জাহ্নু বৰুৱা পৰিচালিত চলচ্চিত্ৰ
১৪ প্ৰবন্ধ
-
হালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)
হালধীয়া চৰায়ে বাওধান খায় (The Catastrophe) ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ তৃতীয়খন অসমীয়া চলচ্চিত্ৰ। পাটকাই ফিল্মচৰ বেনাৰত নিৰ্মিত এই ছবি খনৰ কাহিনীভাগ হোমেন বৰগোহাঞিৰ একে নামৰ বহু পঠিত উপন্যাসৰ পৰা লোৱা হৈছে।
-
কণিকাৰ ৰামধেনু
কণিকাৰ ৰামধেনু (Konikar Ramdhenu) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ২০০২ চনৰ ২০ ডিচেম্বৰত এই ছবিখন মুক্তি দিয়া হয়। ২০০২ চনৰ অক্টোবৰত দিল্লীৰ আই এফ এফ আইৰ ইণ্ডিয়ান পেনোৰোমাত আৰু ২০০৩ চনৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় উৎসৱত এই চলচ্চিত্ৰ খন প্ৰদৰ্শিত কৰা হৈছিল।
-
সাগৰলৈ বহু দূৰ
সাগৰলৈ বহুদূৰ (Xagoroloi Bohudoor, It's a Long Way to the Sea) জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৯৫ চনত এই ছবিখন মুক্তি দিয়া হয়।
-
অজেয়
অজেয় (Invincible) জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ২০১৪ চনৰ ৩ জানুৱাৰীত এই ছবিখনে মুক্তি পায়। শিৱেন আৰ্টছৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজক শংকৰ লাল গোৱেংকা। এই কথাছবিখনৰ কাহিনী অৰুণ শৰ্মাৰ ১৯৯৭ চনৰ সাহিত্য অকাডেমি বঁটা বিজয়ী আশীৰ্বাদৰ ৰং নামৰ উপন্যাসখনৰ পৰা লোৱা হৈছে।
-
অপৰূপা
অপৰূপা হৈছে ১৯৮২ চনৰ ১৬ এপ্ৰিল তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগমে প্ৰযোজনা কৰা এইখন প্ৰথম অসমীয়া চলচ্চিত্ৰ হোৱাৰ লগতে জাহ্নু বৰুৱাই পৰিচালনা কৰা এইখনেই প্ৰথম চলচ্চিত্ৰ। বোলছবিখন হিন্দী ভাষাতো অপেক্ষা নামেৰে মুক্তি দিয়া হয়।
-
পাপৰি
পাপৰি হৈছে ১৯৮৬ চনত মু্ক্তিপ্ৰাপ্ত জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। পাটকাই ফিল্মছৰ বেনাৰত শৈলধৰ বৰুৱা আৰু জাহ্নু বৰুৱাই প্ৰযোজনা কৰা বোলছবিখনত মুখ্য ভূমিকাত অভিনয় কৰে গোপী দেশাই, সুশীল গোস্বামী আৰু বিজু ফুকনে।
-
বান্ধোন (চলচ্চিত্ৰ)
বান্ধোন (Baandhon) ২৬ অক্টোবৰ ২০১২ তাৰিখে মুক্তি লাভ কৰা অসমীয়া ভাষাত নিৰ্মিত এখন চলচ্চিত্ৰ। বোলছবিখনৰ প্ৰযোজনা অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম (বিত্ত আৰু উন্নয়ন) আৰু পৰিচালক জাহ্নু বৰুৱা।
-
কুশল
কুশল হৈছে ২০০১ চনৰ ১৪ ডিচেম্বৰ তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ৰ সৰুপথাৰৰ ৰে'ল দুৰ্ঘটনা আৰু কুশল কোঁৱৰৰ ফাঁচীৰ ঐতিহাসিক ঘটনাৰ আলমত ছবিখন নিৰ্মিত। ১৯৯৮ চনত ছবিখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
পখী (চলচ্চিত্ৰ)
পখী (Pokhi) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ২০০০ চনত এই ছবিখন মুক্তি দিয়া হয়। ২০০০ চনত এই চলচ্চিত্ৰখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।
-
ফিৰিঙতি (চলচ্চিত্ৰ)
ফিৰিঙতি হৈছে ১৯৯২ চনত মুক্তিপ্ৰাপ্ত জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজক শৈলধৰ বৰুৱা আৰু মুখ্য ভূমিকাত অভিনয় কৰে মলয়া গোস্বামীয়ে। চলচ্চিত্ৰখনে দ্বিতীয় শ্ৰেষ্ঠ বোলছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে মলয়া গোস্বামীয়েও শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
বনানী (চলচ্চিত্ৰ)
বনানী (Banani) হৈছে জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৯০ চনত মুক্তি লভা বোলছবিখনত অভিনয় কৰে বিষ্ণু খাৰঘৰীয়া, মৃদুলা বৰুৱা, সুশীল গোস্বামী, মনামী বেজবৰুৱা আদিয়ে। সংগীত পৰিচালনা সত্য বৰুৱা আৰু প্ৰশান্ত বৰদলৈৰ।
-
ভগা খিৰিকী (চলচ্চিত্ৰ)
ভগা খিৰিকী (Broken Window) জাহ্নু বৰুৱা পৰিচালিত ২০১৮ৰ ২৬ অক্টোবৰত মুক্তি লাভ কৰিবলগীয়া এখন অসমীয়া চলচ্চিত্ৰ। প্ৰিয়ংকা চোপ্ৰাৰ Purple Pebble Pictures আৰু শ্বাহনাব আলমৰ Easterly Entertainment’ৰ বেনাৰত নিৰ্মিত ছবিখন প্ৰযোজনা কৰিছে প্ৰিয়ংকা চোপ্ৰা, ডঃ মধু চোপ্ৰা আৰু শ্বাহনাব আলমে।
-
তৰা (অসমীয়া চলচ্চিত্ৰ)
তৰা (Tora) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ প্ৰযোজনা চিলড্ৰেনছ ফিল্ম ছ'ছায়টি, ইণ্ডিয়াৰ। ২০০৪ত এই ছবিখন মুক্তি দিয়া হয়।
-
মেইনে গান্ধীকো নেঁহি মাৰা
মেইনে গান্ধীকো নেঁহি মাৰা (Maine Gandhi Ko Nahin Mara) হৈছে ২০০৫ চনত মুক্তিপ্ৰাপ্ত এখনি হিন্দী ভাষাৰ কথাছবি। ছবিখনৰ পৰিচালক হৈছে জাহ্নু বৰুৱা। প্ৰযোজক হৈছে অনুপম খেৰ। ছবিখনৰ দুটা মুখ্য চৰিত্ৰত অনুপম খেৰ আৰু উৰ্মিলা মাতুণ্ডকাৰে আভিনয় কৰিছে।