ভাৰতীয় মূলৰ ব্যক্তি
২৭ প্ৰবন্ধ
-
দীপা মেহতা
দীপা মেহতা (Deepa Mehta; জন্ম: ১ জানুৱাৰী ১৯৫০) হৈছে এগৰাকী ভাৰতীয় মূলৰ ছবি পৰিচালক। বৰ্তমান কানাডাৰ নাগৰিকত্ব গ্ৰহণ কৰা দীপা মেহতা এগৰাকী চিত্ৰনাট্যকাৰ আৰু প্ৰযোজকো। তেখেতে সৰ্বাধিক পৰিচিতি লাভ কৰে 'উপাদান ত্ৰয়ী' বা 'Elements Trilogy'ৰ নিৰ্মাণৰ বাবে।
-
ঋষি চুনাক
ঋষি চুনাক (Rishi Sunak; জন্মঃ ১২ মে' ১৯৮০) এগৰাকী ব্ৰিটিছ ৰাজনীতিবিদ। তেওঁ ২৫ অক্টোবৰ ২০২২ৰ পৰা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আৰু ২৪ অক্টোবৰ ২০২০২২ৰ পিছত সংৰক্ষণবাদী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।
-
কৱি শাস্ত্ৰী
কৱি শাস্ত্ৰী (Kavi Shastri) (জন্ম: ফেব্ৰুৱাৰী ১৯, ১৯৮৬) হৈছে এজন ভাৰতীয় ব্ৰিটিছ অভিনেতা। প্ৰবাসী ভাৰতীয় এই অভিনেতাজনে পূৰ্বতে কিছুসংখ্যক ছবি আৰু ধাৰাবাহিকত অভিনয় কৰিছিল যদিও তেওঁ য়শ ৰাজ ফিল্মছৰ ধাৰাবাহিক "ৰিস্তা ডট কম"-ত কৰা অভিনয়ৰ বাবেহে ভাৰতীয় দৰ্শকৰ মাজত পৰিচয় আৰু জনপ্ৰিয়তা লাভ কৰে।
-
এছ. মিত্ৰা কলিতা
এছ. মিত্ৰা কলিতা এগৰাকী সাংবাদিক, সংবাদমাধ্যম ব্যৱস্থাপক আৰু দুখন কিতাপৰ লেখিকা। তেওঁৰ প্ৰথমখন কিতাপ Suburban Sahibs নিউ জাৰ্চিত অভিবাসীসকলে কেনেদৰে আমেৰিকাৰ ৰূপান্তৰ ঘটালে সেই বিষয়ে আৰু দ্বিতীয়খন My Two Indias হৈছে গ্লোবেলাইজেচন সম্পৰ্কীয় এটা অৰ্থনৈতিক আত্মজীৱনী।
-
এশ্ব কিং
আশুতোষ গাংগুলী (মঞ্চনাম এছ কিং নামেৰে পৰিচিত) এগৰাকী বৃটিছ গায়ক, গীতিকাৰ আৰু সুৰকাৰ। ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ হিন্দী ছবি দিল্লী ৬ত গীত গাই তেওঁ লাইমলাইটলৈ আহে। তেওঁ ভাৰতৰ বিশিষ্ট গায়ক কিশোৰ কুমাৰৰ এগৰাকী আত্মীয়। দৃশ্যম চিনেমাত "কাৰ্বন কপি" গীতটোও তেওঁ গাইছে।
-
ৰুপি কৌৰ
ৰুপি কৌৰ (Rupi Kaur; জন্ম: ৪ অক্টোবৰ, ১৯৯২) হ'ল এগৰাকী ভাৰতীয় মূলৰ কানাডিয়ান কবি, ইলাষ্ট্ৰেটৰ আৰু লেখক। ইনষ্টাগ্ৰাম আৰু টাম্বলাৰৰ যোগেদি নিজৰ দৃশ্যমান চুটি কবিতাসমূহ প্ৰকাশ কৰি কৌৰ লোকচক্ষুলৈ আহে। ২০১৪ চনত, তেওঁৰ প্ৰথমখন কিতাপ 'মিল্ক এণ্ড হনি' প্ৰকাশৰ পাছতে তেওঁ অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে।
-
কবিতা সিদ্ধু
