পৰ্ণ ফিল্ম ফেষ্টিভেল ভিয়েনা (PFFV) হৈছে অট্ৰিয়াৰ ভিয়েনাত অনুষ্ঠিত হোৱা এক বাৰ্ষিক পৰ্ণগ্ৰাফী চলচ্চিত্ৰ মহোৎসৱ। ইয়াৰ লক্ষ্য হৈছে অট্ৰিয়া আৰু তাৰ বাহিৰৰ নৱাগত কামোদ্দীপক চলচ্চিত্ৰ নিৰ্মাতাসকলক স্থানীয় দৰ্শকৰ মাজত প্ৰসাৰিত কৰা। এই মহোৎসৱ পোনপ্ৰথমে ২০১৮ চনত অনুষ্ঠিত হৈছিল। নাৰীবাদী পৰ্ণগ্ৰাফি, যৌন ইতিবাচকতা আৰু এলজিবিটিকিউ+ পৰ্ণগ্ৰাফী এই মহোৎসৱৰ মূল বিষয়-বস্তু।
পটভূমি
যাভুজ কুৰ্টুলমাছ, জেচমিন হাগেনডৰ্ফাৰ, গ্ৰেগৰ শ্মিডিঙ্গাৰ আৰু চাইফ ৰাংৱালাৰদ্বাৰা প্ৰতিষ্ঠিত এই মহোৎসৱটো ‘পৰ্ণ ফিল্ম ফেষ্টিভেল বাৰ্লিন’ৰদ্বাৰা অনুপ্ৰাণিত আছিল।১ ট্ৰেনজিশ্যন ফেষ্টিভেলৰ অংশ হিচাপে প্ৰদৰ্শিত এখন জনপ্ৰিয় "পৰ্ণ নাইট"ৰপৰাই এটা স্বতন্ত্ৰ কামোদ্দীপক চলচ্চিত্ৰ মহোৎসৱৰ ধাৰণাটো গঢ় লৈ উঠিছিল।২৩ ২০১৭ চনত ভিয়েনাৰ চিকানেডাৰ চিনেমা হলত এই মহোৎসৱৰ প্ৰথম সংস্কৰণৰ পূৰ্বৱৰ্তী এক অনুষ্ঠান অনুষ্ঠিত হৈছিল।৪ কাৰ্যসূচীত ওভিডিৰ তথ্যচিত্ৰ ‘পৰ্ণ’ক্ৰেচি’ৰ লগতে নিৰ্বাচিত চুটি ছবি অন্তৰ্ভুক্ত কৰা হৈছিল।৪
২০১৮ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱাৰ পূৰ্বেই এই মহোৎসৱক লৈ ভিয়েনাৰ শিল্প আৰু সংস্কৃতি খণ্ডত বিতৰ্কৰ সৃষ্টি হৈছিল।৫৬ ‘ফ্ৰিডম পাৰ্টি অৱ অট্ৰিয়া’ই (FPÖ) এই মহোৎসৱত কৰদাতাসকলৰ ধনেৰে ৰাজসাহায্য দিয়া হৈছিল নেকি সেই বিষয়ে তদন্ত কৰিছিল, যিটো দাবী আয়োজকসকলে অস্বীকাৰ কৰিছিল।৭ ক’ভিড-১৯ মহামাৰীৰ বাবে ২০২০ চনৰ অক্টোবৰ মাহত ব্যক্তিগত আৰু অনলাইন উভয় মাধ্যমতে এক হাইব্ৰিড ইভেণ্ট হিচাপে এই মহোৎসৱ অনুষ্ঠিত হৈছিল।৮৯১০১১১২
২০২৬ চনত দক্ষিণপন্থী দল ‘ফ্ৰিডম পাৰ্টি অৱ অট্ৰিয়া’ৰ ৰাজনীতিবিদসকলে ৰাজহুৱাভাৱে কেন্দ্ৰীয় ৰাজসাহায্যক সমালোচনা কৰাৰ পাছত মহোৎসৱৰ চৰকাৰী পুঁজি অট্ৰিয়াত পুনৰ বিতৰ্কৰ মাজলৈ আহিছিল।১৩
কাৰ্যসূচী
পৰ্ণ ফিল্ম ফেষ্টিভেল ভিয়েনাই (PFFV) স্পষ্টভাৱে বিপৰীতকামী আৰু এলজিবিটিকিউ উভয় দৰ্শকক লক্ষ্য কৰি পৰ্ণগ্ৰাফী চুটি ছবি আৰু পূৰ্ণদৈৰ্ঘ্যৰ ছবি প্ৰদৰ্শন কৰে।১৪১৫ ২০১৮ চনৰ সংস্কৰণৰ মূল বিষয় আছিল "পৰ্ণ কি?।" ১৬ মহোৎসৱৰ কাৰ্যসূচীত যৌন-ইতিবাচক বিষয়ৰ ওপৰত আলোচনা, তৰ্ক-বিতৰ্ক আৰু তথ্যচিত্ৰ অন্তৰ্ভুক্ত হ’ব পাৰে।৮ এটা উদাহৰণ আছিল ২০১৮ চনৰ মহোৎসৱত পৰ্ণ আসক্তিৰ ওপৰত হোৱা পেনেল ডিবেট।