অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হৰ্ষদীপ কৌৰ

হৰ্ষদীপ কৌৰ (Harshdeep Kaur; জন্ম: ১৬ ডিচেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় সংগীতশিল্পী। তেওঁ বলিউদৰ হিন্দী গীতকে ধৰি পঞ্জাবী আৰু চুফী সংগীত পৰিৱেশন কৰে। হৃদয়বিগলিত কণ্ঠেৰে পৰিৱেশন কৰা চুফী গীতৰ বাবে তেওঁ শ্ৰোতা সমাজত "চুফিৰ চুলতানা" (Sufi Ki Sultana) বুলি পৰিচিত।

হালনাগাদ: ২২ জুন ২০২৫ ৪৩০ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

হৰ্ষদীপ কৌৰ (Harshdeep Kaur; জন্ম: ১৬ ডিচেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় সংগীতশিল্পী। তেওঁ বলিউদৰ হিন্দী গীতকে ধৰি পঞ্জাবী আৰু চুফী সংগীত পৰিৱেশন কৰে। হৃদয়বিগলিত কণ্ঠেৰে পৰিৱেশন কৰা চুফী গীতৰ বাবে তেওঁ শ্ৰোতা সমাজত "চুফিৰ চুলতানা" (Sufi Ki Sultana) বুলি পৰিচিত।১ দুটাকৈ ৰিয়েলিটী শ্ব'ত শীৰ্ষস্থান দখল কৰাৰ পাছত কৌৰে নিজকে এগৰাকী আগশাৰীৰ কণ্ঠশিল্পী হিচাপে বলিউদত প্ৰতিষ্ঠা কৰে। বলিউদত পৰিৱেশন কৰা তেওঁৰ প্ৰথমটো গীত আছিল "ছাজনা মেই হাৰি"। সেইসময়ত তেওঁৰ বয়স আছিল মাত্ৰ ষোল্ল।২ তেওঁৰ কেইটামান জনপ্ৰিয় গীত হৈছে কটিয়া কৰো(ৰকষ্টাৰ); দিলবাৰো (ৰাজী); হীৰ (জব টক হ্যে জান); ইক ওংকাৰ (ৰং দে বাছন্তী); জালিমা (ৰয়িছ) আদি৩

প্ৰাৰম্ভিক জীৱন

১৯৮৬ চনৰ ১৬ ডিচেম্বৰত হৰ্ষদীপ কৌৰে দিল্লীত জন্মলাভ কৰে। তেওঁৰ পিতৃৰ নাম আছিল ছাভিন্দৰ সিং।৪৫ তেওঁ জন্মলাভ কৰা ঘৰখনত সংগীতৰ পৰিৱেশ এটা পূৰ্বৰেপৰাই বিৰাজ কৰিছিল। কৌৰৰ দেউতাক ছাভিন্দৰ সিঙৰ বাদ্যযন্ত্ৰৰ এটা ফেক্টৰী আছিল। কৌৰে নতুন দিল্লীৰ নিউ এৰা পাব্লিক স্কুলত শিক্ষাগ্ৰহণ কৰিছিল। পঢ়া-শুনাৰ উপৰিও কৌৰে ছয়বছৰ বয়সৰপৰাই সংগীত শিকিবলৈ আৰম্ভ কৰে। তেজপাল সিঙৰ পৰা তেওঁ ভাৰতীয় ধ্ৰুপদী সংগীতৰ দীক্ষা লয়। যি "সিং ব্ৰাডাৰছ" ৰূপে জনপ্ৰিয়। তাৰপিছত তেওঁ পাশ্চাত্য সংগীত শিকে দিল্লী মিউজিক থিয়েটাৰৰ জৰ্জ পুল্লিনকালাৰ পৰা। পৰৱৰ্তী সময়ত (১২ বছৰ বয়সত) কৌৰে সংগীতৰ শিক্ষা শিকিবলৈ দিল্লী সংগীত বিদ্যালয়ত নামভৰ্তি কৰে। সেই বিদ্যালয়খনত পিয়ানো শিকাও তেওঁৰ এটা উদ্দেশ্য আছিল।৬

কেৰিয়াৰ

ষ্টাৰ প্লাছৰ দ্য ভয়ছ নামৰ ৰিয়েলিটি শ্ব'ত হৰ্ষদীপ কৌৰ

ষ্টাৰ প্লাছৰ বহুচৰ্চিত ৰিয়েলিটি শ্ব' "দ্য ভয়চ"ত হৰ্শদ্বীপ কৌৰে প্ৰশিক্ষকৰ ভূমিকা পালন কৰে। তেওঁক সংগ দিয়ে আদনান ছামী, কণিকা কাপুৰ আৰু আৰমান মালিকে। শ্ব'টোত "ছুপাৰ গুৰু" আছিল এ.আৰ.ৰেহমান।৭

চুফী কি চুলতানা

২০০৮ চনৰ ছেপ্টেম্বৰ মাহত কৌৰে এনডিটিভি ইমাজিনৰ সংগীতৰ ৰিয়েলিটি শ্ব' "জুনুন"ত বিজেতা হিচাপে ঘোষিত হয়। তেওঁৰ প্ৰশিক্ষক আছিল ৰাহাট নুছৰত ফাটেহ আলী খান।৮ অনুষ্ঠানটোৰ ফাইনেলৰ দিনাখন মুখ্য অতিথি হিচাপে উপস্থিত থকা অমিতাভ বচ্চনৰ পৰা তেওঁ "চুফি কি চুলতানা"শীৰ্ষক উপাধিটো পায়।৯

