এডেল ল’ৰি ব্লু এডকিন্স (Adele Laurie Blue Adkins)১ এগৰাকী ইংৰাজ গায়িকা, গীতিকাৰ আৰু বাদ্যযন্ত্ৰী। ১৯৮৮ চনৰ ৫ মে’ত উত্তৰ ইংলেণ্ডৰ টটেনহামত এডেলৰ জন্ম হয়। তেওঁৰ পিতৃ মাৰ্ক ইভান্স আৰু মাতৃ পেন্নী এডকিন্স। ২০০৬ চনত এক বন্ধুৱে “মাইস্পেচ”ত এডেলৰ সংগীতৰ এক নমুনা প্ৰকাশ কৰি দিয়াত এক্সএল ৰেকৰ্ডিংছে এডেলৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰে। ইয়াৰ পিছৰ বছৰত তেওঁ সমালোচকৰ পছন্দৰ ব্ৰিট বঁটা আৰু বিবিছিৰ “ছাউণ্ড অৱ ২০০৮” বঁটা লাভ কৰে। ১৯ বছৰ বয়সত ২০০৮ চনত তেওঁৰ প্ৰথম এলবাম “১৯”এ মুক্তি লাভ কৰে আৰু ই বহুলভাৱে সমাদৃত হয়।২৩ ২০০৮ চনত “ছেটাৰডে নাইট লাইভ”ৰ এটি খণ্ডত আবিৰ্ভাৱ হোৱাৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰতো এডেলৰ সংগীতে ঊৰ্ধমুখী গতি লাভ কৰে। ২০০৯ চনৰ ৫১তম গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানত এডেলে শ্ৰেষ্ঠ নতুন শিল্পী আৰু শ্ৰেষ্ঠ পপ গায়কীৰ গ্ৰেমী বঁটা লাভ কৰে।৪৫
২০১১ চনৰ প্ৰথমভাগত ২১ বছৰীয়া এডেলে তেওঁৰ দ্বিতীয় এলবাম “২১” মুকলি কৰে।৬.৭ ই আগৰ এলবাম টোতকৈও ব্যৱসায়িক ভাৱে সফল হয় আৰু সমালোচকৰ প্ৰশংসা লাভ কৰে।৮ ইয়াৰবাবে এডেলে ২০১২ চনৰ ৫৪তম গ্ৰেমী বঁটা প্ৰদানত বছৰটোৰ এলবাম আদিকে ধৰি ৬টা শাখাত বঁটা লাভ কৰে। ইয়াৰ দ্বাৰা তেওঁ এটা ৰাতিত সৰ্বাধিক সংখ্যক গ্ৰেমীবঁটা লাভ কৰা মহিলাৰ বিয়ন্সেৰ অভিলেখ স্পৰ্শ কৰে।৯১০
এই এলবামটিয়ে এডেললৈ ব্ৰিট বঁটা, আমেৰিকান মিউজিক বঁটা আদিকেধৰি অসংখ্য বঁটা-বাহন কঢ়িয়াই আনে।২ আমেৰিকা যুক্তৰাষ্ট্ৰত ই ১৯৮৫ চনৰ পিছৰে পৰা আটাইতকৈ বেছি সময় ধৰি শীৰ্ষস্থান দখল কৰা এলবাম হিচাপে পৰিগণিত হয়।১১১২১৩ আইএফপিআইৰ মতে বিশ্বজুৰি এই এলবামটিৰ প্ৰায় ২৬ মিলিয়ন বিক্ৰী হয়।১৪
২১ৰ সফলতাই গীণিজ বিশ্ব ৰেকৰ্ডৰ বহুকেইটা অভিলেখত এডেলৰ নাম খোদিত কৰে। য়ুকেত এটা এলবামৰ ৩ মিলিয়নতকৈও অধিক বিক্ৰী হোৱা এডেলেই প্ৰথম শিল্পী।১৫ “21”এলবামৰ ৰ’লিং ইন দ্য দীপ, চামৱান লাইক য়ু আৰু ছেট ফায়াৰ টু দ্য ৰেইনে বিলব’ৰ্ড হট ১০০ৰ প্ৰথম স্থান দখল কৰাৰ পিছত এডেল ইতিহাসৰ প্ৰথম শিল্পী হয় যাৰ এলবামটিয়েও বিলব’ৰ্ড২০০ৰ প্ৰথম স্থান দখল কৰিছে আৰু ইয়াৰ তিনিটি গীতে বিলব’ৰ্ড হট ১০০ৰ প্ৰথম স্থান দখল কৰিছে।১৬ বিলব’ৰ্ড হট ১০০ত একেসময়তে তিনিটা গীতে প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰা আৰু বিলব’ৰ্ড ২০০ত একেসময়তে দুটা এলবামে প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰা এডেলেই প্ৰথম মহিলা শিল্পী।১৭ “২১”এই কোনো মহিলা শিল্পীৰ দ্বাৰা য়ুএছ আৰু য়ুকেৰ তালিকা সমূহত আটাইতকৈ বেছি সময় ধৰি শীৰ্ষ স্থান দখল কৰি থকা এলবাম।১৮১৯ ২০১১ আৰু ২০১২ত বিলব’ৰ্ড আলোচনীয়ে এডেলক বছৰটোৰ শিল্পী আখ্যা দিয়ে।২০২১ ২০১২ত “ভিএচওৱান”ৰ সংগীত জগতৰ ১০০ গৰাকী শ্ৰেষ্ঠ মহিলাৰ ভিতৰত পঞ্চমস্থান লাভ কৰে। .২২ আৰু টাইম আলোচনীয়ে তেওঁক পৃথিৱীৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তি সমূহৰ তালিকাত স্থান দিয়ে।২৩২৪ ২০১৩ চনত জেমছ বণ্ড শৃংখলাৰ ত্ৰয়োবিংশতিতম ছবি “স্কাইফল”ৰ “স্কাইফল” গীতটিৰ বাবে তেওঁ শ্ৰেষ্ঠ সংগীতৰ অস্কাৰ বঁটা আৰু গোল্ডেন গ্লোব বঁটা লাভ কৰে।২৫ বিভিন্ন দান-বৰঙনিমূলক সংস্থাৰলগত ওতপ্ৰোত ভাৱে জড়িত এডেলে ১৯ অক্টোবৰ,২০১২ত সংগী ছাইমন কনেকিৰ লগত এক সন্তানৰ মাতৃ হয়। ২৬২৭২৮২৯
সংগীতসূচী
- ১৯ (২০০৮)
- ২১ (২০১১)
ভ্ৰমণসূচী
- এন ইভনিং উইথ এডেল (২০০৮–০৯)
- এডেল লাইভ (২০১১)
চলচ্চিত্ৰপঞ্জী
| + Television and films credits | বৰ্ষ | শীৰ্ষক | ভূমিকা | টোকা |
| ২০০৮ | ছেটাৰডে নাইট লাইভ | নিজা চৰিত্ৰ/সংগীতশিল্পী | ||
| ২০০৯ | পাংক্ড | নিজা চৰিত্ৰ | পাংক্ড সাক্ষাত্কাৰ | |
| ২০০৯ | আগলী বেট্টি | নিজা চৰিত্ৰ | ||
