একাডেমী বঁটা বিজয়ী
২১ প্ৰবন্ধ
-
এ. আৰ. ৰহমান
আল্লাহ ৰাখা ৰহমান (Allah Rakha Rahman)ৰ জন্মতে নাম আছিল এ. এছ. দিলীপ কুমাৰ৷ তেওঁ চমুকৈ ARR(এআৰআৰ) হিচাপেও পৰিচিত৷ আল্লাহ ৰাখা ৰহমান এজন ভাৰতীয় সংগীত সুৰকাৰ, ৰেকৰ্ড প্ৰযোজক, গায়ক, গীতিকাৰ, সংগীতজ্ঞ, বহুকেইটা বাদ্যৰ বাদ্যযন্ত্ৰী, আৰু লোকহিতৈষী৷ তেওঁ ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত৷…
-
ৱাল্ট ডিজনী
ৱাল্টাৰ এলিয়াচ "ৱাল্ট" ডিজনী (৫ ডিচেম্বৰ ১৯০১, ১৫ ডিচেম্বৰ ১৯৬৬) এজন আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, কণ্ঠ অভিনেতা, এনিমেটৰ, উদ্যোগী, সাংস্কৃতিক প্ৰতীক আছিল আৰু মানৱতাবাদী পুৰুষ। এনিমেছন ছবিৰ নিৰ্মাণ আৰু আৰু এনিমেছন কলাৰ বিকাশত তেখেতৰ অৱদান অতি বিশেষ বুলি কোৱা হয়।
-
ষ্টিভেন স্পিলবাৰ্গ
ষ্টিভেন এলান স্পিলবাৰ্গ (Steven Allan Spielberg; জন্ম: ১৮ ডিচেম্বৰ, ১৯৪৬) হৈছে এজন আমেৰিকান ছবি-নিৰ্মাতা। তেওঁক নব্য-হলিউড যুগৰ এজন অন্যতম ৰূপকাৰ বুলি অভিহিত কৰা হয় আৰু ছবি উদ্যোগৰ এজন অগ্ৰগণ্য প্ৰযোজক-পৰিচালক হিচাপে বিভূষিত কৰা হয়।
-
ক্ৰিষ্টোফাৰ ন'লান
ছাৰ ক্ৰিষ্টোফাৰ এডৱাৰ্ড ন'লান (Sir Christopher Edward Nolan; জন্ম:-৩০ জুলাই ১৯৭০) এজন ব্ৰিটিছ আৰু আমেৰিকীয় চলচ্চিত্ৰ নিৰ্মাতা। গাঁথনিগতভাৱে জটিল কাহিনী-কথনৰে সমৃদ্ধ হলিউডৰ ব্লকবাষ্টাৰ ছবিৰ বাবে পৰিচিত ন'লানক একবিংশ শতিকাৰ আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়।
-
ভানু আথাইয়া
ভানু আথাইয়া (Bhanu Athaiya; ২৮ এপ্ৰিল ১৯২৯ - ১৫ অক্টোবৰ ২০২০) এগৰাকী ভাৰতীয় কষ্টিউম ডিজাইনাৰ। তেওঁ ১৯৫০ৰ দশকৰ পৰা প্ৰায় ১০০খন চলচ্চিত্ৰৰ কষ্টিউম ডিজাইন কৰিছে। তেওঁ ১৯৫৬ চনৰ 'চি.আই.ডি.' বোলছবিৰ বেশভূষা তৈয়াৰ কৰি তেওঁ কষ্টিউম ডিজাইনাৰ হিচাপে পৰ্দাপন কৰিছিল।
-
ক্লৱি ঝাও
ক্লৱি ঝাও (Chloé Zhao), জন্ম-৩১ মাৰ্চ, ১৯৮২) হৈছে এগৰাকী চীনা ছবি-নিৰ্মাতা। আমেৰিকান স্বাধীন ছবিলৈ (Independent Films) আগবঢ়োৱা বৰঙণিৰ বাবে তেখেত জনাজাত। ক্লৱিৰ প্ৰথমখন কাহিনী-ছবি আছিল Songs My Brothers Taught Me। ছবিখনে ২০১৫ চনত মুক্তিলাভ কৰিছিল আৰু ছানডান্স ছবি মহোৎসৱত প্ৰদৰ্শিত হৈছিল।
-
ৰবীন ৱিলিয়ামছ
ৰবীন ৱিলিয়ামছ (Robin Williams) এগৰাকী আমেৰিকান অভিনেতা, ষ্টেণ্ড-আপ কৌতুক অভিনেতা (Stand-up comedian), চলচ্চিত্ৰ প্ৰযোজক তথা চিত্ৰনাট্য লিখক (screenwriter)। টেলিভিছন চিৰিজ Mork & Mindy ত ১৯৭৮-১৯৮২ কালত মৰ্ক (Mork) ৰূপে অভিনয় কৰি তেওঁ খ্যাতি লাভ কৰিবলৈ সক্ষম হয়।