১৬ যৌন ইতিবাচকতাৰ আন এটা উদাহৰণ হ’ল ২০১৯ চনত উদ্বোধনী চলচ্চিত্ৰ হিচাপে জৰ্জ ফ্ৰিডৰিখ হাছ আৰু মলেনা উইলিয়ামছ-হাছৰ বিডিএছএম অংশীদাৰিত্বক লৈ নিৰ্মিত ছবি ‘দ্য আৰ্টিষ্ট এণ্ড দ্য পাৰভাৰ্ট’ৰ প্ৰদৰ্শনী।১৭ চলচ্চিত্ৰ প্ৰদৰ্শনীৰ পিছত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে পোনপটীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰা হয়।১৮ আৰম্ভণিৰেপৰা ইয়াৰ সমান্তৰালকৈ এখন প্ৰদৰ্শনী আৰু সংযোগমূলক কাৰ্যসূচীও চলি আহিছে।১৮১৯ মহোৎসৱৰ দৰ্শকে নাৰীবাদী, কুয়াৰ, শ্ৰমিক শ্ৰেণী আৰু কিঙ্কি (kinky) সম্প্ৰদায়কে ধৰি বিভিন্ন পটভূমি আৰু সকলো বয়সৰ লোকক প্ৰতিনিধিত্ব কৰে।২০
নাৰীবাদী পৰ্ণগ্ৰাফীও এই মহোৎসৱৰ এক অন্যতম স্তম্ভ।২১ প্ৰতিষ্ঠাপক জেচমিন হাগেনডৰ্ফাৰে তেওঁৰ দাৰ্শনিক দৃষ্টিভংগী এনেদৰে বৰ্ণনা কৰিছে:
নাৰীবাদী পৰ্ণ প্ৰযোজনাসমূহে প্ৰমাণ কৰে যে নাৰীৰ আনন্দ আৰু যৌন অনুভূতি সঁচাকৈয়ে কেন্দ্ৰীয় হ’ব পাৰে, আৰু পৰ্ণগ্ৰাফী মহিলা, লিংগ তথা শেষত পুৰুষৰ বাবেও অনুকূল হ’ব পাৰে। তদুপৰি, বহুতো নাৰীবাদী প্ৰযোজনাই কামৰ ন্যায্য পৰিৱেশ, অংশগ্ৰহণ আৰু সন্মতিৰ সমৰ্থন কৰে, যিবোৰ প্ৰায়ে মূলধাৰাৰ প্ৰযোজনাত অভাৱ দেখা যায়। পৰ্ণগ্ৰাফী যে মহিলাৰদ্বাৰা মহিলাৰ বাবে নিৰ্মিত হয় আৰু ই এক বৃহৎ দৰ্শকৰ ওচৰলৈ যাব পাৰে, সেয়া দেখুওৱাটো গুৰুত্বপূৰ্ণ।২১
২০২৫ চনত মহোৎসৱৰ আয়োজকসকলে বৰ্ণনা কৰিছিল যে মহোৎসৱৰ বিষয় হিচাপে ‘একচেচ’ বা উপলব্ধতা কেনেকৈ ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ হৈ পৰিছে; পূৰ্বৱৰ্তী বছৰটোত মহোৎসৱত এখন চলচ্চিত্ৰ সম্পূৰ্ণ অন্ধকাৰত প্ৰদৰ্শিত হৈছিল, যাতে কেৱল অডিঅ’হে উদ্দীপক হিচাপে কাম কৰে।২০ ২০২৫ চনত মহোৎসৱটোৱে এআই (AI) আৰু যৌনতাৰ ওপৰত ইয়াৰ প্ৰথমটো অধিৱেশনৰো আয়োজন কৰিছিল।২০
অংশীদাৰিত্ব
পৰ্ণ ফিল্ম ফেষ্টিভেল ভিয়েনাৰ বিশেষ কাৰ্যসূচীসমূহ আমষ্টাৰডামৰ ইণ্টাৰনেচনেল কুয়াৰ এণ্ড মাইগ্ৰেণ্ট ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হৈছিল।২২ ‘আৰ্চ ইলেক্ট্ৰনিক্স’ৰ শসহযোগত লছ এঞ্জেলছৰ ‘বেটালেভেল’ত আৰু অৰলেণ্ডোৰ ‘দ্য নুক’ত চলচ্চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে।২৩২৪
তথ্যসূত্ৰ
- ↑ Vihaus, Yasmin. (2018-02-14). »What is porn?« – Zwischen Kunst und Kopulation. The Gap
- ↑ "Pornofestival" geht in Wien über die Bühne. www.leadersnet.at
- ↑ (2017-11-16). Erstes Pornofilmfestival in Wien
- ↑ Porn Film Festival: Teaser Night. FALTER