কবিতা সিদ্ধু (ইংৰাজী: Kavita Sidhu; জন্ম: ২৯ নৱেম্বৰ ১৯৭১) এগৰাকী মালয়েছিয়ান অভিনেত্ৰী আৰু প্ৰাক্তন সুন্দৰী সম্ৰাজ্ঞী। তেওঁ ভাৰতীয় পঞ্জাবী বংশোদ্ভৱ।
-
কিৰণ জচল
কিৰণমীত কৌৰ জচল (ইংৰাজী: Kiranmeet Kaur Jassal; জন্ম: ১৩ মাৰ্চ ১৯৯৬), যাক সাধাৰণতে কিৰণ জচল বুলি জনা যায়, এগৰাকী মালয়েছিয়ান ভাৰতীয় মডেল আৰু সুন্দৰী প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৬ বৰ্ষৰ মিছ ইউনিভাৰ্চ মালয়েছিয়াৰ মুকুট অৰ্জন কৰিছিল।
-
কুলি কোহলী
ডাঃ কুলি কোহলী (ইংৰাজী: Dr. Kuli Kohli; জন্ম: ১৯৭০) এগৰাকী পঞ্জাবী বংশোদ্ভৱ ভাৰতীয়-ব্ৰিটিছ বিশেষভাৱে সক্ষম লেখিকা, কবি, সামাজিক সক্ৰিয় কৰ্মী আৰু উলভাৰহেম্পটন পৌৰ নিগমৰ কৰ্মচাৰী। তেওঁ নিজৰ সাহিত্যিক কৰ্মৰাজিৰ বাবে পৰিচিত আৰু কেইবাটাও লাইভ অনুষ্ঠান পৰিৱেশন কৰিছে।
-
চন্দ্ৰিকা ৰবি
চন্দ্ৰিকা ৰবি (ইংৰাজী: Chandrika Ravi) এগৰাকী ভাৰতীয় মূলৰ অষ্ট্ৰেলিয়ান অভিনেত্ৰী। তেওঁ অষ্ট্ৰেলিয়াতে জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছিল আৰু পিছলৈ অভিনয় তথা মডেলিং কেৰিয়াৰৰ বাবে লছ এঞ্জেলছলৈ স্থানান্তৰিত হয়। ২০১৮ চনৰ ভাৰতীয় ছবি ইৰুত্তু আৰায়িল মুৰাত্তু কুথুত কৰা অভিনয়ৰ বাবে তেওঁ পৰিচিত হৈ পৰে।
-
জয়শ্ৰী ভি. উল্লাল
জয়শ্ৰী ভি. উল্লাল (: Jayshree V. Ullal,জন্ম ২৭ মাৰ্চ ১৯৬১ ) এগৰাকী ব্ৰিটিছ–আমেৰিকান কোটিপতি উদ্যোগপতি মহিলা। তেওঁ ক্লাউড নেটৱৰ্কিং কোম্পানী এৰিষ্টা নেটৱৰ্কছ (Arista Networks)-ৰ অধ্যক্ষা (Chairperson) আৰু মুখ্য কাৰ্যনিৰ্বাহী বিষয়া (CEO)।
-
জৰীণা
জৰীণা হাছমি (ইংৰাজী: Zarina Hashmi; জন্ম: ১৬ জুলাই ১৯৩৭ – ২৫ এপ্ৰিল ২০২০, পেছাগতভাৱে জাৰিনা নামেৰে পৰিচিত) নিউয়ৰ্ক চহৰত বাস কৰা এগৰাকী ভাৰতীয় আমেৰিকান শিল্পী আৰু প্ৰিণ্টমেকাৰ। তেওঁৰ কাম চিত্ৰ অংকন, প্ৰিণ্টমেকিং, আৰু ভাস্কৰ্য্যৰ বিষয়ে।
-
তেহমিনা ছানি
তেহমিনা ছানি (ইংৰাজী: Tehmina Sunny) এগৰাকী ইংৰাজ অভিনেত্ৰী, বেহেলাবাদক আৰু কণ্ঠশিল্পী। তেওঁ ভাৰতীয় বংশোদ্ভৱ।
-
নন্দিতা বান্না
নন্দিতা বান্না (ইংৰাজী: Nandita Banna; তেলুগু: నందితా బాన్నా; জন্ম: ৮ নৱেম্বৰ ২০০০) এগৰাকী ছিংগাপুৰৰ মডেল আৰু সুন্দৰী প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মিছ ইউনিভাৰ্চ ছিংগাপুৰ ২০২১ৰ খিতাপ অৰ্জন কৰিছিল।
