অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

নেচনেল কেডেট কৰ্পছ (ভাৰত)

নেচনেল কেডেট কৰ্পছ চমুকৈ এন চি চি (The National Cadet Corps (NCC)) ভাৰতীয় সশস্ত্ৰ বাহিনীৰ যুৱ শাখা, ইয়াৰ মুখ্য কাৰ্যালয় ভাৰতৰ নতুন দিল্লীত আছে। ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাক লৈ গঠিত ট্ৰাই-চাৰ্ভিচ অৰ্গেনাইজেচনৰ অংশ হিচাপে স্কুল আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি আৰু ই স্বেচ্ছামূলক৷…

হালনাগাদ: ২১ জুন ২০২৫ ১,৪৬৪ শব্দ · ৮ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ
NCC - Kolhapur.jpg
ছবি: Iamunmesh · CC BY-SA 4.0

নেচনেল কেডেট কৰ্পছ চমুকৈ এন চি চি (The National Cadet Corps (NCC)) ভাৰতীয় সশস্ত্ৰ বাহিনীৰ যুৱ শাখা, ইয়াৰ মুখ্য কাৰ্যালয় ভাৰতৰ নতুন দিল্লীত আছে। ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাক লৈ গঠিত ট্ৰাই-চাৰ্ভিচ অৰ্গেনাইজেচনৰ অংশ হিচাপে স্কুল আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি আৰু ই স্বেচ্ছামূলক৷ কেডেটসকলক ক্ষুদ্ৰ অস্ত্ৰ আৰু ড্ৰিলৰ মৌলিক সামৰিক প্ৰশিক্ষণ দিয়া হয়। বিষয়া আৰু কেডেটসকলে নিজৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত সক্ৰিয় সামৰিক সেৱাৰ কোনো দায়িত্বত নাথাকে।

ইতিহাস

১৯৪৮ চনত ভাৰতত এন চি চি গঠন হৈছিল। সেনাবাহিনীৰ জোৱানৰ অভাৱ পূৰণৰ উদ্দেশ্যেৰে ভাৰতীয় প্ৰতিৰক্ষা আইন ১৯১৭ৰ অধীনত গঠন হোৱা ‘ইউনিভাৰ্চিটি কৰ্পছ’ৰ পৰাই ইয়াৰ সূত্ৰপাত হোৱা বুলি ধৰিব পাৰি। ১৯২০ চনত যেতিয়া ইণ্ডিয়ান টেৰিটৰিয়েল এক্ট গৃহীত হয়, তেতিয়া ‘ইউনিভাৰ্চিটি কৰ্পছ’ৰ ঠাইত ইউনিভাৰ্চিটি ট্ৰেইনিং কৰ্পছ (UTC) গঠন কৰা হয়। লক্ষ্য আছিল ইউটিচিৰ মৰ্যাদা উন্নীত কৰি যুৱক-যুৱতীসকলৰ বাবে অধিক আকৰ্ষণীয় কৰি তোলা। ইউটিচিৰ বিষয়া আৰু কেডেটসকলে সেনাবাহিনীৰ ইউনিফৰ্ম পিন্ধে। ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ‘ভাৰতীয়কৰণ’ৰ দিশত ই এক উল্লেখযোগ্য পদক্ষেপ আছিল। ইয়াৰ নাম সলনি কৰি “ইউ অ’ টি চি’’ ৰখা হৈছিল যাতে নেশ্যনেল কেডেট কৰ্পছক ১৯৪২ চনত ভাৰত চৰকাৰে স্থাপন কৰা ইউনিভাৰ্চিটি অফিচাৰ্ছ ট্ৰেইনিং কৰ্পছ (UOTC)ৰ উত্তৰাধিকাৰী বুলি ধৰিব পাৰি। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বৃটিছে আশা কৰাৰ দৰে ইউঅ’টিচি নিৰ্ধাৰিত স্থানত উপনীত নহ’ল। ইয়ে শান্তিৰ সময়তো অধিক যুৱকক উন্নত ধৰণে প্ৰশিক্ষণ দিব পৰা কিছুমান উন্নত আঁচনি গঠন কৰাৰ ধাৰণাৰ জন্ম দিয়ে৷ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ১৯৪৮ চনৰ নৱেম্বৰৰ অন্তিম দেওবাৰে দিল্লীত প্ৰথম এন চি চি ইউনিট উন্নীতকৰণৰ অনুষ্ঠানৰ সভাপতিত্ব কৰে। তেতিয়াৰে পৰা এই দিনটো পৰম্পৰাগতভাৱে ‘এন চি চি দিৱস’ হিচাপে পালন কৰা হয়। এইচ. এন. কুঞ্জৰুৰ নেতৃত্বত গঠিত এখন কমিটীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত বিদ্যালয় আৰু বিশ্ববিদ্যালয়ত কেডেট সংগঠন স্থাপনৰ পৰামৰ্শ দিছিল। গৱৰ্ণৰ জেনেৰেলে soldier youth foundation Act গ্ৰহণ কৰে আৰু ১৯৫০ চনৰ ১৫ জুলাইৰ পৰা soldier youth foundationৰ অস্তিত্ব আৰম্ভ হয়।

