অসমৰ সঙ্গীত পৰিচালক
১৩ প্ৰবন্ধ
-
তৰালি শৰ্মা
তৰালি শৰ্মা (Tarali Sarma, জন্ম:৪ আগষ্ট, ১৯৭৫) অসমৰ এগৰাকী কণ্ঠশিল্পী আৰু সংগীত পৰিচালক। মূলতঃ শাস্ত্ৰীয় সংগীত আৰু লোক-সংগীতৰ চৰ্চা কৰা তৰালি শৰ্মাই মঞ্জু বৰাৰ অসমীয়া ছবি আকাশীতৰাৰ কথাৰে...
-
পুৰুষোত্তম দাস
পুৰুষোত্তম দাস (Purushottam Das) অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, গায়ক তথা সংগীত পৰিচালক। হিন্দী আৰু বঙালী গীতৰ আধিপত্যৰ কালছোৱাতে তেখেতে অসমীয়া গীত কিয় গাব নোৱাৰি বুলি ষষ্ঠ মান শ্ৰেণীত পঢ়ি থাকোঁতেই অসমীয়া গীত লিখি সুৰ কৰি গাইছিল।
-
অনুৰাগ শইকীয়া
অনুৰাগ শইকীয়া এজন ভাৰতীয় সংগীত পৰিচালক, চলচ্চিত্ৰ সংগীতৰ সুৰকাৰ আৰু বাদ্যযন্ত্ৰী। অসমৰ ডিব্ৰুগড় জিলাৰ মৰাণত তেওঁৰ জন্ম হৈছিল। তেওঁ "যুগদ্ৰষ্টা (চলচ্চিত্ৰ)" নামৰ অদৰ্শিত বোলছবিৰ সংগীত নিৰ্দেশনাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অদৰ্শিত বোলছবিৰ সংগীত নিৰ্দেশনাৰ ৰজত কমল বঁটা লাভ কৰে।
-
জয়ন্ত নাথ
জয়ন্ত নাথ (ইংৰাজী: Jayanta Nath) অসমৰ এগৰাকী কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। বহুতো জনপ্ৰিয় গীতৰ উপৰিও হৃদয় কঁপোৱা গান আৰু কৰমা কে ৰাতি নামৰ দুখন বোলছবিও পৰিচালনা কৰে।
-
মানস ৰবীন
মানস ৰবীন (Manas Robin) অসমৰ এজন আগশাৰীৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু সংগীত পৰিচালক। মূলতঃ তেওঁ লোকসংগীত আৰু পপ সংগীত পৰিৱেশন কৰে। তেওঁ বহুতো জনপ্ৰিয় অসমীয়া বোলছবিৰ গীত, অসমীয়া থলুৱা লোক সংগীত আৰু বিহু সুৰীয়া গীতৰ এলবামত সংগীত পৰিচালনা কৰি অসমীয়া সংগীত জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।
-
জিতুল সোণোৱাল
জিতুল সোণোৱাল (Jitul Sonowal) এগৰাকী অসমীয়া সংগীত জগতৰ এগৰাকী প্ৰসিদ্ধ গায়ক, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক। তেখেতে বৰ্তমানলৈ বহুকেইটা অসমীয়া জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে। গান গোৱাৰ উপৰিও তেখেতে বিভিন্ন বাদ্যযন্ত্ৰ যেনে গীটাৰ, কীবৰ্ড আদি বজাব পাৰে।
-
দীপক শৰ্মা
দীপক শৰ্মা (Dipak Sarma, ২৩ আগষ্ট, ১৯৬৮ – ৩ নৱেম্বৰ, ২০২৫) অসম, ভাৰতৰ এগৰাকী বাঁহী বাদক। তেওঁ ২০১৩ চনলৈ ৩খন অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰাৰ লগতে জী টিভিত সম্প্ৰচাৰিত হোৱা কৰ্ম এণ্ড ৱাজিৰৰ সংগীত পৰিচালনা কৰিছিল।
-
জ্যোতি প্ৰকাশ দাস
জ্যোতি প্ৰকাশ দাস (Jyoti Prakash Das) বা জে পি দাস (J P das) হৈছে অসমৰ এজন প্ৰতিষ্ঠিত কণ্ঠশিল্পী। অসমৰ অগণন শ্ৰোতাৰ মাজত তেওঁ জেপিদা বুলি পৰিচিত। ‘মোৰ মিনতি তৰা হয় যদি...’, ‘সন্ধিয়াৰ আকাশত...’, ‘ওৰে ৰাতি অন্ধকাৰত...’, ‘পৰিচয়বিহীন...’ আদি সৰ্বকালৰ অনেক জনপ্ৰিয় গীতৰ সুৰকাৰ হৈছে জে পি দাস।
-
দশৰথ দাস
দশৰথ দাস (Dasarath Das; ১৯ নবেম্বৰ ১৯৪২-২১ অক্টোবৰ ২০২৩ অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ এজন সংগীত পৰিচালক আৰু কণ্ঠশিল্পী আছিল। তেওঁ দুখন অসমীয়া চলচ্চিত্ৰ সেন্দূৰ আৰু ৰেলৰ আলিৰ দুবৰী বনৰো সংগীত পৰিচালনা কৰিছে।
-
নন্দ বেনাৰ্জী
নন্দ বেনাৰ্জী (Nanda Banerjee) অসমৰ এগৰাকী সুৰকাৰ, বাদ্যযন্ত্ৰী, সংগীতশিল্পী আৰু সংগীত পৰিচালক আছিল৷ একাধিক তথ্যচিত্ৰ, ধাৰাবাহিক, গীত সংকলনৰ লগতে তেখেতে 'স্নেহবন্ধন', 'জনকনন্দিনী' আদি অসমীয়া চলচ্চিত্ৰত সংগীত পৰিচালক হিচাপে কাম কৰিছিল ৷ শাস্ত্ৰীয় আৰু পাশ্চাত্য সংগীতত বিশেষভাৱে বিচৰণ কৰা…
-
মন্মথ বৈশ্য
মন্মথ বৈশ্য অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, শিক্ষাবিদ। অসমীয়া লোকসংগীতৰ জগতখনলৈ, বিশেষকৈ কামৰূপী লোকগীতৰ উন্নতিৰ হকে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল।
-
সোমনাথ বড়া
সোমনাথ বড়া একাধাৰে গীতিকাৰ, সুৰকাৰ, ঢোলবাদক, সংগীত পৰিচালক৷ অসমীয়া সংগীতৰ কেছেটৰ যুগটোৰ শিল্পী সকলৰ ভিতৰত সোমনাথ বড়াৰ নাম উল্লেখযোগ্য৷ বিহুগীত, টোকাৰী গীত আৰু বিশেষকৈ ঢোল বাদনৰ ক্ষেত্ৰখনত তেওঁ খ্যাতি অৰ্জন কৰিছে৷ ঢোল বাদ্যক বিশ্বৰ আগত প্ৰতিষ্ঠা কৰি দিয়াত বড়াৰ অৱদান আছে৷ বৰ্তমান তেওঁ বিহু নাচ…
-
হীৰেন গোহাঁই (সংগীতজ্ঞ)
হীৰেন গোহাঁই (Hiren Gohain) ষাঠিৰ দশকৰ পৰাই আকাশবাণীৰ গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰৰ এগৰাকী ঘোষক, সুৰকাৰ তথা সংগীত পৰিচালক৷ সংগীতৰ জগতলৈ তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে অসম চৰকাৰে হীৰেন গোহাঁইলৈ ২০১২-১৩ বৰ্ষৰ শিল্পী বঁটা আগবঢ়াইছে৷