এম টিভিৰ কোক ষ্টুডিঅ'ত

এম টিভি কোক ষ্টুডিঅ'ৰ চাৰিওটা ছিজনতে অংশগ্ৰহণ কৰা হৰ্শদ্বীপ কৌৰেই হৈছে একমাত্ৰ কণ্ঠশিল্পী।

ছিজন ১ – হো, ২০১১ চনত১০

ছিজন ২ – নিৰমোহিয়া,২০১২ চনত১১ (Music by Amit Trivedi) & Hey Ri১২

ছিজন ৩ – দিনে দিনে, সংগীতশিল্পী অংগৰাগ মহন্তৰ সৈতে ২০১৩ চনত১৩

ছিজন ৪ – তেৰিয়া তু জানে, অমিত ত্ৰিবেদীৰ সৈতে ২০১৫ চনত১৪

ব্যক্তিগত জীৱন

২০১৫ চনৰ ২০ মাৰ্চত, মুম্বাইত হৰ্ষদীপ কৌৰে তেওঁৰ বাল্যবন্ধু মনকিত সিঙৰ লগত বৈবাহিক জীৱন আৰম্ভ কৰে।১৫

বঁটা-সন্মান

  • ২০১৯: বিজয়ী, শ্ৰেষ্ঠ কণ্ঠশিল্পী-মহিলা, "ৰাজী" ছবিৰ 'দিলবাৰো' গীতটিৰ বাবে "আইফা" বঁটা১৬
  • ২০১৯: বিজয়ী, শ্ৰেষ্ঠ কণ্ঠশিল্পী-মহিলা, "ৰাজী" ছবিৰ 'দিলবাৰো' গীতটিৰ বাবে "জি চিনে" বঁটা
  • ২০১৮: বিজয়ী, শ্ৰেষ্ঠ কণ্ঠশিল্পী-মহিলা, "ৰাজী" ছবিৰ 'দিলবাৰো' গীতটিৰ বাবে "ষ্টাৰ স্ক্ৰীন" বঁটা
  • ২০১৮: বিজয়ী, শ্ৰেষ্ঠ কণ্ঠশিল্পী, মিৰ্চী টপ টুৱেণ্টি গোল্ড ডিস্ক বঁটা, "ৰয়িছ" ছবিৰ 'জালিমা' গীতটোৰ বাবে,
  • ২০১৫: বিজয়ী, শ্ৰেষ্ঠ কণ্ঠশিল্পী-মহিলা,পিটিচি ছবি বঁটা,লোৰী গীতৰ বাবে,(পঞ্জাব ১৯৮৪)
  • ২০১২: মনোনীত, শ্ৰেষ্ঠ কণ্ঠশিল্পী-মহিলা জি চিনে বঁটা,২০১২,কটিয়া কৰো, ৰকষ্টাৰ
  • ২০১২: মনোনীত, শ্ৰেষ্ঠ কণ্ঠশিল্পী-মহিলা, আইফা বঁটা, ২০১২, কটিয়া কৰো, ৰকষ্টাৰ
  • ২০১২: মনোনীত, শ্ৰেষ্ঠ কণ্ঠশিল্পী-মহিলা, বিগ ষ্টাৰ এণ্টাৰটেইনমেণ্ট বঁটা, ২০১২, কটিয়া কৰো, ৰকষ্টাৰ
  • ২০১০: মনোনীত, শ্ৰেষ্ঠ ভক্তিমূলক এলবাম, (জনপ্ৰিয় অ-ছবি শাখা), গীমা এৱাৰ্ডছত, 'ইক ওংকাৰ'ৰ বাবে।১৭

তথ্যসূত্ৰ

  1. ↑ Harshdeep Kaur on timesofindia. The Times of India
  2. ↑ one
  3. ↑ Roy, Dhaval. (20 November 2017). Harshdeep Kaur to sing at Farhan Akhtar's concert. DNA India
  4. ↑ (16 December 2017). Happy birthday Harshdeep Kaur: The young singer who adds a Sufi twist to Bollywood songs. The Indian Express
  5. ↑ World, Republic. Harshdeep Kaur: Everything you need to know about the Sufi singer. Republic World
  6. ↑ আৰ্কাইভ কপি
  7. ↑ Team, Tellychakkar. A R Rahman and Harshdeep Kaur reunite for The Voice. Tellychakkar.com
  8. ↑ Junoon made me a face. Rediff.com
  9. ↑ www.filmibeat.com/celebs/harshdeep-kaur/biograph
  10. ↑ Hoo,Harshdeep Kaur,Coke Studio @ MTV,S01,E01
  11. ↑ Nirmohiya – Amit Trivedi feat Devendra Singh & Harshdeep Kaur, Coke Studio @ MTV Season 2
  12. ↑ Hey Ri – Hitesh Sonik feat Harshdeep Kaur, Coke Studio @ MTV Season 2
  13. ↑ Papon & Harshdeep Kaur Teaser, Coke Studio @ MTV Season 3
  14. ↑ 'Teriyaan Tu Jaane' – Studio Session – Amit Trivedi – Coke Studio @ MTV Season 4
  15. ↑ (22 March 2015). Harshdeep Kaur marries her best friend. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. Indo-Asian News Service
  16. ↑ আৰ্কাইভ কপি
  17. ↑ www.imdb.com/name/nm1305136/awards

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীভাৰতীয় মহিলা কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰ্ষদীপ কৌৰ” প্ৰবন্ধৰ সংশোধন ৫১৯৮৯৮ (২২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।