-
নলিনী কৃষণ
নলিনী কৃষণ (জন্ম: ৩০ আগষ্ট) এগৰাকী অষ্ট্ৰেলিয়ান-ফিজিয়ান অভিনেত্ৰী, যিয়ে ষ্টাৰ ৱাৰ্ছ: এপিছড ২ – এটেক অৱ দ্য ক্ল'নছত বেৰিছ অফিৰ চৰিত্ৰত অভিনয় কৰি বেছিকৈ পৰিচিত হৈছে। নলিনী কৃষাণ হ'ল অষ্ট্ৰেলিয়াত ডাঙৰ-দীঘল হোৱা এগৰাকী ভাৰত-ফিজিয়ান ব্যক্তি৷
-
নীনা ৱাদিয়া
নীনা ৱাদিয়া (ইংৰাজী: Nina Wadia; জন্ম: ১৮ ডিচেম্বৰ ১৯৬৮) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। তেওঁ বিবিচিৰ ধাৰাবাহিক ইষ্ট এণ্ডাৰ্ছত জেইনাব মাছুদ, চিটিজেন খানত আণ্টি নুৰ, বিবিচিৰ কমেডী ধাৰাবাহিক ষ্টিল অ’পেন অল আৱাৰ্ছত মিচেছ হুছেইনৰ চৰিত্ৰত কৰা অভিনয় আৰু বিবিচি টুৰ স্কেটছ শ্ব’ গুডনেছ গ্ৰেচিয়াচ মিত অভিনয়…
-
পদ্মা লক্ষ্মী
পদ্মা পাৰ্বতী লক্ষ্মী (জন্ম নাম: বৈদ্যনাথন; জন্ম ১ ছেপ্টেম্বৰ, ১৯৭০) এগৰাকী আমেৰিকান টেলিভিছন আয়োজক, মডেল, লেখিকা, উদ্যোগী, কৰ্মী আৰু প্ৰযোজক। তেওঁ ব্ৰাভো ৰন্ধন প্ৰতিযোগিতা কাৰ্যসূচী টপ চেফ (২০০৬–২০২৩) আয়োজন কৰি বিশিষ্টতা লাভ কৰে।
-
প্ৰতিভা লক্ষণ গাই
ডেমে প্ৰতিভা লক্ষ্মণ গাই-বইছ'DBE FRS HonFRMS FRSC FREng} এগৰাকী ব্ৰিটিছ মাইক্ৰস্কোপিষ্ট আৰু ইলেক্ট্ৰন মাইক্ৰস্কোপিৰ অধ্যাপক আৰু অধ্যক্ষ আৰু ইয়ৰ্ক বিশ্ববিদ্যালয়ৰ ৰসায়ন আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ ইয়ৰ্ক জে অ' এল নেন'চেণ্টাৰৰ প্ৰাক্তন সঞ্চালক।
-
প্ৰিয়ংকা য়োশিকাৱা
প্ৰিয়ংকা য়োশিকাৱা (জন্ম: ২০ জানুৱাৰী, ১৯৯৪) জাপানী সৌন্দৰ্য প্ৰতিযোগিতাৰ এগৰাকী বিজয়ী, মডেল আৰু উদ্যোগী। তেওঁ ২০১৬ চনত মিছ ৱৰ্ল্ড জাপানৰ মুকুট অৰ্জন কৰিছিল। তেওঁ জাপানী আৰু বঙালী-ভাৰতীয় মিশ্ৰিত বংশোদ্ভূত।
-
প্ৰেৰণা লাল
প্ৰেৰণা লাল (জন্ম ১৪ ডিচেম্বৰ ১৯৮৪) হৈছে এগৰাকী আমেৰিকাৰ নাগৰিক, যি ফিজি দ্বীপপুঞ্জত জন্ম আৰু ডাঙৰ হৈছিল আৰু ছান ফ্ৰান্সিস্কো বে এৰিয়াৰ সৈতে সম্পৰ্ক আছে। লাল হৈছে ড্ৰিম এক্টিভিটিচ নামৰ অনলাইন অধিকাৰ সমৰ্থন নেটৱৰ্কৰ প্ৰতিষ্ঠাপকসকলৰ এজন, যাক নথিভুক্ত নোহোৱা যুৱসকলে পৰিচালনা কৰে।
-
মনালী দেশাই
মনালী দেশাই সমাজবিজ্ঞানৰ পাঠক আৰু নিউনহাম কলেজৰ ফেলো৷ তেওঁ ২০২০ চনৰ পৰা ২০২৪ চনলৈকে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ সমাজবিজ্ঞান বিভাগৰ মুৰব্বী আছিল, আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ এটা বিভাগৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী অশ্বেতকায় মহিলা বুলি বিশ্বাস কৰা হয়।
