদুল হালৈ
মৃদুল হালৈ (Mridul Haloi) এগৰাকী অসমীয়া কবি আৰু সাংবাদিক। প্ৰান্তিক আলোচনীৰ পাতত তেওঁ কবি হিচাপে আত্মপ্ৰকাশ কৰে। অকলে আছোঁ কুশলে আছোঁ কাব্য সংকলনৰ বাবে তেওঁ মুনীন বৰকটকী বঁটা আৰু সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ লাভ কৰে।
-
শৰ্মিষ্ঠা প্ৰীতম
শৰ্মিষ্ঠা প্ৰীতম (Sarmistha Pritam) এগৰাকী অসমীয়া লেখিকা, ঔপন্যাসিকা আৰু আত্মজীৱনীকাৰ। শৰ্মিষ্ঠা প্ৰীতমে তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ আত্মকথাৰ বাবে ২০১২ বৰ্ষৰ মুনীন বৰকটকী বঁটা লাভ কৰিছে। ২০২০ বৰ্ষৰ বাবে উত্তৰ-পুৰুষৰ মঞ্চই তেওঁক ‘অক্লান্ত উত্তৰ-পুৰুষ বঁটা’ প্ৰদান কৰে।
-
মণিকুন্তলা ভট্টাচাৰ্য
মণিকুন্তলা ভট্টাচাৰ্য (Manikuntala Bhattacharya) অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক, কবি তথা গল্পকাৰ। সাধাৰণতে তেখেতে নাৰীৰ মনস্তত্বৰ ওপৰত ভিত্তি কৰি উপন্যাসসমূহ লিখি আহিছে।
-
তুলিকা শইকীয়া
তুলিকা শইকীয়া (Tulika Saikia) হৈছে এগৰাকী অসমীয়া সাহিত্যিক। ২০০৮ বৰ্ষত ‘চাৰিশাল গোসাঁনীৰ তেজ’ শীৰ্ষক গ্ৰন্থৰ বাবে তেখেতে ‘মুনীন বৰকটকী’ বঁটা লাভ কৰে।
-
বিজয় শংকৰ বৰ্মন
বিজয় শংকৰ বৰ্মন (১৯৮০-) অসমৰ এগৰাকী কবি আৰু অনুবাদক। তেখেতে ২০০৭ চনত 'দেও' গ্ৰন্থৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰে আৰু ২০১৩ চনত সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰে। ২০১২ চনত Indian Expressৰ দ্বাৰা স্বীকৃত দেশৰ ১০ গৰাকী শ্ৰেষ্ঠ ভাৰতীয় যুৱ লেখকৰ অন্যতম।
-
অৰূপ কুমাৰ নাথ
অৰূপ কুমাৰ নাথ (Arup Kumar Nath) অসমৰ এগৰাকী গল্পকাৰ তথা কবি। সাউদ আৰু অন্যান্য গল্প,ইথাৰৰ ঈশ্বৰ, অন্নখন, আদিকে ধৰি তেওঁৰ চাৰিখন গল্প-সংকলন, এখন কাব্য গ্ৰন্থ আৰু চাৰিখন উপন্যাসিকা প্ৰকাশিত হৈছে।
-
গীতালি বৰা
গীতালি বৰা (Geetali Borah; জন্ম: ১৯৭৭) অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ।
-
নয়নজ্যোতি শৰ্মা
নয়নজ্যোতি শৰ্মা (Nayanjyoti Sarma) একাধাৰে গল্পকাৰ, ৱিকিমিডিয়ান তথা চিকিৎসক। কৰ্মসূত্ৰে বৰ্তমান তেখেত নলবাৰীৰৰ শুশ্ৰূষা চিকিৎসালয়ৰ এজন চিকিৎসক। তেখেতে ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহত 'জাল কটা জুই’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে মুনীন বৰকটকী সাহিত্য বঁটা আৰু ২০২৪ চনৰ জুন মাহত সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ…
-
ভৃংগেশ্বৰ শৰ্মা
