আশুতোষ গাংগুলী (মঞ্চনাম এছ কিং নামেৰে পৰিচিত) এগৰাকী বৃটিছ গায়ক, গীতিকাৰ আৰু সুৰকাৰ। ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ হিন্দী ছবি দিল্লী ৬ত গীত গাই তেওঁ লাইমলাইটলৈ আহে।১২ তেওঁ ভাৰতৰ বিশিষ্ট গায়ক কিশোৰ কুমাৰৰ এগৰাকী আত্মীয়। দৃশ্যম চিনেমাত "কাৰ্বন কপি" গীতটোও তেওঁ গাইছে।
ব্যক্তিগত জীৱন
লণ্ডনৰ ভাৰতীয় মূলৰ এটা সংগীতজ্ঞ পৰিয়ালত এছ কিঙে জন্মগ্ৰহণ কৰিছিল। যাৰ ফলত শৈশৱৰ পৰাই সংগীতৰ সৈতে তেওঁৰ এক সুসম্পৰ্ক গঢ়ি উঠিছিল। তেওঁৰ ককা ব্ৰজেন্দ্ৰ লাল গাংগুলী আছিল ন'বেল বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰৰ গৃহ তথা বিদ্যালয় শান্তিনিকেতনৰ প্ৰথমগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ শিক্ষক আৰু ভাৰতৰ এগৰাকী বিশিষ্ট স্বাধীনতা সংগ্ৰামী। ইয়াৰ উপৰিও তেওঁ সুভাষ চন্দ্ৰ বসুৰ ঘনিষ্ঠ মিত্ৰ আৰু বিশিষ্ট কণ্ঠশিল্পী কিশোৰ কুমাৰৰ পিতৃৰ প্ৰথম খুড়াকৰ পুতেক আছিল।৩ কিঙে শৈশৱ কটায় বিখ্যাত সংগীত শিল্পীসকলৰ মাজত, যাৰ সৈতে তেওঁৰ পিতৃয়ে ঘনিষ্ঠভাৱে কাম কৰিছিল। ষাঠিৰ দশকত তেওঁৰ পিতৃয়ে ভাৰতত ৰবি শংকৰৰ সৈতে এটা অনুষ্ঠান পৰিৱেশন কৰিছিল। তেওঁৰ মতে, সৰুকালত এবাৰ জৰ্জ হেৰিছনে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰতি আকৰ্ষিত হোৱাৰ বাবে ৱেম্বলীত থকা তেওঁলোকৰ ঘৰলৈ গৈছিল। তেওঁৰ মাতৃৰ পূৰ্বপুৰুষসকল গুজৰাটৰ কৰমচাঁদ চহৰৰ আছিল।৪
তেওঁ আৰম্ভণিতে গছপেল গায়কৰ দল এটিত যোগদান কৰি বিশেষভাৱে প্ৰভাৱিত হৈছিল।
কৰ্মজীৱন
তেওঁৰ কৰ্মজীৱনৰ আৰম্ভণিতে এ আৰ ৰহমানৰ সৈতে দিল্লী-৬ নামৰ ছবি এখনত ৰহমানৰ ব্যক্তিগত ষ্টুডিঅ'ত তেওঁ গীত বাণীবদ্ধ কৰিছিল। বন্ধুবৰ্গই তেওঁৰ প্ৰশংসা কৰাৰ পিছত ৰহমানে কিঙক তেওঁৰ লণ্ডনৰ ঘৰলৈ মাতিছিল। ২৫ বছৰীয়া ডেকাজনৰ কণ্ঠ শুনি ৰহমান আপ্লুত হৈছিল আৰু নিজৰ ব্যক্তিগত ষ্টুডিঅ’ত গীতটো বাণীবদ্ধ কৰিবলৈ শীঘ্ৰেই চেন্নাইলৈ উৰা মাৰিছিল। ইয়াৰ পিছত তেওঁ দম মাৰো দম ছবিৰ বাবে তে আমো, বডিগাৰ্ড ছবিৰ বাবে আই লাভ ইউ আৰু আয়শা ছবিৰ বাবে ছুনো আয়শাকে ধৰি বহুতো ছবিত কন্ঠ দান কৰিছিল।
লেডী গাগাৰ জাষ্ট ডান্সৰ ৰিমিক্স বেড ৰোমাঞ্চ শীৰ্ষক অফিচিয়েল একক গীততো এছে কন্ঠ দিছিল। উক্ত ৰিমিক্স এলবামটো ইয়াৰ এছিয়ান মুক্তিতো ব্যৱহাৰ কৰা হৈছিল।৫
