সংগীত পৰিচালক
২০ প্ৰবন্ধ
-
এ. আৰ. ৰহমান
আল্লাহ ৰাখা ৰহমান (Allah Rakha Rahman)ৰ জন্মতে নাম আছিল এ. এছ. দিলীপ কুমাৰ৷ তেওঁ চমুকৈ ARR(এআৰআৰ) হিচাপেও পৰিচিত৷ আল্লাহ ৰাখা ৰহমান এজন ভাৰতীয় সংগীত সুৰকাৰ, ৰেকৰ্ড প্ৰযোজক, গায়ক, গীতিকাৰ, সংগীতজ্ঞ, বহুকেইটা বাদ্যৰ বাদ্যযন্ত্ৰী, আৰু লোকহিতৈষী৷ তেওঁ ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত৷…
-
প্ৰীতম চক্ৰৱৰ্তী
প্ৰীতম চক্ৰৱৰ্তী (Pritam Chakraborty; জন্ম: ১৪ জুন ১৯৭১) জনপ্ৰিয়ভাৱে প্ৰীতম নামেৰেও পৰিচিত৷ তেওঁ এজন ৰাষ্ট্ৰীয় বঁটা বিজয়ী ভাৰতীয় সুৰকাৰ, বাদ্যযন্ত্ৰবাদক, সংগীত প্ৰযোজক আৰু গায়ক।
-
ভূপেন উজীৰ
ভূপেন উজীৰ (Bhupen Uzir) হৈছে অসম, ভাৰতৰ এগৰাকী সংগীত শিল্পী, সুৰকাৰ, বাদ্যযন্ত্ৰী আৰু সংগীত পৰিচালক৷ তেখেতে জীৱন সুৰভি, ব’হাগৰ দুপৰীয়া, প্ৰতিদান, বুকুৰ মাজত জ্বলে, যৌৱনে আমনি কৰে, এই মৰম তোমাৰ বাবেকে ধৰি বিশখনৰো অধিক অসমীয়া ছবিৰ বাবে সংগীত পৰিচালনা কৰিছে৷ ২০২৩ চনত তেখেতক জীৱনজোৰা সাধনাৰ বঁটা…
-
আদেশ শ্ৰীবাস্তৱ
আদেশ শ্ৰীবাস্তৱ (৪ ছেপ্টেম্বৰ ১৯৬৬ – ৫ ছেপ্টেম্বৰ ২০১৫) এজন ভাৰতীয় সংগীত পৰিচালক আৰু গায়ক আছিল। সমগ্ৰ কৰ্মজীৱনত তেওঁ এশখনতকৈও বেছি হিন্দী বোলছবিত সংগীত দিছিল। জবলপুৰৰ এক কায়স্থ হিন্দু পৰিয়ালত জন্মলাভ কৰা শ্ৰীবাস্তৱে ১৯৯৩ চনত কন্যাদান ছবিত সংগীত পৰিচালনা কৰাৰ সুযোগ লাভ কৰে।
-
জিৎ গাংগুলী
জিৎ গাংগুলী এজন ভাৰতীয় কথাছবি সংগীত পৰিচালক, গায়ক আৰু সুৰকাৰ হিচাপে বলিউডত কাম কৰি আছে।
-
দীপক শৰ্মা
দীপক শৰ্মা (Dipak Sarma, ২৩ আগষ্ট, ১৯৬৮ – ৩ নৱেম্বৰ, ২০২৫) অসম, ভাৰতৰ এগৰাকী বাঁহী বাদক। তেওঁ ২০১৩ চনলৈ ৩খন অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰাৰ লগতে জী টিভিত সম্প্ৰচাৰিত হোৱা কৰ্ম এণ্ড ৱাজিৰৰ সংগীত পৰিচালনা কৰিছিল।
-
ছাজিদ-ৱাজিদ
ৱাজিদ খান (Wajid Ali Khan) আৰু ছাজিদ খান (Sajid Ali Khan) হৈছে বলিউদৰ সফল সংগীত পৰিচালক। তেওঁলোকে যুটীয়াকৈ হিন্দী চিনেমাৰ সংগীত পৰিচালনা কৰিছিল। তেওঁলোকৰ যুটীটো ছাজিদ-ৱাজিদ নামেৰে জনপ্ৰিয়। তেওঁলোকৰ দেউতাক ওস্তাদ চাৰাফত আলি খান এগৰাকী বিখ্যাত তবলা বাদক। মাতৃ ৰজিয়া খান।
