হলীৰাম ডেকা (Holiram Deka)(১৯০১-১৯৬২) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মৰ্যাদা লাভ কৰা প্ৰথমজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) আৰু সাহিত্যিক। গুৱাহাটীত প্ৰাগজ্যোতিষ কলেজ প্ৰতিষ্ঠাকে ধৰি ভালেমান সামাজিক কৰ্মত তেওঁ শেষ বয়সত মনোনিবেশ কৰিছিল। নতুন প্ৰতিভা বিচাৰি উলিওৱা, উল্লেখনীয় বৈশিষ্ট্য উপলব্ধি কৰা আৰু বিশেষকৈ ডেকাসকলক কৰ্মমুখী, স্বাস্থ্যকৰ, দেশহিতৈষী চেতনাৰে উদ্বুদ্ধ কৰিব পৰাত হলীৰাম ডেকাৰ পাৰদৰ্শিতা আছিল॥১
জন্ম আৰু পৰিয়াল পৰিচয়
হলীৰাম ডেকাই ১৯০১ চনৰ ১৯ জুনত নামনি অসমৰ সৰ্থেবাৰীত জন্ম গ্ৰহণ কৰে।২ তেওঁৰ পিতৃৰ নাম জয়ৰাম ডেকা আৰু মাতৃৰ নাম মাইপ্ৰিয়া ওচৰ চুবুৰীয়াৰ পৰা যথেষ্ট শ্ৰদ্ধা লাভ কৰা জয়ৰাম ডেকা জীৱিকাসূত্ৰে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল যদিও সমাজ সেৱক হিচাপেহে তেওঁৰ সুনাম আছিল। জয়ৰাম-মাইপ্ৰিয়াৰ ছয়জন পুত্ৰ আৰু এজনী কন্যাৰ ভিতৰত হলীৰাম আছিল জ্যেষ্ঠ সন্তান। পিতৃ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হ'লেও শৈশৱৰে পৰা হলীৰামৰ পৰিয়ালৰ অভাৱ নুগুচিছিল। জ্যেষ্ঠ পুত্ৰ হিচাপে এই দৰিদ্ৰ পৰিয়ালৰ কিছু দায়-দায়িত্ব হলীৰামেও বহন কৰিবলগীয়া হৈছিল। অসমীয়া সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ গল্পকাৰ প্ৰণৱজ্যোতি ডেকা তেওঁৰ সুযোগ্য সন্তান॥১
শিক্ষা
হলীৰাম ডেকাই সৰ্থেবাৰীতেই পঢ়া-শুনা আৰম্ভ কৰি প্ৰাথমিক শিক্ষা সাং কৰাৰ পাছত ঘৰৰ পৰা দূৰৈৰ পাঠশালা অঞ্চলৰ চৌখুঁটি মধ্য ইংৰাজী বিদ্যালয়ত পঢ়িবলগীয়া হয়। অৰ্থাভাৱৰ বাবেই এঠাইৰ পৰা আন ঠাইলৈ স্কুল সলাই ফুৰিবলগীয়া হোৱা হলীৰাম ডেকাই বৰপেটাৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত তেওঁ কটন বিশ্ববিদ্যালয়ৰ পৰা আই এ পাছ কৰি গণিত বিষয়ত অনাৰ্ছ আৰু সংস্কৃতসহ দ্বিতীয় শ্ৰেণীৰ প্ৰথম হৈ ডেকাই বি এ উপাধি লাভ কৰে। উল্লেখযোগ্য যে সেইবাৰ কোনো ছাত্ৰই প্ৰথম শ্ৰেণী পোৱা নাছিল। স্নাতক পাছ কৰাৰ পাছত অসম চৰকাৰে বিশেষ বৃত্তি দি হলীৰাম ডেকাক শিৱপুৰ ইঞ্জিনীয়াৰিং কলেজলৈ পঢ়িবলৈ পঠিয়ালে। ইঞ্জিনীয়াৰিং পঢ়াৰ তেওঁৰ ইচ্ছা নাছিল কিন্তু অন্য বিষয়ত উচ্চ শিক্ষা লাভৰ বাবে হাতত ধনো নাছিল। সেয়ে বৃত্তি পাই ইঞ্জিনীয়াৰিং পঢ়িবলৈ গল যদিও ক'লা জ্বৰত আক্ৰান্ত হৈ হলীৰাম