- ↑ REFRESHER. V kinosále plném lidí promítali several hodin pornofilmy. Masturbuje se na pornofestivalu a můžeš se dotknout i lidí vedle tebe?
- ↑ APA, WZ Online. (2018-02-26). Wien - Erstes Filmfestival für Pornos. Wiener Zeitung Online
- ↑ (2018-02-27). Porno-Festival sorgt weiter für Erregung
- ↑ (2020-07-29). Wiener Porn Film Festival: Corona und die Sexualität. vienna.at
- ↑ Tageszeitung, Tiroler. (2020-07-29). Wiener Porn Film Festival findet trotz Corona statt. Tiroler Tageszeitung Online
- ↑ (2020-07-29). Trotz Corona: Wiener Porn Film Festival geht in dritte Runde
- ↑ APA. Wiener Porn Film Festival findet trotz Corona statt. Vorarlberger Nachrichten · VN.at
- ↑ Nachrichten, Salzburger. (2020-07-29). Wiener Porn Film Festival findet trotz Corona statt. Salzburger Nachrichten
- ↑ Newsdesk Heute. (17 March 2026). Aufgedeckt – Babler fördert Porno-Festival in Wien mit Steuergeld. Heute.at
- ↑ Porn Film Festival Vienna: „Bei uns wird nicht gewichst“. FALTER
- ↑ Erstes Filmfestival für Pornos in Wien. Kronen Zeitung
- ↑ Porn Film Festival Vienna: Festival multipler Höhepunkte. DER STANDARD
- ↑ THE ARTIST & THE PERVERT - Films - home. german-documentaries.de
- ↑ KOSMO-Redaktion. (2018-02-09). Das Porn Film Festival kommt zum ersten Mal nach Wien!. KOSMO
- ↑ PORN FILM FESTIVAL VIENNA — Improper Walls. Improper Walls
- ↑ admin. (2025-03-25). Les Nouveaux Riches Magazine – Porn Film Festival Vienna. Les Nouveaux Riches Magazine
- ↑ (2018-02-23). "Es ist für jeden was dabei": Porn Film Festival Vienna. WOMAN.AT
- ↑ Oliver. (2019-11-30). Queer is the word tijdens International Queer & Migrant Filmfestival. gaykrant
- ↑ Screw the System. betalevel15.rssing.com
- ↑ McCollum, Thaddeus. (2019-06-19). Porn Film Festival Vienna comes to the Nook to showcase the future of porn. Orlando Weekly
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰ্ণ ফিল্ম ফেষ্টিভেল ভিয়েনা” প্ৰবন্ধৰ সংশোধন ৫৯৯৪৪৪ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।