-
নুছৰত ফটেহ আলি খান
{{Infobox person | honorific_prefix = ওস্তাদ | name = নুছৰত ফটেহ আলি খান | honorific_suffix = প্ৰাইড অৱ পাৰ্ফমেঞ্চ | image = Nusrat Fateh Ali Khan.jpg | caption = নুছৰত ফটেহ আলি খান | alias = শ্বাহেনশ্বাহ-এ-কাৱালী কিং অৱ কিংচ্ অৱ কাৱালী | native_name = NFAK | birth_name = পাৰভেজ ফটেহ আলি খান |…
-
পি. ভানুমতী
পি ভানুমতী ৰামকৃষ্ণ ( P. Bhanumathi Ramakrishna;৭ ছেপ্টেম্বৰ ১৯২৫ – ২৪ ডিচেম্বৰ ২০০৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, কণ্ঠশিল্পী, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সংগীত পৰিচালক আৰু ঔপন্যাসিক। তেওঁক তেলেগু চলচ্চিত্ৰৰ প্ৰথম মহিলা ছুপাৰ ষ্টাৰ হিচাপে গণ্য কৰা হয়।
-
দেৱী শ্ৰী প্ৰসাদ
দেৱী শ্ৰী প্ৰসাদ (దేవిశ్రీ ప్రసాద్, தேவி ஸ்ரீ பிரசாத்) (জন্ম: আগষ্ট ২, ১৯৭৯) এজন ভাৰতীয় সংগীত গীতিকাৰ, কণ্ঠশিল্পী আৰু পৰিচালক। তেওঁ মূলতঃ তেলেগু, আৰু তামিল ভাষাৰ বোলছবিৰ গীততো কণ্ঠ নিগৰাইছে।
-
নন্দ বেনাৰ্জী
নন্দ বেনাৰ্জী (Nanda Banerjee) অসমৰ এগৰাকী সুৰকাৰ, বাদ্যযন্ত্ৰী, সংগীতশিল্পী আৰু সংগীত পৰিচালক আছিল৷ একাধিক তথ্যচিত্ৰ, ধাৰাবাহিক, গীত সংকলনৰ লগতে তেখেতে 'স্নেহবন্ধন', 'জনকনন্দিনী' আদি অসমীয়া চলচ্চিত্ৰত সংগীত পৰিচালক হিচাপে কাম কৰিছিল ৷ শাস্ত্ৰীয় আৰু পাশ্চাত্য সংগীতত বিশেষভাৱে বিচৰণ কৰা…
-
জিম অংকন ডেকা
জিম অংকন ডেকা (জন্ম ১ জুন ১৯৮০) এগৰাকী ভাৰতীয় সংগীতজ্ঞ, তথ্যচিত্ৰ নিৰ্মাতা, ফটোগ্ৰাফাৰ আৰু বাংগালুৰু ভিত্তিক সংস্থা আৰু সংগীত বিদ্যালয় ইষ্টাৰ্ন ফেয়াৰ মিউজিক ফাউণ্ডেশ্যনৰ পৰিচালক। তেওঁ অসমৰপৰা ভাৰতৰ বাংগালুৰুত সংগীত প্ৰতিষ্ঠান আৰু প্ৰডাকচন হাউচ মুকলি কৰা প্ৰথমজন ব্যক্তি।
-
বিব্বো (অভিনেত্ৰী)
বিব্বো (Bibbo; জন্ম: ইছৰত চুলতানা; ১৯০৬-১৯৭২) ভাৰত আৰু পাকিস্তান উভয় দেশত কাম কৰা এগৰাকী সংগীত পৰিচালক, কণ্ঠশিল্পী আৰু অভিনেত্ৰী আছিল। দেশ বিভাজনৰ সময়ত পাকিস্তানলৈ গুছি যোৱাৰ পূৰ্বে তেওঁ ১৯৩৩-ৰ পৰা ১৯৪৭-লৈ ভাৰতীয় চলচ্চিত্ৰত কাম কৰিছিল।
