চতুৰ্দশ অসম বিধানসভাৰ নিৰ্বাচন ৪ আৰু ৫ এপ্ৰিল, ২০১৬ তাৰিখে অসমৰ মুঠ ১২৬টা বিধানসভা সমষ্টিৰ বাবে দুটাটা পৰ্যায়ত অনুষ্ঠিত হয়। ফলাফল ঘোষণা কৰা হয় ১৯ মে', ২০১৬ তাৰিখে।১ এই নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৮৪.৭২%।২৩ ইয়াৰ পূৰ্বৱতী অসম বিধানসভাৰ নিৰ্বাচনতকৈ এই নিৰ্বাচনত ভোটদানৰ হাৰ যথেষ্ট বৃদ্ধি পায়, ২০১১ চনত ভোটদানৰ হাৰ আছিল ৭৫%।৪
২০১৬ চনত হোৱা এই নিৰ্বাচনত, ২০০১ চনৰ পৰা শাসনত থকা তৰুণ গগৈৰ নেতৃত্বৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰকাৰক পৰাজিত কৰি সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হৈছিল।
পৃষ্ঠভূমি
ইয়াৰ পূৰ্বৰ ত্ৰয়োদশ অসম বিধানসভাৰ নিৰ্বাচন ৪ আৰু ১১ এপ্ৰিল, ২০১১ তাৰিখে ১২৬টা সমষ্টিৰ বাবে দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। ফলাফল ঘোষণা কৰা হৈছিল ১৩ মাৰ্চ, ২০১১ তাৰিখে।৫ সেই নিৰ্বাচনত ৭৮খন আসন লাভ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছে নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল আৰু তৰুণ গগৈয়ে একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰিছিল।৬
ফলাফল
| দল আৰু মিত্ৰদল | জনপ্ৰিয় ভোট | আসন | ||||
|---|---|---|---|---|---|---|
| ভোট | % | বিজয়ী | +/- | |||
| ভাৰতীয় জনতা পাৰ্টী | NDA | ৪,৯৯২,১৮৫ | ২৯.৫ | ৬০ | ৫৫ | |
| অসম গণ পৰিষদ | ১,৩৭৭,৪৮২ | ৮.১ | ১৪ | ৫ | ||
| বিপিএফ | ৬৬৬,০৫৭ | ৩.৯ | ১২ | |||
| ৰাভা জাতীয় ঐক্য মঞ্চ | ০ | |||||
| তিৱা জাতীয় ঐক্য মঞ্চ | ০ | |||||
| ভাৰতীয় জাতীয় কংগ্ৰেছ | UPA | ৫,২৩৮,৬৫৫ | ৩০.৯ | ২৬ | ৫৩ | |
| ইউ পি পি এল | ০ | |||||
| এ আই ইউ ডি এফ | G.A | ২,২০৭,৯৪৫ | ১৩.০ | ১৩ | ৫ | |
| জনতা দল (সংযুক্ত) | ১২,৫৩৮ | ০.০৭ | ০ | |||
| ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাক্সবাদী) | বাঁও | ৯৩,৫০৮ | ০.৫৫ | ০ | ||
| ভাৰতীয় কমিউনিষ্ট পাৰ্টি | ৩৭,২৪৩ | ০.২২ | ০ | |||
| নিৰ্দলীয় | ১,৮৬৭,৫৩১ | ১১.০৪ | ১ | ২ | ||
| মুঠ | ১৬৯১৯৩৬৪ | ১০০.০ | ১২৬ | |||
| বৈধ ভোট | ||||||
| অবৈধ ভোট | ||||||
| ভোটদান / হাৰ | ||||||
| পঞ্জীকৃত ভোটাৰ |
তথ্যসূত্ৰ
- ↑ Assembly polls in Assam: Why it's the most interesting electoral battle of 2016
- ↑ Heavy polling points to polarisation
- ↑ More than 90 per cent turnouts mark aggressive Muslim voting in Assam
- ↑ (4 April 2016). Over 78 percent votes cast in Assam polls first phase. ABP Live
- ↑ আৰ্কাইভ কপি
- ↑ (13 May 2011). Congress sweeps Assam, shocks BJP, AGP. Rediff
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০১৬ৰ অসম বিধানসভা নিৰ্বাচন” প্ৰবন্ধৰ সংশোধন ৫৭২৩৮৩ (২৯ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।