-
লিলি সিং
লিলি সিং (ইংৰাজী: Lilly Singh; জন্ম: ২৬ ছেপ্টেম্বৰ, ১৯৮৮ এগৰাকী কানাডাৰ ইউটিউবাৰ, অভিনেত্ৰী, টেলিভিছন আয়োজক আৰু কমেডিয়ান। ২০১০ চনত তেওঁ ইউটিউব ভিডিঅ' নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে, প্ৰথমতে “ছুপাৰউমেন” (ষ্টাইলাইজড আইআইসুপাৰউমেনআইআই) ছদ্মনামেৰে, যিটো তেওঁ ২০১৯ চনলৈকে ব্যৱহাৰকাৰীৰ নাম হিচাপে ব্যৱহাৰ…
-
লীনা নায়াৰ
লীনা নায়াৰ (পূৰ্বৰ উপাধি মেনন; জন্ম ১৯৬৯) হৈছে এজন ব্ৰিটিছ-ইণ্ডিয়ান ব্যাৱসায়িক কাৰ্যনিৰ্বাহী, আৰু তেওঁ হৈছে চানেলৰ মুখ্য কাৰ্যনিৰ্বাহী অৱস্থাপক (CEO)। নায়াৰে পূৰ্বে ইউনিলিভাৰৰ মুখ্য মানৱ সম্পদ বিষয়াৰ আৰু লীডাৰশ্বিপ এক্সিকিউটিভ সদস্য হিচাপে কৰ্ম কৰিছিল।
-
সুমনা সিনহা
সুমনা সিনহা (ইংৰাজী: Shumona Sinha; জন্ম: ২৭ জুন ১৯৭৩) এগৰাকী ভাৰতীয় মূলৰ ফৰাচী লেখিকা। তেওঁৰ জন্ম ভাৰতৰ পশ্চিমবঙ্গৰ কলকাতাত হৈছিল আৰু বৰ্তমান তেওঁ ফ্ৰান্সত বাস কৰে।
-
সৰিতা বিক্ৰম আডভে
সৰিতা বিক্ৰম আডভে হৈছে ইলিনয়ছ বিশ্ববিদ্যালয় আৰ্বানা-শ্যাম্পেইনৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ ৰিচাৰ্ড টি. চেং অধ্যাপক। তেওঁ কম্পিউটাৰ আৰ্হিটেকচাৰ আৰু চিষ্টেম, সমান্তৰাল গণনা, লগতে শক্তি আৰু বিশ্বাসযোগ্যতা-সচেতন চিষ্টেমৰ ক্ষেত্ৰত গৱেষণা কৰি আহিছে।
-
হিমৰ্ষা ভেংকটস্বামী
হিমৰ্ষা ভেংকটস্বামী (ইংৰাজী: Himarsha Venkatsamy) এগৰাকী দক্ষিণ আফ্ৰিকান মডেল, অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপিকা। তেওঁ ২০১০ চনৰ কিংফিচাৰ কেলেণ্ডাৰ হাণ্ট প্ৰতিযোগিতাত অঞ্জলি লাভানিয়া আৰু নিধি সুনীলক চূড়ান্ত ৰাউণ্ডত পৰাস্ত কৰি বিজয়ী হোৱাৰ বাবে বিশেষভাৱে পৰিচিত।
-
ৰাণু মুখাৰ্জী
ৰাণু মুখাৰ্জী (জন্ম ১৯৬৬) হৈছে ভাৰতীয় আৰু ইউৰোপীয় বংশোদ্ভূত এজন বহুমুখী আমেৰিকান সমসাময়িক শিল্পী, যি চেন ফ্ৰান্সিস্কো, কেলিফ’ৰ্নিয়া ভিত্তিক। মুখাৰ্জীৰ শিল্পচৰ্চাত চিত্ৰকলা, ইনষ্টলেচন, ভাস্কৰ্য্য, ভিডিঅ’ শিল্প, পাৰফৰ্মেন্স, সংমিশ্ৰ চলচ্চিত্ৰ, কাগজত সৃষ্ট কৰ্ম আৰু সহযোগিতামূলক প্ৰকল্প অন্তৰ্ভুক্ত।