-
ইগ'ৰ ষ্ট্ৰাভিন্সকি
ইগ'ৰ ফ্য'ড'ৰভিচ ষ্ট্ৰাভিন্সকি (Игорь Фёдорович Стравинский; ১৭ জুন [অ' এছ ৫ জুন] ১৮৮২ – ৬ এপ্ৰিল ১৯৭১) আছিল এজন ৰাছিয়ান সুৰকাৰ, পৰিচালক আৰু পিয়ানোবাদক, যিয়ে পিছলৈ ফ্ৰান্স (১৯৩৪ চনৰ পৰা) আৰু আমেৰিকাৰ (১৯৪৫ চনৰ পৰা) নাগৰিকত্ব গ্ৰহণ কৰিছিল।
-
গুস্তাভ মাহলাৰ
গুস্তাভ মাহলাৰ (জাৰ্মান: [ˈɡʊstaf ˈmaːlɐ]; ৭ জুলাই ১৮৬০ – ১৮ মে' ১৯১১) আছিল এজন অষ্ট্ৰিয়া-বোহেমিয়ান ৰোমাণ্টিক সুৰকাৰ আৰু তেওঁৰ প্ৰজন্মৰ অন্যতম আগশাৰীৰ সংগীত পৰিচালক।
-
জি দেৱৰাজন
পৰাভুৰ গোবিন্দন দেৱৰাজন (মালয়ালম: പരവൂർ ഗോവിന്ദൻ ദേവരാജൻ; ১৯২৭–২০০৬) সাধাৰণতে জি দেৱৰাজন বা দেৱৰাজন মাষ্টাৰ নামেৰে জনাজাত এগৰাকী ভাৰতীয় সংগীত পৰিচালক আৰু কৰ্ণাটকী সংগীত কণ্ঠশিল্পী আছিল।
-
পাৰভেজ ৰব
পাৰভেজ ৰব (১৯৬২/৬৩ – ১৯ অক্টোবৰ ২০১৯) বাংলাদেশৰ এজন সুৰকাৰ আৰু সঙ্গীত পৰিচালক আছিল। তেখেত মুঠ ৭৫ খন বাংলাদেশী চলচ্চিত্ৰৰ সঙ্গীত পৰিচালনা কৰিছিল। ২০১৯ চনৰ ৫ ছেপ্টেম্বৰত ৫৬ বয়সত তেখেতৰ মৃত্যু হয়।
-
পি ভি আৰ ৰাজা
পি ভি আৰ ৰাজা (PVR Raja,పివిఆర్ రాజా, பி. வி. ஆர். ராஜா) (জন্ম: জুন ১, ১৯৮৫) এজন ভাৰতীয় সুৰকাৰ, সংগীত পৰিচালক আৰু গীটাৰিষ্ট। তেওঁ মূলতঃ তেলেগু ছবিত কাম কৰি আছে। তেলেগু চুটি ছবিৰ সৰ্বাধিক স্ক'ৰ কৰাৰ বাবে তেওঁ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰে। তেওঁ চুটি ছবিৰ ইলাইয়াৰাজা হিচাপে স্বীকৃতি লাভ কৰে।
-
ভৰতন
ভৰতন পৰমেশ্বৰ মেনন পালিছেৰী (১৪ নৱেম্বৰ ১৯৪৬ ৩০ জুলাই ১৯৯৮) সাধাৰণতে কেৱল ভৰতন নামেৰে জনাজাত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী আৰু কলা নিৰ্দেশক আছিল। ১৯৮০ৰ দশকত পদ্মৰাজন আৰু কে জি জৰ্জৰ সৈতে মালয়ালম চলচ্চিত্ৰত এক নতুন ধাৰাৰ চলচ্চিত্ৰ নিৰ্মাণশৈলীৰ সূচনা কৰাৰ বাবে ভৰতন বিশেষভাৱে পৰিচিত।
-
হান্স জিমাৰ
হান্স ফ্লৰিয়ান জিমাৰ (Hans Zimmer, জন্ম-১২ ছেপ্টেম্বৰ ১৯৫৭)এজন জাৰ্মান চলচ্চিত্ৰ সুৰকাৰ আৰু সংগীত প্ৰযোজক। জিমাৰে দুটা একাডেমী বঁটা, এটা বাফটা বঁটা, পাঁচটা গ্ৰেমী বঁটা লাভ কৰাৰ লগতে ৭টা এমি বঁটা আৰু এটা টনি বঁটাৰ বাবে মনোনীত হৈছে।