য়ুন্নান হৈছে দক্ষিণ-পশ্চিম চীনৰ এটা অভ্যন্তৰীণ প্ৰদেশ। প্ৰদেশটোৰ আয়তন প্ৰায় ৩৯৪,০০০ বৰ্গ কিমি (১৫২,০০০ বৰ্গ মাইল) আৰু ২০১৮ চনৰ হিচাপত জনসংখ্যা ৪৮.৩ মিলিয়ন।১ এই প্ৰদেশৰ ৰাজধানী হৈছে কুনমিং।২ এই প্ৰদেশটো চীনৰ গুইঝৌ, ছিচুয়ান, স্বায়ত্তশাসিত অঞ্চলসমূহ গুয়াংঝি আৰু টিবেটৰ লগতে দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহ ভিয়েটনাম, লাওছ আৰু ম্যানমাৰৰ সৈতে সীমান্ত ভাগ কৰিছে।
ভূগোল
প্ৰদেশখনৰ ভৌগোলিক আয়তন ৩,৯৪,০০০ বৰ্গ কিলোমিটাৰ। এই ৰাজ্যৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ খুনমিং। ইউনান প্ৰদেশৰ জনসংখ্যা ৪ কোটি ৬৭ লাখ।৩ এই প্ৰদেশখনৰ দক্ষিণে দক্ষিণ-পূব এছিয়াৰ তিনিখন দেশ ম্যানমাৰ, লাওছ আৰু ভিয়েটনামৰ সীমা আছে। ভাৰতৰ অৰুণাচল প্ৰদেশ এই প্ৰদেশৰ পশ্চিম সীমাত অৱস্থিত।
পৰিবহণ ব্যৱস্থা
চীনৰ এই প্ৰদেশখন দেশৰ দক্ষিণ-পশ্চিম অংশৰ পাহাৰীয়া অঞ্চলেৰে গঠিত বাবে প্ৰদেশখনত পৰিবহণ ব্যৱস্থা গঢ়ি তোলাটো কঠিন হৈ পৰিছে। কিন্তু চীনৰ অৰ্থনৈতিক বিকাশৰ লগে লগে ইউনান প্ৰদেশৰ পৰিবহণ ব্যৱস্থাৰ উন্নতি হৈছে বৰ্তমান প্ৰাদেশিক ৰাজধানী, কুনমিং পৰিবহণৰ কেন্দ্ৰবিন্দু। এই চহৰখন প্ৰদেশখনৰ বিভিন্ন চহৰ আৰু দেশৰ গুৰুত্বপূৰ্ণ চহৰ বেইজিং,ছাংহাই,গুৱাংঝুৰ সৈতে পথ, ৰেল আৰু বিমানযোগে সংযুক্ত। তীব্ৰবেগী ৰেল বৰ্তমান কুন্মিংৰ পৰা ছাংঘাই লৈ চলি আছে। ইউনানৰ ৰাজধানী কুনমিংত অৱস্থিত কুনমিং বিমানবন্দৰত চীনৰ বিভিন্ন চহৰলৈ অহা-যোৱা কৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আগবঢ়ায়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়ুন্নান” প্ৰবন্ধৰ সংশোধন ৪৪৪৯৬৩ (১৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।