ধুন্দুলী ফেঁটী (radiated ratsnake, copperhead rat snake বা copper-headed trinket snake) হৈছে কলুব্ৰিডি পৰিয়ালৰ অন্তৰ্গত এবিধ বিষহীন১ সাপৰ প্ৰজাতি। ফেঁটীসাপৰ দৰে ফেঁট তুলি ই শত্ৰুৰ ফালে খেদা মাৰি আহে। কৃষকৰ বন্ধু সদৃশ এই সাপ সমগ্ৰ মানৱজাতিৰ বাবে উপকাৰী, কাৰণ ইয়াৰ প্ৰধান খাদ্য হৈছে নিগনি।
প্ৰকৃতি
ধুন্দুলী ফেঁটী সাধাৰণতে অতি আক্ৰমাণাত্মক প্ৰক়তিৰ। ইহঁতে নিজকে সুৰক্ষিত কৰাৰ সামৰ্থ্যৰ প্ৰতি অতি আত্মবিশ্বাসী। ফেঁটী আৰু অন্যান্য বিষধৰ সাপ ধৰিব বিচৰাসকলৰ বাবেও ইহঁত এক ভাল প্ৰশিক্ষক সৰ্প।
বিতৰণ
- ইণ্ডোনেছিয়া (সুমাত্ৰা, বাংকা, বৰ্নিও/ক'লমাণ্টন, জাভা),
- মালয়েছিয়া আৰু ব্ৰুণেই (মালয় আৰু পূৱ মালয়েছিয়া); বৰ্নিও,
- ছিংগাপুৰ দ্বীপ,
- ম্যানমাৰ (মাৰ্মাৰ),
- থাইলেণ্ড
- লাউচ, কম্বোডিয়া, ভিয়েটনাম,
- জাপান (ৰয়ুকু দ্বীপপুঞ্জ),
- ভাৰত (অসম, অৰুণাচল প্ৰদেশ (মিয়াও - চাংলাং জিলা, চেঁচা, চিম্পু, ইটানগৰ - পাপুমপাৰে জিলা),
- বাংলাদেশ,
- দক্ষিণ চীন (ফজিয়ান, য়ুনান, গয়াংক্সি, ডংডং, হংকং),
- নেপাল২
তথ্যসূত্ৰ
- ↑ Coelognathus radiatus (Boie, 1827). India Biodiversity Portal
- ↑ Coelognathus radiatus (Boie, 1827) The Reptile Database. (Retrieved 20 Sep. 2014)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধুন্দুলীফেঁটী সাপ” প্ৰবন্ধৰ সংশোধন ৬২২১৯১ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।