-
অড্ৰী হেপ্বাৰ্ন
অড্ৰী কেথলিন হেপ্বাৰ্ন (ৰাষ্টন; ৪ মে' ১৯২৯ – ২০ জানুৱাৰী ১৯৯৩) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। এগৰাকী চলচ্চিত্ৰ আৰু ফেশ্বনৰ প্ৰতীক হিচাপে স্বীকৃত, তেওঁক আমেৰিকান ফিল্ম ইনষ্টিটিউতে তৃতীয় শ্ৰেষ্ঠ মহিলা পৰ্দাৰ কিংবদন্তী হিচাপে স্থান দিছিল Classical Hollywood cinemaৰ, International Best Dressed Hall of…
-
এমা থমাছ
এমা থমাছ নোলান ( জন্ম ৯ ডিচেম্বৰ ১৯৭১ চনত)হৈছে যুক্তৰাজ্যৰ এগৰাকী চলচ্চিত্ৰ প্ৰযোজক। এখেত পতি ক্ৰিষ্টোফাৰ নোলানৰ লগত অংশীদাৰ হৈ বৈশিষ্ট্যপূৰ্ণ ছবি নিৰ্মাণ কৰাৰ বাবে বিশ্বজুৰি বিখ্যাত হৈছে। এওঁ 'নোলান'ৰ সকলো বৈশিষ্ট্যপূৰ্ণ ছবি নিৰ্মাণ কৰি বিশ্বজুৰি ৬ বিলিয়ন ডলাৰতকৈ অধিক উপাৰ্জন কৰিছে।
-
মেগী স্মিথ
দাম মাৰ্গাৰেট নাটালি মেগী স্মিথ (ইংৰাজী: Dame Margaret Natalie Maggie Smith) হলিউদৰ এগৰাকী সক্ৰিয় অভিনেত্ৰী। ১৯৩৪ চনৰ ২৮ ডিচেম্বৰত জন্মলাভ কৰা অভিনেত্ৰীগৰাকীৰ চলচিত্ৰ আৰু নাটক উভয় ক্ষেত্ৰতে সুনাম আছে।
-
মেট ডেমন
মেথিউ পেইজ ডেমন (Matt Damon; জন্ম: ৮ অক্টোবৰ ১৯৭০) হৈছে এজন আমেৰিকীয় অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক আৰু চিত্ৰনাট্যলেখক৷ তেওঁক ২০০৭ চনত ফৰ্বছ আলোচনীয়ে "সৰ্বাধিক উপাৰ্জন নিশ্চিত কৰিব পৰা তাৰকা"ৰ তালিকাভুক্ত কৰে৷ ২০১০ চনত তেওঁ সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনয়-শিল্পী হিচাপে পৰিগণিত হয়৷ মেট ডেমনে…
-
ৰেচুল পুকুট্টি
ৰেচুল পুকুট্টি ( ইংৰাজী: Resul Pookutty; জন্ম: ৩০ মে' ১৯৭১) এজন ভাৰতীয় চলচ্চিত্ৰৰ ধ্বনি ডিজাইনাৰ, ধ্বনি সম্পাদক আৰু অডিঅ' মিক্সাৰ। তেওঁ ৰিচাৰ্ড প্ৰাইক আৰু ইয়ান টেপৰ সৈতে শ্লামডগ মিলিয়নেয়াৰ বাবে শ্ৰেষ্ঠ শব্দ মিশ্ৰণৰ একাডেমী বঁটা লাভ কৰে।
-
এডেল
এডেল ল’ৰি ব্লু এডকিন্স (Adele Laurie Blue Adkins) এগৰাকী ইংৰাজ গায়িকা, গীতিকাৰ আৰু বাদ্যযন্ত্ৰী। ১৯৮৮ চনৰ ৫ মে’ত উত্তৰ ইংলেণ্ডৰ টটেনহামত এডেলৰ জন্ম হয়। তেওঁৰ পিতৃ মাৰ্ক ইভান্স আৰু মাতৃ পেন্নী এডকিন্স।
-
এমা ষ্টোন
এমিলি জিন "এমা" ষ্টোন (Emily Jean "Emma" Stone; জন্ম: ৬ নৱেম্বৰ, ১৯৮৮) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ দুটা একাডেমী বঁটা, দুটা ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা, আৰু দুটা গোল্ডেন গ্ল’ব বঁটা এতিয়ালৈকে লাভ কৰিছে।