ব্ৰিটেইনৰ এই বিশিষ্ট গায়কজনে, লাভ ইজ ব্লাইণ্ড গীতটো গোৱাৰ লগতে সহযোগীভাৱে লিখিছেও আৰু যিটো তেওঁ গায়ক ৰমজীৰ সৈতে গাইছিল। তেওঁ হাৰ্ড কৌৰৰ সৈতে লুক ফৰ মি গীতটোত অভিনয়ও কৰিছিল।৬ ২০১১ চনত এছে বিবিচিৰ বাবে গ্লাষ্টনবেৰী ফেষ্টিভেলকে ধৰি ব্ৰিটেইনৰ কিছুমান ডাঙৰ ডাঙৰ অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল৭ আৰু বিবিচি লণ্ডন মেলাৰ মূল মঞ্চখনতো গীত পৰিৱেশন কৰিছিল।৮
২০১১ চনৰ পিছত ২০১২ চনত বাংলা ছবি বোঝেনা সে বোঝেনাৰ "কঠিন" শীৰ্ষক গীতটো গোৱাৰ সুযোগ লাভ কৰে। ইয়াৰ উপৰিও তেওঁ এমটিভি ইণ্ডিয়াৰ 'এমটিভি আনপ্লাগড' – ছিৰিজ ২ত অংশ লৈছিল, য’ত এটা সম্পূৰ্ণ খণ্ড তেওঁৰ হিট গীতসমূহৰ বাবে উৎসৰ্গিত আছিল। ছিৰিজটোৰ আন আন কণ্ঠশিল্পীসকলৰ ভিতৰত আছিল এ. আৰ. ৰহমান, সুনিধি চৌহান আৰু শফকত আমানত আলী খান। ২০১৩ চনৰ এপ্ৰিল মাহত তেওঁ লণ্ডনৰ চাউথবেংক চেণ্টাৰত চুফী তথা বলিউড গায়ক হৰ্ষদীপ কৌৰৰ সৈতে এটা কনচাৰ্টত গীত পৰিৱেশন কৰিছিল।

চলচ্চিত্ৰপঞ্জী
| এতিয়াও মুক্তি নোপোৱা চলচ্চিত্ৰসমূহক বুজায় |
| style="background:#cfc; text-align:center;"|বছৰ | style="background:#cfc; text-align:center;"|চলচ্চিত্ৰ | style="background:#cfc; text-align:center;"|গীতৰ নাম | style="background:#cfc; text-align:center;"|সহ-গায়ক/সহ-গায়িকা | style="background:#cfc; text-align:center;"|সুৰকাৰ | style="background:#cfc; text-align:center;"|টোকা |
|---|---|---|---|---|---|
| ২০০৯ | দিল্লী-৬ | দিল গিৰা দফাতন | চিন্ময়ী | এ. আৰ. ৰহমান | |
| ২০১০ | আয়শা | চুন' আয়শা | নাকাশ আজিজ, অমিত ত্ৰিবেদী | অমিত ত্ৰিবেদী | |
| rowspan=4| ২০১১ | দম মাৰ' দম | টে আমো (যুগল) | সুনিধি চৌহান | rowspan="2"|প্ৰীতম | |
| বডিগাৰ্ড | আই লাভ ইউ | ক্লিণ্টন চেৰেজো | মনোনীত – শ্ৰেষ্ঠ পুৰুষ নেপথ্য গায়কৰ বাবে আইফা বঁটা | ||
| rowspan="2"|মুঝছে ফ্ৰেন্দশ্বিপ কৰোগে | উহ-অহ-উহ-অহ! | rowspan=2|শিল্পা ৰাও | rowspan="2"|ৰঘু দীক্ষিত | ||
| উহ-অহ-উহ-অহ ২.০ | |||||
| rowspan=6| ২০১২ | এক মই ঔৰ একক তু | আন্টি জী | বিয়াংকা গোমেছ, নিউমান পিণ্টো, পীয়ুষ কাপুৰ, ফিয়নাছ পিণ্টো | অমিত ত্ৰিবেদী | |
| পাঁচ অধ্যায় | ফিৰে পাৱাৰ গান | rowspan=2|একক | শান্তনু মৈত্ৰ | বাংলা চলচ্চিত্ৰ | |
| অ’ মাই গড! | তু হি তু (আনপ্লাগড) | হিমেশ ৰেশমীয়া | |||
| rowspan="2"|ৰাছ | চুপ চুপ কে | মুৱাজ্জাম, ৰিজৱান আলী খান | rowspan="2" |প্ৰীতম | ||
| হোতে হোতে | হাৰ্ড কৌৰ | ||||
| বোঝেনা সে বোঝেনা | কঠিন | সায়নী ঘোষ | অৰিন্দম চেটাৰ্জী | বাংলা চলচ্চিত্ৰ | |
