অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এলি আহমেদ

এলি আহমেদ (Eli Ahmed) অসম, ভাৰতৰ এগৰাকী লেখিকা, চিত্ৰনাট্যকাৰ, নিৰ্দেশক, গীতিকাৰ, কষ্টিউম ডিজাইনাৰ, অভিনেত্ৰী আৰু সমাজ কৰ্মী। তদুপৰি তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন মহিলাৰ বাবে প্ৰকাশিত আলোচনী ওৰণি ৰ প্ৰকাশক,সম্পাদিকা আৰু স্বত্বাধিকাৰী। ১৯৭০ চনৰ পৰা এই আলোচনী প্ৰকাশিত হৈ আহিছে।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২৬৮ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

এলি আহমেদ (Eli Ahmed) অসম, ভাৰতৰ এগৰাকী লেখিকা, চিত্ৰনাট্যকাৰ, নিৰ্দেশক, গীতিকাৰ, কষ্টিউম ডিজাইনাৰ, অভিনেত্ৰী আৰু সমাজ কৰ্মী। তদুপৰি তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন মহিলাৰ বাবে প্ৰকাশিত আলোচনী ওৰণি ৰ প্ৰকাশক,সম্পাদিকা আৰু স্বত্বাধিকাৰী। ১৯৭০ চনৰ পৰা এই আলোচনী প্ৰকাশিত হৈ আহিছে। ১৯৬৭ চনত তেওঁ অসমৰ প্ৰথম মহিলা নাট্য দল গঠন কৰিছিল। সাহিত্য আৰু শিক্ষা ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ২০১৭ চনত পদ্মশ্ৰী প্ৰদান কৰে।১ অসমীয়া শিশু সাহিত্যলৈ আগবঢ়োৱা সামগ্ৰিক অৱদানৰ বাবে ২০১৫ চনত তেখেতক সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হয়৷ ২

প্ৰাৰম্ভিক জীৱন

নাজিৰাৰ এক সম্ভ্ৰান্ত পৰিয়ালত ১৯৩৪ চনৰ ১৪ মাৰ্চ তাৰিখে এলি আহমেদৰ জন্ম হৈছিল। তেওঁৰ পিতৃ 'আব্দুল ৰছিদ' পেছাত এজন শৈল চিকিৎসক আছিল আৰু মাতৃ আছিল হামিদা ৰছিদ৷৩ নিচেই কম বয়সত এলি মাতৃহাৰা হয়। তেওঁৰ পূৰ্বপুৰুষ মেদিনী মোহন চৌধুৰীৰ গ্ৰন্থ 'লুইত, বৰাক আৰু ইছলাম'ত উল্লিখিত ৫ পাৰ্চী পৰিয়ালৰ লগত সম্পৰ্কিত৷

বিভিন্ন পুৰোধা ব্যক্তি সকলে এলিক ভিন ভিন নামেৰে মাতিছিল। যেনে, নলিনীবালা দেৱীয়ে “পখিলা’’, ড॰ নিৰ্মল প্ৰভা বৰদলৈয়ে “বেলি’’, বোলছবি নিৰ্মাতা ব্ৰজেন বৰুৱায়ে “গীত’’, আৰু সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকায়ে “ৰং’’ বুলি মাতিছিল। তেওঁৰ বন্ধু সকলেও তেওঁক “জুই’’ বুলি সম্বোধন কৰিছিল।৪

কৰ্মজীৱন

সৰুতে তেওঁ স্বৰচিত কবিতা আৰু শিশু পদ্য আবৃত্তি কৰিছিল। ১৯৬৭ চনত তেওঁ "ৰং চ'ৰা" নামৰ এটি শিশুৰ সাংস্কৃতিক দল গঠন কৰি অসমৰ বিভিন্ন ঠাইত সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিছিল। তেওঁৰ প্ৰথম সংগীতানুষ্ঠান "ভাগ্যৰ চকৰি ঘূৰে" ১৯৬২ চনৰ অসম সাহিত্য সভাৰ নাজিৰা অধিৱেশনত পৰিবেশিত হৈছিল।

১৯৬৫ চনত তেওঁ সমাজ কল্যাণ বিভাগৰ "বালক সেৱিকা প্ৰশিক্ষণ কেন্দ্ৰ"ৰ গুৱাহাটীত হোৱা এটি সাক্ষাৎকাৰত যোগ দিছিল।৩

