অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ৰাংকুকুৰ

ৰাংকুকুৰ (Dhole; বৈ‍জ্ঞানিক নামঃ Cuon alpinus) হ'ল এচিয়া মহাদেশৰ ৰঙা-মুগা বনৰীয়া কুকুৰ৷ ঘৰচীয়া কুকুৰ বা কুকুৰনেচিয়া বাঘতকৈ ইয়াৰ ঠেং কেইটা তুলনামূলকভাৱে চুটি,নেগুৰ জোপোহা ধৰণৰ আৰু ঘন ঘন দাঁতৰ পাৰি৷ ইয়াক Asiatic Wild Dog বুলিও জনা যায়৷ ইয়াৰ পোৱালীবোৰ জন্ম হওঁতে ধোঁৱাবৰণীয়া হয় আৰু প্ৰায়…

হালনাগাদ: ১৪ জানুৱাৰী ২০২৬ ১৯১ শব্দ · ১ মিনিট সংগৃহীত ৪০
সংশোধনৰ পৰামৰ্শ

ৰাংকুকুৰ (Dhole; বৈ‍জ্ঞানিক নামঃ Cuon alpinus) হ'ল এচিয়া মহাদেশৰ ৰঙা-মুগা বনৰীয়া কুকুৰ৷ ঘৰচীয়া কুকুৰ বা কুকুৰনেচিয়া বাঘতকৈ ইয়াৰ ঠেং কেইটা তুলনামূলকভাৱে চুটি,নেগুৰ জোপোহা ধৰণৰ আৰু ঘন ঘন দাঁতৰ পাৰি৷ ইয়াক Asiatic Wild Dog বুলিও জনা যায়৷ ইয়াৰ পোৱালীবোৰ জন্ম হওঁতে ধোঁৱাবৰণীয়া হয় আৰু প্ৰায় তিনি মাহৰ ভিতৰত ইটাগুৰীয়া বৰণৰ হৈ পৰে৷ ৰাংকুকুৰৰ জোমবোৰ ঋতু অনুযায়ী কম বেচি হয়৷

নামাকৰণ

  • Dhole(Hindi),
  • Ramkum(Kashmiri),
  • Kolsun(Marathi),
  • Kutra(Gujarati),
  • Kadu nai(Kannada),
  • Resu Kukka(Tetegu),
  • Chen nai(Malayalam/Tamil),
  • Ram kutta(Bengali),
  • Rang kukur(assamese),
  • Balia kukura(Oriyaq),
  • Farra(Ladakhi),
  • Huithou(Manipuri)

দৈহিক বিৱৰণ

শৰীৰৰ দৈৰ্ঘতা-90CM, ওজন ২২--18 KG.

আচৰণ

ৰাংকুকুৰে ছয় সাতটাকৈ জোম বান্ধি চিকাৰ কৰে আৰু চিকাৰটোৰ মৃত্যুৰ পূৰ্বেই তাৰ মাংস ভক্ষণত লাগি যায় তথা কেইঘণ্টামানৰ ভিতৰতে খাই হাড় উলিয়াই দিয়ে৷ সিহঁতে চিকাৰ কৰোঁতে চিঁচিকৈ উকিয়াই,হিঁহিয়াই আৰু খেং খেং, কেঁউ কেঁউ কৰে৷

বসবাস

ইফালে সিফালে ঘাহঁনি পথাৰ থকা মুক্ত হাবিত বা কাঠনিত থাকি ৰাংকুকুৰে ভাল পায়৷ Bandipur আৰু Nagerahole (Karnataka) ৰাষ্ট্ৰীয় উদ্যানত ৰাংকুকুৰ দেখা যায়৷

সংৰক্ষণ

বহুতো কাৰণত ৰাংকুকুৰৰ সংৰক্ষণৰ ক্ষেত্ৰত ভাবুকিয়ে দেখা দিছে৷ তাৰ ভিতৰত বাসস্থান ধ্বংস, চিকাৰৰ অভাৱ আৰু মানৱ-পশুৰ মাজৰ সংঘাত প্ৰধান৷

তথ্য সংগ্ৰহ

Vivek Menonৰ Field Guide to Indian Mammals নামৰ প্ৰন্থ পৃষ্ঠা নং 79

বহিঃ সংযোগ

সম্পৰ্কিত শ্ৰেণী

মাংসভোজীস্তন্যপায়ী প্ৰাণীবিপন্ন প্ৰজাতিঅসমৰ স্তন্যপায়ী বন্যজন্তু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাংকুকুৰ” প্ৰবন্ধৰ সংশোধন ৫৬৯৬৮৬ (১৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।