| rowspan=4| ২০১৩ | চৰ্টকাট ৰোমিঅ' | চৰ্টকাট ৰোমিঅ' | rowspan=2|একক | হিমেশ ৰেশমীয়া | |
| rowspan="2"|বাত বান গয়ী | নাছিবা | rowspan="2"|হৰপ্ৰীত সিং | |||
| ডান্স কৰ্না | চৰ্দাৰ আলী | ||||
| ছুপাৰ ছে ওপাৰ | বেহকা বেহকা | তীশা নিগম | চনু নিগম আৰু বিক্ৰম ঘোষ | ||
| rowspan=4| ২০১৪ | হাৰ্টলেছ | মাশ্বুকানা | অৰুণিমা ভট্টাচাৰ্য্য | গৌৰৱ দগাঁওকাৰ | |
| সাভাৰী ২ | য়েলো মাৰেয়াগি | একক | মণিকান্ত কাদ্ৰী | কন্নড় চলচ্চিত্ৰ | |
| হামশকলছ | লুক ইন্টু মাই আইজ | নীতি মোহন | হিমেশ ৰেশমীয়া | ||
| বেং বেং! | মেহেৰবান | শিল্পা ৰাও, শেখৰ ৰাভজিয়ানী | বিশাল–শেখৰ | ||
| rowspan="6" | ২০১৫ | rowspan="2"|আই | তুম তোড়ো না (পুৰুষ সংস্কৰণ) | সুনিধি চৌহান | rowspan="2"|এ. আৰ. ৰহমান | |
| তুম তোড়ো না (মহিলা সংস্কৰণ) | বেলা শ্বেণ্ডে | ||||
| পাৰবোনা আমি ছাৰতে তোকে | উৰে গেছে | মোনালী ঠাকুৰ | ইন্দ্ৰদীপ দাসগুপ্ত | rowspan="3"|বাংলা চলচ্চিত্ৰ | |
| rowspan="2"|শুধু তোমাৰই জন্য | যেন তোমাৰই কাছে | সোমলতা আচাৰ্য্য চৌধুৰী | rowspan="2"|অৰিন্দম চেটাৰ্জী | ||
| দেখতে বৌ বৌ | প্ৰশ্মিতা পাল | ||||
| দৃশ্যম | কাৰ্বন কপি | বিশাল ভৰদ্বাজ | |||
| rowspan=5|২০১৬ | হিৰো ৪২০ | চাইছি তোকে | একক | rowspan="2"|সেভি গুপ্ত | rowspan="2"|ভাৰত-বাংলাদেশৰ চলচ্চিত্ৰ |
| | প্ৰেম কি বুঝিনি | আমি ৰাজি | মধুবন্তী বাগচী | |||
| | এ দিল হ্যায় মুছকিল | আলীজেহ | অৰিজিৎ সিং | প্ৰীতম | ||
| | সাসেঁ | মেৰা প্যাৰ | অৰিজিৎ সিং, স্বাতী শৰ্মা, দেৱ নেগী, জয় বৰুৱা | বিবেক কাৰ | ||
| | আমি তোমাৰ হতে চাই | এই টুকৰো প্ৰেমেৰ গল্প | একক | ছফিক তুহিন | বাংলাদেশৰ চলচ্চিত্ৰ | |
| rowspan="5"|২০১৭ | হাফ গাৰ্লফ্ৰেণ্ড | বাৰিশ | শাশা তিৰুপতী | তনিষ্ক বাগচী | |
| | আমি যে কে তোমাৰ | ভালোবেসে ফেলেছি | জোনিতা গান্ধী | ইন্দ্ৰদীপ দাসগুপ্ত | বাংলা চলচ্চিত্ৰ | |
| | ফ্লেট ২১১ | চকলেটী কেক | একক | প্ৰকাশ প্ৰভাকৰ | হিন্দী চলচ্চিত্ৰ | |
| | এ জেন্টলমেন | বন্দুক মেৰী লাইলা | জিগাৰ সৰাইয়া, ৰেপ: ৰাফতাৰ, সিদ্ধাৰ্থ মালহোত্ৰা | শচীন-জিগাৰ | ||
| | গেষ্ট ইন লণ্ডন | দিল মেৰা | শ্বাহিদ মাল্যা, প্ৰকৃতি ককৰ | ৰাঘৱ সচাৰ | ||
| |২০১৮ | স্ত্ৰী | নজৰ না লগ জায়ে | একক | শচীন-জিগাৰ | |
| |২০২০ | কুলি নং ১ | তেৰে সিৱা | ৰেনেছা দাস | তনিষ্ক বাগচী | |
