অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰঞ্জনা শৰ্মা বৰদলৈ

ৰঞ্জনা শৰ্মা বৰদলৈ (Ranjana Sharma Bordoloi; জন্ম: ০৮ ফেব্ৰুৱাৰী, ১৯৪৮ ) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী তথা নৃত্যাংগণা। ২০২৫ চনৰ ২১ ডিচেম্বৰত ডিব্ৰুগড়ৰ JJM হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।

হালনাগাদ: ২১ ডিচেম্বৰ ২০২৫ ২৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰঞ্জনা শৰ্মা বৰদলৈ (Ranjana Sharma Bordoloi; জন্ম: ০৮ ফেব্ৰুৱাৰী, ১৯৪৮ ) অসমৰ চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী তথা নৃত্যাংগণা। ১

২০২৫ চনৰ ২১ ডিচেম্বৰত ডিব্ৰুগড়ৰ JJM হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।

জন্ম আৰু শৈশৱ

ৰঞ্জনা শৰ্মা বৰদলৈ জন্ম হৈছিল ডিব্ৰুগড়ৰ চিৰিং চাপৰিত। পিতৃৰ নাম নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃৰ নাম অৰ্চনা বৰদলৈ। তেখেতে সত্ৰীয়া নৃত্য গুৰু যতীন গোস্বামী আৰু ভৱ গোস্বামীৰ পৰা সত্ৰীয়া আৰু মাধৱ সিংহাৰ পৰা মণিপুৰী শাস্ত্ৰীয় নৃত্যৰ শিক্ষা গ্ৰহণ কৰে। তেখেতে বিহু নৃত্যটো পাৰদৰ্শী আছিল আৰু মঘাই ওজা, তুলসীওজা ৰং ওজা আদিৰ সৈতে সমগ্ৰ ভাৰততে বিহুনৃত্য প্ৰদৰ্শণ কৰি খ্যাতি আৰ্জিছিল। ১

অভিনয় জীৱনৰ আৰম্ভনি'

ৰঞ্জনা শৰ্মা বৰদলৈয়ে পোন প্ৰথমে সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ “ মণিৰাম দেৱান” বোলচৱিত অভিনয় কৰে। তেখেত মঞ্চনাটৰো এগৰাকী খ্যতনামা শিল্পী আছিল আৰু নটসূৰ্য ফণী শৰ্মা, বিষ্ণু প্ৰসাদ ৰাভা, ভাৰত বৰপূজাৰী, গোলাপ শৰ্মা, তিলক দুৱৰা, অভয় দুৱৰা, ইভা আচাও, অনিল শৰ্মা, নৃপেন ঠাকুৰ, আদিৰ সৈতে বিভিন্ন মঞ্চ নাটত অভিনয় কৰিছিল, তাৰে ভিতৰত এমুঠী চাউলম কিয়, চিৰাজ আদি প্ৰসিদ্ধ। ১৯৭৪ চনৰ পৰা তেখেতে কেইবাখনো অনাতাঁৰ নাটতো অভিনয় কৰে। ১

অভিনয় কৰা চলচিত্ৰসমূহ

অভিনয়ৰ উপৰিও তেও ৰতনলাল আৰু মধুছন্দা বোলছবিৰ নৃত্য নিৰ্দেশনাও কৰিছিল ১

দূৰদৰ্শণৰ ধাৰাবাহিক

  • চুপাৰ মস্তি ধামাকা
  • সংস্কৃতি
  • সোণালী সপোন
  • সৰগৰ অন্য এটি নাম
  • সমন্বয়ৰ সেতু

ভি চিডি

  • নাম পৰম ধন
  • বৃন্দাবন

পুৰষ্কাৰ আৰু সন্মান

  • ১৯৯৮ চনত পশ্চিম বংগৰ বংগীয় সংগীত পৰিষদৰ পৰা কথক নৃত্যত সংগীত ৰত্ন সন্মান
  • ১৫ আগষ্ট, ২০০৯ ত শিল্পী পেনচন
  • ২০ জুন ২০১০ ত বিষ্ণু ৰাভা সন্মান

তথ্যসূত্ৰ

  1. ↑ www.assamspider.com/resources/3439-Ranjana-Sharm

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰীঅসমীয়া নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঞ্জনা শৰ্মা বৰদলৈ” প্ৰবন্ধৰ সংশোধন ৫৬৫৫৪১ (২১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।