কৃতিত্ব

ব্ৰজেন বৰুৱাৰ "ডক্তৰ বেজবৰুৱা" বোলছবি খনৰ দ্বীপেন বৰুৱাৰ কণ্ঠৰ "ফুল ফুল ফুল" গীতৰ যোগেৰে এলি আহমেদে গীতিকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁ আৰু কেইবাখনো অসমীয়া কথাছবিত গীত লিখিছিল। তাৰে কেইখনমান হ'ল,৩

গীতিকাৰ

তদুপৰি, তেওঁ দূৰদৰ্শন ধাৰাবাহিক 'গধূলি', 'চাহোৱাল' আৰু 'অপবাদ'ৰ গীত লিখিছিল।

চিত্ৰনাট্য

তেওঁ কেইবাখনো বোলছবি আৰু তথ্যচিত্ৰৰ চিত্ৰনাট্য লিখিছিল। তাৰে কেইখনমান হ'ল,৩

  • ধ্ৰুৱতৰা,
  • বৰদৈচিলা,
  • বনফুল,
  • জনমভূমি।

লগতে তেওঁ কেইখনমান তথ্যচিত্ৰৰো চিত্ৰনাট্য লিখিছিল। সেইকেইখন হল,

  • অল্ড মনুমেণ্টচ্‌ অফ আহোম এইজ,
  • চাইল্ড চাইক'লজি,
  • মহাশ্বেতা,
  • চৈয়দ আব্দুল মালিক,
  • দ্য মিল্ক।

গল্প

তেওঁ গল্পকাৰ হিচাপে গল্প লিখা কেইখন মান ছবি হ'ল,৩

  • বৰুৱাৰ সংসাৰ,
  • যখিনী,
  • বনফুল,
  • মুখাগ্নি,
  • জনমভূমি।

তেওঁ কেইবাখনো কথাছবিৰ চিত্ৰনাট্যকাৰ, কলা নিৰ্দেশক আৰু কষ্টিউম ডিজাইনাৰ আছিল।

নাটক

  • কথাটো নো কি,
  • চাকিনা জেঠাইৰ মণি,
  • ককা দেউতাৰ সাধু,
  • নাটোচলা,
  • আমি অভিনয় কৰা নাই।

তেওঁ ৰচনা কৰা কেইখনমান কিতাপ হ'ল,

  • অংকুৰ, চুটি গল্পৰ সংকলন
  • মণিৰাম দেৱান, অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত
  • ৰংমনৰ মন
  • মই কেতিয়া আইতা হ'ম, অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত
  • অসমৰ বীৰাংগনা, তথ্য আৰু সম্প্ৰসাৰণ বিভাগৰ দ্বাৰা প্ৰকাশিত, ভাৰত চৰকাৰ।

বঁটা আৰু সন্মান

এলি অসম সাহিত্য সভাৰ জীৱনজোৰা সদস্য। ১৯৭৬ চনত তেওঁ বনফুল গ্ৰন্থৰ বাবে প্ৰাপ্ত বয়স্কৰ শিক্ষা বিষয়ত ৰাষ্ট্ৰীয় সাহিত্য বঁটা লাভ কৰে। তেওঁ ২০১১ চনত ড॰ নিৰ্মলপ্ৰভা বৰদলৈ বঁটা৫ আৰু ২০১৩ চনত অমলপ্ৰভা দাস বঁটা৬ লাভ কৰে। অসমৰ শিশু-সাহিত্যৰ ভঁৰালটোলৈ আগবঢ়োৱা বহুমূলীয়া বৰঙণিৰ বাবে ২০১৫ চনত এলি আহমেদক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়৷ ৭ সাহিত্য আৰু শিক্ষা ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক ২০১৭ চনত পদ্মশ্ৰী প্ৰদান কৰে।

তথ্যসূত্ৰ

  1. ↑ The Sentinel
  2. ↑ sahitya-akademi.gov.in/aboutus/pdf/AR-2015-16(1)
  3. ↑ পদ্মশ্ৰী এলি আহমেদৰ মনৰ দৃঢ়তা সৃষ্টিশীলতা
  4. ↑ The Telegraph - Calcutta: Northeast
  5. ↑ Trade, TI. The Assam Tribune Online
  6. ↑ পলকতে সুখ দুখৰ বতৰা
  7. ↑ sahitya-akademi.gov.in/aboutus/pdf/AR-2015-16(1)

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিকঅসমীয়া ভাষাৰ গীতিকাৰপদ্মশ্ৰী বঁটা বিজয়ীসাহিত্য অকাডেমি শিশু সাহিত্য বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলি আহমেদ” প্ৰবন্ধৰ সংশোধন ৩৮৪৮৪৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।