১৯৪৯ চনত স্কুল আৰু কলেজলৈ যোৱা ছোৱালীক সমান সুযোগ দিয়াৰ উদ্দেশ্যে 'এন চি চি’ত ছোৱালী বিভাগ গঠন কৰা হয়। ১৯৫০ চনত এয়াৰ উইং সংযোজন কৰাৰ লগে লগে এনচিচিক আন্তঃসেৱাৰ ভাবমূৰ্তি দিয়া হৈছিল আৰু তাৰ পিছত ১৯৫২ চনত নেভাল উইং অন্তৰ্ভূক্ত কৰা হয়৷ সেইবছৰেই এন চি চিৰ বৃদ্ধিৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ প্ৰয়াত পণ্ডিত জৱাহৰলাল নেহৰুৰ নিৰ্দেশত সামাজিক/সাম্প্ৰদায়িক সেৱা হিচাপে পাঠ্যক্ৰম বৃদ্ধি কৰা হয়। ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ পিছত জাতিটোৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ১৯৬৩ চনত এনচিচি প্ৰশিক্ষণ বাধ্যতামূলক কৰা হয়। অৱশ্যে ১৯৬৮ চনত এই কাম বন্ধ কৰি কৰ্পছক পুনৰ স্বেচ্ছামূলক কৰা হয়।১

১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধ আৰু ১৯৭১ চনৰ বাংলাদেশ-পাকিস্তান যুদ্ধৰ সময়ত এনচিচিৰ কেডেটসকল আছিল প্ৰতিৰক্ষা দ্বিতীয় শাৰীত। তেওঁলোকে অস্ত্ৰ-শস্ত্ৰৰ কাৰখানাসমূহক সহায় কৰিবলৈ শিবিৰৰ আয়োজন কৰিছিল, ফ্ৰণ্টলৈ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ যোগান ধৰিছিল আৰু শত্ৰুৰ পেৰাট্ৰুপাৰক ধৰিবলৈও টহলদাৰী দল হিচাপে কাম কৰিছিল। এনচিচিৰ কেডেটসকলে অসামৰিক প্ৰতিৰক্ষা কৰ্তৃপক্ষৰ সৈতেও হাতে-কামে কাম কৰিছিল আৰু উদ্ধাৰকাৰ্য আৰু যান-বাহন নিয়ন্ত্ৰণত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।২

১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধৰ পিছত এন চি চিৰ পাঠ্যক্ৰম সংশোধন কৰা হয়। কেৱল প্ৰতিৰক্ষাৰ দ্বিতীয় শাৰী হোৱাতকৈ সংশোধিত এনচিচিৰ পাঠ্যক্ৰমটোৱে নেতৃত্ব দিয়া আৰু বিষয়াৰ থাকিবলগীয়া গুণৰ বিকাশৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। এনচিচিৰ কেডেটসকলে যি সামৰিক প্ৰশিক্ষণ লাভ কৰিছিল, সেয়া হ্ৰাস কৰি সমাজ সেৱা আৰু যুৱ পৰিচালনাক অধিক গুৰুত্ব দিয়া হৈছিল।

