ভাৰত সম্পৰ্কীয় তালিকা
২২ প্ৰবন্ধ
-
ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ
ভাৰতত ২৮ খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ভাৰতৰ ৰাজধানী দিল্লী। প্ৰতিখন ৰাজ্যৰে নিজা প্ৰশাসনীয় ব্যৱস্থা আছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। তলত ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাৰ লগতে প্ৰয়োজনীয় বিৱৰণসমূহ উল্লেখ কৰা হৈছে।
-
ভাৰতীয় ভাষা
ভাৰতৰ ভাষাসমূহ বহুতো ভাষা পৰিয়ালত বিভক্ত, যাৰ ভিতৰত মুখ্য দুটা হৈছে ইণ্ডো-আৰ্য ভাষা (ভাৰত-আৰ্য ভাষা বুলিও কোৱা হয়)—যি ৭৮.০৫% ভাৰতীয়ই কোৱা ভাষাসমূহৰ অন্তৰ্গত; আৰু দ্ৰাবিড় ভাষা—যি ১৯.৬৪% ভাৰতীয়ই ব্যৱহাৰ কৰে। এই দুয়োটা পৰিয়ালক একেলগে কেতিয়াবা ইণ্ডিক ভাষা পৰিয়াল বুলিও কোৱা হয়।
-
ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা
ভাৰতৰ ৰাষ্ট্ৰপতি ভাৰতৰ উপৰাষ্ট্ৰপতি ভাৰতৰ উপ-ৰাষ্ট্ৰপতিসকলৰ তালিকা ভাৰতৰ ৰাষ্ট্ৰপতিৰ আনুষ্ঠানিক ৱেবছাইট, আহৰণ: ০১-০১-২০১৩ ভাৰতৰ ৰাষ্ট্ৰপতিসকল, ৰিডিফমেইল ডট কম ৱেবছাইটত, আহৰণ: ০১-০১-২০১৩ প্ৰাক্তন ৰাষ্ট্ৰপতিসকল, জি নিউজ ৱেবছাইটত, আহৰণ: ০১-০১-২০১৩ President van India#Lijst van presidenten van India
-
ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা
ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাত ১৫ আগষ্ট, ১৯৪৭ তাৰিখে ভাৰত স্বাধীন হোৱাৰ দিনাৰে পৰা বৰ্তমানলৈ দেশৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা ব্যক্তিসকলৰ নাম সন্নিবিষ্ট কৰা হৈছে। বৰ্তমানলৈ ভাৰতত মুঠ তেৰখন লোকসভা গঠন কৰা হৈছে আৰু চৈধ্যগৰাকী ব্যক্তিয়ে প্ৰধানমন্ত্ৰীৰ বাব পাইছে।
-
ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভাজিত দলসমূহ
ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতৰ এটা মুখ্য ৰাজনৈতিক দল। ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰে পৰা দলটোৰ যথেষ্ঠবাৰ বিভাজিত হোৱা দেখা যায়। ইয়াৰে কিছুমান বিভাজিত গোটে স্বাধীন দল হিচাপে ৰাজনৈতিক কাৰ্য-কলাপ চলাই আছে; আন কিছুমান বৰ্তমান বিলুপ্ত। আকৌ কিছুমান গোট মূল দলৰ সৈতে বা আন দলৰ সৈতে চামিল হৈ গৈছে।
-
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰসকলৰ তালিকা