| |২০২১ | ৰাধে | জুম জুম | ইউলিয়া ভান্টুৰ | সাজিদ–ৱাজিদ | |
| rowspan=2|২০২২ | ৰাৱণ | ইউ আৰ মাই লাভ | একক | সেভি গুপ্ত | বাংলা চলচ্চিত্ৰ |
| ভেড়িয়া | ঠুমকেশ্বৰী | ৰশ্মীত কৌৰ, দিব্য কুমাৰ, শচীন-জিগাৰ | শচীন-জিগাৰ | ||
| |২০২৩ | ছত্ৰপতি | শুক্ৰীয়া | পলক মুছল | তনিষ্ক বাগচী |
অ-চলচ্চিত্ৰ গীত
- লুক ফৰ মি
- টেক ইট ইজি
- লাভ ইজ ব্লাইণ্ড
- লেডি গাগাৰ পৰা বেড ৰোমাঞ্চ ৰিমিক্স আৰু লেডী গাগা, লাছ, ৱেডিছ আৰু ইয়ং থ'ৰোৰ সৈতে জাষ্ট ডান্স এলবাম
- দীৱাৰেঁ: হোলীৰ বাবে ঐক্যৰ গীত৯ ("দীৱাৰেঁ"ৰ লগতে সুখৱিন্দৰ সিং, শান, জাভেদ আলী, সুৰজ জগান, কুণাল গাঞ্জাৱালা, জোনিতা গান্ধী) (দ্য মুডী নেচনৰ একক পবিত্ৰ গীত)
- মণিপাল ইনষ্টিটিউট অৱ টেকন’লজিত ৰেভেলছ, ২০১৭।
- কিশ্মিছ, কৰণ আৰু মমিনা মুষ্টেহছানৰ সৈতে
- হায়ে অয়ে – কৰণ এফটি. এছ কিং
- অৰিপ্লাষ্ট অৰিজিনেলছ (অজয় সিঙৰ সৈতে আমি শুধু তোমাৰ) (বাংলা এলবাম)
প্ৰশংসা
| বঁটা প্ৰদান অনুষ্ঠান | বিভাগ | মনোনীত কৰ্ম | ফলাফল | তথ্যসূত্ৰ |
|---|---|---|---|---|
| দশম মিৰ্চি মিউজিক এৱাৰ্ডছ | বৰ্ষশ্ৰেষ্ঠ পুৰুষ কণ্ঠবিদ | হাফ গাৰ্লফ্ৰেণ্ডৰ পৰা "বাৰিশ" | ১০ |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (17 March 2011). Dum Maaro Dum. বলিউড হাংগামা
- ↑ (29 July 2011). Bodyguard. বলিউড হাংগামা
- ↑ Das, Mohua. (12 June 2012). Ashutosh tells us about Ash. The Telegraph
- ↑ Ash King wishes to make Gujarati music a global phenomenon. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (11 October 2011). Lady Gaga's 'Just Dance' Deewaan Remix Featuring Ash King. Desi Hits
- ↑ (11 October 2011). Ash King in the Spotlight. Naach
- ↑ (11 October 2011). Ash King + Shammi Pithia – Until I Hit The Ground Glastonbury 2011
- ↑ (11 October 2011). Jay Sean, Jazzy B, Lehmber Hussainpuri, Mumzy Stranger and Ash King joined the London Mela line up.. BBC Asian Network
- ↑ Seven Singers Come Together this Holi to Celebrate Unity with Deewaren. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Nominations – Mirchi Music Awards 2017. MMAMirchiMusicAwards
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এশ্ব কিং” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৯২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।