মূলমন্ত্ৰ আৰু লক্ষ্য

এন চি চিৰ মূলমন্ত্ৰ কি হ’ব, সেই সম্পৰ্কে আলোচনা আৰম্ভ হৈছিল ১৯৭৮ চনৰ ১১ আগষ্টত অনুষ্ঠিত একাদশ কেন্দ্ৰীয় পৰামৰ্শদাতা সভা (চি এ চি)ত। সেই সময়ত "কৰ্তব্য আৰু জ্ঞান"ৰ দৰে বহুতো মূলমন্ত্ৰৰ ধাৰণা কৰা হৈছিল; যেনে, "কৰ্তব্য, ঐক্য আৰু অনুশাসন"; "কৰ্তব্য আৰু ঐক্য"; "ঐক্য আৰু অনুশাসন"। পিছলৈ ১৯৮০ চনৰ ১২ অক্টোবৰত অনুষ্ঠিত হোৱা দ্বাদশ চিএচিৰ বৈঠকত তেওঁলোকে এনচিচিৰ মূলমন্ত্ৰ হিচাপে "ঐক্য আৰু অনুশাসন" নিৰ্বাচন কৰি ঘোষণা কৰে।৩ এই মূলমন্ত্ৰ অনুসৰি সংস্থাটোৱে কাৰ্যক্ষম হৈ থকাৰ ক্ষেত্ৰত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱক-যুৱতীসকলক একত্ৰিত কৰি জাতিটোৰ ঐক্যবদ্ধ আৰু অনুশাসিত নাগৰিক হিচাপে গঢ় দি জাতিটোৰ অন্যতম বৃহৎ সংহত শক্তি হ'বলৈ চেষ্টা কৰে আৰু আছে"।

গঠন

এন চি চিৰ নেতৃত্বত আছে ত্ৰি-তাৰকা (Three Star) প্ৰাপ্ত বিষয়া সঞ্চালক প্ৰধানে (DG)। ডিজিক সহায় কৰে দ্বি-তাৰকা (Two Star) পদবীৰ দুজন অতিৰিক্ত সঞ্চালক প্ৰধানে (ক আৰু খ, মেজৰ জেনেৰেল, ৰিয়াৰ এডমিৰেল বা এয়াৰ ভাইচ মাৰ্শ্বাল)। পাঁচজন ব্ৰিগেডিয়াৰ পৰ্যায়ৰ বিষয়া আৰু অন্যান্য অসামৰিক বিষয়াইও তেওঁক সহায় কৰে।

এন চি চিৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত। সাংগঠনিক গাঁথনি তলত দিয়া ধৰণৰ:

  • সঞ্চালকালয়:– এন চি চিৰ বাবে ৰাজ্যৰ ৰাজধানীসমূহত ১৭টা সঞ্চালকালয়৪ আছে আৰু ইয়াৰ নেতৃত্বত আছে তিনিওটা সেৱাৰ পৰা অহা মেজৰ জেনেৰেল পদবীৰ এজন বিষয়া।
  • ডিভিজন / ৰেজিমেণ্ট কৰ্প:– ক্ৰমে মুম্বাই, দিল্লী আৰু বাংগালুৰুত এনে ৩টা বিশেষ কৰ্প অৱস্থিত। তেওঁলোক ৰাজ্যিক সঞ্চালকালয়ৰ পৰা স্বাধীন আৰু মুখ্য কাৰ্যালয়ত প্ৰতিবেদন দাখিল কৰে। এই বিভাগসমূহে নিয়মীয়া এনচিচিৰ সহায়ক কাৰ্য্য গঠন কৰে। প্ৰত্যেকৰে নেতৃত্বত থাকে এজন জ্যেষ্ঠ বিষয়া(লেফটেনেণ্ট) জেনেৰেলৰ সমতুল্য পদবী। আভ্যন্তৰীণ পৰিক্ৰমা, প্ৰশাসন, উন্নয়ন আৰু গৱেষণা: লেফটেনেণ্ট জেনেৰেল [SUO] অৰবিন্দ শেখৰ (নতুন দিল্লী)। নিযুক্তি, প্ৰশিক্ষণ, জনসংযোগ আৰু এইচ আৰ: লেফটেনেণ্ট জেনেৰেল [SUO] পৃথ্বী পন্ত নেগী (মুম্বাই)। বিশেষ বাহিনী, পদাতিক বাহিনী, বীৰত্ব সমিতি আৰু প্ৰশংসা: লেফটেনেণ্ট জেনেৰেল [SUO] ভৱ চেলিমাথ (বাংগালুৰু)।
  • গোট:– ৰাজ্যসমূহৰ আকাৰ আৰু এনচিচিৰ পৰিসৰ বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি সঞ্চালকালয়সমূহৰ অধীনত ১৪টালৈকে গ্ৰুপ মুখ্য কাৰ্যালয় থাকে, যাৰ জৰিয়তে তেওঁলোকে ৰাজ্যখনত সংস্থাটোৰ ওপৰত নিজৰ আদেশ আৰু নিয়ন্ত্ৰণ পৰিচালনা কৰে। প্ৰতিটো গোটৰ নেতৃত্বত গ্ৰুপ কমাণ্ডাৰ নামেৰে জনাজাত ব্ৰিগেডিয়াৰ বা সমতুল্য পদবীৰ এজন বিষয়া থাকে।
  • বেটেলিয়ন:- প্ৰতিটো এনচিচি গ্ৰুপৰ মুখ্য কাৰ্যালয়ে কৰ্ণেল/লেফটেনেণ্ট কৰ্ণেল বা সমতুল্যৰ কমাণ্ডত ৫–৭টা ইউনিট নিয়ন্ত্ৰণ কৰে।
  • কোম্পানী:– প্ৰতিটো বেটেলিয়নত কিছুমান কোম্পানী থাকে, যিবোৰ লেফটেনেণ্টৰ পৰা মেজৰলৈকে ৰেংকৰ এছ’চিয়েট এনচিচি অফিচাৰ (এএনঅ’)ৰ দ্বাৰা কমাণ্ড কৰা হয়।

মুঠতে সমগ্ৰ দেশত এন চি চিৰ ৯৬টা গ্ৰুপ হেডকোৱাৰ্টাৰ আছে, যিয়ে ৭০০টা সেনাবাহিনীৰ উইং ইউনিট (কাৰিকৰী আৰু গাৰ্লছ ইউনিটকে ধৰি), ৭৩টা নৌসেনাৰ উইং ইউনিট আৰু ৬৪টা এয়াৰ স্কোয়াড্ৰনৰ নেটৱৰ্ক নিয়ন্ত্ৰণ কৰে। কম্পটী (নাগপুৰ, মহাৰাষ্ট্ৰ)ৰ বিষয়া প্ৰশিক্ষণ বিদ্যালয় আৰু গোৱালিয়ৰৰ মহিলা বিষয়া প্ৰশিক্ষণ বিদ্যালয়, দুটা প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে। ইয়াত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষকসকলক তিনিমাহৰ সামৰিক প্ৰশিক্ষণ দিয়া হয়। প্ৰশিক্ষণৰ অন্তত তেওঁলোকে সহযোগী এন চি চি বিষয়া (Associate NCC Officer বা ANO) হিচাপে কাৰ্যনিৰ্বাহ কৰে। চিনিয়ৰ ডিভিজনৰ ANO সকলক ক্ৰমে লেফ্‌টেনেণ্ট, কেপ্তেইন আৰু মেজৰ ৰেংক দিয়া হয়। ইয়াৰ উপৰিও সমগ্ৰ ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলক বিশ্ববিদ্যালয়ত এনচিচিৰ সমৰ্থনত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে কমাণ্ডেণ্টৰ সন্মানীয় পদবী প্ৰদান কৰা হয়৷

