পাগাই দ্বীপ মেকাক (Pagai Island macaque; বৈজ্ঞানিক নামঃ Macaca pagensis)ক পাগাই মেকাক বা ব'ক' বুলিও জনা যায়। ই হৈছে সুমাত্ৰাৰ পশ্চিম উপকূলৰ মেণ্টাৱাই দ্বীপপুঞ্জৰ এক স্থানীয় পুৰণি বিশ্বৰ বান্দৰ প্ৰজাতি। ইয়াৰ বাসস্থান নিৰন্তৰ হ্ৰাস পোৱাৰ বাবেই ইয়াক আই.ইউ.চি.এন.-ৰ ৰঙা তালিকাত গুৰুতৰভাৱে বিপন্ন হিচাপে তালিকাভুক্ত কৰা হৈছে। মেকাকা পেজেন্সিছক পূৰ্বতে সামগ্ৰিকভাৱে গাঢ় চাইবেৰুট মেকাকৰ উপ-প্ৰজাতি হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল; কিন্তু এই ব্যৱস্থাটো আছিল পলিফাইলেটিক, যাৰ ফলত দুয়োকে পৃথক প্ৰজাতিৰ হিচাপে শ্ৰেণীভুক্ত কৰা হয়।১ দুয়োকে পূৰ্বতে দক্ষিণৰ গাহৰিনেজীয়া মেকাক বা বান্দৰৰ উপ-প্ৰজাতি হিচাপে গণ্য কৰা হৈছিল।
বৰ্ণনা
পাগাই দ্বীপ মেকাকৰ মতাবোৰ সাধাৰণতে মাইকীবোৰৰ তুলনাত ডাঙৰ হয়। মতা পাগাই দ্বীপ বান্দৰৰ দৈৰ্ঘ্য ৪৫-৫৫ ছে.মি. (১৮-২২ ইঞ্চি) আৰু মাইকী বান্দৰৰ দৈৰ্ঘ্য প্ৰায় ৪০-৪৫ ছে.মি. (১৬-১৮ ইঞ্চি)। মতাবোৰৰ নেজৰ দৈৰ্ঘ্য ১৩-১৬ ছে.মি. (৫.১-৬.৩ ইঞ্চি) আৰু মাইকীবোৰৰ নেজৰ দৈৰ্ঘ্য ১০-১৩ ছে.মি. (৩.৯-৫.১ ইঞ্চি)। মতাবোৰ সুঠাম আৰু ওজন প্ৰায় ৬-৯ কিলোগ্ৰাম (১২-২০ পাউণ্ড), আনহাতে মাইকীবোৰৰ ওজন ৪.৫-৬ কিলোগ্ৰাম (৯.৯-১৩.২ পাউণ্ড)। ইহঁতৰ পিঠিৰ ৰং গাঢ় মটিয়া, ডিঙিৰ কাষ, কান্ধৰ সন্মুখভাগ আৰু তলভাগ বাদামীৰ পৰা শেঁতা হালধীয়া কমলা। ভৰিবোৰ মটিয়া আৰু বাহুবোৰ ৰঙা মটিয়া ৰঙৰ। মেণ্টাৱাই মেকাকৰ মুখখন নোমহীন আৰু বাদামী চকুৰে ক'লা ছালৰ। খাদ্য খৰধৰকৈ চোবাই জমা কৰি থ'বলৈ আৰু আজৰি পৰত সেই খাদ্য ভালদৰে চোবাই খাবলৈ সিহঁতৰ ডিঙিত চিক্ পাউচ থাকে।
বাসস্থান আৰু পৰিৱেশ বিজ্ঞান
এইবিধ বান্দৰ বা মেকাকৰ প্ৰাকৃতিক বাসস্থান হৈছে বৰ্ষাৰণ্য, কিন্তু নদী আৰু উপকূলীয় জলাশয়-অৰণ্যতো ইহঁতক পোৱা যায়। ইহঁত বনাঞ্চলৰ মাটিৰ পৰা যথেষ্ট উচ্চতাত বাস কৰে, ২৪-৩৬ মিটাৰ (৭৯-১১৮ ফুট) উচ্চতাত খাদ্য অন্বেষণ আৰু ভক্ষণ কৰে আৰু ৪৫ মিটাৰ (১৪৮ ফুট)লৈকে উচ্চতাত নিদ্ৰা যায়। এই প্ৰজাতিটোৰ প্ৰধান খাদ্য হৈছে ডিমৰুজাতীয় উদ্ভিদৰ ফল। খাদ্য গ্ৰহণ আৰু নিদ্ৰাৰ সময়ত ইহঁত সৰু সৰু গোটত বিভক্ত হয়। ইহঁতে মেণ্টাৱাই লেংগুৰৰ দলৰ সৈতেও খাদ্য গ্ৰহণ কৰে। এম.