প্ৰেমলতা অগ্ৰৱাল (Premlata Agrawal, জন্ম: ১৯৬৩) এগৰাকী ভাৰতীয় পৰ্বতাৰোহী। তেওঁ বিশ্বৰ সাত মহাদেশৰ প্ৰত্যেকৰে সৰ্বোচ্চ পৰ্বত শৃংগ বা উচ্চতম স্থান আৰোহণ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা।১২ ২০১৩ চনত তেওঁক ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। ২০১৭ চনত পৰ্বতাৰোহণৰ ক্ষেত্ৰলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা প্ৰদান কৰা হয়।৩ ২০১১ চনৰ ২০ মে তাৰিখে তেওঁ বিশ্বৰ সৰ্বোচ্চ পৰ্বত শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰে আৰু ৪৮ বছৰ বয়সত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰবীণতম ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। ২০১৮ চনৰ ১৯ মে তাৰিখে জম্মু আৰু কাশ্মীৰ ৫৩ বছৰ বয়সীয়া সংগীতা সিন্ধী বহলে তেওঁৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰবীণতম ভাৰতীয় মহিলাৰ অভিলেখ ভংগ কৰে।৪ তেওঁ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ঝাৰখণ্ড ৰাজ্যৰ প্ৰথম গৰাকী ব্যক্তি।৫৬
২০০৪ চনত তেওঁ নেপালৰ আইলেণ্ড পিক (২০,৬০০ ফুট) নামৰ শৃংগৰ আৰোহণৰ অভিযানত অংশগ্ৰহণ কৰিছিল। ২০০৬ চনত তেওঁ কাৰাকোৰাম গিৰিপথ (১৮,৩০০ ফুট) আৰু মাউণ্ট শালতোৰো কাংৰি (২০১৫০ ফুট) অভিযানতো অংশগ্ৰহণ কৰিছিল। ২০০৭ আৰু আকৌ ২০১৫ চনত তেওঁ প্ৰথম ভাৰতীয় মহিলাৰ থৰ মৰুভূমি অভিযানত অংশগ্ৰহণ কৰিছিল। এই অভিযানত তেওঁলোক গুজৰাটৰ ভূজৰ পৰা ৪০ দিনৰ উট চাফাৰিৰে পঞ্জাবৰ ৱাঘা সীমান্তত উপস্থিত হৈছিল। তেওঁৰ এই কৃতিত্ব লিমকা বুক অফ ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে।৫৭৮
প্ৰাৰম্ভিক জীৱন
১৯৬৩ চনত পশ্চিমবংগৰ দাৰ্জিলিংত প্ৰেমলতা অগ্ৰৱালৰ জন্ম হৈছিল। জামছেদপুৰত পৰ্বত আৰোহণ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ ৩৬ বছৰ বয়সত পৰ্বতাৰোহণ আৰম্ভ কৰিছিল। সোনকালেই তেওঁ পৰ্বত আৰোহণৰ প্ৰতি তেওঁৰ আবেগক আৱিষ্কাৰ কৰে। পৰৱৰ্তী সময়ত তেওঁক ১৯৮৪ চনত মাউণ্ট এভৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা বাচেন্দ্ৰী পালৰ ওচৰত প্ৰশিক্ষণ আৰু পৰামৰ্শ লাভ কৰিছিল।৯১০
তেওঁ বৰ্তমান টাটা ষ্টীলৰ সৈতে তেওঁলোকৰ দুঃসাহসিক শাখাত বিষয়া হিচাপে কাম কৰে।
মাউণ্ট এভাৰেষ্ট আৰোহণ
তেওঁ ২২ জনীয়া ইকো-এভাৰেষ্ট অভিযান দলৰ সদস্য আছিল। ভাৰতীয় দলটোত সুনীতা সিং, নৰেন্দৰ সিং, পৱন গ্ৰেৱাল, সুষমা আৰু বিকাশ কৌশিক, লগতে ব্ৰাজিলৰ পৰ্বতাৰোহী ৰডৰিগো ৰাইনেৰী আৰু মেক্সিকোৰ ডেভিড লিয়ানো অন্তৰ্ভুক্ত আছিল। তেওঁ এমাহধৰি এভাৰেষ্ট বেচ কেম্পৰ চাৰিওফালে আৰোহণ কৰি অনুকূলিত হ'বলৈ অতিবাহিত কৰিছিল আৰু হিমালয়ৰ ২০,৩০০ ফুট উচ্চতাৰ আইলেণ্ড পিকত আৰোহণৰ অনুশীলন কৰিছিল।৮ তেওঁ ৬ মে তাৰিখে মুখ্য আৰোহণ আৰম্ভ কৰিছিল। তেওঁ এভৰেষ্ট বেচ শিবিৰৰ পৰা ১৮,০০০ ফুটত আৰোহণ কৰি ২২,০০০ ফুটত কেম্প ২ লৈ গৈছিল। অৱশ্যে তাৰ পিছত তেওঁ পৰিপূৰক অক্সিজেন ব্যৱহাৰ কৰিছিল আৰু ২৩,০০০ ফুটত কেম্প ৩ আৰু ২৬,০০০ ফুটত কেম্প ৪ত উপস্থিত হৈছিল। দাৱা ষ্টিভেন শ্বেৰ্পাৰ নেতৃত্বত বহুজাতিক ট্ৰেকিং দলটোৱে শিখৰৰ শীৰ্ষত উঠিবলৈ গোটেই ৰাতি ট্ৰেক লৈছিল। তেওঁলোকে নেপালৰ ফালৰ পৰা দক্ষিণ কল পথৰ পৰা নিশা ১১ বজাত আৰম্ভ কৰিছিল আৰু ২০ মে ২০১১ তাৰিখৰ পোৱা ৯.৩৫ বজাত এভাৰেষ্ট শৃংগ স্পৰ্শ কৰিছিল।৫ ইয়াত উপনীত হোৱাৰ এঘণ্টা আগতে তেওঁ এটা হাতমোজা হেৰুৱাইছিল আৰু হাতমোজা নোহোৱাকৈ এনে উচ্চতাত উঠাটো সম্ভৱ নোহোৱা বাবে ঘূৰি যোৱাৰ সিদ্ধান্ত লৈছিল। ঠিক তেতিয়াই তেওঁ দেখিলে যে এযোৰ হাতমোজা বৰফৰ ওপৰত পৰি আছে যি হয়তো কাৰোবাৰ দ্বাৰা এৰি যোৱা আছিল।১০
