বন্যপ্ৰাণী
১০ প্ৰবন্ধ
-
প্ৰজেক্ট টাইগাৰ
প্ৰজেক্ট টাইগাৰ প্ৰজেক্ট টাইগাৰ হৈছে বিলুপ্তপ্ৰায় বাঘক সুৰক্ষা প্ৰদানৰ বাবে ভাৰতত আৰম্ভ কৰা বন্যপ্ৰাণী সংৰক্ষণ আন্দোলন। ১৯৭৩ চনত ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ উদ্যোগত এই প্ৰকল্প আৰম্ভ হৈছিল।
-
চীনা বনৰৌ
চীনা বনৰৌ (Chinese pangolin; বৈজ্ঞানিক নামঃ Manis pentadactyla) উত্তৰ ভাৰতীয় উপমহাদেশ, দক্ষিণ-পূব এছিয়াৰ উত্তৰ অংশ আৰু দক্ষিণ চীনৰ স্থানীয় প্ৰাণী। ইয়াক ২০১৪ চনৰ পৰা আই.ইউ.চি.এন.ৰ ৰঙা তালিকাত গুৰুতৰভাৱে বিপন্ন প্ৰাণী হিচাপে তালিকাভুক্ত কৰা হৈছে।
-
খাগৰিকটা শহা
খাগৰিকটা শহা (Hispid hare; বৈজ্ঞানিক নামঃ Caprolagus hispidus)ক অসম শহাপহু আৰু ব্ৰিষ্টলি শহাপহু বুলিও কোৱা হয়। লেপৰিড পৰিয়ালৰ কেপ্ৰ’লাগাছ গণৰ এই প্ৰাণীবিধ দক্ষিণ এছিয়াৰ স্থানীয় প্ৰাণী আৰু ইয়াৰ ঐতিহাসিক বিস্তৃতি হিমালয়ৰ দক্ষিণ পাদদেশ।
-
ইৰানৰ বন্যপ্ৰাণী
ইৰানৰ বন্যপ্ৰাণী (wildlife of Iran) য়ে ইয়াত থকা উদ্ভিদ আৰু প্ৰাণী উভয়কে সামৰি লয়। ইৰাণৰ অন্যতম বিখ্যাত প্ৰাণী হৈছে সংকটজনকভাৱে বিপন্ন এছিয়াটিক চিতা। ইয়াৰ বৈজ্ঞানিক নাম হ'ল Acinonyx jubatus venaticus,এই এছিয়াটিক চিতা আজি কেৱল ইৰাণতে জীয়াই আছে।
-
এছিয়াৰ চিতা
এছিয়াৰ চিতা বা চিতা বাঘ ( Asiatic cheetah; বৈজ্ঞানিক নাম: Acinonyx jubatus venaticus) হৈছে বৰ্তমান কেৱল ইৰাণত জীয়াই থকা সংকটাপন্ন চিতা বাঘৰ এক উপ-প্ৰজাতি।
-
গোবি ভালুক
গোবি ভালুক (Gobi bear, বৈজ্ঞানিক নাম: Ursus arctos gobiensis) হ'ল আৰ্চিডাই (Ursidae) গোত্ৰৰ বাদামী ভালুকৰ এটা উপ-প্ৰজাতি। ইয়াক মংগোলীয় ভাষাত মাজালাই (Mazaalai) নামেৰে জনা যায়।
-
পাগাই দ্বীপ মেকাক
পাগাই দ্বীপ মেকাক (Pagai Island macaque; বৈজ্ঞানিক নামঃ Macaca pagensis)ক পাগাই মেকাক বা ব'ক' বুলিও জনা যায়। ই হৈছে সুমাত্ৰাৰ পশ্চিম উপকূলৰ মেণ্টাৱাই দ্বীপপুঞ্জৰ এক স্থানীয় পুৰণি বিশ্বৰ বান্দৰ প্ৰজাতি।
-
পূবৰ ক'লা জঁ-যুক্ত হলৌ বান্দৰ
পূবৰ ক'লা জঁ-যুক্ত হলৌ বান্দৰ বা ইষ্টাৰ্ণ ব্লেক ক্ৰেষ্টেড গিবন (Eastern black crested gibbon; বৈজ্ঞানিক নামঃ Nomascus nasutus)ক কাও-ভিট ব্লেক ক্ৰেষ্টেড গিবন বা কাও-ভিট ক্ৰেষ্টেড গিবন বুলিও কোৱা হয়। ই হৈছে দক্ষিণ-পূব চীন আৰু উত্তৰ ভিয়েটনামৰ এক ঘোৰ সংকটাপন্ন প্ৰজাতিৰ হলৌ বান্দৰ।
-
বাৰ্মিজ তাৰকা কাছ
বাৰ্মিজ তাৰকা কাছ (Burmese star tortoise; বৈজ্ঞানিক নামঃ Geochelone platynota) হৈছে এক সংকটাপন্ন কাছ প্ৰজাতি৷ ই ম্যানমাৰ (বাৰ্মা)ৰ শুকান, পৰ্ণপাতী অৰণ্যৰ স্থানীয় প্ৰজাতি৷
-
মালয়েছিয়াৰ বাঘ
মালয়েছিয়াৰ বাঘ (Malayan tiger), (বৈজ্ঞানিক নাম: Panthera tigris jacksoni) মালয় উপদ্বীপ অঞ্চলত পোৱা বাঘৰ এটা উপপ্ৰজাতি। ২০০৩ চনৰ হিচাপ অনুসৰি বৰ্তমান ৪৯৩ৰ পৰা ১,৪৮০টা প্ৰাপ্তবয়স্ক বাঘ জীয়াই থকাৰ বাবে ২০০৮ চনত ইয়াক আই ইউ চি এন দ্বাৰা সংকটজনকভাৱে বিপন্ন বুলি ঘোষণা কৰা হয়।