ভাৰতীয় ষ্টেট বেংক (চমুকৈ এছ বি আই) দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ ব্যৱসায়িক বেংক। ই আন্তৰ্জাতিক ৰাজহুৱা খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত। ২০১৭ চনৰ ফৰ্চুন গ্লোৱেল ৫০০ ৰ ৰেংকিঙত ভাৰতীয় ষ্টেট বেংক ২১৬তম স্থান লাভ কৰে। ই ভাৰতৰ সৰ্ববৃহৎ বেংক। ভাৰতীয় বজাৰত সম্পত্তিৰ হিচাপত ইয়াৰ অংশ ২৩% আৰু ঋণ আৰু জমা টকাৰ বজাৰত এক চতুৰ্থাংশ।১২
এই বেংক ১৮০৬ চনত বেংক অফ কলিকতা হিচাপে স্থাপিত হৈছিল। ভাৰতীয় ষ্টেট বেংক ভাৰত উপমহাদেশৰ আটাইতকৈ পুৰণি বিত্তীয় প্ৰতিষ্ঠান। পিছলৈ ব্ৰিটিছ ভাৰতৰ বেংক অফ মাদ্ৰাজ আৰু দুখন "প্ৰেচিডেন্সী বেংক" ইয়াৰ লগত বিলয় হোৱাৰ পিছত বেংক অফ বোম্বে আৰু বেংক অফ কলিকতাৰ মিলনৰ ফলত ১৯২১ চনত ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া গঠন হয়। ভাৰত স্বাধীন হোৱাৰ পিছত ১৯৫৫ চনত এই বেংক ভাৰতীয় ষ্টেট বেংক হৈ পৰে।৩১৯৫৫ চনত ভাৰত চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লগত ইম্পেৰীয়েল বেংক অফ ইণ্ডিয়াৰ নিয়ন্ত্ৰণ কৰিবলৈ লয়। ভাৰত চৰকাৰে ইয়াৰ ৬০% অংশ নিজৰ লগত ৰাখি ইয়াক ভাৰতীয় ষ্টেট বেংক নামকৰণ কৰে। ২০০৮ চনত ভাৰত চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অংশ খিনিও নিজৰ অধীনলৈ আনে।
শেহতীয়া বঁটা আৰু সন্মান
- ২০১৬ চনৰ ফৰ্চুন গ্লোৱেল ৫০০ ৰ বিশ্বৰ বিত্তীয় প্ৰতিষ্ঠানৰ ৰেংকিঙত ভাৰতীয় ষ্টেট বেংক ২১৬তম স্থান লাভ কৰে।৪
- ২০১৩ চনৰ দা ব্ৰেণ্ড ট্ৰাষ্টৰ ৰিপোৰ্ট মতে ভাৰতীয় ষ্টেট বেংক ভাৰতৰ ৫০তম বিশ্বাসী ব্ৰেণ্ড৫
- ২০১৪ চনৰ দা ব্ৰেণ্ড ট্ৰাষ্টৰ ৰিপোৰ্ট মতে ভাৰতীয় ষ্টেট বেংক ভাৰতৰ ১৯তম বিশ্বাসী ব্ৰেণ্ড৬৭
তথ্যসূত্ৰ
- ↑ Fortune Global 500 list
- ↑ Away from the public gaze, State Bank of India is preparing to unleash a revolution
- ↑ Rajesh. Banking Theory Law N Practice. Tata McGraw-Hill Education. পৃ. 8
- ↑ Fortune 'Global 500' 2016:State Bank of India. CNN
- ↑ (28 January 2011). Brand Mahatma lags behind Sachin, Aamir: Study. India Today
- ↑ The Economic Times
- ↑ Brand Trust Report 2014
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় ষ্টেট বেংক” প্ৰবন্ধৰ সংশোধন ৪৪৩৬০৬ (৯ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।