পেজেন্সিস-ৰ দলত প্ৰায় ৫ৰ পৰা ২৫টালৈকে বান্দৰ থাকে। সাধাৰণতে এটা গোটত প্ৰাপ্তবয়স্ক মাইকী আৰু সিহঁতৰ পোৱালিৰ সৈতে এটা মতা বান্দৰ থাকে। মতাটোৱে ক'লৈ যাব তাৰ সিদ্ধান্ত লয় আৰু উচ্চস্বৰত গোটৰ আনবোৰক সেই কথা জনায়। বিচৰণ কৰা অকলশৰীয়া পাগাই দ্বীপ মেকাকে প্ৰভাৱশালী মতা মেকাকক তাৰ স্থিতিৰ বাবে প্ৰত্যাহ্বান জনাব পাৰে, যাৰ ফলত আক্ৰমণাত্মক যুঁজৰো সৃষ্টি হয়। এই প্ৰজাতিৰ বান্দৰৰ প্ৰাকৃতিক চিকাৰী হ'ল ক্ৰেষ্টেড চাৰ্পেণ্ট ঈগল আৰু অজগৰ সাপ। যেতিয়া পাগাই দ্বীপ মেকাকে চিকাৰী জন্তুবোৰ দেখা পায় তেতিয়া গোটৰ আনবোৰক এটা চুটি, কৰ্কশ মাতেৰে সতৰ্ক কৰি দিয়ে।
প্ৰজনন
মাইকী পাগাই দ্বীপ মেকাকে সিহঁতৰ ফুলি উঠা আৰু ৰঙা যৌনাংগ প্ৰদৰ্শন কৰি প্ৰজননৰ বাবে ইচ্ছা প্ৰকাশ কৰে। প্ৰজনন আৰম্ভ কৰিবলৈ মাইকী বান্দৰে কোঁচ-মোচ হৈ দিয়ে। গৰ্ভধাৰণৰ কাল পাঁচৰ পৰা ছয় মাহৰ ভিতৰত হয়। নিশাৰ ভাগত এটা একক সন্তান জন্ম দিয়ে। মাকে জননফুল খায় আৰু ৰাতিপুৱাৰ আগতে পোৱালিটোক চেলেকি পৰিষ্কাৰ কৰে। প্ৰাপ্তবয়স্ক অৱস্থালৈকে মাক আৰু সন্তান উভয়ৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক থাকে।
সংখ্যা আৰু ভাবুকি
এই প্ৰজাতিটোৰ প্ৰধান বাসস্থান হ'ল সুমাত্ৰাৰ পশ্চিম উপকূলৰ পৰা ১৫০ কিলোমিটাৰ (৯৩ মাইল) দূৰৈৰ মেণ্টাৱাই দ্বীপপুঞ্জ। চাৰিটা প্ৰধান দ্বীপৰ ভিতৰৰ তিনিটা দ্বীপ (উত্তৰ পাগাই, দক্ষিণ পাগাই আৰু ছিপুৰা)ত ইহঁত বসবাস কৰে। ইণ্ডোনেছিয়াৰ মূল ভূখণ্ডৰ পৰা অহা প্ৰব্ৰজনকাৰীৰ দ্বাৰা বনাঞ্চল ধ্বংস হোৱাৰ ফলত এই বান্দৰ প্ৰজাতিটোক এতিয়া আই.ইউ.চি.এন.-এ ৰঙা তালিকাত গুৰুতৰভাৱে বিপন্ন প্ৰাণী হিচাপে তালিকাভুক্ত কৰিছে। দ্বীপটোত বনাঞ্চল ধ্বংসৰ মূল কাৰণবোৰ হৈছে নগদ শস্য আৰু পাম তেল খেতিৰ বাবে বৃহৎ ভূমি পৰিষ্কাৰ কৰাৰ লগতে বাণিজ্যিকভাৱে গছ-গছনি কটা আৰু অৰণ্যৰ নদীবোৰৰ পানীৰ স্তৰ পূৰ্বতকৈ বহু বেছি পৰিমাণে হ্ৰাস-বৃদ্ধি ঘটা। পৰিৱৰ্তনশীল বানপানী আৰু নিম্ন পানীৰ স্তৰৰ ফলত মেলেৰিয়া মহৰ সংখ্যাও বৃদ্ধি পাইছে।
তথ্যসূত্ৰ
- ↑ Roos; Ziegler, Thomas; Hodges, J. Keith. (2003). Molecular phylogeny of Mentawai macaques: taxonomic and biogeographic implications. Molecular Phylogenetics and Evolution. পৃ. 139–150
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাগাই দ্বীপ মেকাক” প্ৰবন্ধৰ সংশোধন ৬২৪৬৮৭ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।