বৃটিছ কণ্ঠশিল্পী
৮ প্ৰবন্ধ
-
এশ্ব কিং
আশুতোষ গাংগুলী (মঞ্চনাম এছ কিং নামেৰে পৰিচিত) এগৰাকী বৃটিছ গায়ক, গীতিকাৰ আৰু সুৰকাৰ। ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ হিন্দী ছবি দিল্লী ৬ত গীত গাই তেওঁ লাইমলাইটলৈ আহে। তেওঁ ভাৰতৰ বিশিষ্ট গায়ক কিশোৰ কুমাৰৰ এগৰাকী আত্মীয়। দৃশ্যম চিনেমাত "কাৰ্বন কপি" গীতটোও তেওঁ গাইছে।
-
এডেল
এডেল ল’ৰি ব্লু এডকিন্স (Adele Laurie Blue Adkins) এগৰাকী ইংৰাজ গায়িকা, গীতিকাৰ আৰু বাদ্যযন্ত্ৰী। ১৯৮৮ চনৰ ৫ মে’ত উত্তৰ ইংলেণ্ডৰ টটেনহামত এডেলৰ জন্ম হয়। তেওঁৰ পিতৃ মাৰ্ক ইভান্স আৰু মাতৃ পেন্নী এডকিন্স।
-
এমি ৱাইনহাউচ
এমি জেড ৱাইনহাউচ (১৪ ছেপ্টেম্বৰ ১৯৮৩ – ২৩ জুলাই ২০১১) এগৰাকী বৃটিছ গায়িকা, গীতিকাৰ, সংগীতজ্ঞ আৰু ব্যৱসায়ী আছিল। তেওঁ স্বকীয় কনট্ৰাল্টো কণ্ঠ, প্ৰকাশভংগী আৰু আত্মজীৱনীমূলক গীতৰ ৰচনা, আৰু ছ’ল, ৰিদম এণ্ড ব্লুজ আৰু জাজৰ দৰে সংগীতধাৰাৰ বৰ্ণিল সংমিশ্ৰণৰ বাবে পৰিচিত।
-
দুৱা লিপা
দুৱা লিপা (জন্ম: ২২ আগষ্ট ১৯৯৫) হৈছে এগৰাকী ইংৰাজ গায়িকা আৰু গীতিকাৰ। তেওঁ লণ্ডন, ইংলেণ্ডত জন্মগ্ৰহণ কৰে। সংগীত জগতত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ মডেল হিচাপে কাম কৰিছিল আৰু ২০১৪ চনত ৱাৰ্নাৰ ব্ৰাদাৰ্ছ ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ হয়।
-
নাওমি স্কট
নাওমি গ্ৰেচ স্কট (ইংৰাজী: Naomi Grace Scott; জন্ম: ৬ মে' ১৯৯৩) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু গায়িকা। সংগীতভিত্তিক টেলিভিছন চলচ্চিত্ৰ ‘লেমনেড মাউথ’ (২০১১) আৰু ইয়াৰ একে নামৰ চাউণ্ডট্ৰেকত অভিনয় কৰি তেওঁ স্বীকৃতি লাভ কৰিছিল।
-
লিলি এলেন
লিলি ৰোজ বিয়ট্ৰিচ এলেন (ইংৰাজী: Lily Rose Beatrice Allen; জন্ম ২ মে', ১৯৮৫) এগৰাকী ইংৰাজ গায়িকা, গীতিকাৰ আৰু অভিনেত্ৰী। তেওঁৰ উল্লেখযোগ্য স্বীকৃতিৰ ভিতৰত আছে এটা ব্ৰিট এৱাৰ্ড তথা গ্ৰেমী এৱাৰ্ড আৰু লৰেন্স অলিভিয়াৰ এৱাৰ্ডৰ বাবে মনোনয়ন।
-
হেৰিছ জং
হেৰিছ জং, পেছাদাৰীভাৱে হেৰিছ জে বুলি জনাজাত, এজন ব্ৰিটিছ গায়ক যাক ২০১৩ চনত এৱেকেনিং মিউজিকৰ সৈতে স্বাক্ষৰ কৰা হৈছিল। তেওঁ লণ্ডনৰ ব্ৰিট স্কুল অফ প্ৰদৰ্শন কলাৰ স্নাতক। ২০১৭ চনত তেওঁ ছালাম আলাইকুম: "এ মেচেজ অফ পিচ" নামৰ এখন শশু গ্ৰন্থ প্ৰকাশ কৰিছিল।
-
হৰ্ষি
হৰ্ষিদা মাধালেপাৰিয়া (ইংৰাজী: Harshida Madhaparia; জন্ম: ৬ মে' ১৯৮৭), যি চমুকৈ হৰ্ষি নামেৰে পৰিচিত, এগৰাকী মুম্বাইত কৰ্মৰত ব্ৰিটিছ গায়িকা আৰু অভিনেত্ৰী। তেওঁ হিন্দী, ইংৰাজী, গুজৰাটী আৰু পঞ্জাবী ভাষাত গীত গায় আৰু পৰিৱেশন কৰে।