বিশ্বৰ সাত মহাদেশৰ প্ৰত্যেকৰে সৰ্বোচ্চ পৰ্বত শৃংগ আৰোহণৰ তথ্য
| ক্ৰমিক নং | চিত্ৰ | শৃংগ | উচ্চতা | মহাদেশ | আৰোহণৰ তাৰিখ |
|---|---|---|---|---|---|
| ১ | মাউণ্ট এভাৰেষ্ট | 8848 মিটাৰ | এছিয়া | ২০ মে ২০১১ | |
| 2 | একোনকাগোৱা | 6961 মিটাৰ | দক্ষিণ আমেৰিকা | ১০ ফেব্ৰুৱাৰী ২০১২ | |
| ৩ | ডেনালী | 6194 মিটাৰ | উত্তৰ আমেৰিকা | ২৩ মে ২০১৩ | |
| 4 | কিলিমাঞ্জাৰ' | 5895 মিটাৰ | আফ্ৰিকা | ৬ জুন ২০০৮ | |
| ৫ | মাউণ্ট এলব্ৰুচ | 5642 মিটাৰ | ইউৰোপ | ১২ আগষ্ট ২০১২ | |
| ৬ | মাউণ্ট ভিনচন | 4892 মিটাৰ | এণ্টাৰ্কটিকা | ৫ জানুৱাৰী ২০১৩ | |
| ৭ | পুনছাক জায়া | 4884 মিটাৰ | অষ্ট্ৰেলিয়া | ২২ অক্টোবৰ ২০১৩ |
ব্যক্তিগত জীৱন
তেওঁ পশ্চিমবংগৰ দাৰ্জিলিংৰ অধিবাসী। তেওঁৰ দেউতাক ৰামাৱতাৰ গাৰ্গ এজন ব্যৱসায়ী। বৰ্তমান তেওঁ টাটা ষ্টীলৰ বিষয়া হিচাপে কাম কৰি আছে আৰু ঝাৰখণ্ড ৰাজ্যৰ পূব সিংভূম জিলাৰ জামছেদপুৰৰ জুগছালাই চহৰত বাস কৰে।৬ তেওঁ এজন জ্যেষ্ঠ সাংবাদিক বিমল অগ্ৰৱালৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুগৰাকী কন্যা আছে আৰু তাৰে ভিতৰত এগৰাকী বিবাহিত।৬
বঁটা আৰু সন্মান
প্ৰেমলতা অগ্ৰৱালক ২০১২ চনত ইণ্ডিয়া টাইম্চৰ দ্বাৰা শীৰ্ষ ভাৰতীয় মহিলা প্ৰাপ্তকাৰী হিচাপে নামাংকিত কৰা হৈছে।১১ ২০১৩ চনত তেওঁক ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। ২০১৭ চনত পৰ্বতাৰোহণৰ ক্ষেত্ৰলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে টেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা প্ৰদান কৰা হয়। তেওঁক শেহতীয়াকৈ টাটা নিমখৰ দ্বাৰা ভাৰতৰ তীখাৰ দৰে শক্তিশালী মহিলাসকলক অভিশংসা কৰা এটা ভিডিঅ'ত প্ৰদৰ্শিত কৰা হৈছিল।১২
তথ্যসূত্ৰ
- ↑ Mountaineer Premlata scales seven summits - The Times of India. The Times of India
- ↑ (2013-05-31). Premlata, the first Indian woman to conquer seven Summits of the world. The Hindu
- ↑ (27 January 2013). Padma Awards. pib
- ↑ (2018-05-23). Gurgaon mountaineer Sangeeta becomes oldest Indian woman to climb Mt Everest. The Indian Express
- ↑ Thaker, Jayesh. (21 May 2011). On the top of the world - Steel city mom oldest Indian woman to scale Everest. The Telegraph (Kolkata)
- ↑ (20 May 2011). Premlata Agarwal becomes oldest Indian woman to scale Mt Everest. DNA
- ↑ (7 Mar 2011). 45-year-old housewife to climb Mount Everest. Indian Express
- ↑ (20 May 2011). Mother of two becomes oldest Indian woman to climb Mount Everest. NDTV
- ↑ Shekhar, Shashank; Thaker, Jayesh. (3 June 2011). ‘Sherpas were sending me back’. The Telegraph
- ↑ (1 Jun 2011). Premlata oldest Indian woman to scale Everest. IBN Live
- ↑ I-Day Special: India's Top 10 Women Achievers
- ↑ Tata Salt. (2016-06-01). Iron Strong Women of India - Scaling New Heights
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰেমলতা অগ্ৰৱাল” প্ৰবন্ধৰ সংশোধন ৬১০৭৫১ (১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।