ভাৰতৰ স্বেচ্ছাসেৱী সংগঠন
৮ প্ৰবন্ধ
-
সদৌ অসম ছাত্ৰ সন্থা
সদৌ অসম ছাত্ৰ সন্থা অসমৰ এক প্ৰধান ছাত্ৰ সংগঠন, যি ছাত্ৰসমাজৰ সাংগঠনিক প্ৰতিনিধিত্ব আৰু বিভিন্ন সামাজিক-ৰাজনৈতিক প্ৰসঙ্গত সক্ৰিয় ভূমিকাৰ বাবে পৰিচিত। সংগঠনটোৱে বিশেষকৈ অসম আন্দোলন আৰু তাৰ পাছত হোৱা অসম চুক্তি-সম্পৰ্কীয় ঘটনাপ্ৰবাহ, লগতে নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯-কেন্দ্ৰিক প্ৰতিবাদী আন্দোলনত…
-
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ.এছ.এছ এক ভাৰতীয় সোঁপন্থী, হিন্দু ৰাষ্ট্ৰবাদী, অৰ্ধসামৰিক স্বেচ্ছাসেৱক সংস্থা। ইয়াক ভাৰতৰ শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ পিতৃ অনুষ্ঠান হিচাপে গণ্য কৰা হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ মূলতঃ সংঘ পৰিবাৰৰ এক অংশ আৰু ই সংঘ পৰিবাৰৰ নেতৃত্ব বহন কৰে।
-
নেচনেল কেডেট কৰ্পছ (ভাৰত)
নেচনেল কেডেট কৰ্পছ চমুকৈ এন চি চি (The National Cadet Corps (NCC)) ভাৰতীয় সশস্ত্ৰ বাহিনীৰ যুৱ শাখা, ইয়াৰ মুখ্য কাৰ্যালয় ভাৰতৰ নতুন দিল্লীত আছে। ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাক লৈ গঠিত ট্ৰাই-চাৰ্ভিচ অৰ্গেনাইজেচনৰ অংশ হিচাপে স্কুল আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি আৰু ই স্বেচ্ছামূলক৷…
-
প্ৰেৰণা
প্ৰেৰণা হৈছে যোৰহাট নগৰৰপৰা ৩ কিঃমিঃ দূৰৈৰ চিনামৰাত অৱস্থিত এটা প্ৰতিবন্ধী শিশু বিকাশ কেন্দ্ৰ। এই স্বচ্ছাসেৱী অনুষ্ঠানটোৰ প্ৰতিষ্ঠা কৰিছিল আনোৱাৰ হুচেইন হাজৰিকা আৰু চায়েৰা ৰহমান।
-
সদৌ অসম আইন ছাত্ৰ সন্থা
সদৌ অসম আইন ছাত্ৰ সন্থা (All Assam Law Students Union, চমুকৈ AALSU) অসমৰ সৰ্ববৃহৎ আইনৰ ছাত্ৰৰ সংগঠন। ২০১৬চনৰ ১৬চেপ্তেম্বৰ তাৰিখে অসমৰ আইন মহাবিদ্যালয়সমূহৰ ছাত্ৰৰ দ্বাৰা গঠিত এটি বৃহৎ ছাত্ৰ সংগঠন যিয়ে অসমৰ ছাত্ৰসমাজৰ সমস্যা আৰু জনগনৰ ন্যায়ৰ পক্ষত মাত মাতি আহিছে।
-
টাকাম মিচিং পৰিন কেবাং
টাকাম মিচিং পৰিন কেবাং (টিএমপিকে) হৈছে অসমৰ মিচিং জনগোষ্ঠীৰ এটা ছাত্ৰ সংগঠন। ১৯৭১ চনত উচ্চতৰ মাধ্যমিক বিদ্যালয় জোনাইত এই সংগঠনক প্ৰতিষ্ঠা কৰা হৈছিল আৰু ২০২১ চনত জোনাই বজাৰত মাধ্যমিক ক্ষেত্ৰত ইয়াৰ ৫০ বছৰীয়া সোণালী জয়ন্তী উদযাপন কৰা হয়।
-
দুৰ্গা বাহিনী
দুৰ্গা বাহিনী ( Durga Vahini ) হৈছে বিশ্ব হিন্দু পৰিষদৰ (VHP) মহিলা শাখা। ইয়াক ১৯৯১ চনত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হৈছে সাধ্বী ৰিথম্বৰা। বিশ্ব হিন্দু পৰিষদৰ মতে দুৰ্গা বাহিনীৰ উদ্দেশ্য হৈছে অধিক মহিলাক প্ৰাৰ্থনা সভা আৰু সাংস্কৃতিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা।
-
নগাঁও কুইজ ফ'ৰাম
নগাঁও কুইজ ফ'ৰাম (Nagaon Quiz Forum) ২০১০ চনত অসমৰ নগাঁও জিলাৰ পৰা আত্মপ্ৰকাশকৰা এটি কুইজিকেল সংগঠন। মানদণ্ডসম্পন্ন কুইজৰ প্ৰসাৰ আৰু কুইজৰ মাজেৰে এক সুস্থ শৈক্ষিক বাতাবৰণ সৃষ্টি কৰাই এই সংগঠনৰ মূল উদ্দ্যেশ্য।