-
এমি মেডিগান
এমি মেৰী মেডিগান (জন্ম ১১ ছেপ্তেম্বৰ, ১৯৫০) এগৰাকী আমেৰিকীয় অভিনয়-শিল্পী৷ মঞ্চ আৰু পৰ্দাত -উভয় মঞ্চতে কৰা কামৰ বাবে পৰিচিত মেডিগানে প্ৰাইমটাইম এমি বঁটাৰ মনোনয়নৰ উপৰি একাডেমী বঁটা, অভিনেত্ৰী বঁটা আৰু গোল্ডেন গ্ল’ব বঁটা লাভ কৰিছে।
-
কেইৰা নাইটলি
কেইৰা ক্ৰীষ্টিনা নাইটলি (Keira Christina Knightley; জন্ম: ২৬ মাৰ্চ ১৯৮৫) এগৰাকী ইংৰাজী অভিনেত্ৰী। স্বতন্ত্ৰ ছবি আৰু পিৰিয়ড ড্ৰামাত কৰা কামৰ বাবে পৰিচিত নাইটলিয়ে দুটা একাডেমী বঁটা, দুটা ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা, চাৰিটা গোল্ডেন গ্ল’ব আৰু এটা লৰেন্স অলিভিয়াৰ বঁটাৰ বাবে মনোনয়নকে ধৰি বহুতো…
-
গুনিত মংগা
গুনীত মংগা (Guneet Monga; জন্ম: ২১ নৱেম্বৰ ১৯৮৩) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। ২০২৩ চনৰ একাডেমী বঁটা বিজয়ী চুটি তথ্যচিত্ৰ-ছবি দ্য এলিফেণ্ট হুইছপাৰাৰ্ছৰ তেখেত কাৰ্যবাহী প্ৰযোজক।
-
চাৰ্লিজ থেৰন
চাৰ্লিজ থেৰন ( Charlez Theronজন্ম-৭ আগষ্ট ১৯৭৫) এগৰাকী দক্ষিণ আফ্ৰিকান আৰু আমেৰিকান অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ বিশ্বৰ অন্যতম সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী৷ তেওঁ একাডেমী বঁটা আৰু গোল্ডেন গ্ল'ব বঁটাকে ধৰি বিভিন্ন বঁটা লাভ কৰিছে।
-
জুৰাছিক পাৰ্ক (চলচ্চিত্ৰ)
জুৰাছিক পাৰ্ক (Jurassic Park) হৈছে ১৯৯৩ চনত ক্ৰাইটনৰ ১৯৯০ চনৰ উপন্যাসৰ আধাৰত নিৰ্মিত ষ্টিভেন স্পিলবাৰ্গৰ দ্বাৰা পৰিচালিত আৰু মাইকেল ক্ৰাইটন আৰু ডেভিদ ক’পে লিখা এখন আমেৰিকান কল্পবিজ্ঞানধৰ্মী থ্ৰিলাৰ ছবি।
-
বং জোন-হো
বং জোন-হো (Bong Joon-ho, জন্ম- ১৪ ছেপ্টেম্বৰ, ১৯৬৯) হৈছে দক্ষিণ কোৰিয়াৰ এগৰাকী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ৷ তেখেত তিনিটা অ'স্কাৰ বঁটাৰ প্ৰাপক৷ তেখেতৰ ছবিসমূহত সামাজিক, কল্পনাপ্ৰসূত, ব্লেক কমেডিৰ দৰে বৈশিষ্ট্য দেখিবলৈ পোৱা যায়৷ ২০০০ চনত মুক্তিলাভ কৰা ব্লেক কমেডি ছবি বাৰ্কিং ডগছ্…
-
বিং ক্ৰাজবি
হেৰি লিলিছ ক্ৰাজবি Bing Crosby (1903-1977) আমেৰিকান গায়ক হিচাপে অভিহিত কৰা হয়। তেওঁক বিংশ শতিকাৰ আটাইতকৈ বেছি প্ৰভাৱশালী সংস্কৃতিক ব্যক্তিত্ব। নৃত্য আৰু ফেশ্বনৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদান আৰু তেওঁৰ ব্যক্তিগত জীৱনৰ জনপ্ৰিয় মাধ্যমত। গোটেই বিশ্বতে তেওঁৰ আনুমানিক ১০০০ মিলিয়ন ৰেকৰ্ড বিক্ৰী হৈছে।