ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত অসমীয়া ছবি
২৫ প্ৰবন্ধ
-
হালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)
হালধীয়া চৰায়ে বাওধান খায় (The Catastrophe) ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাৰ তৃতীয়খন অসমীয়া চলচ্চিত্ৰ। পাটকাই ফিল্মচৰ বেনাৰত নিৰ্মিত এই ছবি খনৰ কাহিনীভাগ হোমেন বৰগোহাঞিৰ একে নামৰ বহু পঠিত উপন্যাসৰ পৰা লোৱা হৈছে।
-
অগ্নিস্নান
অগ্নিস্নান (Agnisnaan) হৈছে ১৯৮৫ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত এখন ড্ৰামাভিত্তিক অসমীয়া চলচ্চিত্ৰ। শইকীয়াৰ অন্তৰীপ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হয়। চলচ্চিত্ৰখনত অভিনয় কৰে ইন্দ্ৰ বণিয়া, কাশ্মীৰি শইকীয়া বৰুৱা, মলয়া গোস্বামী, বিজু ফুকন আদিয়ে।
-
কণিকাৰ ৰামধেনু
কণিকাৰ ৰামধেনু (Konikar Ramdhenu) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ২০০২ চনৰ ২০ ডিচেম্বৰত এই ছবিখন মুক্তি দিয়া হয়। ২০০২ চনৰ অক্টোবৰত দিল্লীৰ আই এফ এফ আইৰ ইণ্ডিয়ান পেনোৰোমাত আৰু ২০০৩ চনৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় উৎসৱত এই চলচ্চিত্ৰ খন প্ৰদৰ্শিত কৰা হৈছিল।
-
সাগৰলৈ বহু দূৰ
সাগৰলৈ বহুদূৰ (Xagoroloi Bohudoor, It's a Long Way to the Sea) জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৯৫ চনত এই ছবিখন মুক্তি দিয়া হয়।
-
অদাহ্য (চলচ্চিত্ৰ)
অদাহ্য (Adajya; ভাবানুবাদ: The Flight) হৈছে অসমীয়া ভাষাত নিৰ্মিত মামণি ৰয়ছম গোস্বামীৰ ৰচিত উপন্যাস দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ আধাৰত নিৰ্মিত সান্ত্বনা বৰদলৈৰ দ্বাৰা পৰিচালিত অসমীয়া চলচ্চিত্ৰ। ১৯৯৬ চনত এই চলচ্চিত্ৰখন অসমৰ প্ৰেক্ষাগৃহত মুক্তি দিয়া হয়।
-
অপৰূপা
অপৰূপা হৈছে ১৯৮২ চনৰ ১৬ এপ্ৰিল তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগমে প্ৰযোজনা কৰা এইখন প্ৰথম অসমীয়া চলচ্চিত্ৰ হোৱাৰ লগতে জাহ্নু বৰুৱাই পৰিচালনা কৰা এইখনেই প্ৰথম চলচ্চিত্ৰ। বোলছবিখন হিন্দী ভাষাতো অপেক্ষা নামেৰে মুক্তি দিয়া হয়।
-
পাপৰি
পাপৰি হৈছে ১৯৮৬ চনত মু্ক্তিপ্ৰাপ্ত জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। পাটকাই ফিল্মছৰ বেনাৰত শৈলধৰ বৰুৱা আৰু জাহ্নু বৰুৱাই প্ৰযোজনা কৰা বোলছবিখনত মুখ্য ভূমিকাত অভিনয় কৰে গোপী দেশাই, সুশীল গোস্বামী আৰু বিজু ফুকনে।
-
সন্ধ্যাৰাগ (চলচ্চিত্ৰ)
সন্ধ্যাৰাগ (Sandyaraag) ১৯৭৭ চনত মুক্তি লাভ কৰা এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। এইখন ড° ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত প্ৰথম ছবি। 'বানপ্ৰস্থ' শীৰ্ষক এটি গল্পৰ আধাৰত ছবিখনৰ আধাৰত চিত্ৰনাট্য আৰু সংলাপ তেখেতে নিজেই ৰচনা কৰিছে।
-
সাৰথি (চলচ্চিত্ৰ)