পঞ্চম কেৰালা নৌসেনা ইউনিট এনচিচি, চাংগনাচেৰী (কোট্টায়ম, কেৰালা)ৰ দ্বাৰা প্ৰস্তুত কৰা পিআই কৰ্মচাৰীৰ বাবে এখন ৰেফাৰেন্স বুক
পঞ্চম কেৰালা নৌসেনা ইউনিট এনচিচি, চাংগনাচেৰী (কোট্টায়ম, কেৰালা)ৰ দ্বাৰা প্ৰস্তুত কৰা পিআই কৰ্মচাৰীৰ বাবে এখন ৰেফাৰেন্স বুকছবি: Hari212 · CC BY-SA 4.0

ইউনিট

এই ১৭টা সঞ্চালকালয়ক সেনা, নৌসেনা আৰু বায়ু, এই তিনিটা সেৱা গোটত বিভক্ত মুঠ ৮৩৭টা ইউনিটত ভাগ কৰা হৈছে। সেইবোৰৰ ভিতৰত ৭০০ টা সেনা, ৭৩ টা নৌসেনা আৰু ৬৪ টা এয়াৰ ইউনিট।৫

সেনাবাহিনীৰ এনচিচি ইউনিটৰ প্ৰকাৰ আৰু ইয়াৰ সংখ্যা তলত দিয়া হৈছে:-

Type of UnitNumber
ARMD SQN১১
ARTY REGT০৩
ARTY BTY২০
ENGR REGT০২
ENGR COY১১
SIG REGT০১
SIG COY১৩
MED BN০২
MED COY১১
R&V REGT০৩
R&V COY১৫
EME BN০২
EME COY০৬
CTR১১
CTC১২
INF BN৩৬৯
INF INDEP COY৪৬
GIRLS BN৯৭
GIRLS INDEP COY১২

JD ল’ৰা আৰু JW ছোৱালীক আৰ্মি উইঙত কোম্পানী চাৰ্জেণ্ট মেজৰ(চি এছ এম)লৈকে পদবী দিয়া হয়। কেৱল SD ল’ৰা আৰু SW ছোৱালীকহে আৰ্মি উইঙত চি এছ এমৰ ওপৰত ৰেংক দিয়া হয়। বায়ুসেনা আৰু নৌসেনা উইংছত JD ল'ৰা আৰু JW ছোৱালীক কেৱল কেডেট ৱাৰেণ্ট অফিচাৰ/পেটি অফিচাৰ কেডেটলৈকে আৰু SD ল'ৰা আৰু SW ছোৱালীক কেডেট ৱাৰেণ্ট অফিচাৰ/পেটি অফিচাৰ কেডেটৰ ওপৰৰ পদবী দিয়া হয়।৬৭

ৰেংক

+এন চি চিৰ পদবী আৰু পৰিচয়সূচক প্ৰতীকUnder Officer ranksSNCO ranksJNCO ranksJunior Cadets
Army Wing InsigniaNCC Army SUO.svgNCC Army JUO.svgArm Band CSM.jpgCQMS Army Wing.jpgNCC Army SGT.svgNCC Army CPL.svgNo insignia
Army Wing RanksCadet Senior Under Officer (CSUO)Cadet Junior Under Officer (CJUO)Company Sergeant Major (CSM)Company Quartermaster Sergeant (CQMS)Sergeant (SGT)Corporal (CPL)Lance Corporal (L/CPL)Cadet (CDT)
Navy Wing InsigniaNo EquivalentNo insigniaNo insignia
Navy Wing RanksSenior Cadet Captain (SCC)Cadet Captain (CC)Petty Officer Cadet (PO CDT)Leading Cadet (LC)Naval Cadet I (NC I)Naval Cadet II (NC II)
Air Force Wing InsigniaNo insignia
Air Force Wing RanksCadet Senior Under Officer (CSUO)Cadet Under Officer (CUO)Cadet Warrant Officer (CWO)Sergeant (SGT)Corporal (CPL)Leading Flight Cadet (LFC)Flight Cadet (FC)