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হৈছে বিত্তীয় প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্য্যবাহী বিষয়া। ভাৰতীয় টকাৰ কাগজী মুদ্ৰাসমূহত তেখেতৰ হস্তাক্ষৰ থাকে। সাধাৰণতে গভৰ্ণৰৰ কাৰ্যকাল ৩ বছৰ। এই তালিকাত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন আৰু বৰ্তমান কাৰ্যৰত গভৰ্ণৰসকলৰ তথ্য দিয়া হৈছে।
-
ভাৰতৰ অভয়াৰণ্যসমূহ
ভাৰতত ৫০০ তকৈ অধিক প্ৰাণী অভয়াৰণ্য আছে যাক বন্য জীৱন অভয়াৰণ্য (IUCN শ্ৰেণী IV সংৰক্ষিত ক্ষেত্ৰ) বুলি কোৱা হয়। ইয়াৰ ভিতৰত ২৮ বাঘ অভয়াৰণ্য ব্যঘ্ৰ প্ৰকল্পৰ দ্বাৰা সঞ্চালিত, যি বাঘ সংৰক্ষণৰ বাবে মহত্ত্বপূৰ্ণ।
-
ভাৰতৰ জিলাসমূহৰ তালিকাৰ
জিলা (ज़िला; ضلع) শব্দটোৱে ভাৰতবৰ্ষৰ ক্ষেত্ৰত এনে একোটা প্ৰশাসনিক ভৌগোলিক অঞ্চল, যিবোৰ ভাৰতৰ ৰাজ্য নাইবা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ অন্তৰ্গত। জিলাসমূহ কিছুমান উপভাগত বিভক্ত কৰা হৈছে, যেনে মহকুমা আৰু নাইবা তেহচিল, গাওঁ পঞ্চায়ত ইত্যাদি।
-
ভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকা
এই তালিকাখন ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজ্যিক গছসমূহৰ বিষয়ে:
-
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষসকল
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইংৰাজী: Indian Space Research Organisation), চমুকৈ ইছৰোৰ অধ্যক্ষ হৈছে সংস্থাটোৰ সৰ্বোচ্চ পদাধিকাৰী। ১৯৬২ চনত বিক্ৰম সাৰাভাইৰ অধ্যক্ষতাত Indian National Committee for Space Research (INCOSPAR) গঠন কৰা হৈছিল।
-
ভাৰতৰ ৰাজ্যিক জন্তুসমূহৰ তালিকা
ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজ্যিক জন্তুসমূহৰ তালিকা:
-
ভাৰতৰ ৰাজ্যিক পক্ষীসমূহৰ তালিকা
এই তালিকাখন ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজ্যিক পক্ষীসমূহৰ বিষয়ে:
-
ভাৰতৰ ৰাজ্যিক ফুলসমূহৰ তালিকা
এই তালিকাখন ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজ্যিক ফুলসমূহৰ বিষয়ে:
-
ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা
ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ আই.ইউ.চি. এনৰ দ্বিতীয় শ্ৰেণী (category II)ৰ সংৰক্ষিত বনাঞ্চল (protected area)। ভাৰতত পোণপ্ৰথমে স্থাপিত হোৱা ৰাষ্ট্ৰীয় উদ্যানখন হ'ল ১৯৩৬ চনত প্ৰতিষ্ঠা কৰা হেইলি ৰাষ্ট্ৰীয় উদ্যান (Hailey National Park), যাক বৰ্তমান কৰবেট ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায়।
-
ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানৰ তালিকা
