ভাৰতীয় মহিলা পৰ্বতাৰোহী
৯ প্ৰবন্ধ
-
বাচেন্দ্ৰী পাল
বাচেন্দ্ৰী পাল এভাৰেষ্ট বিজয় কৰা প্ৰথম ভাৰতীয় মহিলা। ১৯৮৪ চনৰ ২৩ মে’ত তেখেতে সফলতাৰে এভাৰেষ্ট আৰোহণ কৰে। তেখেতৰ আত্মজীৱনী 'My Journey To Top' নেচনেল বুক ট্ৰাষ্টে প্ৰকাশ কৰিছিল। তেখেতে ১৯৮৪ চনত সৰ্বশ্ৰেষ্ঠ পৰ্বতাৰোহণকাৰীৰ বঁটা লাভ কৰাৰ লগতে একেটা বছৰতে 'পদ্মশ্ৰী ' সম্মানেৰে অলংকৃত হৈছিল।
-
কল্পনা দাশ
কল্পনা দাশ (Kalpana Dash; ৭ জুলাই, ১৯৬৬ - ২৩ মে, ২০১৯) এগৰাকী ভাৰতীয় অধিবক্তা আৰু পৰ্বতাৰোহী আছিল। তেওঁ আছিল মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম গৰাকী ওড়িয়া পৰ্বতাৰোহী।
-
মালাৱাত পূৰ্ণা
মালাৱাত পূৰ্ণা(বা পূৰ্ণা মালাৱাত; জন্ম ১০ জুন ২০০০) পূৰ্ণা এগৰাকী ভাৰতীয় পৰ্বতাৰোহী। তেওঁ তেলেঙ্গনা ৰাজ্যৰ নিজমাবাদ জিলাৰ বাসিন্দা। ২০১৪ চনৰ ২৫ মে তাৰিখে পূৰ্ণাই এভাৰেষ্ট শৃংগৰ শিখৰ আৰোহণ কৰে।
-
অংশু জামচেংপা
অংশু জামচেংপা (Anshu Jamsenpa, জন্ম: ৩১ ডিচেম্বৰ ১৯৭৯) এগৰাকী ভাৰতীয় পৰ্বতাৰোহী। তেওঁ একে ঋতুতে দুবাৰকৈ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ প্ৰথম মহিলা। লগতে তেওঁ মাত্ৰ পাঁচদিনৰ ভিতৰত দুবাৰকৈ এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ প্ৰথম ব্যক্তি।
-
অৰুণিমা সিনহা
অৰুণিমা সিনহা (জন্ম ২০ জুলাই, ১৯৮৮) কটা যোৱা ভৰিৰে মাউণ্ট এভাৰেষ্ট আৰু মাউণ্ট ভিনছন বগোৱা বিশ্বৰ প্ৰথমগৰাকী মহিলা আৰোহী। অৰুণিমা সিনহা এগৰাকী ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভলীবল খেলুৱৈ আছিল। ২০১১ চনত এটা ডকাইতৰ দলক বাধা দিবলৈ লওঁতে দলটোৱে অৰুণিমাক চলন্ত ৰে'লৰ পৰা পেলাই দিয়ে।
-
ডিকি ডলমা
ডিকি ডলমা (Dicky Dolma; জন্ম: ৫ এপ্ৰিল ১৯৭৪) ডিকি ডলমা এগৰাকী ভাৰতীয় নাৰী, তেওঁ ১৯ বছৰ বয়সত ১৯৯৩ চনৰ ১০ মে তাৰিখে মাউণ্ট এভাৰেষ্টৰ শীৰ্ষবিন্দু আৰোহণ কৰা সবাতোকৈ কম বয়সৰ নাৰী হিচাপে পৰিচিত। এই ঐতিহাসিক ক্ষণটি সম্ভৱ হৈ উঠিছিল ভাৰত-নেপালৰ মহিলা এভাৰেষ্ট অভিযানৰ সময়ত।
-
সুদীপ্তা সেনগুপ্তা
সুদীপ্তা সেনগুপ্তা (Sudipta Sengupta) এগৰাকী ভাৰতীয় ভূবিজ্ঞানী। তেওঁ কলকাতাত অৱস্থিত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ গাথঁনিক ভূবিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁ এগৰাকী প্ৰশিক্ষিত পৰ্বতাৰোহী। তেওঁ সমুদ্ৰ বিজ্ঞানী আদিতি পণ্টৰ সৈতে এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম মহিলা।
-
প্ৰেমলতা অগ্ৰৱাল
প্ৰেমলতা অগ্ৰৱাল (Premlata Agrawal, জন্ম: ১৯৬৩) এগৰাকী ভাৰতীয় পৰ্বতাৰোহী। তেওঁ বিশ্বৰ সাত মহাদেশৰ প্ৰত্যেকৰে সৰ্বোচ্চ পৰ্বত শৃংগ বা উচ্চতম স্থান আৰোহণ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা। ২০১৩ চনত তেওঁক ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।
-
ৰূপামণি গড়
ৰূপামণি গড় এগৰাকী ভাৰতীয় পৰ্বতাৰোহী। তেওঁ ২০২৬ চনৰ ২১ মে' তাৰিখে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰি এই কৃতিত্ব অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। তেওঁ ভাৰত-তিব্বত সীমান্ত পুলিচ বাহিনীৰ সৰ্ব-মহিলা এভাৰেষ্ট অভিযান দলৰ এগৰাকী সক্ৰিয় সদস্য আছিল।