প্ৰশিক্ষণ

SD আৰু SW ৰ বাবে মুঠ প্ৰশিক্ষণৰ সময়সীমা ৩ বছৰ আৰু ১ বছৰৰ বৃদ্ধি অনুমোদন কৰা হয় আৰু JD আৰু JWৰ বাবে প্ৰশিক্ষণৰ সময়সীমা ২ বছৰ। ছিনিয়ৰ বা জুনিয়ৰ বিভাগৰ প্ৰতিজন কেডেটে প্ৰশিক্ষণ বৰ্ষত প্ৰতি সপ্তাহত কমেও ৪ ঘণ্টাৰ বাবে সেৱা প্ৰশিক্ষণ ল’ব লাগে। কিন্তু যি সময়ছোৱাত কেডেটক নামভৰ্তি কৰা কলেজ বা বিদ্যালয়খন ছুটীৰ বাবে বন্ধ হৈ থাকে, সেই সময়ছোৱাত কোনো প্ৰশিক্ষণ দিয়া নহয়। চিনিয়ৰ আৰু জুনিয়ৰ বিভাগৰ প্ৰতিজন কেডেটে বাৰ্ষিক কলেজ আৰু স্কুলৰ অধিৱেশনত মুঠ ঘণ্টাৰ নূন্যতম ৭৫% সময়ৰ বাবে সেৱা প্ৰশিক্ষণ গ্ৰহণ কৰে। প্ৰতিজন কেডেটে (জে ডিৰ ক্ষেত্ৰত, যিয়ে সম্পূৰ্ণ এবছৰৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে আৰু দ্বিতীয় বৰ্ষত আছে) ৯–১০ দিনৰ বাৰ্ষিক প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে, যাক ৰাষ্ট্ৰীয় সংযুক্ত বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ বুলিও কোৱা হয়। SD/SW ৰ বাবে সময়সীমা সাধাৰণতে ৩০ দিন পৰ্যন্ত হয়। শিবিৰৰ প্ৰশিক্ষণৰ শেষত কেডেটসকলে সফলতাৰে সম্পূৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰ লাভ কৰে।

পৰীক্ষা আৰু প্ৰমাণপত্ৰ

এন চি চিত তিনিখন প্ৰমাণপত্ৰ দিয়া হয়। তলত ইয়াৰ বিষয়ে তলৰ পৰা ওপৰৰ প্ৰমাণপত্ৰলৈ বৰ্ণনা কৰা হ’ল:-