মূল প্ৰবন্ধ: ভাৰত ৰত্ন ভাৰত ৰত্ন ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান। সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়।
-
ভাৰতীয় উগ্ৰপন্থী সংগঠনসমূহৰ তালিকা
নেছ'নেল ডেম'ক্ৰেটিক ফৰ্ণ্ট অৱ বড়োলেণ্ড (এন ডি এফ বি) নেছ'নেল ডেম'ক্ৰেটিক ফৰ্ণ্ট অৱ বড়োলেণ্ড (এন ডি এফ বি (এছ)) অসম সংযুক্ত মুক্তি বাহিনী (আলফা) নেছ'নেল ছ'চিঅলিষ্ট কাউনছিল অফ নগালেণ্ড-ইচাক মুইভা (এন এছ চি এন-আই এম) নগা নেছ'নেল কাউনছিল-ফেডাৰেল (এন এন চি এফ) নেছ'নেল কাউনছিল অফ নগালেণ্ড-খাপলং পিপুলচ…
-
ভাৰতত পৰিক্ষিত পৰমাণৱিক অস্ত্ৰৰ তালিকা
ভাৰতত পৰিক্ষিত পৰমাণৱিক অস্ত্ৰসমূহৰ এক তালিকা। পৰীক্ষাসমূহ ২ ক্ৰম: পখৰাণ ১ আৰু পখৰাণ ২ত সংঘটিত হৈছিল। পখৰাণ ১ত কেৱল এটা পৰমাণৱিক পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। এই পৰীক্ষাৰ চন আছিল ১৯৭৪।
-
ভাৰতৰ দলংসমূহ
ভাৰতৰ হাওৰা আৰু কলকাতাৰ মাজত সযোগ স্থাপন কৰিছে]] বান্দ্ৰা-ৱৰ্লী চি লিংক (Bandra-Worli Sea Link) ৱাছি দলং (Vashi Bridge) এলিছ দলং (Ellis Bridge) গোল্ডেন দলং (Golden Bridge) নেহৰু দলং (Nehru Bridge) হাওৰা দলং ক'ৰ'নেচন দলং (Coronation Bridge) জুবলী দলং বিদ্যাসাগৰ সেতু বিবেকানন্দ সেতু নিৱেদিতা সেতু…
-
ভাৰতৰ হ্ৰদসমূহৰ তালিকা
ভাৰতৰ হ্ৰদসমূহৰ তালিকা হৈছে ভাৰতৰ উল্লেখনীয় হ্ৰদসমূহৰ নামৰ এখন তালিকা। ]]
-
ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা
ভাৰত দক্ষিণ এছিয়াত অৱস্থিত এখন দেশ য’ত বৰ্তমান ১.২ বিলিয়ন মানুহে বসবাস কৰি আছে। ভাৰত বিশ্বৰ ভিতৰতে ঘন জনবসতিপূৰ্ণ গণতান্ত্ৰিক দেশ। এইখন এখন যুক্তৰাষ্ট্ৰীয় সাংবিধানিক প্ৰজাতন্ত্ৰ, যিখন সংসদীয় ব্যৱস্থাৰ দ্বাৰা চৰকাৰে পৰিচালনা কৰে। ভাৰতবৰ্ষত ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে।
-
মুঠ ঘৰুৱা উৎপাদন অনুসৰি ভাৰতীয় ৰাজ্যৰ তালিকা
এই তালিকাত ভাৰতীয় ৰাজ্যসমূহৰ মুঠ ঘৰুৱা উৎপাদনৰ তালিকা আৰু লগতে মুঠ ঘৰুৱা উৎপাদনত বৃদ্ধিৰ হাৰো দৰ্শোৱা হৈছে। ২৫০ বিলিয়ন ইউ এছ ডিৰে মহাৰাষ্ট্ৰ তালিকাৰ শীৰ্ষত, আৰু ৬০ মিলিয়ন ইউ এছ ডিৰে লক্ষদ্বীপ তালিকাৰ আটাইতকৈ তলত।
-
সাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকা
ভাৰতৰ বিভিন্ন প্ৰান্তত সাক্ষৰতাৰ হাৰ অসমান। তলৰ তালিকাখনত ২০১১ আৰু ২০০১ চনৰ জনগণনা অনুযায়ী সাক্ষৰতাৰ হাৰ, সকলো মিলাই, পুৰুষ আৰু মহিলাৰ বাবে দেখুৱা হৈছে। তদুপৰি দশকত পৰিলক্ষিত সাল-সলনি উল্লেখ কৰা হৈছে। ২০১১ৰ জনগণনা অনুযায়ী কেৰালা এই তালিকাৰ শীৰ্ষত- সমগ্ৰ জনসংখ্যা আৰু মহিলাৰ মাজত।