| ২০০৯ | এম টিভি আনপ্লাগ্ড | নিজা চৰিত্ৰ | |- | ২০১২ চন | কেটী পেৰী: পাৰ্ট অৱ মী'' | নিজাচৰিত্ৰ | সংক্ষিপ্ত আবিৰ্ভাৱ |
তথ্যসূত্ৰ
- ↑ Frehsée, Nicole (22 January 2009), "Meet Adele, the U.K.'s Newest Soul Star", Rolling Stone. (1070):26
- ↑ Certified Awards Search. British Phonographic Industry
- ↑ Recording Industry Association of America. RIAA
- ↑ (9 February 2011). Brits on top: Duffy, Adele and Coldplay clinch top awards as they lead British winners at Grammys. Daily Mail. Associated Newspapers
- ↑ Jody Thompson. (9 February 2009). Coldplay, Robert Plant, Radiohead, Duffy and Adele win at Grammy Awards after Rihanna pulls out of show – 3am & Mirror Online. Mirror.co.uk
- ↑ (2 November 2010). Adele: New Record is 'Quite Different'. Spin Magazine
- ↑ (14 September 2009). Adele to Release '21' Sophomore Album in February Billboard 2 November 2010. Billboard
- ↑ (8 February 2011). British soul singer Adele preps summer U.S. tour. Los Angeles Times
- ↑ Grammy Awards 2012: Adele wins six awards tying with Beyoncé for most trophies won in one night. Telegraph
- ↑ (14 February 2012). Grammys 2012 winners: Adele wins SIX Awards as music world remembers Whitney Houston | Mail Online. Dailymail.co.uk
- ↑ Caulfield, Keith. (29 February). Adele's '21': Longest-Running No. 1 Album Since 'Purple Rain'. Billboard
- ↑ Caulfield, Keith. (13 June). Adele's '21' Hits 24th Week at No. 1 on Billboard 200. Billboard
- ↑ Keith Caulfield (27 Nov 2012). "Adele's '21' Hits 10 Million in U.S. Sales". Billboard. Retrieved 29 November 2012
- ↑ (2013-02-26). Digital Music Report 2013: Top selling global albums. International Federation of the Phonographic Industry. পৃ. 11
- ↑ Kaufman, Gil. (14 September 2011). Adele, Lady Gaga, Justin Bieber Land New Guinness Records. MTV
- ↑ (27 January 2012). Adele Makes Billboard History After 'Set Fire To The Rain' Tops US Chart. Capital FM
- ↑ Trust, Gary. (23 February 2012). Analysis: How Adele Scored Two Titles Each in the Hot 100 & Billboard 200's Top Five. Billboard (magazine)
- ↑ CBBC – Newsround – Adele makes music history again with album chart record. BBC News
- ↑ (23 February 2012). Adele breaks Houston's chart record – Entertainment (Australian Broadcasting Corporation). Abc.net.au
- ↑ Keith Caulfield. (9 December 2011). The Year in Pop: Adele Makes History. Billboard.com
- ↑ "Adele named Billboard top artist of 2012". BBC News. Retrieved 17 December 2012
- ↑ Graham, Mark. (13 February 2012). VH1′s 100 Greatest Women In Music (COMPLETE LIST) – | VH1 Tuner. Vh1.com
- ↑ Pink. (19 April 2012). Adele – 2012 Time 100: The Most Influential People in the World. Time. Time Inc. (Time Warner)
- ↑ Crookes, Del. (19 April 2012). Newsbeat – Adele joins Time's 100 most influential people in world. BBC
- ↑ (January 2013). 2013 Oscars Nominees. oscars
- ↑ (29 June 2012). Adele Is Pregnant!. Us Weekly
- ↑ Adele. (29 June 2012). I've got some news..
- ↑ (29 June 2012). Adele pregnant with first child. Belfast Telegraph. Independent News and Media
- ↑ (21 October 2012). Adele Welcomes a Son. People
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এডেল” প্ৰবন্ধৰ সংশোধন ৬৩৮৪৬৩ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।