  • প্ৰমাণপত্ৰ A:- ইয়াক এনচিচিৰ JD/JW কেডেটসকলে ল’ব পাৰে, ৮ আৰু ৯ আৰু দশম শ্ৰেণীৰ সময়ছোৱাত। সেই শ্ৰেণীবোৰত উত্তীৰ্ণ হোৱাৰ পিছত ইয়াক লাভ কৰিব নোৱাৰি। JD/JW এনচিচি (অল উইংছ)ৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে পাঠ্যক্ৰমত নিৰ্ধাৰিত মুঠ প্ৰশিক্ষণৰ সময়ছোৱাৰ ন্যূনতম ৭৫% প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিব লাগিব। প্ৰাৰ্থীজনে এটা বাৰ্ষিক প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰা হ’ব লাগিব।
  • প্ৰমাণপত্ৰ B:- ইয়াক এনচিচিৰ SD/SW কেডেটসকলে, দশম শ্ৰেণীৰ পিছত আৰু ডিগ্ৰীৰ বাবে অধ্যয়ন কৰাসকলে ল’ব পাৰে। প্ৰাৰ্থীজনে SD/SW এনচিচি (অল উইংছ)ৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে পাঠ্যক্ৰমত নিৰ্ধাৰিত মুঠ প্ৰশিক্ষণৰ ন্যূনতম ৭৫% সময়সীমাত অংশগ্ৰহণ কৰিব লাগিব। কেডেটজনে এটা বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ/এন আই চিত অংশগ্ৰহণ কৰা হ’ব লাগিব। A প্ৰমাণপত্ৰৰ অধিকাৰী কেডেটক ১০টা বোনাছ নম্বৰ প্ৰদান কৰা হয়। এজন এয়াৰ উইং কেডেটে ন্যূনতম ১০টা গ্লাইডাৰ লঞ্চ কৰিব লাগিব।
  • প্ৰমাণপত্ৰ C:- ই এনচিচি কেডেটৰ বাবে সৰ্বোচ্চ পৰ্যায়ৰ প্ৰমাণপত্ৰ। ইয়াক প্ৰশিক্ষণৰ তৃতীয় বৰ্ষত, ডিগ্ৰী পাঠ্যক্ৰমৰ তৃতীয় বৰ্ষত ল’ব পাৰি। যিসকলৰ B প্ৰমাণপত্ৰ আছে, তেওঁলোকে +2 ৰ পিছত প্ৰথম বছৰত, আৰু ডিগ্ৰীৰ প্ৰথম বছৰত লব পাৰে। কেডেটজনে দুটা বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ বা এটা বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ আৰু তলত দিয়া এটাত অংশগ্ৰহণ কৰিব লাগিব: আৰ ডি শিবিৰ দিল্লী, কেন্দ্ৰীয়ভাৱে সংগঠিত শিবিৰ, পেৰা প্ৰশিক্ষণ শিবিৰ, সেৱা ইউনিটৰ সৈতে সংলগ্ন প্ৰশিক্ষণ, ৰাষ্ট্ৰীয় সংহতি শিবিৰ, যুৱ বিনিময় কাৰ্যসূচী, বা বিদেশী ক্ৰুজ( কেৱল নেভি উইং) আদিত।

গ্ৰেড

তিনিখন প্ৰমাণপত্ৰ প্ৰদান কৰা হয়: ‘A’ গ্ৰেড, ‘B’ গ্ৰেড, আৰু ‘C’ গ্ৰেড।

এজন কেডেটে পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ প্ৰতিখন কাকতত ৪৫% নম্বৰ আৰু এগ্ৰিগেটত ৫০% নম্বৰ লাভ কৰিব লাগিব। গ্ৰেডিং কৰা হয় লাভ কৰা মুঠ নম্বৰৰ ওপৰত ভিত্তি কৰি তলত দিয়া ধৰণে। গ্ৰেডি ‘A’ – ৮০% আৰু তাতকৈ অধিক নম্বৰ লাভ কৰা কেডেট, ‘B’ গ্ৰেডি – ৬৫% আৰু তাৰ ওপৰৰ কিন্তু ৮০%ৰ তলত লাভ কৰা কেডেট, ‘C’ গ্ৰেডি – ৫০% আৰু তাৰ ওপৰৰ কিন্তু ৬৫%ৰ তলত লাভ কৰা কেডেট৷ ফেইল কেডেট- যিকোনো কাকতত ৪৫%তকৈ কম বা মুঠতে ৫০%তকৈ কম লাভ কৰা।

তথ্যসূত্ৰ

  1. ↑ Handbook NCC. Directorate of Tamil Nadu
  2. ↑ Paramilitary Forces of India. Mr.M.C. Sharma
  3. ↑ Motto of NCC · National Cadet Corps. nccindia.nic.in
  4. ↑ Directorates. ভাৰত চৰকাৰ
  5. ↑ RTI application. NCC, India
  6. ↑ India, NCC. National Cadet Corps Act. indiancc.nic.in. NCC
  7. ↑ India, NCC. Hand Book. indiancc.nic.in. NCC

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ স্বেচ্ছাসেৱী সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেচনেল কেডেট কৰ্পছ (ভাৰত)” প্ৰবন্ধৰ সংশোধন ৫১৯৭৫১ (২১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।