অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

দুৰ্গা বাহিনী

দুৰ্গা বাহিনী ( Durga Vahini ) হৈছে বিশ্ব হিন্দু পৰিষদৰ (VHP) মহিলা শাখা। ইয়াক ১৯৯১ চনত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হৈছে সাধ্বী ৰিথম্বৰা। বিশ্ব হিন্দু পৰিষদৰ মতে দুৰ্গা বাহিনীৰ উদ্দেশ্য হৈছে অধিক মহিলাক প্ৰাৰ্থনা সভা আৰু সাংস্কৃতিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩১২ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

দুৰ্গা বাহিনী ( Durga Vahini ) হৈছে বিশ্ব হিন্দু পৰিষদৰ (VHP) মহিলা শাখা। ইয়াক ১৯৯১ চনত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হৈছে সাধ্বী ৰিথম্বৰা। বিশ্ব হিন্দু পৰিষদৰ মতে দুৰ্গা বাহিনীৰ উদ্দেশ্য হৈছে অধিক মহিলাক প্ৰাৰ্থনা সভা আৰু সাংস্কৃতিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা। সংগঠনটোৰ এগৰাকী জ্যেষ্ঠনেত্ৰী কল্পনা ব্যাসে কয় যে দুৰ্গা বাহিনীৰ সদস্যসকলে নিজকে ‘শাৰীৰিক, মানসিক আৰু জ্ঞান বিকাশৰ বাবে’ সমৰ্পিত কৰে। [1] সংগঠনটোৰ উদ্দেশ্য হৈছে সংকটৰ সময়ত হিন্দু পৰিয়ালক সহায় কৰি সামাজিক সেৱা প্ৰদান কৰা আৰু হিন্দু সংহতি প্ৰতিষ্ঠা কৰা।১ ব্যাসৰ মতে ২০০২ চনলৈকে সংগঠনটোৰটোৰ মুঠ সদস্য সংখ্যা ৮,০০০ আৰু ইয়াৰে ১,০০০ সদস্য আহমেদাবাদৰ।২

সক্ৰিয়তা আৰু আদৰ্শ

দুৰ্গা বাহিনীক প্ৰায়ে কঠোৰপন্থী বজৰংগ দলৰ মহিলা মুখ বুলি গণ্য কৰা হয়[1] আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ বিৰুদ্ধে প্ৰৰোচিত কৰাত সক্ৰিয়ভাৱে অৰিহণা যোগোৱাৰ অভিযোগ উত্থাপিত হৈছে। সংগঠনটোক এক সোঁপন্থী ধৰ্মীয় মৌলবাদী গোট হিচাপে বৰ্ণনা কৰা হৈছে।৩

দুৰ্গা বাহিনীয়ে আগ্ৰাসী ৰূপত নিম্ন উপাৰ্জনকাৰী আৰু নিম্ন বৰ্ণৰ পৰিয়ালৰ যুৱতীসকলক সভ্যভৰ্তি কৰে। সভ্যসকলে কাৰাটে আৰু লাঠিযুঁজ শিকে আৰু দলীয় আদৰ্শৰ শিক্ষাগ্ৰহণ কৰে। বিপজ্জনক কামবোৰৰ মুখামুখী হ’বলৈ যথেষ্ট শাৰীৰিক শক্তিৰ প্ৰয়োজন হোৱাৰ বাবে সংগঠনটোৱে বিশেষকৈ যুৱতীসকলক নিয়োগ কৰে; বিশেষকৈ তেওঁলোকে শত্ৰু বুলি ভবা মুছলমান লোকসকলৰ সন্মুখীন হ’বলৈ।৪৫

১৯৯০ চনৰ ১৬ মাৰ্চত সংঘটিত হোৱা বিজনোৰ দাঙ্গাত দুৰ্গা বাহিনীৰ কৰ্মীসকলে বিজনোৰৰ মুছলমান লোকসকলে বাস কৰা অঞ্চলৰ মাজেৰে হিন্দুলোকৰ এক শোভাযাত্ৰা আয়োজন কৰি প্ৰৰোচনামূলক শ্লোগান দিয়ে; যাৰবাবে হিংসা ঘটনাৰ সূত্ৰপাত হয়। ৬

২০০২ চনৰ ১৬ মাৰ্চত দুৰ্গা বাহিনীৰ কৰ্মীসকলে অযোধ্যাত সন্মুখ সমৰত অংশগ্ৰহণ কৰাৰ লক্ষ্যৰে বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ কৰ্মীসকলৰ সৈতে ওড়িশাৰ বিধানসভাত মূৰত গেৰুৱা কাপোৰ বান্ধি হাতত ত্ৰিশূল লৈ ধংসাত্মক কাৰ্যকলাপত লিপ্ত হয়। ৭

দুৰ্গা বাহিনী ২০০২ চনৰ গুজৰাট হিংসাত জড়িত থকাৰ অভিযোগ উত্থাপিত হয়। অৱ্শ্যে সংগঠনটোৱে এনে অভিযোগ অস্বীকাৰ কৰিছে। হিংসাত দুৰ্গা বাহিনীৰ ভূমিকা সন্দৰ্ভত বিশ্ব হিন্দু পৰিষদৰ মুখপাত্ৰ কৌশিকবাহী মেহতাই কয়, কেৱল বিধৱা আৰু গোধৰা কাণ্ডৰ ভুক্তভোগীসকলৰ যত্ন লোৱাৰ বাহিৰে বিশ্ব হিন্দু পৰিষদৰ গুজৰাট হিংসাৰ সৈতে কোনো সম্পৰ্ক নাছিল। দুৰ্গা বাহিনীৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য। কিন্তু বহুলোকে দাবী কৰিছিল যে বগা চুৰিদাৰ পৰিহিত ছোৱালীবোৰ হিংসাত জড়িত আছিল।৮

বাহ্যিক সংযোগ

  • Durga Vahini, বিশ্ব হিন্দু পৰিষদৰ ৱেবচাইট।

তথ্যসূত্ৰ

  1. ↑ Patricia Jeffery, Amrita Basu. (1997). Appropriating Gender: Women's Activism and Politicized Religion in South Asia. Routledge. পৃ. 168. ISBN 0-415-91866-9
  2. ↑ (2002-04-11). Women 'Ram Bhakt' hog limelight. The Tribune
  3. ↑ Fiona Wilson, Bodil Folke Frederiksen. (1995). Ethnicity, Gender, and the Subversion of Nationalism. Routledge. পৃ. 91. ISBN 0-7146-4155-3
  4. ↑ Joanna Kerr, Alison Symington. (2005). The Future of Women's Rights. Zed Books. পৃ. 81. ISBN 1-84277-459-X
  5. ↑ (1995). Feminist Review: Issue 49. Routledge. পৃ. 13. ISBN 0-415-12375-5
  6. ↑ David E. Ludden. (1996). Contesting the Nation: Religion, Community, and the Politics of Democracy in India. University of Pennsylvania Press. পৃ. 77. ISBN 0-8122-1585-0
  7. ↑ S. Anand. (2008-01-19). Next Stop Orissa. Tehelka
  8. ↑ Anjum Niaz. (2002-09-01). 'Stop funding fascist Hindus!'. Dawn

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ স্বেচ্ছাসেৱী সংগঠনভাৰতৰ মহিলা সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুৰ্গা বাহিনী” প্ৰবন্ধৰ সংশোধন ৬৩১১৩১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।