ভৃংগেশ্বৰ শৰ্মা ( Bhringeswar Sarma) এগৰাকী অসমীয়া ব্যংগ লেখক, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু পেচাত এজন চিকিৎসক। তেখেতে দীৰ্ঘদিন ধৰি প্ৰান্তিক আলোচনীৰ পাতত 'দৈনন্দিন' শিতানত হাস্য-ব্যংগ ৰচনা লিখি আহিছে। এই দৈনন্দিন শিতানত প্ৰকাশপোৱা লেখাবোৰ পৰৱৰ্তী সময়ত গ্ৰন্থাকাৰে প্ৰকাশ পাইছে।
-
লুট্ফা হানুম ছেলিমা বেগম
লুট্ফা হানুম ছেলিমা বেগম একাধাৰে কবি, সমালোচক, অধ্যাপক। তেওঁৰ বহুকেইখন গ্ৰন্থ অসমীয়া ভাষাত প্ৰকাশ হোৱাৰ সমান্তৰালভাৱে লগত তেওঁৰ সাহিত্যৰাজি ইংৰাজী, হিন্দী, কন্নড়, নেপালী আদি ভাষালৈকো অনুবাদ হৈছে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভাষা আৰু সাহিত্য উভয় শাখাতে স্নাতকোত্তৰ।
-
সঞ্জীৱ পল ডেকা
ড° সঞ্জীৱ পল ডেকা (Sanjib Pol Deka) একাধাৰে গল্পকাৰ, আলোচনী সম্পাদক। বৰ্তমান তেওঁ ‘আলাপ’ আলোচনীৰ অবৈতনিক সম্পাদক। কৰ্মসূত্ৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক। তেখেতে ২০১৯ বৰ্ষৰ জুন মাহত এইপিনে কি আছে শীৰ্ষক গল্পগ্ৰন্থৰ বাবে সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।
-
হেমাংগ কুমাৰ দত্ত
হেমাংগ কুমাৰ দত্ত ( Hemanga Kumar Datta; জন্মː ১৯৭৩) এগৰাকী অসমীয়া কবি আৰু প্ৰবন্ধকাৰ। সীমিত সংখ্যক কবিতাৰে অসমীয়া কাব্য-সাহিত্যত প্ৰভাৱ বিস্তাৰ কৰা কবিসকলৰ ভিতৰত তেওঁ অন্যতম। ৰাতিৰ কবিতা, চহৰত চেলকাৰ্ক আদি তেওঁ লিখা বহু-চৰ্চিত কবিতা।
-
অনামিকা বৰা
অনামিকা বৰা (জন্ম: ১৯৬৮) এগৰাকী অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষক৷ ২০০৭ চনত তেখেতে ‘জলাশয়’ গল্প সংকলনৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰে৷ বৰ্তমানলৈকে তেখেতৰ মুঠ ৫ খন গল্প সংকলন, ৪ খন উপন্যাস, এখন শিশু উপন্যাস আৰু এখন প্ৰৱন্ধ সংকলন প্ৰকাশ হৈছে৷
-
অপু ভৰদ্বাজ
অপু ভৰদ্বাজ (Apu Bharadwaj) এগৰাকী অসমীয়া লেখক। মূলতঃ গল্পকাৰ হিচাপে পৰিচিত অপু ভৰদ্বাজ ২০০৫ বৰ্ষৰ পৰা বাতৰি আৰু আলোচনী সম্পাদনাৰ সৈতে জড়িত হৈ আছে। 'মস্তিষ্কৰ চিনেমা' 'আজি গল্প ক'ম' আদি তেওঁৰ মৌলিক গল্পৰ সংকলন। ইংৰাজীৰ উপৰি ছয়টাৰো অধিক ভাৰতীয় ভাষালৈ তেখেতৰ গল্প অনুবাদ হৈছে।
-
অভিজিৎ বৰা
অভিজিৎ বৰা (Abhijit Bora) এগৰাকী অসমীয়া লেখক। সাতসৰী আলোচনীৰ পাতত তেওঁ গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। ডেউকা কোবাই যায় গল্প সংকলনৰ বাবে তেওঁ মুনীন বৰকটকী সাহিত্য বঁটা আৰু সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰে।