খাগৰিকটা শহা (Hispid hare; বৈজ্ঞানিক নামঃ Caprolagus hispidus)ক অসম শহাপহু আৰু ব্ৰিষ্টলি শহাপহু বুলিও কোৱা হয়। লেপৰিড পৰিয়ালৰ কেপ্ৰ’লাগাছ গণৰ এই প্ৰাণীবিধ দক্ষিণ এছিয়াৰ স্থানীয় প্ৰাণী আৰু ইয়াৰ ঐতিহাসিক বিস্তৃতি হিমালয়ৰ দক্ষিণ পাদদেশ। আজি ইয়াৰ বাসস্থান বিচ্ছিন্ন আৰু ৫,০০০ৰ পৰা ২০,০০০ বৰ্গকিলোমিটাৰ (১,৯০০ৰ পৰা ৭,৭০০ বৰ্গমাইল) এলেকাত বিস্তৃত; যাক ৫০০বৰ্গকিলোমিটাৰতকৈ কম বুলি অনুমান কৰা হৈছে। বৰ্ধিত কৃষি, বান নিয়ন্ত্ৰণ, আৰু মানৱ উন্নয়নৰ ফলত এই প্ৰাণীবিধৰ উপযুক্ত বাসস্থান অবিৰতভাৱে হ্ৰাস পোৱা দেখা গৈছে। সেয়েহে ইয়াক ১৯৮৬ চনৰ পৰা আই ইউ চি এন ৰেড লিষ্টত বিলুপ্তপ্ৰায় হিচাপে তালিকাভুক্ত কৰা হৈছে।১ ই কেপ্ৰ’লাগাছ গণৰ একমাত্ৰ প্ৰজাতি।
বৈশিষ্ট্যসমূহ
খাগৰিকটা শহাৰ গাটো ৰুক্ষ আৰু ঠৰঙা নোমেৰে আবৃত৷ ইয়াৰ কাণবোৰ অতি চুটি আৰু তাক নোমৰ বাহিৰলৈ নুলিয়াই।২ ক 'লা আৰু বাদামী চুলিৰ মিশ্ৰণৰ বাবে পিঠিৰ নোমখিনি গাঢ় মটিয়া ৰঙৰ হয়, বুকুৰ ওপৰভাগৰ ৰং মটিয়া আৰু পেট বগা বৰণৰ। ইয়াৰ নেজডাল বাদামী আৰু প্ৰায় ৩০ মিলিমিটাৰ (১.২ ইঞ্চি) দীঘল হয়। মতা খাগৰিকটা শহাৰ শৰীৰৰ ওজন ১,৮১০ৰ পৰা ২,৬১০ গ্ৰাম (৬৪ৰ পৰা ৯২ আউন্স) আৰু গড় ওজন ২,২৪৮ গ্ৰাম (৭৯.৩ আউন্স)। মাইকী খাগৰিকটা শহাৰ শৰীৰৰ ওজন গডে় ২,৫১৮ গ্ৰাম (৮৮.৮ আউন্স), গৰ্ভৱতী খাগৰিকটা শহাৰ শৰীৰৰ গড় ওজন ৩,২১০ গ্ৰাম, (১১৩ আউন্স) বুলি এক পৰিসংখ্যাত অন্তৰ্ভুক্ত কৰা হৈছে।৩
সন্মুখৰ হাড়বোৰ অতি বহল। অ'চিপিটো-নাকৰ দৈৰ্ঘ্য সাধাৰণতে ৮৫ মিমি (৩ ইঞ্চি) তকৈ দীঘল হয়। পোষ্টঅৰ্বিটেল প্ৰক্ৰিয়াৰ সন্মুখত কোনো স্পষ্ট খাঁজ নাই।৪
গড় হিচাপত খাগৰিকটা শহাৰ মূৰৰ পৰা নেজলৈকে দৈৰ্ঘ্য ৪৭৬ মিমি (১৮.৭ ইঞ্চি)।৫
বিতৰণ আৰু বাসস্থান
খাগৰিকটা শহাৰ ঐতিহাসিক বিচৰণৰ পৰিসৰ উত্তৰ প্ৰদেশৰ পৰা দক্ষিণ নেপাল, পশ্চিম বংগৰ উত্তৰ অঞ্চলৰ লগতে অসম আৰু বাংলাদেশ পৰ্যন্ত বিস্তৃত হৈ আছিল। বৰ্তমান বাংলাদেশ, ভাৰত, নেপাল আৰু ভূটানত ইয়াৰ বিচৰণক্ষেত্ৰ সীমাৱদ্ধ। ই প্ৰাৰম্ভিক ক্ৰমৱৰ্ধমান ওখ ঘাঁহনি অঞ্চলত বাস কৰে আৰু শুকান বতৰত যেতিয়া এই অঞ্চলবোৰ জ্বলাৰ সম্ভাৱনা থাকে তেতিয়া নদীৰ পাৰৰ কাষৰীয়া জলাশয় অঞ্চল বা ঘাঁহত আশ্ৰয় লয়।৩ শুক্লাফান্তা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃত ঘাঁহনি অঞ্চলত থকা ইয়াৰ সংখ্যা আন্তঃৰাষ্ট্ৰীয় দৃষ্টিকোণৰপৰা গুৰুত্বপূৰ্ণ হ'ব পাৰে।৬
২০১৬ চনৰ জানুৱাৰী মাহত ১৯৮৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে চিতৱান ৰাষ্ট্ৰীয় উদ্যানত এটা খাগৰিকটা শহা নথিভুক্ত কৰা হৈছিল।৭
পৰিস্থিতি বিজ্ঞান
খাগৰিকটা শহা কাহিলীপুৱা আৰু গধূলিৰ সময়ত আটাইতকৈ বেছি সক্ৰিয়। খাগৰিকটা শহাৰ প্ৰজনন বিষয়ত উপলব্ধ সীমিত তথ্যই সূচায় যে ইয়াৰ জন্মৰ হাৰ তাকৰ।৩
ভাবুকি
গৰু-ম'হৰ অত্যধিক চৰণৰ ফলত খাগৰিকটা শহাৰ আৱাসভূমি হিচাপে থকা ঘাঁহনিবোৰ ভাবুকিৰ সন্মুখীন হৈছে। ৮
তথ্যসূত্ৰ
- ↑ Aryal, A.; Yadav, B. (2019). "Caprolagus hispidus". IUCN Red List of Threatened Species. 2019: e.T3833A45176688. doi:10.2305/IUCN.UK.2019-1.RLTS.T3833A45176688.en. Retrieved 16 January 2022
- ↑ Pearson. (1839). 18. Lepus hispidus. Proceedings of the Zoological Society of London. পৃ. 152
- ↑ Bell; Oliver, W. L. R.; Ghose, R. K. (1990). Rabbits, Hares, and Pikas: Status Survey and Conservation Action Plan. International Union for Conservation of Nature and Natural Resources. পৃ. 128–137. ISBN 978-2831700199
- ↑ Ellerman; Morrison-Scott, T. C. S. (1966). Checklist of Palaearctic and Indian mammals 1758 to 1946. British Museum of Natural History. পৃ. 424
- ↑ Macdonald, D. W. (2009). The Encyclopedia of Mammals. Oxford University Press. ISBN 978-0-19-956799-7
- ↑ Baral; Inskipp, C. (2009). The Birds of Sukla Phanta Wildlife Reserve, Nepal. Our Nature. পৃ. 56–81
- ↑ Khadka, B.B.; Yadav, B.P.; Aryal, N. (2017). Rediscovery of the hispid hare (Caprolagus hispidus) in Chitwan National Park, Nepal after three decades. Conservation Science. পৃ. 10–12
- ↑ Maheswaran. (2013). Rare Animals of India. Bentham Science Publishers. পৃ. 179–203
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খাগৰিকটা শহা” প্ৰবন্ধৰ সংশোধন ৪৫৩৩৩০ (১০ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।