বাণী জয়ৰাম (Vani Jairam; জন্ম কলাইবাণী, ৩০ নবেম্বৰ ১৯৪৫) এগৰাকী ভাৰতীয় প্ৰথিতযশা সংগীত শিল্পী। তেওঁক বিশেষকৈ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী হিচাপে জনা যায়। ১৯৭১ চনত আৰম্ভ হোৱা তেওঁৰ চাৰি দশক জোৰা কৰ্মজীৱনত এহাজাৰতকৈও অধিক চলচ্চিত্ৰত ২০,০০০ তকৈও অধিক গীতত কণ্ঠদান কৰিছে। তাৰোপৰি তেওঁ অগণন ভক্তিমূলক গীত আৰু ব্যক্তিগত এলবামৰ গীতো বাণীবদ্ধ কৰিছে। লগতে তেওঁ ভাৰত তথা বিদেশৰ বহুতো একক কনচাৰ্টত যোগদান কৰিছে।১
কণ্ঠৰ পৰিধি আৰু কঠিন সুৰতো সহজ অভিযোজনযোগ্যতাৰ বাবে প্ৰখ্যাত বাণী ১৯৭০ৰ দশকৰ পৰা ১৯৯০ দশকৰ শেষলৈকে ভাৰতৰ অসংখ্য সংগীত পৰিচালকৰ পচন্দ আছিল। তেওঁ প্ৰায়ভাগ প্ৰধান প্ৰধান ভাৰতীয় ভাষাত, যেনে কন্নড় ভাষা, তামিল ভাষা, হিন্দী ভাষা, তেলুগু ভাষা, মালয়ালম ভাষা, মাৰাঠী ভাষা, ওড়িয়া ভাষা, গুজৰাটী ভাষা, বঙালী ভাষা আদি ভাষাত গীত গাইছে।২২
বাণীয়ে তিনিবাৰ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু এবাৰ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা উপৰিও অসংখ্য বঁটা-বাহন লাভ কৰিছে।৩৪
প্ৰাৰম্ভিক জীৱন
তামিলনাডুৰ ভেলোৰত শাস্ত্ৰীয় সংগীতৰ চৰ্চা কৰা এটা তামিল ভাষা পৰিয়ালত বাণীৰ জন্ম হৈছিল। তেওঁ আছিল মাক-দেউতাকৰ ছয়জনী কন্যা আৰু তিনি পুত্ৰ সন্তানৰ পঞ্চম কন্যা। মাক পদ্মাৱতীয়ে তেওঁক ৰঙ্গ ৰামানুজ আয়েংগাৰৰ শ্ৰেণীত নাম লগাই দিয়ে। তাত তেওঁক মুত্তুস্বামী দীক্ষিতৰৰ ৰচনা কিছুমান শিকোৱা হয়। পিছলৈ তেওঁ কাদালুৰ শ্ৰীনিবাস আয়েংগাৰ, টি.আৰ. বালসুব্ৰমণিয়াম আৰু আৰ.এচ. মণিৰ তত্বাৱধানত কৰ্ণাটকী সংগীতৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। বাণী ৰেডিঅ’ চিল’নৰ সৈতে সংপৃক্ত হৈ আছিল আৰু তাত সম্প্ৰচাৰ হোৱা হিন্দী ভাষা গীতবোৰৰ প্ৰতি আসক্ত আছিল। ৰেডিঅ’ত বাৰেবাৰে শুনা গীতবোৰ মনত ৰাখি তেওঁ নিজেও গাব পাৰিছিল।৫
৮ বছৰ বয়সত তেওঁ আকাশবাণীৰ মাদ্ৰাছ কেন্দ্ৰত প্ৰথম ৰাজহুৱা পৰিবেশন কৰে। তেওঁ মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ অধীনস্থ কুইন মেৰী কলেজৰ ছাত্ৰী আছিল।৬৭ পঢ়া শেষ হোৱাৰ পিছত তেওঁ মাদ্ৰাছত ভাৰতীয় ষ্টেট বেংকৰ চাকৰিত যোগদান কৰে। ১৯৬৭ চনত তেওঁ হাইদৰাবাদ শাখালৈ বদলি হয়।৮