সাৰথি (Sarothi) ড॰ ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত আৰু প্ৰযোজিত এখন অসমীয়া বোলছবি। ড॰ শইকীয়াই ছবিখন কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। ১৯৯১ চনত মুক্তি পোৱা ছবিখনে ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া কাহিনীচিত্ৰ শিতানত ৰজত কমল বঁটা লাভ কৰিছিল।
-
আৱৰ্তন (চলচ্চিত্ৰ)
আৱৰ্তন (Abartan (On the Run)) ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ ষষ্ঠখন অসমীয়া চলচ্চিত্ৰ। ড॰ শইকীয়া এই ছবিখনৰ একাধাৰে পৰিচালক, প্ৰযোজক, চিত্ৰনাট্য আৰু সংলাপ লেখক আছিল।
-
জয়মতী (২০০৬ চলচ্চিত্ৰ)
জয়মতী (ইংৰাজী নাম: Joymati - the saviour) হৈছে মঞ্জু বৰা পৰিচালিত ২০০৬ বৰ্ষৰ এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন জ্যোতিপ্ৰসাদ আগৰৱালা পৰিচালিত ১৯৩৫ চনৰ প্ৰথম অসমীয়া ছবি ‘জয়মতী’ৰ পুনৰনিৰ্মাণ নহয়। এই জয়মতীৰ কাহিনীত কেতবোৰ বিশেষত্ব আছে।
-
বান্ধোন (চলচ্চিত্ৰ)
বান্ধোন (Baandhon) ২৬ অক্টোবৰ ২০১২ তাৰিখে মুক্তি লাভ কৰা অসমীয়া ভাষাত নিৰ্মিত এখন চলচ্চিত্ৰ। বোলছবিখনৰ প্ৰযোজনা অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম (বিত্ত আৰু উন্নয়ন) আৰু পৰিচালক জাহ্নু বৰুৱা।
-
কুশল
কুশল হৈছে ২০০১ চনৰ ১৪ ডিচেম্বৰ তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ৰ সৰুপথাৰৰ ৰে'ল দুৰ্ঘটনা আৰু কুশল কোঁৱৰৰ ফাঁচীৰ ঐতিহাসিক ঘটনাৰ আলমত ছবিখন নিৰ্মিত। ১৯৯৮ চনত ছবিখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
পখী (চলচ্চিত্ৰ)
পখী (Pokhi) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ২০০০ চনত এই ছবিখন মুক্তি দিয়া হয়। ২০০০ চনত এই চলচ্চিত্ৰখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।
-
ফিৰিঙতি (চলচ্চিত্ৰ)
ফিৰিঙতি হৈছে ১৯৯২ চনত মুক্তিপ্ৰাপ্ত জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজক শৈলধৰ বৰুৱা আৰু মুখ্য ভূমিকাত অভিনয় কৰে মলয়া গোস্বামীয়ে। চলচ্চিত্ৰখনে দ্বিতীয় শ্ৰেষ্ঠ বোলছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে মলয়া গোস্বামীয়েও শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
ভাৰতীয় পেনোৰামা
ভাৰতীয় পেনোৰামা (Indian Panorama) হৈছে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই)ৰ এক মূল উপাদান; যাৰ উদ্যোগত শ্ৰেষ্ঠ হিচাপে বিবেচিত ভাৰতীয় ছবিসমূহক ছবিকলাৰ প্ৰচাৰৰ বাবে নিৰ্বাচিত কৰা হয়।
-
ইতিহাস (চলচ্চিত্ৰ)
ইতিহাস (Itihaas) হৈছে ১৯৯৬ চনত মুক্তিপ্ৰাপ্ত ড॰ ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত অন্তিমখন অসমীয়া চলচ্চিত্ৰ। ৰূপকমল প্ৰডাকচনৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল লীনা বৰাই। ইতিহাসে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আঞ্চলিক ছবি শিতানত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল লাভ কৰিছিল।