ডেকা শিৱপুৰৰ পৰা উভতি আহিল। তাৰ পাছত তেওঁ আইন পঢ়াৰ হেঁপাহেৰে গুৱাহাটীৰ বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়ত ভৰ্তি হয়। এনেদৰে গুৱাহাটীত আইনৰ প্ৰাথমিক পৰীক্ষাটো দি কলিকতালৈ যাবলৈ মন মেলিলে এম এ পঢ়িবলৈ। ১৯২৫ চনত হলীৰাম ডেকাই বঙালী ভাষাত প্ৰথম শ্ৰেণীৰ পঞ্চম স্থান লৈ এম এ পৰীক্ষাত উত্তীৰ্ণ হ'ল। একেসময়তে তেওঁ আইনৰ ডিগ্ৰীও লাভ কৰে॥১
কৰ্মজীৱন
শিক্ষা সমাপ্ত কৰি হলীৰাম ডেকাই গুৱাহাটীত ওকালতি আৰম্ভ কৰে। প্ৰায় পাঁচ-ছয় বছৰ ওকালতি কৰাৰ পাছত কলিকতা উচ্চ ন্যায়ালয়ৰ খ্যতনামা অধিবক্তা ড° বিদ্যা বিনোদ পালৰ সৈতে হলীৰামৰ সম্পৰ্ক ঘটিল আৰু কলিকতা উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰিলে। ১৯৩১ চনৰ পৰা ১৯৪৬ চনলৈ কলিকতা উচ্চ ন্যায়ালয়ত সুখ্যাতিৰে ওকালতি কৰি এগৰাকী বলিষ্ঠ অধিবক্তা হিচাপে মৰ্যাদা লাভ কৰিলে। সেই সময়তে কলিকতা বিশ্ববিদ্যালয়ৰ অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) বিভাগৰ অংশকালীন অধ্যাপক হিচাপেও হলীৰাম ডেকাই নিযুক্তি পালে। ১৯৪৬ চনত অসম চৰকাৰৰ অনুৰোধ মৰ্মে ৰেভিনিউ ট্ৰিবিউনেলৰ সদস্যৰূপে তেওঁ অসমলৈ আহে আৰু শ্বিলঙত থাকিবলৈ লয়। ১৯৪৮ চনত গুৱাহাটীত উচ্চ ন্যায়ালয় স্থাপন হয় আৰু ন্যাযালয়ৰ প্ৰথম গৰাকী পঞ্জীয়কৰূপে ডেকাই নিযুক্তি লাভ কৰে। ১৯৪৯ চনত তেওঁ যোৰহাট জিলাৰ ন্যায়াধীশ হিচাপে নিযুক্তি পায়। ১৯৫০ চনত হলীৰাম ডেকাই অসমৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পায় আৰু ১০ বছৰ এই পদত কাৰ্যনিবাহ কৰে। ১৯৬১ চনত প্ৰথম গৰাকী অসমীয়া হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আসনত অধিষ্ঠিত হয় আৰু সেই বছৰতে অৱসৰ গ্ৰহণ কৰে। আইনী বৃত্তিত সিদ্ধহস্ত ডেকাই বিচাৰক হিচাপেও যথেষ্ট সুনাম অৰ্জন কৰিছিল॥১
ব্যংগ ৰচনা সংকলন
- যতকিঞ্চিৎ,(১৯৬২)
উপন্যাস
- অলকালৈ চিঠি, (১৯৫০)
- অৰুণালৈ চিঠি, (১৯৫৬)
হলীৰাম ডেকাৰ ছদ্মনাম
- বোলাই শৰ্মা,
- কেৰপাই শৰ্মা,
- জ্ঞানানন্দ জগতী,
- হয়বৰ অভয়পুৰীয়া,
- শূলপাণি ফুকন
- অপগণ্ড শৰ্মা
মৃত্যু
১৯৬২ চনৰ ২০ ডিচেম্বৰৰ দিনা এইগৰাকী আইনজ্ঞ তথা সাহিত্যিকে শেষ নিশ্বাস ত্যাগ কৰে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হলীৰাম ডেকা” প্ৰবন্ধৰ সংশোধন ৪৯৪১৫৩ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।