১৯৬৯ চনত জয়ৰামৰ সৈতে বিবাহ বান্ধোনত আৱদ্ধ হোৱাৰ পিছত সংসাৰ কৰিবলৈ মুম্বাইলৈ গুচি আহে। তেওঁৰ অনুৰোধ ক্ৰমে বেংক কৰ্তৃপক্ষই তেওঁক মুম্বাই শাখালৈ বদলি কৰে। গীত গোৱাৰ পাৰদৰ্শিতালৈ লক্ষ্য কৰি স্বামী জয়ৰামে তেওঁক হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লবলৈ উদ্বুদ্ধ কৰাত তেওঁ পাতিয়ালা ঘৰানাৰ ওস্তাদ আব্দুল ৰহমান খানৰ ওচৰত ভৰ্তি হয়। সংগীতৰ এই কঠোৰ প্ৰশিক্ষণৰ বাবে তেওঁ বেংকৰ চাকৰি এৰি দিবলৈ বাধ্য হ’ল আৰু সংগীতকে বৃত্তি হিচাপে গ্ৰহণ কৰে। তেওঁ ৰহমানৰ অধীনত থুমৰী, গজল আৰু ভজনৰ দৰে বিভিন্ন সংগীত শৈলীৰ ৰূপবোৰ শিকিছিল। ১৯৬৯ চনত তেওঁ প্ৰথম পাব্লিক কনচাৰ্ট কৰে।৯ একেই বছৰতে তেওঁ সংগীত পৰিচালক বসন্ত দেশাইৰ সৈতে চিনাকী হয়, যিয়ে কণ্ঠশিল্পী কুমাৰ গন্ধৰ্বৰ মাৰাঠী ভাষা গীতৰ এলবাম এটা বাণীবদ্ধনৰ কাম কৰি আছিল। বাণীৰ কণ্ঠস্বৰ শুনাৰ পিছত দেশায়ে সেই এলবামটোৰ বাবে ‘ৰুণানুবন্ধচা’ শীৰ্ষক গীত এটা কুমাৰ গন্ধৰ্ব আৰু তেওঁৰ কণ্ঠত বাণীবদ্ধ কৰে। এলবামটো মুকলি হোৱাৰ পিছতে মাৰাঠী শ্ৰোতাসকলৰ মাজত জনপ্ৰিয় হোৱাৰ লগতে দ্বৈত সংগীতটোও প্ৰশংসিত হয়। ইয়াৰ পিছত তেওঁ প্ৰবীন কণ্ঠশিল্পী পণ্ডিত দীনকৰ কৈকিনীৰ সৈতে মীৰা ছবিত দ্বৈত সংগীতত কণ্ঠদান কৰে। ছবিখনৰ সংগীত পৰিচালক আছিল পণ্ডিত ৰবি শংকৰ।৫
বঁটা
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- ১৯৭৫- শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- অপূৰ্ব ৰাগাংগল (তামিল চলচ্চিত্ৰ)
- ১৯৮০- শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- শংকৰভৰনম (তেলেগু চলচ্চিত্ৰ)
- ১৯৯১- শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- স্বাথী কিৰণম (তেলেগু চলচ্চিত্ৰ)
ফিল্মফেয়াৰ বঁটা
- ১৯৮০- শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা- মীৰা (১৯৭৯) ছবিৰ 'মেৰে তো গিৰিধৰ গোপাল' গীতটোৰ বাবে
- ২০১৩- জীৱন জোৰা সাধনাৰ ৬০তম দক্ষিণ ভাৰতীয় ফিল্মফেয়াৰ বঁটা
বাহ্যিক লিংক
তথ্যসূত্ৰ
- ↑ (12 June 2006). Lending 'Vani' to patriotism. দ্য হিন্দু
- ↑ (5 December 2004). Sweet music for the ears. দ্য হিন্দু
- ↑ (23 July 2013). South Filmfare Awards 2012 winners’ list:. Bollywood Life
- ↑ Best Female Singer Award by NAFA in 2017
- ↑ (12 November 2015). The song that rained many songs. দ্য হিন্দু
- ↑ B Sivakumar. (5 January 2015). Queen Mary's College, the home of musicians, on song. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Asha Krishnakumar. (April 2003). The end of a women's college?. Frontline
- ↑ (12 June 2006). When Mrs.Vani Jayaram met me. দ্য হিন্দু
- ↑ (13 January 2017). I do not abuse my voice: Vani Jairam. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাণী জয়ৰাম” প্ৰবন্ধৰ সংশোধন ৪০৩৭৯৫ (২৮ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।