-
কল্লোল (চলচ্চিত্ৰ)
কল্লোল (Kallol) অতুল বৰদলৈ পৰিচালিত এখন ক'লা-বগা অসমীয়া ছবি। সঙ্গীত পৰিচালনা ৰুদ্ৰ বৰুৱাৰ। ছবিখনে ১৯৭৯ত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল। ইয়োৰপৰি ছবিখন ১৯৭৮-৭৯ৰ ভাৰতীয় পেনোৰামালৈও নিৰ্বাচিত হৈছিল৷
-
কোলাহল (চলচ্চিত্ৰ)
কোলাহল (The Turmoil) হৈছে ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। শইকীয়াই ১৯৬৯ চনত লিখা এন্দুৰ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হয়। চলচ্চিত্ৰখনত অভিনয় কৰে ৰুণু দেৱী ঠাকুৰ, অৰুণ নাথ, বিভূ ৰঞ্জন চৌধুৰী আদিয়ে।
-
বনানী (চলচ্চিত্ৰ)
বনানী (Banani) হৈছে জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৯০ চনত মুক্তি লভা বোলছবিখনত অভিনয় কৰে বিষ্ণু খাৰঘৰীয়া, মৃদুলা বৰুৱা, সুশীল গোস্বামী, মনামী বেজবৰুৱা আদিয়ে। সংগীত পৰিচালনা সত্য বৰুৱা আৰু প্ৰশান্ত বৰদলৈৰ।
-
জাতিঙ্গা ইত্যাদি
জাতিঙ্গা ইত্যাদি..... (Jaatingaa Ityadi.....) হৈছে ২০০৭ চনত মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। ৰুচিৰা আৰ্টচৰ বেনাৰত এই বোলছবিখন নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ পৰিচালক হৈছে সঞ্জীৱ সভাপণ্ডিত। এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে বিষ্ণু খাৰঘৰীয়া, বীণা পটংগীয়া, সৌৰভ হাজৰিকা ইত্যাদি।
-
মীমাংসা (চলচ্চিত্ৰ)
মীমাংসা (Mimanxa, The Verdict...) হৈছে সঞ্জীৱ হাজৰিকাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। নিৰ্মালী আৰ্টছৰ বেনাৰত নিৰ্মাণ সম্পন্ন হোৱা ছবিখন ১৯৯৪ চনত ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হৈছিল। ছবিখনৰ কাহিনী লিখিছিল সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে। ছবিখনে ১৯৯৮ চনত মুক্তি লাভ কৰে।
-
জুয়ে পোৰা সোণ
জুয়ে পোৰা সোণ (Juye Poora Xoon) হৈছে ২০০৪ চনৰ ৯ জানুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ কথাছবি। ছবিখনৰ কাহিনী-চিত্ৰনাট্য-সংলাপ লিখাৰ লগতে পৰিচালনাৰ দায়িত্বও পালন কৰিছিল সঞ্জীৱ সভাপণ্ডিতে।
-
লাজ
লাজ (Laaz) ২০০৪ চনত মুক্তি পোৱা মঞ্জু বৰা পৰিচালিত আৰু প্ৰযোজিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। সঙ্গীত পৰিচালনা তৰালী শৰ্মাৰ। অৰুণ গোস্বামীৰ চুটিগল্প ‘মাছমৰীয়া ছোৱালীৰ লাজ’ৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছে পৰিচালিকা মঞ্জু বৰাই।
-
বহুবৃত্ত
বহুবৃত্ত (Bohubritta (CIRCLES)) উৎপল দত্ত পৰিচালিত অসমীয়া ভাষাৰ এখন চুটিছবি। স্বপ্না দত্ত ডেকাৰ ”মই’ নামৰ কবিতাৰ আধাৰত নিৰ্মাণ কৰা এই ছবিখনৰ দৈৰ্ধ ৯ মিনিট ৩ চেকেণ্ড।